Class 7 | Chapter-3 প্ৰকৃতিলভ্য আম্লিক, ক্ষাৰকীয় আৰু প্ৰশম দ্ৰব্য (Acidic, Basic and Neutral substances found in nature) | Questions & Answers | Assam SCERT Book 2026-27
1. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।
i. তুমি এখন ৰঙা লিটমাছ কাগজ এবিধ দ্ৰৱত ডুবাই দিলা, আৰু ই নীলা হৈ হ'ল। তলৰ কোনটো দ্ৰৱই ইয়াক আকৌ ৰঙা ৰঙলৈ পৰিৱৰ্তন কৰিব?
(a) বেকিং ছ'ডা
(b) ভিনেগাৰ
(c) চূণ পানী
(d) চাবোন পানী
Answer: (b) ভিনেগাৰ
ii. বিভিন্ন ধৰণৰ সূচকৰ সহায়ত 3 বিধ দ্ৰৱৰ পৰীক্ষা কৰা হ'ল। 'A' য়ে ৰঙা লিটমাছক নীলা ৰঙলৈ পৰিৱৰ্তন কৰিলে, 'B' য়ে হালধিৰ দ্ৰৱক ৰঙা ৰঙলৈ পৰিৱৰ্তন কৰে আৰু 'C' য়ে ৰঙা গোলাপৰ আৰকক সেউজীয়া ৰঙলৈ পৰিৱৰ্তন কৰে। তলৰ কোনটো শুদ্ধকৈ মিলোৱা আছে?
(a) A — আম্লিক, B — আম্লিক, C — আম্লিক
(b) A — ক্ষাৰকীয়, B — ক্ষাৰকীয়, C — আম্লিক
(c) A — ক্ষাৰকীয়, B — ক্ষাৰকীয়, C — ক্ষাৰকীয়
(d) A — প্ৰশম, B — ক্ষাৰকীয়, C — ক্ষাৰকীয়
Answer: (c) A — ক্ষাৰকীয়, B — ক্ষাৰকীয়, C — ক্ষাৰকীয়
iii. তলৰ কোনটো প্ৰাকৃতিক সূচক ক্ষাৰকীয় দ্ৰৱত সেউজীয়া হ'ব?
(a) ৰঙা গোলাপৰ আৰক
(b) হালধি
(c) বেঙুনীয়া বন্ধাকবি
(d) লিটমাছ পেপাৰ
Answer: (a) ৰঙা গোলাপৰ আৰক
iv. এজন খেতিয়কে দেখা পালে যে খেতিৰ মাটিখিনি অধিক আম্লিক হোৱাৰ বাবে শস্যৰ বৃদ্ধি ভাল হোৱা নাই। মাটিখিনি প্ৰশমিত কৰাৰ বাবে তলৰ কোনবিধ পদাৰ্থ মাটিৰ লগত মিহলাব লাগিব?
(a) ভিনেগাৰ
(b) চূণ
(c) সাধাৰণ নিমখ
(d) নেমুটেঙাৰ ৰস
Answer: (b) চূণ
2. ৰিয়াক এটা ৰঙা পৰুৱাই কামুৰিলে আৰু তাইৰ ককাকে পানী মিহলোৱা বেকিং ছ'ডা লগাই দিলে। ইয়াৰ কাৰণ ব্যাখ্যা কৰা।
Answer: ৰঙা পৰুৱাই কামুৰিলে ছালৰ ভিতৰত ফৰ্মিক এছিড নামৰ এবিধ অম্ল সুমুৱাই দিয়ে। এই অম্লৰ বাবেই কামোৰা ঠাইখিনি ফুলি উঠে, পোৰণি হয় আৰু বিষাবলৈ ধৰে। বেকিং ছ'ডা হৈছে এবিধ মৃদু ক্ষাৰকীয় পদাৰ্থ। যেতিয়া কামোৰা ঠাই টুকুৰাত পানী মিহলোৱা বেকিং ছ'ডা লগোৱা হয়, ই অম্লৰ প্ৰভাৱক প্ৰশমিত কৰি পেলায়। ইয়াৰ ফলত পোৰণি আৰু বিষৰ পৰা সকাহ পোৱা যায়।
3. সূচক আৰু ইয়াৰ ৰং মিলোৱা।
| সূচক | অম্লত | ক্ষাৰক |
|---|---|---|
| ৰঙা লিটমাছ পেপাৰ | ||
| হালধিৰ দ্ৰৱ | ||
| ৰঙা গোলাপৰ আৰক |
Answer:
| সূচক | অম্লত | ক্ষাৰক |
|---|---|---|
| ৰঙা লিটমাছ পেপাৰ | ৰঙা (কোনো পৰিৱৰ্তন নহয়) | নীলা |
| হালধিৰ দ্ৰৱ | হালধীয়া (কোনো পৰিৱৰ্তন নহয়) | ৰঙা |
| ৰঙা গোলাপৰ আৰক | গাঢ় গুলপীয়া | সেউজীয়া |
4. ৰবিক হালধিৰ প্ৰলেপ লগোৱা কাগজ আৰু ৰঙহীন জুলীয়া পদাৰ্থ যেনে - চাবোন পানী দিয়া হ'ল। দ্ৰৱটোৰ প্ৰকৃতি চিনাক্ত কৰিবলৈ হালধিৰ কাগজ টুকুৰাটোত সি কি পৰ্যৱেক্ষণ কৰিব লাগিব?
Answer: হালধিৰ প্ৰলেপ লগোৱা কাগজখন চাবোন পানীত ডুবাই দিলে ইয়াৰ হালধীয়া ৰং সলনি হৈছে নে নাই, সেইটো পৰ্যৱেক্ষণ কৰিব লাগিব। যিহেতু কাগজ টুকুৰা চাবোন পানীত ডুবাই দিয়া হৈছে, সেয়ে ইয়াৰ হালধীয়া ৰং সলনি হৈ ৰঙা ৰঙৰ হ'ব। কাৰণ চাবোন পানী ক্ষাৰকীয় প্ৰকৃতিৰ।
5. তুমি তোমাৰ বন্ধু এজনক জন্মদিনৰ গোপন বাৰ্তাৰে আচৰিত কৰিবলৈ বিচাৰিছা। বাৰ্তাটো কেৱল এবিধ বিশেষ দ্ৰব্য ছটিয়াই দিলেহে দেখা পোৱা যায়। কোনবিধ প্ৰাকৃতিক দ্ৰৱ বাৰ্তাটো লিখোঁতে ব্যৱহাৰ কৰিবা? কোনবিধ বিশেষ প্ৰাকৃতিক সূচক ছটিয়াই দি বাৰ্তাটো প্ৰকাশ কৰিবা? এই বিষয়টোক লৈ এটা আনন্দদায়ক পৰীক্ষাৰ চানেকি প্ৰস্তুত কৰা।
Answer: জন্মদিনৰ গোপন বাৰ্তাৰ বাবে এটা সুন্দৰ আৰু আনন্দদায়ক পৰীক্ষাৰ চানেকি তলত দিয়া হ'ল —
i. প্ৰয়োজনীয় সামগ্ৰীঃ
(a) বাৰ্তাটো লিখিবলৈ প্ৰাকৃতিক দ্ৰৱ: বেকিং ছ'ডাৰ দ্ৰৱ
(b) বাৰ্তাটো প্ৰকাশ কৰিবলৈ প্ৰাকৃতিক সূচক: হালধিৰ আৰক
(c) বগা কাগজ, তুলিকা (Paintbrush), আৰু এটা স্প্ৰে' বটল (Spray bottle)।
ii. পৰীক্ষাৰ পদ্ধতিঃ প্ৰথমে তুলিকাডাল বেকিং ছ'ডাৰ দ্ৰৱত ডুবাই বগা কাগজখনত "Happy Birthday" বুলি লিখা। বাৰ্তাটো লিখাৰ পিছত কাগজখন বতাহত ভালদৰে শুকুৱাই লোৱা, যাতে আখৰবোৰ সম্পূৰ্ণ অদৃশ্য হৈ পৰে। এতিয়া বন্ধুক আচৰিত কৰিবলৈ হালধিৰ আৰকখিনি স্প্ৰে' বটলৰ সহায়ত সেই বগা কাগজখনৰ ওপৰত ছটিয়াই দিয়া।
iii. পৰ্যৱেক্ষণ আৰু কাৰণঃ হালধিৰ দ্ৰৱটো ছতিয়াই দিয়াৰ লগে লগে অদৃশ্য বাৰ্তাটো গাঢ় ৰঙা ৰঙত জিলিকি উঠিব। ইয়াৰ কাৰণ হ'ল বেকিং ছ'ডা এবিধ ক্ষাৰকীয় পদাৰ্থ। হালধি এবিধ প্ৰাকৃতিক সূচক, যিয়ে ক্ষাৰকৰ সংস্পৰ্শত আহিলে হালধীয়াৰ পৰা ৰঙা ৰঙলৈ সলনি হয়।
6. এবিধ দ্ৰৱই নীলা অপৰাজিতা আৰকক সেউজীয়া ৰঙলৈ পৰিৱৰ্তন কৰে। দ্ৰৱটোৰ প্ৰকৃতি কেনেকুৱা? ইয়াত ঔটেঙাৰ ৰস আৰু ভিনেগাৰ যোগ কৰিলে কি পৰিৱৰ্তন হ'ব?
Answer: নীলা অপৰাজিতা আৰকক সেউজীয়া ৰঙলৈ পৰিৱৰ্তন কৰা দ্ৰৱবিধ ক্ষাৰকীয় প্ৰকৃতিৰ হ'ব।
ঔটেঙাৰ ৰস আৰু ভিনেগাৰ দুয়োবিধ আম্লিক (Acidic) পদাৰ্থ। যেতিয়া সেউজীয়া হৈ পৰা ক্ষাৰকীয় দ্ৰৱটোত লাহে লাহে ঔটেঙাৰ ৰস আৰু ভিনেগাৰ যোগ কৰা হয়, তেতিয়া অম্ল আৰু ক্ষাৰকৰ মাজত প্ৰশমন বিক্ৰিয়া (Neutralization) ঘটিব। ইয়াৰ ফলত —
(i) প্ৰথম অৱস্থাত ক্ষাৰকৰ প্ৰভাৱ নাইকিয়া হ'ব আৰু দ্ৰৱটো প্ৰশম (Neutral) হৈ পুনৰ আগৰ নীলা ৰঙলৈ ঘূৰি আহিব।
(ii) যদি অধিক পৰিমাণে ঔটেঙাৰ ৰস আৰু ভিনেগাৰ যোগ কৰা হয়, তেন্তে দ্ৰৱটো সম্পূৰ্ণ আম্লিক হৈ পৰিব আৰু ইয়াৰ ৰঙ সলনি হৈ গাঢ় গুলপীয়া হ'ব।
7. তলৰ তালিকাখন পূৰ্ণ কৰা।
| লিখাৰ কাৰণে ব্যৱহাৰ হোৱা দ্ৰব্য | ছটিয়াই দিয়া দ্ৰৱ | দেখিবলৈ পোৱা ৰং |
|---|---|---|
| চাবোন পানী | হালধিৰ দ্ৰৱ | |
| ভিনেগাৰ | ৰঙা বন্ধাকবিৰ ৰস | |
| বেকিং ছ'ডা | ৰঙা গোলাপৰ ৰস |
Answer:
| লিখাৰ কাৰণে ব্যৱহাৰ হোৱা দ্ৰব্য | ছটিয়াই দিয়া দ্ৰৱ | দেখিবলৈ পোৱা ৰং |
|---|---|---|
| চাবোন পানী | হালধিৰ দ্ৰৱ | ৰঙা |
| ভিনেগাৰ | ৰঙা বন্ধাকবিৰ ৰস | ৰঙা বা গাঢ় গুলপীয়া |
| বেকিং ছ'ডা | ৰঙা গোলাপৰ ৰস | সেউজীয়া |
8. ৰঙা গোলাপৰ আৰকৰ সৈতে আঙুৰৰ ৰস মিহলাই লোৱাৰ পিছত দ্ৰৱটোৰ ৰং ৰঙচুৱা হয়। এই দ্ৰৱত যদি বেকিং ছ'ডা মিহলোৱা হয়, তেন্তে কি হ'ব? কাৰণ দৰ্শোৱা।
Answer: আঙুৰৰ ৰসত টাৰটাৰিক এছিড (Tartaric acid) থাকে। সেয়ে আঙুৰৰ ৰস আম্লিক (Acidic) প্ৰকৃতিৰ। এই আঙুৰৰ ৰসৰ সৈতে ৰঙা গোলাপৰ আৰকৰ মিহলি কৰিলে, দ্ৰৱটো আম্লিক প্ৰকৃতিৰ হৈ থাকে বাবে ইয়াৰ ৰং ৰঙচুৱা বা গাঢ় গুলপীয়া হৈ পৰে।
বেকিং ছ'ডা হৈছে এবিধ ক্ষাৰকীয় (Basic) পদাৰ্থ। যেতিয়া এই আম্লিক মিশ্ৰণটোত বেকিং ছ'ডা যোগ কৰা হয়, তেতিয়া প্ৰথমে অম্ল আৰু ক্ষাৰকৰ মাজত প্ৰশমন বিক্ৰিয়া ঘটে। পিছত অধিক বেকিং ছ'ডা যোগ কৰিলে দ্ৰৱটো ক্ষাৰকীয় হৈ পৰে আৰু দ্ৰৱটোৰ ৰং সেউজীয়া লৈ পৰিৱৰ্তন হয়।
9. তলৰ কোনটো দ্ৰৱ হালধিসনা কাগজত অদৃশ্য বাৰ্তা লিখাৰ বাবে ব্যৱহাৰ কৰা হয়? কিয় ব্যৱহাৰ কৰা হয় ব্যাখ্যা কৰা।
(a) নেমু টেঙাৰ ৰস
(b) চাবোন পানী
(c) গাখীৰ
(d) ভিনেগাৰ
Answer: (b) চাবোন পানী।
হালধি এটা প্ৰাকৃতিক সূচক, যিয়ে ক্ষাৰকৰ সংস্পৰ্শত হালধীয়া ৰঙৰ পৰা ৰঙা ৰঙলৈ সলনি হয়। যিহেতু চাবোন পানী ক্ষাৰকীয় প্ৰকৃতিৰ, সেয়েহে চাবোন পানীৰে হালধিসনা কাগজত লিখিলে ৰাসায়নিক বিক্ৰিয়া ঘটিব আৰু অদৃশ্য বাৰ্তাটো স্পষ্ট ৰঙা ৰঙত ফুটি উঠিব।
10. তোমাৰ হাতত হালধিসনা কাগজ আৰু তিনিবিধ দ্ৰৱ আছে। কোনকেইটা দ্ৰৱই ৰঙৰ কোনো ধৰণৰ পৰিৱৰ্তন নেদেখুৱায়? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া।
(a) চেনিৰ পানী
(b) নেমু টেঙাৰ ৰস
(c) বেকিং ছ'ডা
Answer: হালধিসনা কাগজত ৰঙৰ কোনো ধৰণৰ পৰিৱৰ্তন নেদেখুওৱা দ্ৰৱ দুটা হৈছে — চেনিৰ পানী আৰু নেমু টেঙাৰ ৰস।
(a) চেনিৰ পানী প্ৰকৃতিগতভাৱে প্ৰশম দ্ৰৱ (Neutral Solution)। সেইবাবে ই হালধিসনা কাগজত কোনো ৰঙৰ পৰিৱৰ্তন নেদেখুৱায় আৰু কাগজখন হালধীয়া হৈয়েই থাকে।
(b) নেমু টেঙাৰ ৰস প্ৰকৃতিগতভাৱে আম্লিক (Acidic)। অম্লই হালধিৰ হালধীয়া ৰং সলনি কৰিব নোৱাৰে।
(c) বেকিং ছ'ডাৰ দ্ৰৱ হৈছে ক্ষাৰকীয় (Basic)। গতিকে, বেকিং ছ'ডাৰ দ্ৰৱই হালধিসনা কাগজৰ ৰং ৰঙা ৰঙলৈ সলনি কৰিব।
11. তুমি ঘৰতে প্ৰাকৃতিক সূচক প্ৰস্তুত কৰিব বিচাৰিছা। তাৰ বাবে ব্যৱহাৰ কৰিব পৰা এবিধ ফুল বা ফল বা মচলাৰ সূচকটো কেনেকৈ প্ৰস্তুত কৰিবা আৰু ই অম্ল আৰু ক্ষাৰকত কিদৰে বিক্ৰিয়া কৰিব বৰ্ণনা কৰা।
Answer: জবা ফুল ব্যৱহাৰ কৰি ঘৰতে প্ৰাকৃতিক সূচক প্ৰস্তুত কৰিব পাৰি।
প্ৰস্তুত প্ৰণালী —
(a) কেইপাহমান জবা ফুলৰ ৰঙা পাহি চিঙি এটা বিকাৰ বা পাত্ৰত ল'ব লাগিব।
(b) পাত্ৰটোত অলপ গৰম পানী ঢালিব লাগিব।
(c) পানীখিনিয়ে জবা ফুলৰ পাহিবোৰৰ ৰং সম্পূৰ্ণৰূপে শুহি লৈ ৰঙচুৱা বা পাতল গুলপীয়া ৰং নোলোৱালৈকে অপেক্ষা কৰিব লাগিব।
(d) পিছত ছেকনীৰে পানীখিনি চেকি ল'লে জবা ফুলৰ প্ৰাকৃতিক সূচক দ্ৰৱটো প্ৰস্তুত হ'ব।
এই জবা ফুলৰ সূচকটো অম্লত যোগ কৰিলে ইয়াৰ পাতল গুলপীয়া ৰঙটো গাঢ় গুলপীয়া ৰঙলৈ সলনি হ'ব। আনহাতে, সূচকটো ক্ষাৰকীয় দ্ৰৱ যোগ কৰিলে ইয়াৰ ৰঙটো সেউজীয়া ৰঙলৈ সলনি হ'ব।
12. ৰিয়াই হালধিৰ-কাগজৰ পটি এটা এবিধ জুলীয়া পদাৰ্থত ডুবাই দিয়াত ৰঙা হৈ গ'ল। তেতিয়া তাই অলপ ভিনেগাৰ যোগ কৰিলে আৰু হালধিৰ-কাগজৰ পটিটো আকৌ হালধীয়া ৰঙৰ হৈ গ'ল। প্ৰক্ৰিয়াটো কি?
Answer: প্ৰক্ৰিয়াটো হৈছে প্ৰশমন বিক্ৰিয়া (Neutralization Reaction)।
প্ৰথমতে ৰিয়াই হালধিৰ কাগজৰ পটিটো ক্ষাৰকীয় দ্ৰৱত ডুবাই দিয়া বাবে পটিটোৰ ৰং ৰঙা হৈছিল। পিছত তাই আকৌ সেই দ্ৰৱটোত অম্লযুক্ত ভিনেগাৰ যোগ কৰিলে, ফলত অম্ল আৰু ক্ষাৰকৰ মাজত প্ৰশমন বিক্ৰিয়া ঘটি দ্ৰৱটো প্ৰশমিত হ'ল। এই প্ৰশমনৰ ফলতেই ক্ষাৰকৰ প্ৰভাৱ নাইকীয়া হৈ গ'ল আৰু হালধিৰ কাগজখনে পুনৰ নিজৰ প্ৰাকৃতিক হালধীয়া ৰঙটো ঘূৰাই পালে।
13. তলত দিয়া পৰিস্থিতিবোৰ পৰ্যৱেক্ষণ কৰা আৰু খালী ঠাই পূৰ কৰা।
ৰাহুলে মেলাত গৈ মচলাযুক্ত খাদ্য খাইছিল আৰু পিছত পেটৰ অস্বস্তিত ভূগিছিল।
(a) তেওঁৰ পেটত অত্যধিক ______ উৎপন্ন হোৱাৰ বাবে এনে হৈছিল।
(b) পেটত অত্যধিক অম্ল উৎপন্ন হ'লে ______ অৱস্থাৰ সৃষ্টি হয়।
(c) সুস্থবোধ কৰাৰ বাবে ৰাহুলৰ মাকে ______ নামৰ ঔষধ তাক খাবলৈ দিলে।
(d) এই ঔষধ এবিধ ______ (অম্ল/ ক্ষাৰক)।
(e) ক্ষাৰকে পেটৰ অতিৰিক্ত অম্লৰ সৈতে বিক্ৰিয়া কৰে। এই প্ৰক্ৰিয়াটো হ'ল ______।
(f) ই ______ আৰু ______ প্ৰস্তুত কৰি সকাহ আনে।
Answer:
(a) তেওঁৰ পেটত অত্যধিক অম্ল উৎপন্ন হোৱাৰ বাবে এনে হৈছিল।
(b) পেটত অত্যধিক অম্ল উৎপন্ন হ'লে এছিডিটি অৱস্থাৰ সৃষ্টি হয়।
(c) সুস্থবোধ কৰাৰ বাবে ৰাহুলৰ মাকে মিল্ক অৱ মেগনেছিয়া নামৰ ঔষধ তাক খাবলৈ দিলে।
(d) এই ঔষধ এবিধ ক্ষাৰক।
(e) ক্ষাৰকে পেটৰ অতিৰিক্ত অম্লৰ সৈতে বিক্ৰিয়া কৰে। এই প্ৰক্ৰিয়াটো হ'ল প্ৰশমন।
(f) ই লৱণ আৰু পানী প্ৰস্তুত কৰি সকাহ আনে।
14. প্ৰাকৃতিক অম্ল-ক্ষাৰকৰ সূচকবোৰ বাছি উলিয়াই নাম লিখা।
Answer: প্ৰাকৃতিক অম্ল-ক্ষাৰকৰ সূচকবোৰ হৈছে — কলা জামু, ৰঙা বন্ধাকবি আৰু গুলপীয়া মিঠা আলু।