Class 7 | Chapter-5 কৈশোৰ অৱস্থাৰ বৃদ্ধি আৰু পৰিৱৰ্তন (Growth and Changes during adolescence) | Questions & Answers | Assam SCERT Book 2026-27
1. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।
(i) অনুপ আৰু ইকবাল দুয়োৰে বয়স প্রায় 12 বছৰ। অনুপৰ মাতটো গভীৰ আৰু ভঙা-ভঙা ধৰণৰ হ'বলৈ আৰম্ভ কৰিছে, আনহাতে ইকবালৰ মাতটো এতিয়াও সলনি হোৱা নাই। ইয়াৰ শুদ্ধ ব্যাখ্যা কি?
(a) অনুপ স্বাস্থ্যৱান নহয়।
(b) ইকবালে কেতিয়াও এই পৰিৱৰ্তনৰ অভিজ্ঞতা লাভ নকৰে।
(c) কৈশোৰকালত পৰিৱৰ্তনৰ সময় আৰু গতি ব্যক্তিভেদে বেলেগ বেলেগ হয়।
(d) কৈশোৰত মাতৰ পৰিৱৰ্তন কেৱল কিছুমান ল'ৰাৰ ক্ষেত্ৰতহে ঘটে।
Answer: (c) কৈশোৰকালত পৰিৱৰ্তনৰ সময় আৰু গতি ব্যক্তিভেদে বেলেগ বেলেগ হয়।
(ii) তলৰ কোনটো ল'ৰাৰ গৌণ যৌন চৰিত্ৰ?
(a) বহল নিতম্ব।
(b) ঋতুস্ৰাৱৰ আৰম্ভণি।
(c) মুখমণ্ডলত নোমৰ বিকাশ।
(d) স্তনৰ বিকাশ।
Answer: (c) মুখমণ্ডলত নোমৰ বিকাশ।
(iii) ৰাণী এগৰাকী কিশোৰী ছোৱালী। শেহতীয়াকৈ তেওঁ সঘনাই বিভ্রান্ত আৰু কেতিয়াবা অকাৰণতে উদাস হৈ পৰে। এই আৱেগিক পৰিৱৰ্তনবোৰ ইতিবাচকভাৱে পৰিচালনা কৰিবলৈ ৰাণীয়ে কি কৰা উচিত?
(a) অকলশৰে থকা উচিত।
(b) অনুভৱবোৰ নিজৰ মাজতে ৰখা উচিত।
(c) সংগীত বা ক্রীড়াত অংশগ্ৰহণ কৰা উচিত আৰু বিশ্বাসযোগ্য প্রাপ্তবয়স্ক ব্যক্তিৰ সৈতে সেই বিষয়ে কথা পতা উচিত।
(d) সামাজিক মাধ্যমত অধিক সময় কটোৱা উচিত।
Answer: (c) সংগীত বা ক্রীড়াত অংশগ্ৰহণ কৰা উচিত আৰু বিশ্বাসযোগ্য প্রাপ্তবয়স্ক ব্যক্তিৰ সৈতে সেই বিষয়ে কথা পতা উচিত।
(iv) কৈশোৰ কালত ডিজিটেল সঁজুলিৰ অত্যধিক ব্যৱহাৰৰ প্ৰভাৱত কি হ'ব পাৰে?
(a) টোপনি ভাল হ'ব পাৰে।
(b) স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে।
(c) কিশোৰ-কিশোৰীসকলক অধিক সামাজিক কৰি তুলিব পাৰে।
(d) পঢ়াশুনাত মনোযোগ বৃদ্ধি হ'ব পাৰে।
Answer: (b) স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে।
2. খালী ঠাই পূৰ কৰা —
(i) ______ হৈছে জীৱনৰ সেই পর্যায় য'ত এক প্রজননক্ষম প্রাপ্তবয়স্ক ব্যক্তিলৈ বিকশিত হ'বৰ বাবে এগৰাকী শিশুৰ শৰীৰৰ আভ্যন্তৰীণ আৰু বাহ্যিক পৰিৱৰ্তনবোৰ ঘটে।
(ii) ______ হৈছে সেইবোৰ বৈশিষ্ট্য, যিবোৰে পুৰুষ আৰু মহিলাক পৃথক কৰাত সহায় কৰে কিন্তু এইবোৰ প্ৰজননৰ লগত প্রত্যক্ষভাবে জড়িত নহয়।
Answer:
(i) যৌৱন হৈছে জীৱনৰ সেই পর্যায় য'ত এক প্রজননক্ষম প্রাপ্তবয়স্ক ব্যক্তিলৈ বিকশিত হ'বৰ বাবে এগৰাকী শিশুৰ শৰীৰৰ আভ্যন্তৰীণ আৰু বাহ্যিক পৰিৱৰ্তনবোৰ ঘটে।
(ii) গৌণ যৌন চৰিত্ৰ হৈছে সেইবোৰ বৈশিষ্ট্য, যিবোৰে পুৰুষ আৰু মহিলাক পৃথক কৰাত সহায় কৰে কিন্তু এইবোৰ প্ৰজননৰ লগত প্রত্যক্ষভাবে জড়িত নহয়।
3. নিম্নলিখিত বিবৃতিসমূহ সত্য [স] নে অসত্য [অ] উল্লেখ কৰি তাৰ কাৰণ ব্যাখ্যা কৰা —
(i) শৰীৰত কেশৰ বৃদ্ধিৰ সময় আৰু ধৰণ প্ৰতিগৰাকী কিশোৰ-কিশোৰীৰ বাবে বেলেগ বেলেগ হয়।
Answer: সত্য। প্ৰতিগৰাকী কিশোৰ-কিশোৰীৰ বৃদ্ধি আৰু বিকাশ হৰম'নৰ ওপৰত নিৰ্ভৰ কৰে আৰু সেয়া ব্যক্তি ভেদে বেলেগ বেলেগ হয়।
(ii) ছোৱালীয়ে মাহেকীয়াৰ সময়তো দৈনন্দিন কাম-কাজবোৰ কৰিব পাৰে।
Answer: সত্য। মাহেকীয়া এটা স্বাভাৱিক প্ৰক্ৰিয়া, ই কোনো বেমাৰ নহয়। পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিলে ছোৱালীয়ে সাধাৰণ কাম-কাজ বোৰ চলাই যাব পাৰে।
(iii) মহিলাৰ ঋতুস্ৰাৱ গোটেই জীৱনজুৰি চলি থাকে।
Answer: অসত্য। মহিলাৰ ঋতুস্ৰাৱ গোটেই জীৱনজুৰি চলি নাথাকে। সাধাৰণতে 45 ৰ পৰা 50 বছৰ বয়সত মহিলাৰ ঋতুস্ৰাৱ স্থায়ীভাৱে বন্ধ হৈ পৰে, যাক ৰজোনিবৃত্তি (Menopause) বোলে।
4. তলৰ শব্দ শৃংখলটো সমাধান কৰা।
| থিয়কৈ | পথালিকৈ |
|---|---|
| 1. চিগাৰেট, বিড়ি বা গুটকাৰ ৰূপত পোৱা এবিধ নিচাযুক্ত আৰু ক্ষতিকাৰক পদার্থ। | 2. খাদ্যত থকা এবিধ (খনিজ) পুষ্টিকৰ পদার্থ যিয়ে ৰক্তহীনতা প্ৰতিৰোধ কৰে। |
| 3. ডিজিটেল সঁজুলি, সামাজিক মাধ্যম বা অনলাইন প্লেটফর্ম ব্যৱহাৰ কৰি আনক হাৰাশাস্তি কৰা কাৰ্য। | 7. মহিলাৰ জীৱনৰ সেই পৰ্যায় য'ত ঋতুস্ৰাৱ স্বাভাৱিকতে বন্ধ হৈ পৰে। |
| 4. কৈশোৰ কালত শৰীৰৰ ছালখনে অধিক তৈলযুক্ত পদার্থ নিঃসৰণ কৰাৰ ফলত মুখমণ্ডলৰ ছালত হোৱা এক অৱস্থা। | 9. বাল্যকাল আৰু প্ৰাপ্তবয়স্ককালৰ মাজৰ জীৱনৰ বিশেষ পর্যায় ______। |
| 5. ঋতুস্ৰাৱক সাধাৰণ ভাষাত ______ বুলি জনা যায়। | 10. শৰীৰৰ প্ৰজনন কৰিব পৰা প্ৰাপ্তবয়স্ক অৱস্থালৈ বিকশিত হোৱা পৰ্যায়। |
| 6. ঋতুচক্ৰৰ দশা য'ত কিশোৰীৰ দেহৰপৰা তেজ নির্গত হয়। | - |
| ৪. শৰীৰত উৎপন্ন হোৱা বিশেষ ৰাসায়নিক পদাৰ্থ যিয়ে কৈশোৰ কালত হোৱা বৃদ্ধি আৰু পৰিৱৰ্তনবোৰ নিয়ন্ত্ৰণ কৰে। | - |
Answer:
5. স্তম্ভ A ৰ সৈতে স্তম্ভ B মিলোৱা।
| স্তম্ভ A | স্তম্ভ B |
|---|---|
| (a) ডিঙিৰ ঘটিকা | (i) কোনো স্পষ্ট কাৰণ নোহোৱাকৈ হঠাৎ হোৱা আৱেগৰ পৰিৱৰ্তন। |
| (b) ঋতুচক্র | (ii) ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ ব্যৱহাৰ কৰা সামগ্ৰী। |
| (c) মেজাজৰ পৰিৱৰ্তন | (iii) ধঁপাত, মদ, ড্ৰাগছৰ দৰে হানিকাৰক বস্তুৰ প্ৰতি আসক্তি যিয়ে স্বাস্থ্যৰ ক্ষতি কৰে। |
| (d) ছেনিটেৰী পেড | (iv) ছোৱালীৰ দেহত প্ৰতি 28-30 দিনৰ মূৰে মূৰে হোৱা প্ৰক্ৰিয়া যিয়ে শৰীৰক প্ৰজননৰ বাবে প্ৰস্তুত কৰে। |
| (e) নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ | (v) কিশোৰ ল'ৰাৰ স্বৰযন্ত্ৰৰ বৃদ্ধি। |
Answer:
| স্তম্ভ A | স্তম্ভ B |
|---|---|
| (a) ডিঙিৰ ঘটিকা | (v) কিশোৰ ল'ৰাৰ স্বৰযন্ত্ৰৰ বৃদ্ধি। |
| (b) ঋতুচক্র | (iv) ছোৱালীৰ দেহত প্ৰতি 28-30 দিনৰ মূৰে মূৰে হোৱা প্ৰক্ৰিয়া যিয়ে শৰীৰক প্ৰজননৰ বাবে প্ৰস্তুত কৰে। |
| (c) মেজাজৰ পৰিৱৰ্তন | (i) কোনো স্পষ্ট কাৰণ নোহোৱাকৈ হঠাৎ হোৱা আৱেগৰ পৰিৱৰ্তন। |
| (d) ছেনিটেৰী পেড | (ii) ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ ব্যৱহাৰ কৰা সামগ্ৰী। |
| (e) নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ | (iii) ধঁপাত, মদ, ড্ৰাগছৰ দৰে হানিকাৰক বস্তুৰ প্ৰতি আসক্তি যিয়ে স্বাস্থ্যৰ ক্ষতি কৰে। |
6. কৈশোৰৰ লগত জড়িত আচৰণগত পৰিৱৰ্তনবোৰ কি কি হ'ব পাৰে?
Answer: কৈশোৰ কালত হৰম'নৰ প্ৰভাৱত কিশোৰ-কিশোৰীসকলৰ মনত বিভিন্ন আচৰণগত পৰিৱৰ্তন ঘটে। এই সময়ছোৱাত প্ৰায়ে মেজাজৰ পৰিৱৰ্তন (mood swings) হোৱা বাবে মনলৈ হঠাতে খং, আনন্দ বা দুখ আহে। শৰীৰ আৰু মনৰ দ্ৰুত পৰিৱৰ্তনৰ বাবে কেতিয়াবা নিৰাপত্তাহীনতা আৰু অকলশৰীয়া অনুভৱ কৰে। একে সময়তে, ক্ৰীড়া আৰু বিভিন্ন সামাজিক কাম-কাজৰ প্ৰতিও মনত তীব্ৰ আগ্ৰহ জাগি উঠে।
7. কৈশোৰ কালত সুষম আহাৰ গ্ৰহণ কৰাটো কিয় গুৰুত্বপূৰ্ণ?
Answer: কৈশোৰ কালত শৰীৰৰ বৃদ্ধি আৰু বিকাশ অতি দ্ৰুতগতিত হয়। এই সময়ত হাড়, মাংসপেশী আৰু অন্যান্য অংগসমূহৰ সঠিক গঠনৰ বাবে প্ৰচুৰ পুষ্টিৰ প্ৰয়োজন। সুষম আহাৰে শৰীৰৰ বাবে লাগতিয়াল সকলো পুষ্টি উপাদান সঠিক পৰিমাণে যোগান ধৰে। গতিকে, শাৰীৰিক বৃদ্ধি আৰু মানসিক বিকাশৰ বাবে কৈশোৰ কালত সুষম আহাৰ গ্ৰহণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ।
8. কিশোৰ-কিশোৰীসকলে ব্যক্তিগত ৰুচি আৰু চখৰ প্ৰতি আগ্ৰহ কৰাটো কিয় গুৰুত্বপূর্ণ?
Answer: কৈশোৰ কালত শৰীৰ আৰু মনৰ দ্ৰুত পৰিৱৰ্তনৰ বাবে প্ৰায়ে মানসিক চাপ আৰু বিভ্ৰান্তিকৰ অৱস্থাৰ সৃষ্টি হয়। ব্যক্তিগত ৰুচি আৰু চখে মনলৈ প্ৰফুল্লতা আনে আৰু এই মানসিক চাপ দূৰ কৰাত সহায় কৰে। ইয়াৰ উপৰি, এনে কাম-কাজে সুপ্ত প্ৰতিভাৰ বিকাশ ঘটায় আৰু আত্মবিশ্বাস বৃদ্ধি কৰে। গতিকে, মানসিক সন্তুলন আৰু সঠিক ব্যক্তিত্ব গঠনৰ বাবে কৈশোৰ কালত চখৰ প্ৰতি আগ্ৰহ কৰাটো গুৰুত্বপূৰ্ণ।
9. চাইবাৰ উৎপীড়নৰ বিভিন্ন ধৰণবোৰ কি কি?
Answer: ইণ্টাৰনেট আৰু সামাজিক মাধ্যম ব্যৱহাৰ কৰি কাৰোবাক মানসিকভাৱে হাৰাশাস্তি কৰা কাৰ্যই হ'ল চাইবাৰ উৎপীড়ন (Cyberbulling)। ইয়াৰ বিভিন্ন ধৰণবোৰৰ ভিতৰত উল্লেখযোগ্য হ'ল —
(i) সামাজিক মাধ্যমত কাৰোবাৰ বিৰুদ্ধে মিছা উৰাবাতৰি চলোৱা।
(ii) অনলাইনত আপত্তিজনক বা অপমানজনক বাৰ্তা (messages) পঠোৱা।
(iii) আনৰ নামত ভুৱা প্ৰ’ফাইল (fake account) খুলি মানহানি কৰা।
(iv) অনুমতি অবিহনে কাৰোবাৰ ব্যক্তিগত ফটো বা গোপন তথ্য অনলাইনত প্ৰকাশ কৰা।
(v) ডিজিটেল মাধ্যমৰ জৰিয়তে কাৰোবাক মানসিকভাৱে ভয় দেখুওৱা।
10. 14 বছৰীয়া ছোৱালী জুগনুৱে মুখত শালমন হোৱাৰ বাবে লাজ অনুভৱ কৰে। মাকে তেওঁক এই বিষয়ে চিন্তা নকৰিবলৈ কৈছিল, কিয়নো তেওঁৰ বয়সত এনে হোৱাটো স্বাভাৱিক। জুগনুৰ মুখত শালমন হোৱাৰ সম্ভাৱ্য কাৰণ কি হ'ব পাৰে? এই শালমনৰ পৰা কিছু সকাহ পাবলৈ তেওঁ কি কৰিব পাৰে?
Answer: কৈশোৰ কালত হৰম’নৰ পৰিৱৰ্তনৰ বাবে ছালত থকা তৈলগ্ৰন্থিসমূহ অতিমাত্ৰা সক্ৰিয় হৈ পৰে। ইয়াৰ ফলত নিঃসৰণ হোৱা অতিৰিক্ত তেলে ছালৰ ছিদ্ৰবোৰ বন্ধ কৰি দিয়ে আৰু বেক্টেৰিয়াৰ সংক্ৰমণ ঘটি শালমনৰ সৃষ্টি কৰে।
এই শালমনৰ পৰা কিছু সকাহ পাবলৈ তেওঁ প্ৰতিদিনে অন্ততঃ দুবাৰকৈ পানীৰে মুখখন পৰিষ্কাৰকৈ ধুব লাগিব।
11. ৰীমাই প্ৰথমবাৰৰ বাবে ঋতুস্ৰাৱৰ অভিজ্ঞতা লাভ কৰিছে। আইতাকে ৰীমাক ক’লে যে, তেওঁ দৈনন্দিন কাম-কাজত অংশগ্রহণ বা পাকঘৰত প্রৱেশ কৰিব নালাগে। আইতাকৰ এই বিশ্বাস প্রকৃততে অন্ধবিশ্বাসহে; কিয় বুজাই লিখা আৰু এই পৰিস্থিতিক চম্ভালিবলৈ ৰীমাই কি কৰা উচিত পৰামৰ্শ আগবঢ়োৱা।
Answer: ঋতুস্ৰাৱ বা মাহেকীয়া হ’ল শৰীৰৰ এক স্বাভাৱিক প্ৰক্ৰিয়া। ই কোনো বেমাৰ নহয় আৰু ইয়াৰ দ্বাৰা পাকঘৰ বা ঘৰুৱা সামগ্ৰী অপবিত্ৰ নহয়। গতিকে, ঋতুস্ৰাৱৰ সময়ত পাকঘৰত সোমাবলৈ বা দৈনন্দিন কাম-কাজ কৰিবলৈ বাধা দিয়াটো সম্পূৰ্ণ এক বৈজ্ঞানিক ভিত্তিহীন অন্ধবিশ্বাস।
ৰীমাই কৰিবলগীয়া কাম —
(i) প্ৰথমে মনৰ পৰা সকলো ধৰণৰ ভয় বা লাজ আঁতৰাই পেলাব লাগিব। তাৰ পিছত ধীৰ-স্থিৰভাৱে আৰু মৰমেৰে আইতাকক এইটো যে এক স্বাভাৱিক শাৰীৰিক প্ৰক্ৰিয়া, সেই বিষয়ে বুজাই ক’ব লাগিব।
(ii) এই সময়ছোৱাত চেনিটাৰি পেড (Sanitary pads) ব্যৱহাৰ কৰা, নিয়মিত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজায় ৰখা আৰু স্বাস্থ্যসন্মতভাৱে সকলো কাম কৰাটো অত্যন্ত জৰুৰী।
12. ৰীমাই মাহেকীয়াৰ সময়ত ছেনিটেৰি পেড ব্যৱহাৰ কৰে আৰু সময়মতে সেইবোৰ সলনি কৰে। তেওঁ ব্যৱহৃত ছেনিটেৰি পেডবোৰ কাগজেৰে মেৰিয়াই নোলোৱাকৈ ডাষ্টবিনত পেলাই দিয়ে।)
(i) ৰীমাই পালন কৰা এটা স্বাস্থ্যকৰ আৰু এটা অস্বাস্থ্যকৰ অভ্যাস চিনাক্ত কৰা।
Answer:
স্বাস্থ্যকৰ অভ্যাস: মাহেকীয়াৰ সময়ত চেনিটাৰী পেড ব্যৱহাৰ কৰা আৰু সময়মতে সেইবোৰ সলনি কৰা।
অস্বাস্থ্যকৰ অভ্যাস: ব্যৱহৃত চেনিটাৰী পেডবোৰ কাগজেৰে মেৰিয়াই নোলোৱাকৈ খোলাকৈ ডাষ্টবিনত পেলাই দিয়া।
(ii) ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাটো কিশোৰী ছোৱালীৰ বাবে কিয় গুৰুত্বপূৰ্ণ বুজাই লিখা।
Answer: ঋতুস্ৰাৱৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ ই সংক্ৰমণ আৰু ৰোগৰ আশংকা কমায়। তদুপৰি, শৰীৰ পৰিষ্কাৰ আৰু সতেজ হৈ থাকিলে মনলৈ এক স্বাভাৱিক প্ৰফুল্লতা আহে, যি সুস্থ তথা আত্মবিশ্বাসী হৈ থকাত সহায় কৰে।
(iii) ঋতুস্ৰাৱৰ সময়ত ৰীমাই পালন কৰিবলগীয়া নিৰাপদ আৰু স্বাস্থ্যসম্মত পদ্ধতিৰ বিষয়ে পৰামৰ্শ দিয়া।
Answer:
(a) ব্যৱহৃত চেনিটাৰী পেডবোৰ সদায় কাগজেৰে ভালদৰে মেৰিয়াই বন্ধ ডাষ্টবিনতহে পেলাব লাগে।
(b) কোনো কাৰণতে পেডবোৰ মুকলি ঠাইত পেলাব নালাগে।
(c) সংক্ৰমণৰ পৰা বাচিবলৈ কেইঘণ্টামানৰ মূৰে মূৰে পেড সলনি কৰিব লাগে।
(d) পেড সলনি কৰাৰ আগত আৰু পিছত চাবোনেৰে হাত দুখন ভালদৰে ধুব লাগে।
(e) ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা উচিত।
13. ধৰি লোৱা, তোমাৰ এজন বন্ধু চাইবাৰ উৎপীড়নৰ বলি হৈছে। এজন দায়িত্বশীল কিশোৰ হিচাপে তেওঁক সহায় কৰিবলৈ আৰু তেওঁৰ সুৰক্ষা নিশ্চিত কৰিবলৈ তুমি তাৎক্ষণিকভাৱে কি পদক্ষেপ হাতত ল'বা?
Answer: তেওঁক সহায় কৰিবলৈ আৰু সুৰক্ষা নিশ্চিত কৰিবলৈ মই তলৰ পদক্ষেপবোৰ হাতত ল'ম —
(i) মই মোৰ বন্ধুক সাহস দিম, যাতে তেওঁ ভয় বা অসহায় অনুভৱ নকৰে আৰু শান্ত হৈ থাকে।
(ii) মই তেওঁক উৎপীড়ন কৰা ব্যক্তিজনক ব্ল'ক কৰিবলৈ আৰু বাৰ্তা (স্ক্ৰীনশ্বট) বোৰ প্ৰমাণ হিচাপে সংৰক্ষণ কৰি থবলৈ পৰামৰ্শ দিম।
(iii) মই তেওঁৰ অভিভাৱক, শিক্ষক বা কোনো বিশ্বাসযোগ্য জ্যেষ্ঠজনক বিষয়টো জনোৱাত সহায় কৰিম।
14. কিৰি সপ্তম শ্ৰেণীত পঢ়ি থকা এজন বুধিয়ক ল'ৰা। তেওঁক প্রায়ে সমনীয়াই গুটকা ব্যৱহাৰ কৰিবলৈ হেঁচা প্রয়োগ কৰে। এই পৰিস্থিতিত সুস্থ আৰু সুৰক্ষিত হৈ থাকিবলৈ কিৰিয়ে কি কৰা উচিত?
Answer: এই পৰিস্থিতিত সুস্থ আৰু সুৰক্ষিত হৈ থাকিবলৈ কিৰিয়ে তলত দিয়া ধৰণে পদক্ষেপ ল'ব লাগিব —
(i) সমনীয়াই গুটকা খাবলৈ হেঁচা প্ৰয়োগ কৰিলে কোনো ধৰণৰ ভয় বা সংকোচ নকৰাকৈ পোনপটীয়াকৈ "নহয়" (No) বুলি ক’ব লাগিব।
(ii) গুটকা খোৱাৰ কুফল বা ইয়াৰ ফলত হ’ব পৰা মাৰাত্মক বেমাৰৰ (যেনে ছাল — মুখৰ কৰ্কট ৰোগ) বিষয়ে বন্ধুবৰ্গক বুজাই দিব লাগিব আৰু তেনে অভ্যাসৰ পৰা আঁতৰি থাকিবলৈ ক'ব লাগিব।
(iii) যদি সমনীয়াৰ হেঁচা বহুত বাঢ়ি যায়, তেন্তে তেওঁ লগে লগে এই বিষয়ে নিজৰ অভিভাৱক বা শিক্ষকক জনাই সহায় ল’ব লাগিব।

