Class 7 | Chapter-8 ধাতু আৰু অধাতুৰ ধাৰণা (Concepts of Metals and Non-metals) | Questions & Answers | Assam SCERT Book 2026-27
1. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।
(i) তলৰ কোনটো লোৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়?
(a) সনাদী
(b) অনুজ্জ্বল
(c) ঘাতসহনীয়
(d) নমনীয়
Answer: (b) অনুজ্জ্বল
(ii) তলৰ কোনটো ধাতু পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি জুই লাগে?
(a) মেগনেছিয়াম
(b) তাম
(c) ছ'ডিয়াম
(d) ইউৰেনিয়াম
Answer: (c) ছ'ডিয়াম
(iii) তলৰ কোনটো ধাতু সস্তা আৰু ইয়াৰ পাতল পাত সহজে ভাঁজ কৰি যিকোনো আকৃতি দিব পাৰি বাবে সাধাৰণতে খাদ্য পেকেজিং সামগ্ৰী তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়?
(a) এলুমিনিয়াম
(b) তাম
(c) লো
(d) সোণ
Answer: (a) এলুমিনিয়াম
(iv) ছালফাৰ জ্বলালে উৎপন্ন হোৱা অৱশিষ্ট খিনি পানীৰ দ্ৰৱীভূত কৰিলে তলৰ কোনটো গঠন হয়?
(a) ছালফিউৰিক এছিড
(b) ছালফিউৰাছ এছিড
(c) ছালফনিক এছিড
(d) ছালফাৰ ডাইঅক্সাইড
Answer: (b) ছালফিউৰাছ এছিড
(v) ব্ৰ'ঞ্জ হ'ল এবিধ ______ ৰ মিশ্ৰণ।
(a) তাম আৰু জিংক
(b) তাম আৰু লো
(c) টিন আৰু জিংক
(d) টিন আৰু তাম
Answer: (d) টিন আৰু তাম
2. খালী ঠাই পূৰ কৰা —
(i) ছালত ব্যৱহাৰ কৰা মলমত এন্টিচেপ্টিক হিচাপে ব্যৱহাৰ কৰা অধাতুটো হ'ল ______।
(ii) কাঁহ ধাতুত থকা ধাতু দুটা হ'ল ______ আৰু ______।
(iii) ______ ধাতু সাধাৰণ উষ্ণতাত তৰল।
(iv) তাপ আৰু বিদ্যুৎৰ সুপৰিবাহী অধাতু হ'ল ______।
(v) টিনপাত তৈয়াৰ কৰাত ব্যৱহাৰ কৰা ধাতুৰ উপযোগী ধৰ্মটো হ'ল ______।
Answer:
(i) ছালত ব্যৱহাৰ কৰা মলমত এন্টিচেপ্টিক হিচাপে ব্যৱহাৰ কৰা অধাতুটো হ'ল আয়'ডিন।
(ii) কাঁহ ধাতুত থকা ধাতু দুটা হ'ল তাম আৰু টিন।
(iii) পাৰা ধাতু সাধাৰণ উষ্ণতাত তৰল।
(iv) তাপ আৰু বিদ্যুৎৰ সুপৰিবাহী অধাতু হ'ল গ্ৰেফাইট।
(v) টিনপাত তৈয়াৰ কৰাত ব্যৱহাৰ কৰা ধাতুৰ উপযোগী ধৰ্মটো হ'ল ঘাতসহনীয়তা।
3. তলৰ উক্তিবোৰ শুদ্ধনে অশুদ্ধ কাৰণসহ ব্যাখ্যা কৰা।
(i) এলুমিনিয়াম আৰু তাম হ'ল বাচন-বৰ্তন আৰু মূৰ্তি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা অধাতু।
Answer: অশুদ্ধ
এলুমিনিয়াম (Al) আৰু তাম (Cu) অধাতু নহয়, ইহঁত হ'ল ধাতু। ইহঁতৰ ঘাতসহনীয়তা আৰু উজ্জ্বলতা গুণৰ বাবে বাচন-বৰ্তন আৰু মূৰ্তি তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়।
(ii) ধাতুৱে অক্সিজেনৰ সৈতে লগলাগি অক্সাইড গঠন কৰে, যাৰ দ্ৰৱই নীলা লিটমাছ কাগজ ৰঙা কৰে।
Answer: অশুদ্ধ
ধাতুৰ অক্সাইডবোৰ প্ৰকৃতিগতভাৱে ক্ষাৰকীয়। সেয়েহে ইয়াৰ জলীয় দ্ৰৱই ৰঙা লিটমাছ কাগজহে নীলা কৰে, নীলা লিটমাছ ৰঙা নকৰে।
(iii) অক্সিজেন শ্বাস-প্ৰশ্বাসৰ বাবে অপৰিহাৰ্য অধাতু।
Answer: শুদ্ধ
অক্সিজেন এবিধ অধাতু আৰু সকলো জীৱৰে শ্বাস-প্ৰশ্বাস ক্ৰিয়া চলাই ৰাখিবৰ বাবে ই অতি প্ৰয়োজনীয় বা অপৰিহাৰ্য গেছ।
(iv) তামৰ পাত্ৰত পানী উতলাবলৈ ব্যৱহাৰ কৰা হয় কাৰণ এইবোৰ বিদ্যুৎৰ সুপৰিবাহী।
Answer: অশুদ্ধ
পানী উতলাবলৈ ব্যৱহাৰ কৰা পাত্ৰত তাম ব্যৱহাৰ কৰাৰ মূল কাৰণ হ'ল তাম তাপৰ সুপৰিবাহী।
(v) স্কুলৰ ঘণ্টা তৈয়াৰ কৰিবলে কাঁহ ধাতু ব্যৱহাৰ কৰা হয় কাৰণ এই ধাতু নমনীয়।
Answer: অশুদ্ধ
স্কুলৰ ঘণ্টা তৈয়াৰ কৰিবলৈ কাঁহ ধাতু ব্যৱহাৰ কৰা হয় কাৰণ ধাতুসমূহ সনাদযুক্ত (Sonorous) আৰু ইয়াক আঘাত কৰিলে এটা গভীৰ আৰু দীৰ্ঘস্থায়ী শব্দৰ সৃষ্টি কৰে।
(vi) কাঠ পেঞ্চিলত থকা ক'লা অংশটো এক ধাতু যি বিদ্যুৎ পৰিবহণ কৰে।
Answer: অশুদ্ধ
কাঠ পেঞ্চিলত থকা ক'লা অংশটো হ'ল গ্ৰেফাইট, যি কাৰ্বনৰ এটা ৰূপ। গতিকে ই এবিধ অধাতু (ধাতু নহয়)। কিন্তু ব্যতিক্ৰম হিচাপে এই অধাতুবিধে বিদ্যুৎ পৰিবহণ কৰিব পাৰে।
4. স্তম্ভ I ৰ সৈতে স্তম্ভ II মিলোৱা।
| স্তম্ভ I | স্তম্ভ II |
|---|---|
| 1. ঘাতসহনীয় | (a) তাঁৰ প্ৰস্তুত কৰিব পাৰি। |
| 2. নমনীয় | (b) আতচবাজী প্ৰস্তুত কৰা হয়। |
| 3. অক্সিজেন | (c) হাতুৰীৰে কোবালে পাত সৃষ্টি হয়। |
| 4. তাম | (d) পানী বিশুদ্ধীকৰণৰ বাবে। |
| 5. ছালফাৰ | (e) সকলো জীৱই উশাহত গ্ৰহণ কৰে। |
| 6. হীৰা | (f) বৈদ্যুতিক তাঁৰ প্ৰস্তুত কৰাত। |
| 7. সনাদী | (g) ৰে'লৰ চিৰি নিৰ্মাণত ব্যৱহৃত। |
| 8. লো | (h) আটাইতকৈ কঠিন অধাতু। |
| 9. ক্ল'ৰিন | (i) ঘণ্টাৰ ৰিং ৰিং শব্দ। |
| 10. প্লেটিনাম | (j) অলংকাৰ প্ৰস্তুতত ব্যৱহৃত। |
Answer:
| স্তম্ভ I | স্তম্ভ II |
|---|---|
| 1. ঘাতসহনীয় | (c) হাতুৰীৰে কোবালে পাত সৃষ্টি হয়। |
| 2. নমনীয় | (a) তাঁৰ প্ৰস্তুত কৰিব পাৰি। |
| 3. অক্সিজেন | (e) সকলো জীৱই উশাহত গ্ৰহণ কৰে। |
| 4. তাম | (f) বৈদ্যুতিক তাঁৰ প্ৰস্তুত কৰাত। |
| 5. ছালফাৰ | (b) আতচবাজী প্ৰস্তুত কৰা হয়। |
| 6. হীৰা | (h) আটাইতকৈ কঠিন অধাতু। |
| 7. সনাদী | (i) ঘণ্টাৰ ৰিং ৰিং শব্দ। |
| 8. লো | (g) ৰে'লৰ চিৰি নিৰ্মাণত ব্যৱহৃত। |
| 9. ক্ল'ৰিন | (d) পানী বিশুদ্ধীকৰণৰ বাবে। |
| 10. প্লেটিনাম | (j) অলংকাৰ প্ৰস্তুতত ব্যৱহৃত। |
5. স্তম্ভ I ত থকা ধাতু আৰু অধাতুৰ ব্যৱহাৰ, স্তম্ভ II ত খেলিমেলিকৈ থকা নামৰ লগত মিলোৱা।
| স্তম্ভ I | স্তম্ভ II |
|---|---|
| (i) বৈদ্যুতিক তাঁৰত ব্যৱহৃত | (a) জেক্সিনঅ |
| (ii) আটাইতকৈ ঘাতসহনীয় আৰু নমনীয় | (b) নৰিক্ল' |
| (iii) জীৱই ইয়াৰ অবিহনে বাচি থাকিব নোৱাৰে | (c) মতা |
| (iv) ই থকা সাৰ মাটিত দিলে উদ্ভিদ লহ পহকৈ বাঢ়ে | (d) নজেনাট্ৰ'ই |
| (v) পানীৰ বিশুদ্ধীকৰণত ব্যৱহৃত | (e) ণসো |
Answer:
| স্তম্ভ I | স্তম্ভ II |
|---|---|
| (i) বৈদ্যুতিক তাঁৰত ব্যৱহৃত | (c) তাম |
| (ii) আটাইতকৈ ঘাতসহনীয় আৰু নমনীয় | (e) সোণ |
| (iii) জীৱই ইয়াৰ অবিহনে বাচি থাকিব নোৱাৰে | (a) অক্সিজেন |
| (iv) ই থকা সাৰ মাটিত দিলে উদ্ভিদ লহ পহকৈ বাঢ়ে | (d) নাইট্ৰ'জেন |
| (v) পানীৰ বিশুদ্ধীকৰণত ব্যৱহৃত | (b) ক্ল'ৰিন |
6. তলৰ সাৰনিখন সম্পূৰ্ণ কৰা —
Answer:7. তলৰ শব্দ কেইটাৰ ব্যাখ্যা দিয়া —
(i) ঘাতসহনীয়তা
(ii) ক্ষয়ীভৱন
(iii) দস্তালেপন
Answer:
(i) ঘাতসহনীয়তা (Malleability): ধাতুৰ যি ধৰ্মৰ বাবে ইয়াক হাতুৰীৰে পিটি ভাঙি নোযোৱাকৈ পাতল পাতলৈ ৰূপান্তৰ কৰিব পাৰি, তাক ঘাতসহনীয়তা বোলে। যেনে — লো, এলুমিনিয়াম আদি ধাতুৰ ঘাতসহনীয়তা গুণ আছে।
(ii) ক্ষয়ীভৱন (Corrosion): বায়ুমণ্ডলত থকা অক্সিজেন, জলীয় ভাপ (সেমেকা বতাহ) আৰু বিভিন্ন গেছ বা এচিডৰ সৈতে ক্ৰিয়া কৰি ধাতুৰ উপৰিভাগ লাহে লাহে নষ্ট বা ক্ষয় হৈ যোৱা প্ৰক্ৰিয়াটোক ক্ষয়ীভৱন বোলে। যেনে — লোহাত মামৰে ধৰা, তামৰ পাত্ৰত সেউজীয়া চামনি পৰা আদি।
(iii) দস্তালেপন (Galvanization): মামৰ ধৰা ৰোধ কৰিবলৈ লোৰ সামগ্ৰীৰ ওপৰত জিংক (Zinc) বা দস্তা ধাতুৰ এটা সুৰক্ষামূলক প্ৰলেপ দিয়া হয়। এই বিশেষ প্ৰক্ৰিয়াটোক দস্তালেপন বোলে।
8. ধাতু আৰু অধাতুৰ মাজৰ পাৰ্থক্যসমূহ লিখা।
Answer:
| ধাতু | অধাতু |
|---|---|
| (a) ধাতু সমূহ সাধাৰণতে কঠিন আৰু উজ্জ্বল। | (a) অধাতুসমূহ সাধাৰণতে কোমল আৰু অনুজ্জ্বল। |
| (b) ধাতু সমূহ ঘাতসহনীয়, সেয়ে হাতুৰীৰে পিটি পাতল পাত বনাব পাৰি। | (b) অধাতু সমূহ ঘাতসহনীয় নহয়, সেয়ে আঘাত কৰিলে সহজে ভাঙি যায়। |
| (c) ধাতু সমূহ নমনীয়, সেয়ে টানি দীঘল তাঁৰ বনাব পাৰি। | (c) অধাতু সমূহ নমনীয় নহয়, সেয়ে টানি তাঁৰ বনাব নোৱাৰি। |
| (d) ধাতু সমূহ তাপ আৰু বিদ্যুতৰ সুপৰিবাহী। | (d) অধাতু সমূহ তাপ আৰু বিদ্যুতৰ কুপৰিবাহী। |
9. দৈনন্দিন জীৱনত অধাতুৰ কিছুমান ব্যৱহাৰ উল্লেখ কৰা।
Answer: দৈনন্দিন জীৱনত অধাতুৰ কিছুমান প্ৰধান ব্যৱহাৰ তলত উল্লেখ কৰা হ'ল —
(a) সকলো জীৱৰ শ্বাস-প্ৰশ্বাসৰ বাবে অক্সিজেন অপৰিহাৰ্য, যাক আমি উশাহত গ্ৰহণ কৰোঁ।
(b) শৰীৰৰ বৃদ্ধিৰ বাবে লাগতিয়াল প্ৰ'টিন, চৰ্বী আৰু কাৰ্ব'হাইড্ৰেটৰ মূল উপাদান হৈছে কাৰ্বন। ৰন্ধন কাৰ্য আৰু বিভিন্ন উদ্যোগত ইন্ধন হিচাপে কাৰ্বনযুক্ত কয়লা ব্যৱহাৰ কৰা হয়।
(c) উদ্ভিদৰ বৃদ্ধি আৰু ৰাসায়নিক সাৰ প্ৰস্তুত কৰোঁতে নাইট্ৰ'জেন ব্যৱহাৰ হয়।
(d) দূষিত পানী বীজাণুমুক্ত আৰু বিশুদ্ধকৰণ কৰিবলৈ ক্ল'ৰিন ব্যৱহাৰ কৰা হয়।
(e) কটা-ছিঙা ঘাঁত লগাবলৈ এন্টিচেপ্টিক (টিংচাৰ অৱ আয়'ডিন) হিচাপে আয়'ডিন ব্যৱহাৰ কৰা হয়।
(f) আমাৰ দাঁতবোৰ শক্তিশালী আৰু সুৰক্ষিত কৰি ৰাখিবৰ বাবে ফ্ল'ৰিনযুক্ত টুথপেষ্ট ব্যৱহাৰ কৰা হয়।
10. তোমাক তিনিটা লোৰ গজাল দিয়া হৈছে, প্ৰতিটোকে পৃথকৈ তেল, পানী আৰু সেমেকা মাটিত ৰখা হৈছে। কোনটো লোহাৰ গজালত মামৰ নধৰিব আৰু কিয়?
Answer: তেলত ডুবাই ৰখা লোৰ গজালটোত মামৰ নধৰিব। কাৰণ লোত মামৰে ধৰিবৰ বাবে অক্সিজেন (বায়ু) আৰু জলীয় ভাপ (পানী) — এই দুয়োটাৰে একেলগে উপস্থিতিৰ প্ৰয়োজন। গজালটো তেলত ডুবাই ৰাখিলে তেলৰ তৰপটোৱে গজালটোক বায়ু আৰু জলীয় ভাপৰ সংস্পৰ্শলৈ আহিব নোৱাৰাকৈ বাধা দি ৰাখে। আনহাতে, পানী আৰু সেমেকা মাটিত বায়ু আৰু পানী দুয়োটাৰে উপস্থিতি থকা বাবে সেইবোৰত থকা গজালত সহজে মামৰে ধৰিব।
11. বৈদ্যুতিক তাঁৰ তৈয়াৰ কৰিবলৈ ধাতু ব্যৱহাৰ কৰা হয়। কি দুটা ধৰ্মৰ বাবে ধাতুবোৰ এই কাৰ্যৰ বাবে উপযুক্ত?
Answer: বৈদ্যুতিক তাঁৰ তৈয়াৰ কৰিবলৈ ধাতু ব্যৱহাৰ কৰাৰ মূল কাৰণ হ'ল —
(i) নমনীয়তা (Ductility): ধাতুৰ এই ধৰ্মৰ বাবে ইয়াক সহজে টানি দীঘল আৰু মিহি তাঁৰলৈ ৰূপান্তৰ কৰিব পাৰি।
(ii) বিদ্যুৎ পৰিবাহিতা (Electrical Conductivity): ধাতুসমূহ বিদ্যুতৰ সুপৰিবাহী, যাৰ ফলত ইয়াৰ মাজেৰে বিদ্যুৎ সহজে পাৰ হৈ যাব পাৰে।
12. সোণৰ কি গুণে ইয়াক মূল্যবান কৰি তোলে?
Answer: সোণক মূল্যবান কৰি তোলা প্ৰধান গুণসমূহ হ'ল —
(i) সোণৰ এটা স্থায়ী আকৰ্ষণীয় উজ্জ্বলতা আছে।
(ii) সোণ বায়ু, পানী বা এচিডৰ সৈতে সহজে বিক্ৰিয়া নকৰে, যাৰ বাবে ইয়াৰ উজ্জ্বলতা কেতিয়াও ম্লান নহয় বা ইয়াত মামৰ নধৰে।
(iii) সোণক সহজে পিটি পাতল পাতলৈ আৰু টানি অতি মিহি তাঁৰলৈ ৰূপান্তৰ কৰি নিখুঁত অলংকাৰ গঢ়িব পাৰি।
13. মেগনেছিয়ামে বায়ুৰ সৈতে বিক্ৰিয়া কৰিলে কি উৎপন্ন হয়? উৎপন্ন হোৱা পদাৰ্থবিধৰ প্ৰকৃতি কেনেধৰণৰ? ই আম্লিক, ক্ষাৰকীয় নে প্ৰশম?
Answer: মেগনেছিয়ামে বায়ুৰ (অক্সিজেন) সৈতে বিক্ৰিয়া কৰিলে মেগনেছিয়াম অক্সাইড (MgO) নামৰ বগা ৰঙৰ ছাই উৎপন্ন হয়। উৎপন্ন হোৱা পদাৰ্থবিধৰ প্ৰকৃতি ক্ষাৰকীয়, কাৰণ ইয়াৰ জলীয় দ্ৰৱই ৰঙা লিটমাছ কাগজ নীলা কৰে।

