Class 8 | Chapter-18 Stars and The Solar Systems | Summary Notes | Assam SCERT Book 2025-26

1. Almost all natural objects found in the sky are called celestial objects. Example - Stars, Planets, Sun, Moon, Comets etc.
আকাশত পোৱা প্ৰায় সকলোবোৰ প্ৰাকৃতিক বস্তুক নভোমণ্ডলীয় বস্তু (Celestial objects) বুলি কোৱা হয়। উদাহৰণ - তৰা, গ্ৰহ, সূৰ্য, চন্দ্ৰ, ধুমকেতু আদি।

2. The Moon is the natural satellite of the Earth. It does not have its own light. It reflects the light of the Sun and shines in the night sky.
চন্দ্ৰ (Moon) হৈছে পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ (Natural satellite)। ইয়াৰ নিজা পোহৰ নাই। চন্দ্ৰই সূৰ্যৰ পোহৰ প্ৰতিফলিত কৰি ৰাতিৰ আকাশত জ্বলি উঠে।

3. The Moon takes about 29.5 days (nearly 30 days) to complete one revolution around the Earth. During this time, different shapes of the illuminated part of the Moon are seen. These different shapes are called the Phases of the Moon.
চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে এপাক ঘূৰিবলৈ প্ৰায় 29.5 দিন (প্ৰায় 30 দিন) সময় লয়। এই সময়ছোৱাত চন্দ্ৰৰ উজ্জ্বল অংশ বিভিন্ন ৰূপত দেখা যায়। এই বিভিন্ন ৰূপবোৰক চন্দ্ৰকলা (Phases of the Moon) বুলি কোৱা হয়।

4. When we see the Moon as a complete round shape, it is called the Full Moon. About 15 days after the Full Moon, the Moon is not visible in the sky. This day is called the New Moon Day.
যেতিয়া আমি চন্দ্ৰক সম্পূৰ্ণ গোলাকৃতি ৰূপত দেখা পাওঁ, সিদিনা পূর্ণিমা (Full Moon) বুলি কোৱা হয়। পূর্ণিমাৰ প্ৰায় 15 দিনৰ পিছত চন্দ্ৰটো আকাশত দেখা পোৱা নাযায়। এই দিনটোক অমাৱস্যা (New Moon Day) বুলি কোৱা হয়।

5. The day after the New Moon Day, only a small portion of the Moon is visible in the sky. This is known as the Crescent Moon.
অমাৱস্যাৰ পিছৰ দিনটোত চন্দ্ৰৰ এটা ক্ষুদ্ৰ অংশহে দেখা পোৱা যায়। ইয়াক কাঁচিজোন (Crescent Moon) বোলে।

6. Neil Armstrong was the first astronaut to land on the Moon.
নিল আৰ্মষ্ট্ৰং চন্দ্ৰত পদাৰ্পণ কৰা প্ৰথমজন মহাকাশচাৰী আছিল।

7. The bright sparkling points seen in the night sky are called stars.
ৰাতিৰ আকাশত তিৰ্‌বিৰাই থকা উজ্জ্বল বিন্দুবোৰেই হৈছে তৰা (Stars)।

8. The Earth rotates on its own axis from west to east. Because of this rotation, the stars appear to move in the sky from east to west.
পৃথিৱীয়ে নিজ অক্ষ (axis) সাপেক্ষে পশ্চিমৰ পৰা পূবলৈ ঘূৰে। এই ঘূৰ্ণনৰ বাবে, আকাশত তৰাবোৰ পূবৰ পৰা পশ্চিমলৈ গতি কৰি থকা যেন দেখা যায়।

9. The Pole Star lies nearly on the axis of the Earth’s rotation. Because of this, it appears almost stationary in the sky.
ধ্ৰুৱ তৰা (Pole Star) পৃথিৱীৰ ঘূৰ্ণন অক্ষৰ ওপৰত অৱস্থিত। সেই বাবে, ইয়াক আকাশত প্ৰায় স্থিৰ থকা যেন দেখা যায়।

10. The Sun is a star. The distance between the Earth and the Sun is about 15 crore kilometers. This distance is also called 1 Astronomical Unit (1 AU).
সূৰ্য হৈছে এটা তৰা। পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব প্ৰায় 15 কোটি কিলোমিটাৰ। এই দূৰত্বক এক এষ্ট্ৰ'নমিকেল ইউনিট (Astronomical Unit) বুলি কোৱা হয়।

11. The star closest to the Sun is Alpha Centauri.
সূৰ্যৰ পৰা ওচৰত থকা তৰাটো হৈছে আলফা ছেণ্টাউৰি।

12. The distance traveled by light in one year is called a light year. Light travels at a speed of about 3 lakh kilometers per second.
পোহৰে এবছৰত অতিক্ৰম কৰা দূৰত্বক আলোক বৰ্ষ (Light Year) বুলি কোৱা হয়। পোহৰে প্ৰায় প্ৰতি ছেকেণ্ডত 3 লাখ কিলোমিটাৰ (3,00,000 km/s) দূৰত্ব অতিক্ৰম কৰে।

13. The stars forming a group that has a recognisable shape is called a censtellation. Example - Great Bear, Orion, Cassiopeia etc.
যিবিলাক তৰাই থূপ বান্ধি একোটা বিশেষ আকৃতি লাভ কৰে, সেইবোৰক তাৰকাপুঞ্জ (Censtellation) বোলে। উদাহৰণস্বৰূপে সপ্তৰ্ষিমণ্ডল (Great Bear), কালপুৰুষ (Orion), কাশ্যপী (Cassiopeia) আদি।

14. The sun and the celestial objects which revolve around it form the solar system. It consists of large number of the bodies such as planets, comets, asteroids and meteors.
সূৰ্য আৰু ইয়াৰ চাৰিওফালে ঘূৰি থকা নভোমণ্ডলীয় বস্তুবোৰেৰে সৌৰজগত (Solar system) সৃষ্টি হৈছে। গ্ৰহ, ধুমকেতু, গ্ৰহাণু, উল্কা আদি বহুতো বস্তুৰে সৌৰজগতখন গঠিত।

15. The Sun continuously emits huge amounts of heat and light. This energy is produced due to nuclear fusion in the Sun’s core, where hydrogen atoms combine to form helium. The sun is the source of almost all energy on the earth.
সূৰ্যই অবিৰতভাৱে প্ৰচুৰ পৰিমাণৰ তাপ আৰু পোহৰ নিৰ্গত কৰে। এই শক্তি সূৰ্যৰ কেন্দ্ৰত নিউক্লীয় সংযোজন (Nuclear Fusion) ৰ সহায়ত  উৎপন্ন হয় , য'ত  হাইড্ৰ'জেন পৰমাণু লগ হৈ হিলিয়াম গঠন কৰে। পৃথিৱীৰ প্ৰায় সকলো শক্তিৰ উৎস হ'ল সূৰ্য।

16. The asteroid belt between Mars and Jupiter divides the eight planets into two categories —
(i) Inner Planets: Mercury, Venus, Earth, Mars
(ii) Outer Planets: Jupiter, Saturn, Uranus, Neptune
মঙ্গল আৰু বৃহস্পতিৰ মাজত থকা গ্ৰহাণু বেল্টে (Asteroid Belt) আঠটা গ্ৰহক দুটা শ্ৰেণীত ভাগ কৰিছে —
(i) অন্তঃগ্ৰহ (Inner Planets): বুধ, শুক্ৰ, পৃথিৱী, মঙ্গল
(ii) বহিঃগ্ৰহ (Outer Planets): বৃহস্পতি, শনি, ইউৰেনাছ, নেপচুন

17. The planets revolve around the Sun in a definite path. This path is called an orbit.
গ্ৰহসমূহে সূৰ্যৰ চাৰিওফালে এক নিৰ্দিষ্ট পথেৰে পৰিভ্ৰমণ কৰে। এই পথক কক্ষপথ (Orbit) বুলি কোৱা হয়।

18. The time taken by a planet to complete one revolution is called its period of revolution. Example – The Earth requires 365 days to complete one revolution around the Sun.
এটা সম্পূৰ্ণ পৰিভ্ৰমণৰ কাৰণে প্ৰয়োজন হোৱা সময়কেই গ্ৰহৰ পৰিভ্ৰমণকাল (Period of revolution) বোলে। উদাহৰণ – পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 365 দিন সময় লাগে।

19. Objects that revolve around a planet are called satellites. Example – The Moon is the natural satellite of the Earth.
যিবোৰ বস্তুৱে এটা গ্ৰহৰ চাৰিওফালে ঘূৰি থাকে, তেনে বস্তুবোৰক উপগ্ৰহ (Satellite) বুলি কোৱা হয়। উদাহৰণ – চন্দ্ৰ হৈছে পৃথিৱীৰ এটা প্ৰাকৃতিক উপগ্ৰহ।

20. The Mercury is the nearest planet to the Sun. It is also the smallest planet in our Solar System.
বুধ (Mercury) হৈছে সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহ। ই আমাৰ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ।

21. The Venus is the nearest planet to the Earth. It is visible as the brightest planet in the night sky. This planet is also known as the Morning Star or Evening Star.
শুক্ৰ (Venus) হৈছে পৃথিৱীৰ আটাইতকৈ ওচৰৰ গ্ৰহ। ইয়াক ৰাতিৰ আকাশত সৰ্বাধিক উজ্জ্বল গ্ৰহ হিচাপে দেখা যায়। এই গ্ৰহক পুৱতি তৰা (Morning Star) বা সন্ধ্যা তৰা (Evening Star) বুলিও কোৱা হয়।

22. The earth is the only planet in the solar system on which life is known to exist. It is also known as the Blue Planet because of the abundance of water on its surface.
পৃথিৱী (Earth) সৌৰজগতৰ একমাত্ৰ গ্ৰহ য'ত জীৱৰ অৱস্থিতি আছে। ইয়াক নীলা গ্ৰহ (Blue Planet) হিচাপে জনা যায়, কাৰণ ইয়াৰ পৃষ্ঠত পানীৰ পৰিমাণ বেছি।

23. The mars is known as the Red Planet because of its reddish appearance. It has two small natural satellites, named Phobos and Deimos.
মঙ্গল (Mars) গ্ৰহক ৰঙা গ্ৰহ (Red Planet) বুলিও জনা যায়, কাৰণ ইয়াৰ পৃষ্ঠভাগ ৰঙা। ইয়াৰ দুটা সৰু প্ৰাকৃতিক উপগ্ৰহ আছে, যাৰ নাম ফোবচ (Phobos) আৰু ডেইম'চ (Deimos)।

24. The jupiter is the largest planet of the solar system. It is so large that about 1300 earths can be placed inside this giant planet.
বৃহস্পতি (Jupiter) গ্ৰহটো সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ। ই ইমানে বিশাল যে ইয়াৰ ভিতৰত প্ৰায় 1300 খন পৃথিৱী সুমুৱাই থ'ব পাৰি।

25. The saturn is the second largest planet in the Solar System. It appears yellowish in color and is famous for its beautiful rings.
শনি (Saturn) হৈছে সৌৰজগতৰ দ্বিতীয়টো ডাঙৰ গ্ৰহ। ইয়াৰ বৰণ হালধীয়া আৰু ইয়াৰ অৰূপ আঙুঠিৰ বাবে জনাজাত।

26. An asteroid is a celestial object made of rock or metal that revolves around the Sun.
গ্ৰহাণু (Asteriod) হৈছে  সূৰ্যৰ চাৰিওফালে ঘূৰি থকা ডাঙৰ শিল বা ধাতুৰে গঠিত মহাকাশীয় বস্তু।

27. A comet is a small celestial object made of ice, dust, and gas that revolves around the Sun. When it comes near the Sun, it develops a bright head and a long tail.
ধূমকেতু (Comets) হৈছে বৰফ, ধূলি আৰু গেছেৰে গঠিত এটা সৰু আকাশীয় বস্তু, যিয়ে সূৰ্যৰ চাৰিওফালে ঘূৰে। সূৰ্যৰ ওচৰলৈ আহিলে ইয়াৰ এটা উজ্জ্বল মূৰ আৰু দীঘল নেজ দেখা যায়। 

28. Halley's comet appears after nearly every 76 years. It was last seen in 1986.
হেলিৰ ধুমকেতু (Halley’s comet) প্ৰায় 76 বছৰৰ মূৰে মূৰে দেখা দিয়ে। ইয়াক 1986 চনত শেষবাৰৰ বাবে দেখা গৈছিল।

29. A meteor is a small piece of rock or metal in space, which usually breaks off from asteroids or comets.
উল্কা (Meteor) হৈছে মহাকাশত থকা সৰু আকাৰৰ শিল বা ধাতুৰ টুকুৰা, যিবোৰ সাধাৰণতে গ্ৰহাণু বা ধূমকেতুৰ পৰা ভাঙি ওলাই আহে।

30. Artificial satellites are man-made objects that revolve around the Earth. Example — Aryabhata was the first Indian satellite. Other Indian satellites include INSAT, IRS, Kalpana-I, EDUSAT etc. Artificial satellites are used for weather forecasting, long distance communication and remote sensing.
কৃত্ৰিম উপগ্ৰহ (Artificial Satellites) হৈছে মানৱ-নির্মিত বস্তু, যি পৃথিৱীৰ চাৰিওফালে ঘূৰে। উদাহৰণ — আৰ্যভট্ট (Aryabhata) আছিল ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ। আন কৃত্ৰিম উপগ্ৰহবোৰৰ ভিতৰত আছে INSAT, IRS, Kalpana-I, EDUSAT আদি। বতৰৰ আগজাননী, দূৰ সংযোগ আৰু দূৰ সংৱেদনৰ বাবে কৃত্ৰিম উপগ্ৰহ ব্যৱহাৰ কৰা হয়। 

Next Post Previous Post