Class 7 | Chapter-7 সময় আৰু গতিৰ জোখ-মাখ (Measurement of Time and Motion) | Questions & Answers | Assam SCERT Book 2026-27
1. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।
i. 30 ছেকেণ্ডত 300 মিটাৰ দুৰত্ব অতিক্ৰম কৰা এখন গাড়ীৰ দ্ৰুতি হৈছে —
(a) 10 m/s
(b) 20 m/s
(c) 30 m/s
(d) 40 m/s
Answer: (a) 10 m/s
ii. 72 km/h দ্ৰুতিক প্ৰকাশ কৰিব পাৰি —
(a) 40 m/s
(b) 60 m/s
(c) 10 m/s
(d) 20 m/s
Answer: (d) 20 m/s
iii. গড় দ্ৰুতিৰ SI একক হৈছে —
(a) km/s
(b) m/h
(c) m/s
(d) mm/s
Answer: (c) m/s
iv. সাধাৰণ দেৱাল ঘড়ীৰ দ্বাৰা জুখিব পৰা সূক্ষ্মতম সময়ৰ ব্যৱধান হৈছে —
(a) 1 ঘণ্টা
(b) 1 মিনিট
(c) আধা ঘণ্টা
(d) 1 ছেকেণ্ড
Answer: (d) 1 ছেকেণ্ড
2. খালী ঠাই পূৰ কৰা।
(a) এডাল সৰল ৰেখাত একে দ্ৰুতিত গতি কৰি থকা বস্তু এটাক ______ গতিত থকা বুলি কোৱা হয়।
(b) এডাল সৰল ৰেখাত গতি কৰি থকা কোনো বস্তুৰ দ্ৰুতি যদি পৰিৱৰ্তন হৈ থাকে, তাৰ গতিক ______ গতি বুলি কোৱা হয়।
Answer:
(a) এডাল সৰল ৰেখাত একে দ্ৰুতিত গতি কৰি থকা বস্তু এটাক সুষম ৰৈখিক গতিত থকা বুলি কোৱা হয়।
(b) এডাল সৰল ৰেখাত গতি কৰি থকা কোনো বস্তুৰ দ্ৰুতি যদি পৰিৱৰ্তন হৈ থাকে, তাৰ গতিক বিষম ৰৈখিক গতি বুলি কোৱা হয়।
3. এখন বাছে 20 m/s দ্ৰুতিৰে 288 km ৰ দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান সময় প্ৰয়োজন হ'ব? উত্তৰটো ঘণ্টা, মিনিট আৰু ছেকেণ্ডত প্ৰকাশ কৰা।
Answer:
4. তুমি দৈনন্দিন জীৱনত দেখা পোৱা বিষম গতিৰ তিনিটা উদাহৰণ লিখা।
Answer: বিষম গতিৰ তিনিটা উদাহৰণ —
(i) ব্যস্ত ৰাস্তাৰে গৈ থকা মটৰ গাড়ী এখনৰ গতি।
(ii) খেলপথাৰত দৌৰি থকা এজন খেলুৱৈৰ গতি।
(iii) ৰে'ল ষ্টেচনত সোমাব ধৰা ৰেলগাড়ী এখনৰ গতি।
5. দীঘলীয়া দূৰত্বৰ সুষম গতিক কিয় এক আদৰ্শ ঘটনা বুলি গণ্য কৰা হয়? উদাহৰণৰ সৈতে বুজাই লিখা।
Answer: দীঘলীয়া দূৰত্ব অতিক্ৰম কৰোঁতে বাহন এখনে বিভিন্ন পৰিস্থিতি যেনে — যান-জঁট, একা-বেকা পথ আৰু গতিৰোধকৰ সন্মুখীন হ'বলগীয়া হয়, যাৰ ফলত ইয়াৰ দ্ৰুতিৰ পৰিৱৰ্তন ঘটে। যিহেতু বাস্তৱ জগতত কোনো বাহনে দীঘলীয়া পথত সম্পূৰ্ণ একে দ্ৰতিৰে গতি কৰিব নোৱাৰে, সেয়েহে দীঘলীয়া দূৰত্বৰ সুষম গতিক এক আদৰ্শ ঘটনা বুলি গণ্য কৰা হয়।
6. 5 টা প্ৰাণী বা বস্তুৰ তালিকা প্ৰস্তুত কৰা আৰু সেইবোৰৰ দ্ৰুতিক মানুহৰ গড় খোজ কঢ়া দ্ৰুতি আৰু দৌৰৰ দ্ৰুতিৰ সৈতে তুলনা কৰা।
Answer: মানুহৰ গড় খোজ কঢ়া দ্ৰুতি প্ৰায় 4.5 কিমি/ঘণ্টা (1.25 মি/ছে) আৰু গড় দৌৰৰ দ্ৰুতি প্ৰায় 18 কিমি/ঘণ্টা (5 মি/ছে)। তলত 5 টা প্ৰাণী বা বস্তুৰ দ্ৰুতিৰ তালিকা আৰু মানুহৰ সৈতে তুলনা দিয়া হ'ল —
(i) চিতাবাঘ (Cheetah): দ্ৰুতি প্ৰায় 112 কিমি/ঘণ্টা। ই মানুহৰ দৌৰৰ দ্ৰুতিতকৈ বহুত বেছি খৰতকীয়া।
(ii) শামুক (Snail): দ্ৰুতি প্ৰায় 0.05 কিমি/ঘণ্টা। ই মানুহৰ খোজ কঢ়া দ্ৰুতিতকৈ অত্যন্ত লেহেমীয়া।
(iii) ঘোঁৰা (Horse): দ্ৰুতি প্ৰায় 70 কিমি/ঘণ্টা। ই মানুহৰ দৌৰৰ দ্ৰুতিতকৈ প্ৰায় 4 গুণ বেছি।
(iv) চাইকেল (Bicycle): দ্ৰুতি প্ৰায় 15-20 কিমি/ঘণ্টা। ই মানুহৰ খোজ কঢ়াতকৈ খৰতকীয়া কিন্তু গড় দৌৰৰ দ্ৰুতিৰ প্ৰায় সমান।
(v) উৰাজাহাজ (Aeroplane): দ্ৰুতি প্ৰায় 800-900 কিমি/ঘণ্টা। ই মানুহৰ দ্ৰুতিৰ তুলনাত অতিশয় বেছি।
7. তলত দুটা বাক্য দিয়া হৈছে, তাৰে এটা উক্তি আৰু আনটো যুক্তি
উক্তি: জনবহুল চহৰৰ ৰাস্তাৰ মাজেৰে যোৱা এখন গাড়ী প্ৰায়ে বিষম গতিত থাকে।
যুক্তি: বিষম গতিত, বস্তু এটাই সমান সময়ৰ ব্যৱধানত অসম দূৰত্ব অতিক্ৰম কৰে।
তলৰ বিকল্পসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা।
(a) উক্তি আৰু যুক্তি দুয়োটা সঁচা, আৰু যুক্তি হৈছে উক্তিৰ সঠিক ব্যাখ্যা।
(b) উক্তি আৰু যুক্তি দুয়োটা সঁচা, কিন্তু যুক্তি উক্তিৰ সঠিক ব্যাখ্যা নহয়।
(c) উক্তি সঁচা, কিন্তু যুক্তি মিছা।
(d) উক্তি মিছা, কিন্তু যুক্তি সঁচা।
Answer: (a) উক্তি আৰু যুক্তি দুয়োটা সঁচা, আৰু যুক্তি হৈছে উক্তিৰ সঠিক ব্যাখ্যা।
8. যিকোনো এবিধ ট্ৰেক আৰু ফিল্ড ইভেণ্ট বাছনি কৰা, যেনে 100 মিটাৰ, 200 মিটাৰ বা 400 মিটাৰ দৌৰ। ইণ্টাৰনেট ব্যৱহাৰ কৰি, একেটা ইভেণ্টৰ বাবে বৰ্তমান ৰাষ্ট্ৰীয় অভিলেখ আৰু অলিম্পিক অভিলেখ বিচাৰি উলিওৱা আৰু তুলনা কৰা।
| প্ৰতিযোগিতা | ৰাষ্ট্ৰীয় অভিলেখ | অলিম্পিক অভিলেখ | পাৰ্থক্য |
|---|---|---|---|
| 100 m | |||
| 200 m | |||
| 300 m |
Answer:
| প্ৰতিযোগিতা | ৰাষ্ট্ৰীয় অভিলেখ | অলিম্পিক অভিলেখ | পাৰ্থক্য |
|---|---|---|---|
| 100 m | 10.09 s (Gurindervir Singh, 2026) | 9.63 s (Usain Bolt, 2012) | 0.46 s |
| 200 m | 20.32 s (Animesh Kujur, 2025) | 19.30 s (Usain Bolt, 2008) | 1.02 s |
| 300 m | 44.98 s (Vishal TK, 2026) | 43.03 s (Wayde van Niekerk, 2016) | 1.95 s |
9. এখন ৰে'ল প্ৰথম দুঘণ্টাত 120 কিল'মিটাৰ, পৰৱৰ্তী দুঘণ্টাত 150 কিল'মিটাৰ আৰু অন্তিম ঘণ্টাত 100 কিল'মিটাৰ অতিক্ৰম কৰে। এই গতি সুষম নে? তোমাৰ উত্তৰ যুক্তিৰ সহায়ত ব্যাখ্যা কৰা। লগতে ৰে'লখনৰ গড় দ্ৰুতি নিৰ্ণয় কৰা।
Answer: ৰে'লখনৰ গতি বিষম হ'ব। কাৰণ, ৰে'লখনে বেলেগ বেলেগ সময়ৰ ব্যৱধানত বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰিছে।
10. পাৰ্থই তেওঁৰ বন্ধুক 60 কিল'মিটাৰ দূৰৰ এখন চহৰত লগ কৰাৰ সিদ্ধান্ত লয়। তেওঁ ৰাতিপুৱা 8.00 বজাত তেওঁৰ স্কুটাৰত যাত্ৰা আৰম্ভ কৰে আৰু প্ৰথম 30 কিল'মিটাৰৰ বাবে 40 km/h দ্ৰুতিত যাত্ৰা কৰে। যান-বাহনৰ বাবে তেওঁৰ গতি মন্থৰ হয় আৰু পৰৱৰ্তী 20 কিল'মিটাৰ 30 km/h দ্ৰুতিত অতিক্ৰম কৰে। তাৰ পাছৰ 10 কিল'মিটাৰ, ৰাস্তাটো ভাল হোৱা বাবে তেওঁ তেওঁৰ গতি বেগ 60 km/h লৈ বৃদ্ধি কৰে।
(i) পাৰ্থই কিমান সময়ত গোটেই যাত্ৰাটো সম্পূৰ্ণ কৰিছিল?
(ii) পাৰ্থই ভ্ৰমণ কৰা মুঠ দূৰত্ব কিমান?
(iii) গোটেই যাত্ৰাৰ বাবে পাৰ্থৰ গড় দ্ৰুতি নিৰ্ণয় কৰা।
(iv) পাৰ্থৰ গতি সুষম আছিল নে বিষম? তোমাৰ উত্তৰ যুক্তিৰ সহায়ত ব্যাখ্যা কৰা।
(v) যদি পাৰ্থই 40 km/h স্থিৰ সুষম গতিত গোটেই 60 কিল'মিটাৰ ভ্ৰমণ কৰে, তেন্তে প্ৰকৃত সময়ৰ তুলনাত তেওঁ কিমান সময় ৰাহি কৰিলেহেঁতেন বা হেৰুৱালেহেঁতেন?
Answer:
(i)
(ii) পাৰ্থই ভ্ৰমণ কৰা মুঠ দূৰত্ব = (30 + 20 + 10) km = 60 km
(iii)
(iv) পাৰ্থৰ গতি বিষম গতি আছিল। কাৰণ, পাৰ্থই সমগ্ৰ যাত্ৰাপথত একে দ্ৰুতিৰে যোৱা নাই, বেলেগ বেলেগ অংশত তেওঁৰ দ্ৰুতি ক্ৰমে 40 km/h, 30 km/h আৰু 60 km/h লৈ পৰিৱৰ্তন হৈছিল।
(v)
11. ধাৰণা মানচিত্ৰখন সম্পূৰ্ণ কৰা।
Answer:
12. ধৰা, মহাকাশত 36,000 km/h স্থিৰ দ্ৰুতিত মহাকাশযান এখন চলি আছে, এই ক্ষেত্ৰত তালিকাখন সম্পূৰ্ণ কৰা।
| সময় (s) | 0 | 2 | ? | 6 | ? | 10 |
|---|---|---|---|---|---|---|
| দূৰত্ব (m) | 0 | ? | 40000 | ? | 80000 | ? |
Answer:
| সময় (s) | 0 | 2 | 4 | 6 | 8 | 10 |
|---|---|---|---|---|---|---|
| দূৰত্ব (m) | 0 | 20000 | 40000 | 60000 | 80000 | 100000 |
13. তলত দিয়া তালিকাখনত এখন গাড়ীয়ে ভ্ৰমণ কৰা সময় আৰু দূৰত্ব দেখুওৱা হৈছে। তলত দিয়া তথ্য ব্যৱহাৰ কৰি গাড়ীখনে প্ৰদৰ্শন কৰা গতিৰ প্ৰকাৰ চিনাক্ত কৰা। লগতে, যাত্ৰাৰ কোনটো অংশত গাড়ীখনৰ দ্রুতি সর্বাধিক আছিল আৰু কোনটো অংশত ই আটাইতকৈ লেহেম গতিত আগবাঢ়িল নিৰ্ধাৰণ কৰা। অৱশেষত, সমগ্ৰ যাত্ৰাৰ বাবে গাড়ীখনৰ গড় গতি নিৰ্ণয় কৰা।
| সময় (s) | 0 | 10 | 20 | 30 | 40 | 50 |
|---|---|---|---|---|---|---|
| দূৰত্ব (m) | 0 | 500 | 800 | 1500 | 1700 | 3000 |
Answer: গাড়ীখনৰ গতি বিষম গতি (Non-uniform Motion)।
যাত্ৰাৰ অন্তিম অংশত অৰ্থাৎ 40 ৰ পৰা 50 ছেকেণ্ডৰ ভিতৰত গাড়ীখনৰ দ্ৰুতি সৰ্বাধিক (130 m/s) আছিল। আনহাতে, 30 ৰ পৰা 40 ছেকেণ্ডৰ ভিতৰত গাড়ীখন আটাইতকৈ লেহেম গতিত (20 m/s) আছিল।







