Class 8 | Chapter-16 Light | Summary Notes | Assam SCERT Book 2025-26
1. Light is a form of energy that helps us see objects around us. Some sources of light are fire, the bulb, the Sun, etc.
পোহৰ হৈছে এক প্ৰকাৰৰ শক্তি, যিয়ে আমাৰ চাৰিওফালে থকা বস্তুবোৰ দেখাত সহায় কৰে। পোহৰৰ কিছুমান উৎস হৈছে — জুই, বাল্ব, সূৰ্য আদি।
2. Light always travels in a straight line, and its speed in vacuum is 3 lakh km per second.
পোহৰ সদায় সৰল ৰেখাত যাত্ৰা কৰে আৰু শূন্যত ইয়াৰ গতি প্ৰতি ছেকেণ্ডত 3 লাখ কিলোমিটাৰ।
3. When a ray of light falls on a surface and bounces back, it is called the reflection of light.
যেতিয়া পোহৰৰ এটা ৰশ্মি কোনো পৃষ্ঠত পৰি উভতি আহে, তেতিয়া তাক পোহৰৰ প্ৰতিফলন (Reflection of light) বুলি কোৱা হয়।
4. Laws of Reflection of Light —
(i) The angle of incidence is equal to the angle of reflection.
∠i = ∠r
(ii) The incident ray, the reflected ray, and the normal drawn at the point of incidence on the reflecting surface lie in the same plane.
পোহৰৰ প্ৰতিফলনৰ সূত্ৰ —
(i) আপতন কোণ আৰু প্ৰতিফলন কোণ সমান।
∠i = ∠r
(ii) আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু প্ৰতিফলক পৃষ্ঠৰ আপতন বিন্দুত টনা অভিলম্ব একেখন সমতলত থাকে।
5. When parallel rays of light fall on a smooth surface and are reflected back in parallel, such reflection is called regular reflection.
সমান্তৰালভাৱে অহা পোহৰৰ ৰশ্মিসমূহ কোনো মসৃণ পৃষ্ঠত পৰি পুনৰ সমান্তৰালভাৱে প্ৰতিফলিত হয়, তেনে প্ৰতিফলনক নিয়মিত প্ৰতিফলন (Regular reflection) বুলি কোৱা হয়।
6. When parallel rays of light fall on an uneven or rough surface and get reflected in different directions (not parallel), such reflection is called irregular reflection.
সমান্তৰালভাৱে অহা পোহৰৰ ৰশ্মিসমূহ কোনো অসমান বা খহতীয়া পৃষ্ঠত পৰি বিভিন্ন দিশত অসমান্তৰালভাৱে প্ৰতিফলিত হয়; তেনে প্ৰতিফলনক অনিয়মিত প্ৰতিফলন (Irregular reflection) বুলি কোৱা হয়।
7. Image formed by a plane mirror —
(i) The image formed by a plane mirror is erect.
(ii) It is virtual and of the same size as the object.
(iii) The image is located at the same distance behind the mirror as the object is in front of it.
সমতল দাপোণত গঠন হোৱা প্ৰতিবিম্ব —
(i) সমতল দাপোণে গঠন কৰা প্ৰতিবিম্ব থিয় (Erect) হয়।
(ii) ই অসৎ (Virtual) আৰু লক্ষ্যবস্তুৰ সমান আকাৰৰ হয়।
(iii) লক্ষ্যবস্তু দাপোণৰ সন্মুখৰ পৰা যিমান দূৰত অৱস্থিত হয়, প্ৰতিবিম্ব দাপোণৰ পাছফালে সিমান দূৰত্বতে অৱস্থিত হয়।
8. When we stand in front of a plane mirror and raise our left hand, we see the image in the mirror raising the right hand. This phenomenon is called lateral inversion.
যেতিয়া আমি সমতল দাপোণৰ সন্মুখত থিয় হৈ বাওঁহাত খন দাঙি দিওঁ, তেতিয়া দাপোণৰ ছবিত সোঁহাত খন উঠা দেখা যায়। এই ঘটনাক পাৰ্শ্বীয় প্ৰতিলোমন (Lateral inversion) বুলি কোৱা হয়।
9. The objects which shine in the light of the other objects are called illuminated objects. Example — The moon.
কোনো এটা বস্তু আন কোনো বস্তুৰ পোহৰৰ দ্বাৰা উদ্ভাসিত হ'লে তাক প্ৰদীপ্ত বস্তু (Illuminated objects) বুলি কোৱা হয়। উদাহৰণ — চন্দ্ৰ।
10. Objects that produce their own light are called luminous objects. Example — The Sun, Fire, Bulb, etc.
যিবোৰ বস্তুৱে নিজেই পোহৰ বিকিৰণ কৰে, তেনে বস্তুক দীপ্তিমান বস্তু (Luminous objects) বুলি কোৱা হয়। উদাহৰণ — সূৰ্য, জুই, বাল্ব আদি।
11. The colour of sunlight is white. It consists of seven colours of the rainbow.
সূৰ্যৰ পোহৰ বগা হয়। এই পোহৰ ৰামধেনুৰ সাতটা ৰং মিলি গঠন হয়।
12. A prism is used to split white light into its different colours. This phenomenon is called dispersion.
প্ৰিজম এটা ব্যৱহাৰ কৰি বগা পোহৰক ইয়াৰ বিভিন্ন ৰঙত বিভাজিত কৰা হয়। এই পৰিঘটনাটোক বিচ্ছুৰণ (Dispersion) বুলি কোৱা হয়।
13. The human eye is a sense organ that helps us to see. It is nearly spherical in shape. The white transparent front part of the eye is the cornea, which allows light to enter the eye. Behind the cornea is the iris, the colored part of the eye, which controls the size of the pupil and regulates the amount of light entering the eye. The light then passes through the eye lens, which is a transparent convex lens that focuses light on the retina. The retina is a light-sensitive layer containing rods and cones that form the image. The image signals are carried to the brain through the optic nerve.
মানুহৰ চকু হৈছে এটা সংবেদী অংগ যিয়ে আমাক দেখাত সহায় কৰে। ই প্ৰায় গোলাকাৰ আকাৰৰ। চকুৰ আগফালে থকা বগা স্বচ্ছ অংশটো হৈছে কৰ্নিয়া (Cornea), যিয়ে পোহৰ চকুত প্ৰৱেশ কৰিবলৈ দিয়ে। কৰ্নিয়াৰ পিছফালে থকা আইৰিছ (Iris) হৈছে চকুৰ ৰঙীন অংশ, যিয়ে চকুৰ মণি (Pupil) ৰ আকাৰ নিয়ন্ত্ৰণ কৰে আৰু চকুত প্ৰৱেশ কৰা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। তাৰ পিছত পোহৰ চকুৰ লেন্সৰ মাজেদি গৈ ৰেটিনাত কেন্দ্ৰীভূত হয়। চকুৰ লেন্সটো এটা স্বচ্ছ উত্তল লেন্স। ৰেটিনা (Retina) হৈছে পোহৰৰ প্ৰতি সংবেদনশীল এখন পৰ্দা য'ত দণ্ড (Rod) আৰু শংকু (Cone) স্নায়ুকোষ থাকে আৰু তাতেই ছবি গঠিত হয়। এই ছবিৰ সংকেতসমূহ নেত্ৰ স্নায়ুৰ জৰিয়তে মগজুলৈ পঠোৱা হয়।
14. The two optic nerve cells are —
(i) Rod: It helps to see in dim or low light and are responsible for black-and-white vision.
(ii) Cone: It helps to see in bright light. They are responsible for color vision and help us see objects clearly and sharply.
নেত্ৰ স্নায়ুকোষ দুবিধ হৈছে —
(i) দণ্ড (Rod): এই কোষে কম পোহৰত বা অন্ধকাৰত দেখাত সহায় কৰে।
(ii) শংকু (Cone): এই কোষে উজ্জ্বল পোহৰত দেখা সহায় কৰে। ই ৰঙ চিনাক্ত আৰু বস্তু স্পষ্টকৈ দেখাত সহায় কৰে।
15. At the junction of the optic nerve and the retina, there are no sensory cells, so vision is not possible at that spot. This is called the blind spot.
নেত্ৰ-স্নায়ু আৰু ৰেটিনাৰ সংযোগ স্থলত কোনো ধৰণৰ সংবেদী কোষ নাথাকে, সেয়ে সেই স্থানত দৃষ্টি অনুভূতি সম্ভৱ নহয়। এই স্থানকেই অন্ধবিন্দু (Blind spot) বোলে।
16. The most comfortable distance at which one can read with a normal eye is about 25 cm.
এটা স্বাভাৱিক চকুৰে পঢ়িবলৈ আটাইতকৈ সুবিধাজনক দূৰত্ব হ'ল প্ৰায় 25 চে.মি.।
17. Eye defects —
(i) Myopia: A person with myopia can see near objects clearly, but distant objects appear blurry.
(ii) Hypermetropia: A person with hypermetropia can see distant objects clearly, but near objects appear blurry.
(iii) Cataract: It is an eye defect in which the lens of the eye becomes cloudy, leading to impaired vision. To treat cataract, the cloudy lens is removed and a new artificial lens is inserted in the eye.
চকুৰ ত্ৰুটি বা বিকাৰ —
(i) মায়'পিয়া (Myopia): মায়'পিয়া বিকাৰগ্ৰস্থ ব্যক্তিয়ে ওচৰৰ বস্তু স্পষ্টকৈ দেখা পায়, কিন্তু দূৰৰ বস্তু ধূসৰ দেখা পায়।
(ii) হাইপাৰমেট্র'পিয়া (Hypermetropia): হাইপাৰমেট্র'পিয়া বিকাৰগ্ৰস্থ ব্যক্তিয়ে দূৰৰ বস্তু স্পষ্টকৈ দেখা পায়, কিন্তু ওচৰৰ বস্তু ধূসৰ দেখা পায়।
(iii) কেটেৰেক্ট (Cataract): কেটেৰেক্ট হৈছে চকুৰ লেন্স ধোঁৱাময় হৈ যোৱাৰ ফলত হোৱা দৃষ্টিৰ বিকাৰ। কেটেৰেক্ট চিকিত্সাৰ বাবে চকুৰ ধোঁৱাময় লেন্সটো আঁতৰোৱা হয় আৰু তাৰ স্থানত কৃত্ৰিম লেন্স সংস্থাপন কৰা হয়।
18. Care of the Eyes —
(i) If advised, use suitable spectacles.
(ii) Too little or too much light is bad for eyes. Insufficient light causes eyestrain and headaches. Too much light, like that of the sun, a powerful lamp or a laser torch can injure the retina.
(iii) Always read or work in good light.
(iv) Keep eyes clean and avoid touching with dirty hands.
(v) Wash eyes frequently with clean water.
(vi) Visit an eye specialist regularly.
চকুৰ যত্ন —
(i) যদি পৰামৰ্শ দিয়া হয়, তেন্তে যথোপযুক্ত চছমা পৰিধান কৰিব লাগে।
(ii) পোহৰ অতি কম আৰু অতি বেছি দুয়োটাই চকুৰ কাৰণে বেয়া। কম পোহৰত চকুৰ কাম কৰিলে চকুত চাপ পৰাৰ আৰু মূৰৰ বিষ হোৱাৰ সম্ভাৱনা থাকে। সূৰ্য, উচ্চ ক্ষমতাৰ লাইট, লেজাৰ লাইট আদিৰ দৰে উৎসৰ তীব্ৰ পোহৰে ৰেটিনাৰ অনিষ্ট সাধন কৰে।
(iii) সদায় উপযুক্ত পোহৰত পঢ়া বা কাম কৰিব লাগে।
(iv) চকু পৰিষ্কাৰ কৰি ৰাখিব লাগে আৰু লেতেৰা হাতৰে স্পৰ্শ কৰিব নালাগে।
(v) সঘনে পৰিষ্কাৰ পানীৰে চকুযোৰ ধুব লাগে।
(vi) নিয়মিত চকু পৰীক্ষা কৰিব লাগে।
19. Night blindness is caused due to a deficiency of vitamin A. Foods rich in vitamin A include green vegetables, eggs, milk, curd, cheese, butter, and fruits like papaya and mango.
ভিটামিন-A ৰ অভাৱত কুকুৰীকণা (Night blindness) ৰোগ হয়। সেউজীয়া শাক-পাচলি, কণী, গাখীৰ, দৈ, চিজ, মাখন, অমিতা আৰু আমৰ দৰে ফলমূলত প্ৰচুৰ পৰিমাণে ভিটামিন-A থাকে।
20. The Braille system is a method of reading and writing used by blind or visually impaired people. It was invented by Louis Braille.
ব্ৰেইল পদ্ধতি (Braille system) হৈছে অন্ধ বা দৃষ্টি বিকাৰগ্ৰস্থ ব্যক্তিসকলে পঢ়া আৰু লিখাৰ বাবে ব্যৱহাৰ কৰা পদ্ধতি। এই পদ্ধতিটো লুই ব্ৰেইল (Louis Braille) য়ে উদ্ভাৱন কৰিছিল।
