Class 7 | Chapter-4 পোহৰৰ সৈতে ধেমালিঃ ছাঁ আৰু প্ৰতিফলন (Fun with Light: Shadow and Reflection) | Questions & Answers | Assam SCERT Book 2026-27

1. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।

(i) তলৰ কোনটো পোহৰৰ কৃত্ৰিম উৎস?

(a) সূৰ্য

(b) জোনাকী পৰুৱা

(c) জেলিমাছ

(d) বৈদ্যুতিক বাল্ব

Answer: (d) বৈদ্যুতিক বাল্ব


(ii) ছাঁৰ গঠনৰ বাবে তলৰ কোনটো উপাদান প্ৰয়োজনীয় নহয়?

(a) পৰ্দা

(b) লক্ষ্যবস্তু

(c) বস্তুৰ ৰং

(d) পোহৰ উৎস

Answer: (c) বস্তুৰ ৰং


(iii) ছাঁৰ ৰং হৈছে —

(a) সদায় ক'লা আৰু বগা

(b) কেৱল ক'লা

(c) কেৱল বগা

(d) লক্ষ্যবস্তুৰ সৈতে একে

Answer: (b) কেৱল ক'লা


(iv) তলৰ কোনবিধ পদাৰ্থৰ মাজেৰে আমি দেখা পাব পাৰোঁ?

(a) এটুকুৰা লো

(b) এটুকুৰা কাঠ

(c) স্বচ্ছ কাচৰ গিলাচ

(d) এখন ডাঠ কিতাপ

Answer: (c) স্বচ্ছ কাচৰ গিলাচ


(v) সীমাই এখন সমতল দাপোণৰ পৰা 3 মিটাৰ দূৰৈত আছে। যদি তাই দাপোণৰ পিনে কেইখোজমান আগবাঢ়ে, তেন্তে দাপোণত প্ৰতিবিম্বৰ আকাৰৰ কি পৰিৱৰ্তন হ'ব?

(a) আকাৰ সৰু হ'ব

(b) আকাৰ ডাঙৰ হ'ব

(c) আকাৰ একে থাকিব

(d) আকাৰ ওলোটা হ'ব

Answer: (c) আকাৰ একে থাকিব

 

2. খালী ঠাই পূৰ কৰা —

(i) ছাঁৰ কোনো ______ নাই।

(ii) পিনহ'ল কেমেৰাই ______ প্ৰতিবিম্ব গঠন কৰে।

(iii) ৰাবাৰ ______, কিন্তু কাচ ______।

(iv) যেতিয়া আমি দাপোণত চাওঁ, বাঁওহাতখন সোঁহাত যেন দেখা যায়। এনে পৰিঘটনাক ______ বুলি কোৱা হয়।

Answer:

(i) ছাঁৰ কোনো ৰং নাই।

(ii) পিনহ'ল কেমেৰাই ওলোটা প্ৰতিবিম্ব গঠন কৰে।

(iii) ৰাবাৰ অস্বচ্ছ, কিন্তু কাচ স্বচ্ছ

(iv) যেতিয়া আমি দাপোণত চাওঁ, বাঁওহাতখন সোঁহাত যেন দেখা যায়। এনে পৰিঘটনাক পাৰ্শ্বীয় বিলোমন বুলি কোৱা হয়। 

Previous Post