Class 7 | Chapter-2 বিদ্যুৎ, বৈদ্যুতিক বৰ্তনী আৰু সেইবোৰৰ উপাংশসমূহ (Electricity, Electrical circuits and their components) | Questions & Answers | Assam SCERT Book 2026-27

1. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।

(i) তলৰ কোনটোৱে ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰৱাহ পাৰ হ'বলৈ দিব?

(ক) দিয়াচলাই কাঠী

(খ) প্লাষ্টিকৰ ফণি

(গ) মোহৰা ৰবৰ

(ঘ) লোৰ গজাল

Answer: (ঘ) লোৰ গজাল

 

(ii) বৈদ্যুতিক বৰ্তনী এটাৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ বা সম্পূৰ্ণ কৰিবলৈ ব্যৱহাৰ কৰা আহিলাটোৰ নাম কি?

(ক) পৰিবাহী

(খ) ছুইচ

(গ) প্ৰৱাহ

(ঘ) মেৰু

Answer: (খ) ছুইচ

 

(iii) তলৰ কোনটো অন্তৰক?

(ক) তাম

(খ) পাৰা

(গ) কাচ

(ঘ) সোণ

Answer: (গ) কাচ

 

(iv) বাল্বৰ ফিলামেণ্ট তৈয়াৰ কৰিবলৈ কোনটো ধাতু ব্যৱহাৰ কৰা হয়?

(ক) সীহ

(খ) সোণ

(গ) তাম

(ঘ) টাংষ্টেন

Answer: (ঘ) টাংষ্টেন

 

(v) বৈদ্যুতিক বৰ্তনীৰ ছুইচটো 'অফ' অৱস্থাত থাকিলে বৰ্তনীটোৰ নাম কি?

(ক) বন্ধ বৰ্তনী

(খ) শ্বৰ্ট চাৰ্কিট

(গ) মুক্ত বৰ্তনী

(ঘ) এইবোৰৰ এটাও নহয়

Answer: (গ) মুক্ত বৰ্তনী

 

(vi) বৈদ্যুতিক বৰ্তনীৰ ছুইচটো 'অন' অৱস্থাত থাকিলে বৰ্তনীটোৰ নাম কি?

(ক) বন্ধ বৰ্তনী

(খ) শ্বৰ্ট চাৰ্কিট

(গ) মুক্ত বৰ্তনী

(ঘ) এইবোৰৰ এটাও নহয়

Answer: (ক) বন্ধ বৰ্তনী

 

2. খালী ঠাই পূৰ কৰা।

(i) দুই বা ততোধিক কোষৰ সংমিশ্ৰণক _____ বুলি কোৱা হয়।

Answer: দুই বা ততোধিক কোষৰ সংমিশ্ৰণক বেটাৰি বুলি কোৱা হয়।

(ii) আমাৰ শৰীৰটো বিদ্যুতৰ _____ ।

Answer: আমাৰ শৰীৰটো বিদ্যুতৰ পৰিবাহী

(iii) বৈদ্যুতিক কোষ এটাত _____ টা টাৰ্মিনেল থাকে।

Answer: বৈদ্যুতিক কোষ এটাত দুটা টাৰ্মিনেল থাকে।

(iv) বিদ্যুৎ কেৱল _____ বৰ্তনী এটাতহে প্ৰৱাহিত হ'ব।

Answer: বিদ্যুৎ কেৱল বন্ধ বৰ্তনী এটাতহে প্ৰৱাহিত হ'ব।

(v) যিবোৰ সামগ্ৰীয়ে বিদ্যুতক সেইবোৰৰ মাজেৰে পাৰ হ'বলৈ দিয়ে সেইবোৰক _____ বোলা হয়।

Answer: যিবোৰ সামগ্ৰীয়ে বিদ্যুতক সেইবোৰৰ মাজেৰে পাৰ হ'বলৈ দিয়ে সেইবোৰক পৰিবাহী বোলা হয়।

(vi) যিবোৰ সামগ্ৰীয়ে বিদ্যুতক সেইবোৰৰ মাজেৰে পাৰ হ'বলৈ নিদিয়ে সেইবোৰক _____ বোলা হয়।

Answer: যিবোৰ সামগ্ৰীয়ে বিদ্যুতক সেইবোৰৰ মাজেৰে পাৰ হ'বলৈ নিদিয়ে সেইবোৰক অপৰিবাহী বোলা হয়।

(vii) বাল্বৰ কেন্দ্ৰত জিলিকি থাকি পোহৰ দিয়া পাতল তাঁৰডালক _____ বুলি কোৱা হয়।

Answer: বাল্বৰ কেন্দ্ৰত জিলিকি থাকি পোহৰ দিয়া পাতল তাঁৰডালক ফিলামেণ্ট বুলি কোৱা হয়।

(viii) বৈদ্যুতিক ______ হৈছে এক পথ যাৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হয়।

Answer: বৈদ্যুতিক বৰ্তনী হৈছে এক পথ যাৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হয়।

(ix) ______ হৈছে পদাৰ্থ এটা বিদ্যুতৰ পৰিবাহী নে অপৰিবাহী বা অন্তৰক নিৰ্ধাৰণ কৰিবলৈ ব্যৱহাৰ কৰা এক সঁজুলি।

Answer: টেষ্টাৰ হৈছে পদাৰ্থ এটা বিদ্যুতৰ পৰিবাহী নে অপৰিবাহী বা অন্তৰক নিৰ্ধাৰণ কৰিবলৈ ব্যৱহাৰ কৰা এক সঁজুলি।

 

3. তলৰ উক্তিবোৰ সঁচা নে মিছা উল্লেখ কৰা।

(i) বৈদ্যুতিক কোষ এটাত ধাতুৰ টুপীটো হৈছে ধনাত্মক মেৰু।

(ii) এটা বৰ্তনী চিত্ৰত বৈদ্যুতিক উপাদানৰ বাবে মানক চিহ্ন ব্যৱহাৰ কৰা হয়।

(iii) বেটাৰিৰ এটা গোটক কোষ বুলি কোৱা হয়।

(iv) অন্তৰকে বিদ্যুৎ প্ৰৱাহ তাৰ মাজেৰে পাৰ হ'বলৈ দিয়ে।

(v) এটা বৈদ্যুতিক বাল্বত এটা টাৰ্মিনেল থাকে।

(vi) যি বৰ্তনীত বৈদ্যুতিক প্ৰৱাহৰ পথ বিচ্ছিন্ন কৰি ৰখা হয়, সেই বৰ্তনীটোক মুক্ত বৰ্তনী বুলি কোৱা হয়।

(vii) প্লাষ্টিক হৈছে বিদ্যুতৰ এক ভাল পৰিবাহী।

Answer:

(i) সঁচা।

(ii) সঁচা।

(iii) মিছা।

(iv) মিছা।

(v) মিছা।

(vi) সঁচা।

(vii) মিছা।

 

4. তলত দিয়া কথাবোৰ মিলোৱা।

স্তম্ভ-I স্তম্ভ-II
(i) বৈদ্যুতিক কোষ (ক) ই হৈছে এক সৰল আহিলা যি বৰ্তনীটো সম্পূৰ্ণ কৰে বা ইয়াক বিচ্ছিন্ন কৰে।
(ii) এটা বৈদ্যুতিক ছুইচ (খ) এবিধ আহিলা যি ৰাসায়নিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে।
(iii) বন্ধ বৰ্তনী (গ) পোহৰ নিৰ্গত কৰা বাল্ব এটাত থকা পাতল তাঁৰ।
(iv) ফিলামেণ্ট (ঘ) বৰ্তনী য'ত বৈদ্যুতিক প্ৰৱাহৰ পথ সম্পূৰ্ণ বা বন্ধ।

Answer:

স্তম্ভ-I স্তম্ভ-II
(i) বৈদ্যুতিক কোষ (খ) এবিধ আহিলা যি ৰাসায়নিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে।
(ii) এটা বৈদ্যুতিক ছুইচ (ক) ই হৈছে এক সৰল আহিলা যি বৰ্তনীটো সম্পূৰ্ণ কৰে বা ইয়াক বিচ্ছিন্ন কৰে।
(iii) বন্ধ বৰ্তনী (ঘ) বৰ্তনী য'ত বৈদ্যুতিক প্ৰৱাহৰ পথ সম্পূৰ্ণ বা বন্ধ।
(iv) ফিলামেণ্ট (গ) পোহৰ নিৰ্গত কৰা বাল্ব এটাত থকা পাতল তাঁৰ।


5. চিত্ৰ 2.21 (a & b) ত:

(i) যদি S1 'অন' হৈ থাকে, S2 'অফ' হৈ থাকে, কোনকেইটা বাল্ব জ্বলিব?

Answer: চিত্ৰ (a) ক্ষেত্ৰত কোনো বাল্ব নজ্বলিব কিন্তু চিত্ৰ (b) ক্ষেত্ৰত L1 বাল্ব জ্বলিব।

(ii) যদি S1 'অফ' হৈ থাকে, S2 'অন' হৈ থাকে, কোনকেইটা বাল্ব জ্বলিব?

Answer: চিত্ৰ (a) আৰু (b) ৰ কোনো বাল্ব নজ্বলিব।

(iii) যদি S1 আৰু S2 দুয়োটা 'অন' হৈ থাকে, কোনকেইটা বাল্ব জ্বলিব?

Answer: চিত্ৰ (a) ৰ L1 আৰু L2 বাল্ব জ্বলিব আৰু চিত্ৰ (b) ৰ L1 আৰু L2 বাল্ব জ্বলিব।

(iv) যদি S1 আৰু S2 দুয়োটা 'অফ' হৈ থাকে, কোনকেইটা বাল্ব জ্বলিব?

Answer: চিত্ৰ (a) আৰু (b) ৰ কোনো বাল্ব নজ্বলিব।

 

6. ডইথনে চিত্ৰ 2.22 ত দেখুওৱাৰ দৰে বৰ্তনীটো তৈয়াৰ কৰিছে। ছুইচটো 'অন' ৰখাৰ পাছতো বৈদ্যুতিক চাকিটো জ্বলি নাথাকে। এই ত্ৰুটিপূৰ্ণ কাৰ্যপদ্ধতিৰ সম্ভাৱ্য কাৰণ কি হ'ব পাৰে?

Answer: ত্ৰুটিপূৰ্ণ কাৰ্যপদ্ধতিৰ সম্ভাৱ্য কাৰণ সমূহ হ'ল -

(i) বাল্বটো বেয়া হ'ব পাৰে।

(ii) বেটাৰিটো বেয়া হ'ব পাৰে।

(iii) তাঁৰডাল বেয়া হ'ব পাৰে।

(iv) তাঁৰৰ সংযোগ ঢিলা হ'ব পাৰে।

 

7. চিত্ৰ 2.23 ৰ কোনকেইটাৰ ক্ষেত্ৰত ছুইচটো বন্ধ কৰিলে চাকিটো জ্বলি নুঠিব?

 Answer:

(a) চাকিটো জ্বলিব।

(b) বেটাৰিটো ওলোটাকৈ লগালেও জ্বলিব।

(c) বেটাৰিটোৰ মেৰু আৰু LED ৰ মেৰু ওলোটাকৈ সংযোগ কৰা হৈছে। গতিকে, LED চাকিটো নজ্বলিব।

(d) বেটাৰিৰ ধনাত্মক মেৰু LED ৰ সঠিক দিশৰ সৈতে সংযোগ কৰা হৈছে। গতিকে, LED চাকিটো জ্বলিব।

 

8. '+' আৰু '-' চিহ্নৰে সূচিত নকৰা বেটাৰি এটাৰ দুটা মেৰু চিনাক্ত কৰাৰ পদ্ধতি এটাৰ পৰামৰ্শ দিয়া।

Answer: আলু এটাৰ সহায়ত '+' আৰু '-' চিহ্নৰে সূচিত নকৰা বেটাৰি এটাৰ দুয়োটা মেৰু চিনাক্ত কৰিব পাৰি।

পদ্ধতিঃ এটা সতেজ আলু মাজতে দুফালকৈ কাটি লোৱা হ'ল। বেটাৰিৰ দুয়োটা মেৰুৰ সৈতে দুডাল তামৰ তাঁৰ সংযোগ কৰি, খোলা তাঁৰৰ উন্মুক্ত মূৰ দুডাল আলুৰ কটা অংশত কিছু সময়ৰ বাবে গুজি ৰখা হ'ল। কিছু সময় পিছত, আলুৰ যিটো অংশত থকা তাঁৰৰ চাৰিওফালে সেউজীয়া-নীলা দাগ সৃষ্টি হ'ব, সেইডাল হ'ব বেটাৰিৰ ধনাত্মক (+) মেৰু। আনহাতে, যিডাল তাঁৰৰ কাষত আলুৰ ৰঙৰ কোনো পৰিৱর্তন নহয়, সেইডাল হ'ব বেটাৰিৰ ঋণাত্মক (-) মেৰু।
 
9. এটা এল ই ডি জ্বলিবলৈ শ্ৰেণীৱদ্ধভাৱে থকা দুটা কোষৰ প্ৰয়োজন। চিত্ৰলেখাই চিত্ৰ 2.24 ত দেখুওৱাৰ দৰে বৰ্তনীটো সাঁজি উলিয়াইছিল। বাল্বটো জ্বলিবনে, সঠিক সংযোগৰ বাবে তাঁৰবোৰ আঁকা।
 
Answer: বাল্বটো নজ্বলিব। সঠিক সংযোগৰ চিত্ৰটো হ'ল -


10. প্ৰদত্ত বৰ্তনীবোৰত কি ভুল আছে বিচাৰি উলিওৱা। প্ৰতিটো বৰ্তনী কেনেকৈ সংশোধন কৰিব পাৰি তাক দেখুৱাবলৈ সৰল লেবেলযুক্ত নক্সা আঁকা।

Answer: প্ৰথম বৰ্তনীটোত বেটাৰিটোৰ সংযোগ ভুল হৈ আছে।

দ্বিতীয় বৰ্তনীটোত বেটাৰিটোৰ মেৰু আৰু LED ৰ মেৰু ওলোটাকৈ সংযোগ কৰা হৈছে।


11. তোমাৰ ঘৰত ছুইচ মেৰামতি কৰোঁতে ইলেক্ট্ৰিচিয়ানসকলে কিয় ৰবৰৰ হাতমোজা পিন্ধে?

Answer: ৰবৰ হ'ল বিদ্যুৎৰ অপৰিবাহী (Insulator) পদাৰ্থ, অৰ্থাৎ ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হ'ব নোৱাৰে। মেৰামতিৰ কাম কৰি থকা অৱস্থাত ইলেক্ট্ৰিচিয়ানে যদি ভুলবশতঃ কোনো বৈদ্যুতিক তাঁৰ স্পৰ্শ কৰে, তেন্তে হাতত থকা ৰবৰৰ মোজাই বিদ্যুৎ প্ৰৱাহক মানুহৰ সু-পৰিবাহী শৰীৰলৈ যাবলৈ নিদিয়ে। ইয়াৰ ফলত ইলেক্ট্ৰিচিয়ানজন ভয়ংকৰ বৈদ্যুতিক আঘাত (Electric shock) ৰ পৰা সুৰক্ষিত হৈ থাকে।

 

12. বিদ্যুৎ উপযোগী হোৱা সত্বেও ই বিপজ্জনকো হ'ব পাৰে, কেনেকৈ? এই বিষয়ে এটা দলত আলোচনা কৰা।

Answer: বিদ্যুৎ আমাৰ দৈনন্দিন জীৱনৰ বাবে অত্যন্ত উপযোগী, কিন্তু ইয়াৰ অলপমান অসাৱধান ব্যৱহাৰে অতি বিপজ্জনক কৰি তুলিব পাৰে। যিহেতু মানুহৰ শৰীৰ আৰু পানী বিদ্যুতৰ সু-পৰিবাহী, সেয়েহে বৈদ্যুতিক তাঁৰ তিতা হাতেৰে  চুলে বা স্পৰ্শ কৰিলে বৈদ্যুতিক আঘাত (Electric shock) পোৱাৰ সম্ভাৱনা থাকে। ইয়াৰ উপৰি, বেয়া হৈ থকা তাঁৰৰ পৰা শৰ্ট চাৰ্কিট (Short circuit) হৈ ডাঙৰ অগ্নিকাণ্ডৰো সৃষ্টি হ'ব পাৰে। গতিকে, বিদ্যুতৰ পৰা সুৰক্ষিত থাকিবলৈ আমি সদায় সাৱধানতা অৱলম্বন কৰিব লাগে আৰু সদায় ৰবৰ বা প্লাষ্টিকৰ জোতা-মোজা ব্যৱহাৰ কৰিব লাগে। 

Next Post Previous Post