Class 8 | Chapter-17 Synthetic Fibres and Plastics | Summary Notes | Assam SCERT Book 2025-26
1. Fibres are thin, thread-like structures that are used to make clothes and other materials.
আঁহ (Fibres) সমূহ হৈছে পাতল, সূতাকাৰ গঠন; যিবোৰ কাপোৰ আৰু অন্যান্য সামগ্ৰী তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
2. Fibres are of two types —
(i) Natural fibres: These are obtained from plants and animals. Examples: Cotton, Silk, Wool, Jute, etc.
(ii) Synthetic fibres: These are man-made fibres produced using chemicals. Examples: Rayon, Nylon, Acrylic, Polyester, etc.
আঁহ দুই প্ৰকাৰৰ —
(i) প্ৰাকৃতিক আঁহ (Natural fibres): এই আঁহসমূহ উদ্ভিদ আৰু প্ৰাণীৰ পৰা পোৱা যায়। উদাহৰণ: কপাহ, ৰেচম বা পাট, ঊণ, জুট আদি।
(ii) সাংশ্লেষিক আঁহ (Synthetic fibres): এই আঁহসমূহ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰি মানুহে তৈয়াৰ কৰে। উদাহৰণ: ৰেয়ন, নাইলন, এক্রাইলিক, পলিয়েষ্টাৰ আদি।
3. Synthetic fibres are polymers made up of many small repeating units called monomers, which join together to form long chains. These small repeating units are called monomers. When many monomers join together, they form a polymer.
সাংশ্লেষিক আঁহসমূহ হৈছে পলিমাৰ (Polymer), যিবোৰ বহু সৰু সৰু একযোগী (Monomer) একক পুনৰাবৃত্তভাৱে যুক্ত হৈ দীঘল শৃংখল গঠন কৰে। এই সৰু সৰু পুনৰাবৃত্ত একক সমূহক একযোগী (Monomer) বুলি কোৱা হয়। যেতিয়া বহু একযোগী একেলগে যুক্ত হয়, তেতিয়া পলিমাৰ বা বহুযোগী (Polymer) গঠন হয়।
4. Rayon is a semi-synthetic fibre because it is made from natural raw material (wood pulp) but is processed using chemicals. It is also called artificial silk because it is shiny and cheaper than silk. Rayon are used to make clothes, bed sheets, curtains, carpets, etc.
ৰেয়ন (Rayon) হৈছে অর্ধ-সাংশ্লেষিক আঁহ (Semi-synthetic fibre), কাৰণ ই প্ৰাকৃতিক কেঁচামাল (কাঠৰ মণ্ড)ৰ পৰা ৰাসায়নিক পদ্ধতিৰে প্ৰস্তুত কৰা হয়। ইয়াক কৃত্ৰিম পাট (Artificial silk) বুলিও কোৱা হয়, কাৰণ ই উজ্জ্বল আৰু পাট আঁহতকৈ কম মূল্যৰ হয়। কাপোৰ, বিচনা চাদৰ, পৰ্দা, কাৰ্পেট আদি প্ৰস্তুত কৰিবলৈ ৰেয়ন ব্যৱহাৰ কৰা হয়।
5. Nylon is a synthetic fibre. It is made from chemical substances like coal, water, and air. This process is called polymerisation. Nylon fibres are strong, elastic and light. Nylon are used to make sock, rope, tents, toothbrush, parachutes, curtain etc.
নাইলন (Nylon) হৈছে এবিধ সাংশ্লেষিক আঁহ। নাইলনক কয়লা, পানী আৰু বায়ুৰ পৰা ৰাসায়নিক প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা হয়। এই প্ৰক্ৰিয়াটোক বহুযোগীকৰণ (Polymerisation) বুলি কোৱা হয়। নাইলনৰ আঁহ মজবুত (Strong), নমনীয় (Elastic), আৰু পাতল (Light) হয়। মোজা, ৰছী, তম্বু, টুথব্ৰাছ, পেৰাচুট, পৰ্দা আদি প্ৰস্তুত কৰিবলৈ নাইলন ব্যৱহাৰ কৰা হয়।
6. Polyester is a synthetic fibre made from petroleum-based chemicals. Examples: Terylene, PET. Clothes made from polyester are wrinkle-free and dry quickly.
পলিয়েষ্টাৰ (Polyester) হৈছে এবিধ সাংশ্লেষিক আঁহ, যি পেট্ৰ’লিয়ামজাত পদাৰ্থৰ পৰা প্ৰস্তুত কৰা হয়। উদাহৰণ: টেৰিলিন (Terylene), PET। পলিয়েষ্টাৰৰ পৰা তৈয়াৰ কৰা কাপোৰ সহজে শোটোৰা নপৰে আৰু তৎক্ষণাত শুকায়।
7. Polyester is made up of the repeating units of a chemical called an ester.
এষ্টাৰ (Ester) নামৰ ৰাসায়নিক দ্ৰব্যৰ পুনৰাবৃত গোটৰ দ্বাৰা পলিয়েষ্টাৰ গঠিত।
8. PET (Polyethylene Terephthalate) is used to make bottles, utensils, films, wires, and other materials.
PET (পলিইথিলিন টেৰেফথেলেট) বটল, বাচন-বৰ্তন, ফিল্ম, তাঁৰ আৰু অন্যান্য সামগ্ৰী তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
9. Polycot is a fibre made by mixing polyester and cotton.
পলিকট হৈছে পলিয়েষ্টাৰ আৰু কপাহ মিশ্ৰিত আঁহ।
10. Polywool is a fibre made by mixing polyester and wool.
পলিউল হৈছে পলিয়েষ্টাৰ আৰু ঊণ মিশ্ৰিত আঁহ।
11. Acrylic is a synthetic fibre made from acrylonitrile. It is used to make soft, warm, and lightweight fabrics similar to wool.
এক্ৰাইলিক (Acrylic) হৈছে এবিধ কৃত্ৰিম আঁহ, যি এক্ৰাইল'নাইট্ৰাইল (Acrylonitrile) ৰ পৰা প্ৰস্তুত কৰা হয়। এই আঁহ বোৰ ঊণৰ দৰে কোমল, গৰম আৰু পাতল।
12. Synthetic fibres burn quickly compared to natural fibres like cotton or wool. Therefore, it is dangerous to wear synthetic clothes in the kitchen or laboratory.
সাংশ্লেষিক আঁহসমূহ প্ৰাকৃতিক আঁহ যেনে কপাহ বা ঊণৰ তুলনাত সহজে বা দ্ৰুতগতিত জ্বলি যায়। সেয়েহে, পাকঘৰ বা পৰীক্ষাগাৰত সাংশ্লেষিক আঁহেৰে নিৰ্মিত কাপোৰ পৰিধান কৰা বিপজ্জনক।
13. Characteristics of Synthetic Fibres:
(i) Dry up quickly
(ii) Durable
(iii) Less expensive
(iv) Readily available
(v) Easy to maintain
সাংশ্লেষিক আঁহৰ বৈশিষ্ট্য:
(i) সোনকালে শুকায়
(ii) বহুদিন টিকে
(iii) কম দামী
(iv) সহজে পোৱা যায়
(v) সহজে যতনাই ৰাখিব পাৰি
14. Plastic is a polymer in which the monomers are arranged in linear or cross-linked chains. Example: Polyethylene.
প্লাষ্টিক (Plastic) হৈছে এবিধ বহুযোগী, য'ত একযোগী একক সমূহ (Monomers) ৰৈখিক (Linear) বা প্ৰস্থ-সংযোজিত (Cross-linked) শৃংখল দ্বাৰা যুক্ত হৈ থাকে। উদাহৰণ: পলিথিন (Polyethylene)।
15. Polyethene is a polymer made from the chemical ethene. It is commonly used to make polyethene bags.
পলিথিন (Polyethene) হৈছে এবিধ বহুযোগী, যি ইথিন (Ethene) ৰ পৰা প্ৰস্তুত কৰা হয়। ইয়াক সাধাৰণতে পলিথিন মোনা (Polyethene bags) তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
16. Types of Plastics —
(i) Thermoplastics: Thermoplastics are plastics that soften or deform easily on heating and can be bent or reshaped easily. This process can be repeated many times. Examples: Polyethene, PVC.
(ii) Thermosetting Plastics: Thermosetting plastics are plastics that cannot be remelted after being set. Examples: Bakelite, Melamine.
প্লাষ্টিকৰ প্ৰকাৰ —
(i) তাপনমনীয় প্লাষ্টিক (Thermoplastics): তাপনমনীয় প্লাষ্টিকবোৰ তপতালে সহজে কোমল বা বিকৃত হয় আৰু সহজে ভাঁজ কৰিব পাৰি। এই প্ৰক্ৰিয়া বহু বাৰ পুনৰাবৃত্তি কৰিব পাৰি। উদাহৰণ: পলিথিন (Polyethene), পিভিচি (PVC)।
(ii) তাপদৃঢ় প্লাষ্টিক (Thermosetting Plastics): তাপদৃঢ় প্লাষ্টিকবোৰ এবাৰ আকৃতি দিয়াৰ পাছত পুনৰ তপতালেও কোমলাব নোৱাৰি। উদাহৰণ: বেকেলাইট (Bakelite), মেলমাইন (Melamine)।
17. Bakelite is a poor conductor of heat and electricity. Therefore, it is used for making electrical switches, plugs, and handles of various utensils.
বেকেলাইট তাপ আৰু বিদ্যুতৰ কু-পৰিবাহী। সেয়েহে ইয়াক বৈদ্যুতিক ছুইচ, প্লাগ আৰু বিভিন্ন বাচন-বৰ্তনৰ নাল বনাবলৈ ব্যৱহাৰ কৰা হয়।
18. Melamine resists fire and can tolerate heat better than many other plastics. Therefore, it is used for making kitchenware and fire-resistant clothes.
মেলামাইন অগ্নি প্ৰতিৰোধী আৰু আন বহু প্লাষ্টিকতকৈ অধিক তাপ সহ্য কৰিব পাৰে। সেয়েহে, ইয়াক পাকঘৰৰ সামগ্ৰী আৰু অগ্নি প্ৰতিৰোধী কাপোৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
19. Plastics are considered materials of choice because they do not react easily with other materials. They are light, strong, durable, and poor conductors of heat and electricity.
প্লাষ্টিক পচন্দৰ পদাৰ্থ হিচাপে বিবেচনা কৰা হয়, কাৰণ সিহঁতে অন্য সামগ্ৰীৰ সৈতে সহজে বিক্ৰিয়া নকৰে। এইবোৰ পাতল, মজবুত, দীৰ্ঘস্থায়ী আৰু তাপ আৰু বিদ্যুতৰ কু-পৰিবাহী।
20. A material which gets decomposed through natural processes, such as action by bacteria is called biodegradable. Example: Paper, Wood etc. On the other hand, a material which is not easily decomposed by natural processes is called non-biodegradable. Example: Plastics.
যি বোৰ পদাৰ্থ প্ৰাকৃতিক ক্ৰিয়া-প্ৰক্ৰিয়া যেনে বেক্টেৰিয়াৰ দ্বাৰা পচি যায়, তেনে পদাৰ্থবোৰক জৈৱ-পচনশীল (Biodegradable) পদাৰ্থ বোলে। উদাহৰণ: কাগজ, কাঠ আদি। আনহাতে, যি বোৰ পদাৰ্থ প্ৰাকৃতিক ক্ৰিয়া-প্ৰক্ৰিয়াৰ দ্বাৰা পচি নাযায়, তেনে পদাৰ্থবোৰক জৈৱ-অপচনশীল (Non-biodegradable) পদাৰ্থ বোলে। উদাহৰণ: প্লাষ্টিক।
21. Plastic is not environmentally friendly. It takes many years to decompose. It causes environmental pollution. Therefore, as responsible citizens, we need to follow the 4R rules.
4R Rules —
Reduce: Use fewer plastic items to reduce plastic waste.
Reuse: Use plastic items multiple times instead of throwing them away.
Recycle: Convert used plastics into new products to save resources.
Recover: Recover energy or useful materials from plastic waste.
প্লাষ্টিক পৰিৱেশ-হিতৈষী নহয়, কাৰণ ইয়াক পচিবলৈ বহু বছৰ লাগে আৰু ই পৰিৱেশ প্ৰদূষণ কৰে। সেয়ে দায়িত্বশীল নাগৰিক হিচাপে আমি 4R নীতি মানি চলিব লাগে।
4R নীতি —
Reduce (হ্ৰাস কৰা): প্লাষ্টিকৰ ব্যৱহাৰ কম কৰা।
Reuse (পুনৰ ব্যৱহাৰ কৰা): প্লাষ্টিক বস্তু বাৰে বাৰে ব্যৱহাৰ কৰা।
Recycle (পুনৰাবৰ্তন কৰা): ব্যৱহৃত প্লাষ্টিক নতুন সামগ্ৰীত ৰূপান্তৰ কৰা।
Recover (পুনৰুদ্ধাৰ কৰা): প্লাষ্টিক আৱৰ্জনাৰ পৰা শক্তি বা উপযোগী বস্তু উদ্ধাৰ কৰা।