Class 7 | Chapter-6 জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱ (Climate Change And Its Impacts) | Questions & Answers | Assam SCERT Book 2026-27
1. শুদ্ধ উত্তৰৰ গোলটো সম্পূর্ণকে পূৰ কৰা।
(i) কোনটো গেছে গোলকীয় উষ্ণতা বৃদ্ধি কৰে?
(a) অক্সিজেন
(b) কার্বন ডাইঅক্সাইড
(c) হাইড্র'জেন
(d) নাইট্র'জেন
Answer: (b) কার্বন ডাইঅক্সাইড
(ii) তলৰ কোনটো সেউজগৃহ গেছ নহয়?
(a) কার্বন ডাইঅক্সাইড
(b) মিথেন
(c) নাইট্রাছ অক্সাইড
(d) অক্সিজেন
Answer: (d) অক্সিজেন
(iii) জলবায়ু পৰিৱৰ্তনে মূলতঃ তলৰ কোনটো বুজায় —
(a) দৈনিক বতৰৰ পৰিৱৰ্তন
(b) সাপ্তাহিক বতৰৰ পৰিৱৰ্তন
(c) উষ্ণতা আৰু বৰষুণৰ দীৰ্ঘম্যাদী পৰিৱৰ্তন
(d) ঋতুৰ লগে লগে জলবায়ুৰ পৰিৱৰ্তন
Answer: (c) উষ্ণতা আৰু বৰষুণৰ দীৰ্ঘম্যাদী পৰিৱৰ্তন
(iv) তলৰ কোনটোক অধিক বৃক্ষৰোপণে সহায় কৰে —
(a) গোলকীয় উষ্ণতা বৃদ্ধিত
(b) অক্সিজেনৰ পৰিমাণ হ্রাস কৰাত
(c) অজ'ন বিন্ধাৰ বৃদ্ধিত
(d) কার্বন ডাইঅক্সাইডৰ পৰিমাণ হ্রাস কৰাত
Answer: (d) কার্বন ডাইঅক্সাইডৰ পৰিমাণ হ্রাস কৰাত
(v) জলবায়ু পৰিৱৰ্তনৰ কাৰণে হিমবাহ গলনৰ ফলত কি ঘটে?
(a) ভূমিকম্প
(b) আগ্নেয়গিৰিৰ উদ্গীৰণ
(c) বানপানী আৰু সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি
(d) ভূমিস্খলন
Answer: (c) বানপানী আৰু সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি
2. খালী ঠাই পূৰ কৰা —
(a) পৃথিৱীৰ গড় উষ্ণতাৰ ক্ৰমান্বয়ে বৃদ্ধি হোৱাক ______ বুলি কোৱা হয়।
(b) ______ হৈছে যান-বাহনৰপৰা নিৰ্গত হোৱা প্ৰধান সেউজগৃহ গেছ।
(c) বনাঞ্চলৰ গছ-গছনি কাটি পেলোৱাটোকে ______ বুলি কোৱা হয়।
(d) বৃক্ষৰোপণে বায়ুমণ্ডলত ______ বৃদ্ধি কৰে।
(e) নিৰ্বনানীকৰণৰ ফলত বায়ুমণ্ডলত ______ ৰ পৰিমাণ বৃদ্ধি হয়।
Answer:
(a) পৃথিৱীৰ গড় উষ্ণতাৰ ক্ৰমান্বয়ে বৃদ্ধি হোৱাক গোলকীয় উষ্ণতা বৃদ্ধি বুলি কোৱা হয়।
(b) কার্বন ডাইঅক্সাইড হৈছে যান-বাহনৰপৰা নিৰ্গত হোৱা প্ৰধান সেউজগৃহ গেছ।
(c) বনাঞ্চলৰ গছ-গছনি কাটি পেলোৱাটোকে নিৰ্বনানীকৰণ বুলি কোৱা হয়।
(d) বৃক্ষৰোপণে বায়ুমণ্ডলত অক্সিজেন বৃদ্ধি কৰে।
(e) নিৰ্বনানীকৰণৰ ফলত বায়ুমণ্ডলত কার্বন ডাইঅক্সাইড ৰ পৰিমাণ বৃদ্ধি হয়।
3. শুদ্ধ নে অশুদ্ধ লিখা।
(a) জলবায়ু পৰিৱৰ্তনে কেৱল মানুহক প্ৰভাৱিত কৰে।
Answer: অশুদ্ধ
(b) জীৱাশ্ম ইন্ধন জ্বলালে বায়ুমণ্ডললৈ সেউজগৃহ গেছ নির্গত হয়।
Answer: শুদ্ধ
(c) নিৰ্বনানীকৰণে গোলকীয় উষ্ণতা হ্রাস কৰাত সহায় কৰে।
Answer: অশুদ্ধ
(d) গোলকীয় উষ্ণতা বৃদ্ধিৰ সৈতে সাগৰৰ জলপৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ কোনো সম্পৰ্ক নাই।
Answer: অশুদ্ধ
(e) জলবায়ু পৰিৱৰ্তন হ্রাস কৰাৰ এটা সমাধান হ'ল বৃক্ষৰোপণ।
Answer: শুদ্ধ
4. তলত দিয়াবোৰ মিলোৱা —
| স্তম্ভ A | স্তম্ভ B |
|---|---|
| (a) মিথেন | (i) জীৱাশ্ম ইন্ধনৰ দহনত ওলায় |
| (b) সাগৰৰ জলপৃষ্ঠৰ উচ্চতা বৃদ্ধি | (ii) পৃথিৱীৰ উষ্ণতা বৃদ্ধি |
| (c) গোলকীয় উষ্ণতা বৃদ্ধি | (iii) হিমবাহৰ গলন |
| (d) কার্বন ডাইঅক্সাইড | (iv) গৰু-ম'হৰ গোবৰৰ পৰা সৃষ্ট সেউজ গৃহ গেছ |
Answer:
| স্তম্ভ A | স্তম্ভ B |
|---|---|
| (a) মিথেন | (iv) গৰু-ম'হৰ গোবৰৰ পৰা সৃষ্ট সেউজ গৃহ গেছ |
| (b) সাগৰৰ জলপৃষ্ঠৰ উচ্চতা বৃদ্ধি | (iii) হিমবাহৰ গলন |
| (c) গোলকীয় উষ্ণতা বৃদ্ধি | (ii) পৃথিৱীৰ উষ্ণতা বৃদ্ধি |
| (d) কার্বন ডাইঅক্সাইড | (i) জীৱাশ্ম ইন্ধনৰ দহনত ওলায় |
5. ভাৰতৰ বিভিন্ন জলবায়ু অঞ্চলসমূহৰ নাম লিখা আৰু চমুকৈ বৰ্ণনা কৰা।
Answer: ভাৰতবৰ্ষৰ বিভিন্ন জলবায়ু অঞ্চলসমূহ হ'ল —
(i) ক্ৰান্তীয় সেমেকা (Tropical Wet): গোটেই বছৰজুৰি অত্যধিক বৰষুণ আৰু বতাহত সেমেকা ভাব থাকে। বৰ্ষাকাল দীঘলীয়া আৰু শীতকাল চুটি হয়। এইবোৰ অঞ্চলত ঘন চিৰসেউজ অৰণ্য পোৱা যায়। যেনে: অসম, কেৰেলা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ।
(ii) ক্ৰান্তীয় সেমেকা আৰু শুকান (Tropical Wet and Dry): বৰ্ষাকালত মধ্যমীয়া বৰষুণ হয়। গ্ৰীষ্মকাল অতি গৰম আৰু খৰালিকাল (শীতকাল) দীঘলীয়া হয়। এইবোৰ অঞ্চলত পৰ্ণপাতী অৰণ্য পোৱা যায়। যেনে: কৰ্ণাটক, তামিলনাডু।
(iii) উপ-ক্ৰান্তীয় আৰ্দ্ৰ (Sub-tropical Humid): গ্ৰীষ্মকাল অতিপাত গৰম-সেমেকা আৰু শীতকাল অতিপাত ঠাণ্ডা-শুকান হয়। এইবোৰ অঞ্চলত পৰ্ণপাতী অৰণ্য পোৱা যায়। যেনে: উত্তৰ প্ৰদেশ, বিহাৰ।
(iv) অৰ্ধ-শুষ্ক (Semi-arid): এইবোৰ অঞ্চলত বৰষুণ কম হয়। গ্ৰীষ্মকাল অতি গৰম আৰু শীতকাল মৃদু (কম) ঠাণ্ডা হয়। এইবোৰ অঞ্চলত কাইঁটীয়া জোপোহা আৰু ঘাঁহনি পোৱা যায়। যেনে: ৰাজস্থান, গুজৰাট।
(v) শুষ্ক মৰুভূমি (Arid or Dry Desert): এইবোৰ অঞ্চলত বৰষুণ একেবাৰে কম হয়। দিনৰ ভাগত প্ৰচণ্ড গৰম (50° চেলছিয়াছলৈকে) আৰু ৰাতি বৰ ঠাণ্ডা হয়। যেনে: থৰ মৰুভূমি।
(vi) পাৰ্বত্য (Montane): ওখ ঠাই হোৱাৰ বাবে বছৰৰ বেছিভাগ সময় ঠাণ্ডা থাকে। শীতকালত বৰফ পৰে আৰু গ্ৰীষ্মকালটো আৰামদায়ক হয়। এইবোৰ অঞ্চলত পাইনজাতীয় অৰণ্য দেখা যায়। যেনে: হিমাচল প্ৰদেশ, ছিকিম।
6. জলবায়ু পৰিৱৰ্তন কি? উদাহৰণসহ ব্যাখ্যা কৰা।
Answer: কোনো এটা অঞ্চলৰ দীৰ্ঘদিনৰ (প্ৰায় 30 বছৰ বা তাতকৈ অধিক সময়ৰ) বতৰৰ গড় অৱস্থাটোক জলবায়ু (Climate) বোলা হয়। যেতিয়া এই গড় অৱস্থাটোৰ এক স্থায়ী আৰু দীৰ্ঘম্যাদী পৰিৱৰ্তন ঘটে, তাকে জলবায়ু পৰিৱৰ্তন (Climate Change) বোলা হয়।
উদাহৰণস্বৰূপেঃ বিগত কেইবছৰমানত ভাৰতবৰ্ষৰ লগতে সমগ্ৰ পৃথিৱীত গ্ৰীষ্মকালৰ দিনবোৰ অধিক গৰম হ'বলৈ ধৰিছে আৰু শীতকালৰ সময় বা ঠাণ্ডাৰ পৰিমাণ কমি আহিছে। ইয়াৰ মূল কাৰণ হ'ল জলবায়ু পৰিৱৰ্তন।
7. বর্তমান পৃথিৱীয়ে সম্মুখীন হোৱা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানসমূহৰ ভিতৰত জলবায়ু পৰিৱৰ্তনো এটা বুলি কিয় গণ্য কৰা হয়?
Answer: জলবায়ু পৰিৱৰ্তনক বৰ্তমান পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান বুলি গণ্য কৰা হয়। কাৰণ ই সমগ্ৰ জীৱকূলৰ অস্তিত্ব বিপদাপন্ন কৰি তুলিছে। ইয়াৰ প্ৰভাৱত পৃথিৱীৰ উত্তাপ দিনক দিনে বাঢ়ি গৈছে, যাৰ ফলত মেৰু অঞ্চলৰ বৰফ আৰু হিমবাহসমূহ গলিবলৈ ধৰিছে। তদুপৰি, বতৰৰ অস্বাভাৱিক সলনিৰ বাবে সঘনাই বানপানী, তীব্ৰ খৰাং আৰু অনিয়মিত বৰষুণৰ দৰে প্ৰাকৃতিক দুর্যোগ বৃদ্ধি পাইছে। অৰ্থাৎ, জলবায়ু পৰিৱৰ্তনে আমাৰ খেতি-বাতি, বন্যপ্ৰাণী আৰু মানুহৰ স্বাস্থ্যৰ ওপৰত মাৰাত্মক কু-প্ৰভাৱ পেলাইছে।
8. গোলকীয় উষ্ণতা বৃদ্ধি কি? সেউজগৃহ প্ৰভাৱৰ সৈতে ইয়াৰ সম্পৰ্ক ব্যাখ্যা কৰা।
Answer: বায়ুমণ্ডলত সেউজগৃহ গেছৰ বৃদ্ধিৰ ফলত পৃথিৱীৰ গড় উষ্ণতা লাহে লাহে বৃদ্ধি হৈছে। ইয়াকে গোলকীয় উষ্ণতা বৃদ্ধি (Global Warming) বোলা হয়।
বায়ুমণ্ডলত থকা সেউজগৃহ গেছ যেনে - কাৰ্বন ডাইঅক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড আদিয়ে পৃথিৱীত প্ৰৱেশ কৰা সূৰ্যৰ তাপ ধৰি ৰাখে, এই প্ৰক্ৰিয়াটোক সেউজগৃহ প্ৰভাৱ (Green house effect) বোলে। বৰ্তমান মানুহে গছ কটা আৰু গাড়ী-কলকাৰখানা চলোৱাৰ বাবে বায়ুমণ্ডলত এই গেছবোৰৰ পৰিমাণ প্ৰয়োজনতকৈ বহুত বাঢ়ি গৈছে। ইয়াৰ ফলত এই গেছবোৰে অধিক তাপ ধৰি ৰাখিবলৈ আৰম্ভ কৰিছে। অৰ্থাৎ, সেউজগৃহ প্ৰভাৱ বৃদ্ধি পোৱাৰ বাবেই গোলকীয় উষ্ণতা বৃদ্ধি হৈছে।
9. মানুহৰ কাৰ্যকলাপৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি কেনেকৈ হয় আৰু ইয়াক এক গুৰুতৰ পৰিৱেশজনিত সমস্যা বুলি কিয় গণ্য কৰা হয়?
Answer: বৰ্তমান মানুহে ব্যাপক হাৰত গছ-গছনি কটা, গাড়ী-কলকাৰখানা চলোৱা আৰু জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰাৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই-অক্সাইড আদি সেউজগৃহ গেছৰ পৰিমাণ প্ৰয়োজনতকৈ বহুত বাঢ়ি গৈছে। এই গেছবোৰে সূৰ্যৰ তাপ অতিমাত্ৰা ধৰি ৰখাৰ বাবেই গোলকীয় উষ্ণতা বৃদ্ধি হৈছে। ইয়াক এক গুৰুতৰ পৰিৱেশজনিত সমস্যা বুলি গণ্য কৰা হয়, কাৰণ ইয়াৰ ফলত মেৰু অঞ্চলৰ বৰফ গলি সাগৰৰ পানীৰ পৃষ্ঠ ওপৰলৈ উঠি আহিছে, যাৰ বাবে উপকূলীয় অঞ্চলসমূহ পানীত বুৰ যোৱাৰ সম্ভাৱনা বাঢ়িছে। তদুপৰি, ই বতৰ অস্বাভাৱিক কৰি তুলিছে, যাৰ বাবে সঘনাই বানপানী আৰু খৰাং আদি প্ৰাকৃতিক দুৰ্যোগ হৈ খেতি-বাতি নষ্ট হৈছে আৰু সমগ্ৰ জীৱকূলৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে।
10. সপ্তম শ্ৰেণীৰ ছাত্ৰ বা ছাত্ৰী হিচাপে গোলকীয় উষ্ণতা বৃদ্ধি হ্ৰাস কৰাত সহায় কৰিবলৈ তুমি ব্যক্তিগত পৰ্যায়ত কি কি পদক্ষেপ ল'ব পাৰা।
Answer: গোলকীয় উষ্ণতা বৃদ্ধি হ্ৰাস কৰিবলৈ মই ব্যক্তিগত পৰ্যায়ত তলৰ পদক্ষেপসমূহ ল'ব পাৰোঁ
(i) ঘৰৰ আশে-পাশে গছপুলি ৰোপণ কৰিম আৰু গছ কটা ৰোধ কৰিম।
(ii) ৰাজহুৱা পৰিবহণ ব্যৱস্থা ব্যৱহাৰ কৰিম।
(iii) সেউজ শক্তি ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰিম।
(iv) বিদ্যুৎ শক্তি সংৰক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিম।
(v) কৃষি কাৰ্যত জৈৱিক সাৰ প্ৰয়োগ কৰিম।