Class 7 | Chapter-1 আমাৰ চাৰিওফালে হোৱা ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন (Physical and Chemical changes around us) | Questions & Answers | Assam SCERT Book 2026-27

1. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।

(i) তলৰ কোনটো ভৌতিক পৰিৱৰ্তনৰ উদাহৰণ?

(a) কাঠ জ্বলোৱা

(b) লোত মামৰে ধৰা

(c) বৰফ গলি যোৱা

(d) গাখীৰ টেঙা হৈ যোৱা

Answer: (c) বৰফ গলি যোৱা


(ii) তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তনৰ উদাহৰণ?

(a) ৰবৰবেণ্ড টনা

(b) পানী উতলোৱা

(c) মেগনেছিয়ামৰ ফিতা জ্বলোৱা

(d) কাগজ টুকুৰা টুকুৰ কৰা

Answer: (c) মেগনেছিয়ামৰ ফিতা জ্বলোৱা


(iii) তলৰ কোনটো পৰিৱৰ্তন প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি?

(a) পানী গোট মৰা

(b) পানী চেনি দ্ৰৱীভূত কৰা

(c) পানী গৰম কৰা

(d) কাগজ জ্বলোৱা

Answer: (d) কাগজ জ্বলোৱা


(iv) তলৰ কোনটোৱে লোৰ বস্তুত মামৰে ধৰা প্ৰতিৰোধ বা লেহেম কৰিব পাৰে?

(a) সেমেকা ঠাইত সংৰক্ষণ কৰা

(b) পৃষ্ঠখনত ৰং বা তেল সনা

(c) সঘনাই পানীৰে ধোৱা

(d) বৰষুণৰ সংস্পৰ্শলৈ অনা

Answer: (b) পৃষ্ঠখনত ৰং বা তেল সনা


2. তলৰ কোনটো উক্তি ৰাসায়নিক পৰিৱৰ্তনৰ এক বৈশিষ্ট্য?

(i) নতুন পদাৰ্থৰ সৃষ্টি হয়।

(ii) কোনো নতুন পদাৰ্থ উৎপন্ন নহয়।

(iii) সাধাৰণতে ই অপ্ৰত্যাৱৰ্তী।

(iv) কেৱল পদাৰ্থৰ অৱস্থাহে সলনি হয়।

(a) (i) আৰু (iii)

(b) (ii) আৰু (iv)

(c) (i) আৰু (ii)

(d) (iii) আৰু (iv)

Answer: (a) (i) আৰু (iii)

 

3. তলৰ কোনটো পৰিৱৰ্তন প্ৰত্যাৱৰ্তন কৰিব পাৰি আৰু কোনটো প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি।

(a) বৰফৰ টুকুৰা গলি যোৱা

(b) কাগজ জ্বলোৱা

(c) বেলুন ফুলোৱা

(d) খাদ্য হজম হোৱা

(e) ভিজা কাপোৰৰ পৰা পানী বাষ্পীভৱন হোৱা

(f) লোহাত মামৰে ধৰা

(g) ৰবৰবেণ্ড টনা

(h) কেক বেকিং কৰা

(i) পেঞ্চিল জোঙা কৰা

(j) পানী ঠাণ্ডা কৰি বৰফলৈ পৰিৱৰ্তন কৰা

Answer:

প্ৰত্যাৱৰ্তন কৰিব পাৰি প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি
(a) বৰফৰ টুকুৰা গলি যোৱা (b) কাগজ জ্বলোৱা
(c) বেলুন ফুলোৱা (d) খাদ্য হজম হোৱা
(e) ভিজা কাপোৰৰ পৰা পানী বাষ্পীভৱন হোৱা (f) লোহাত মামৰে ধৰা
(g) ৰবৰবেণ্ড টনা (h) কেক বেকিং কৰা
(i) পেঞ্চিল জোঙা কৰা
(j) পানী ঠাণ্ডা কৰি বৰফলৈ পৰিৱৰ্তন কৰা

 

4. তলত দিয়াবোৰ শুদ্ধ নে অশুদ্ধ? যদি অশুদ্ধ হয়? সেইটো শুদ্ধকৈ লিখা।

(a) পানী বৰফ হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন।

(b) কাঠ জ্বলালে ছাই, কাৰ্বন-ডাই-অক্সাইড, জলীয় বাষ্প আদি নতুন পদাৰ্থ উৎপন্ন হয়।

(c) কাগজ ফাটি যোৱাটো এটা ভৌতিক পৰিৱৰ্তন।

(d) পানী ভাপ হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন।

Answer:

(a) অশুদ্ধ। পানী বৰফ হোৱাটো এটা ভৌতিক পৰিৱৰ্তন।

(b) শুদ্ধ।

(c) শুদ্ধ।

(d) অশুদ্ধ। পানী ভাপ হোৱাটো এটা ভৌতিক পৰিৱৰ্তন।


5. খালী ঠাই পূৰ কৰা।

(a) লোহাত মামৰে ধৰাটো এটা ______ পৰিৱৰ্তন আৰু ই ______ হ'ব নোৱাৰে।

Answer:  লোহাত মামৰে ধৰাটো এটা ৰাসায়নিক পৰিৱৰ্তন আৰু ই প্ৰত্যাৱৰ্তন হ'ব নোৱাৰে।

(b) পানীত নিমখ দ্ৰৱীভূত কৰাটো এটা ______ পৰিৱৰ্তন, কাৰণ কোনো ______ পদাৰ্থ গঠন নহয়।

Answer: পানীত নিমখ দ্ৰৱীভূত কৰাটো এটা ভৌতিক পৰিৱৰ্তন, কাৰণ কোনো নতুন পদাৰ্থ গঠন নহয়।

(c) ভাত ৰন্ধা প্ৰক্ৰিয়াটো এটা ______ পৰিৱৰ্তন।

Answer: ভাত ৰন্ধা প্ৰক্ৰিয়াটো এটা অপ্ৰত্যাৱৰ্তী পৰিৱৰ্তন।

(d) মাখন গলি যোৱাটো এটা ______ পৰিৱৰ্তন, কিন্তু মাখন জ্বলোৱাটো এটা _____ পৰিৱৰ্তন।

Answer: মাখন গলি যোৱাটো এটা ভৌতিক পৰিৱৰ্তন, কিন্তু মাখন জ্বলোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন।


6. কাগজ ফালি পেলোৱা আৰু কাগজ জ্বলোৱা একে ধৰণৰ পৰিৱৰ্তন নেকি? কাৰণ দৰ্শোৱা।

Answer: কাগজ ফালি পেলোৱা আৰু কাগজ জ্বলোৱা একে ধৰণৰ পৰিৱৰ্তন নহয়। কাৰণ কাগজ ফালি পেলোৱাটো এক ভৌতিক পৰিৱৰ্তন, কাৰণ ইয়াত কাগজ খনৰ আকৃতি পৰিৱৰ্তন হৈছে। আনহাতে, কাগজ জ্বলোৱাটো এক ৰাসায়নিক পৰিৱৰ্তন, কাৰণ ইয়াত কাগজ খন জ্বলি নতুন পদাৰ্থ সৃষ্টি হৈছে। 


7. মামৰে ধৰা লোহাক পুনৰ লোহালৈ পৰিৱৰ্তন কৰিব পাৰিনে? মামৰে ধৰাটো এটা প্ৰত্যাৱৰ্তী পৰিৱৰ্তন নে অপ্ৰত্যাৱৰ্তী পৰিৱৰ্তন? ব্যাখ্যা কৰা।

Answer: মামৰে ধৰা লোহাক পুনৰ লোহালৈ পৰিৱৰ্তন কৰিব নোৱাৰি। মামৰে ধৰাটো এটা অপ্ৰত্যাৱৰ্তী পৰিৱৰ্তন। কাৰণ বায়ু আৰু পানী বা জলীয় বাষ্পৰ লগত লোহাই ৰাসায়নিক বিক্ৰিয়া কৰি আইৰণ অক্সাইড নামৰ এক নতুন পদাৰ্থ সৃষ্টি কৰে। যাক মামৰ বুলি কোৱা হয়। যিহেতু মামৰ ৰাসায়নিক বিক্ৰিয়াৰ ফলত সৃষ্টি হয়, সেয়ে ইয়াক পুনৰ লোহালৈ পৰিৱৰ্তন কৰিব নোৱাৰি।

 

8. মমবাতি জ্বলোৱাৰ সময়ত মম গলা আৰু মম জ্বলা দুয়োটা কাৰ্য একেলগে হয়। ইয়াৰে কোনটো ভৌতিক পৰিৱৰ্তন আৰু কোনটো ৰাসায়নিক পৰিৱৰ্তন? কিয়?

Answer: মমবাতি জ্বলোৱাৰ সময়ত মম গলাটো এটা ভৌতিক পৰিৱৰ্তন। কাৰণ ইয়াত মমবাতিৰ আকৃতি পৰিৱৰ্তন হয়।
মম জ্বলাটো এটা ৰাসায়নিক পৰিৱৰ্তন। কাৰণ মম জ্বলিলে তাপ, পোহৰ, কাৰ্বন-ডাই-অক্সাইড আদি উৎপন্ন হয়।

Next Post Previous Post