Class 8 | Chapter-14 Sound | Summary Notes | Assam SCERT Book 2025-26
1. Sound is a form of energy that is produced by vibrating objects and can be heard by our ears.
শব্দ হৈছে এক প্ৰকাৰৰ শক্তি, যি কম্পিত বস্তুৰ পৰা উৎপন্ন হয় আৰু আমাৰ কাণেৰে শুনা যায়।
2. The to-and-fro or back-and-forth motion of an object is called vibration.
কোনো বস্তুৰ ইফাল-সিফাল বা অগা-পিছা গতিকেই কম্পন (Vibration) বুলি কোৱা হয়।
3. Musical Instruments and their Vibrating Parts —
| Musical Instruments | Vibrating Parts producing Sound |
|---|---|
| Veena | Stretched string |
| Tabla | Stretched membrane |
| Flute | Air column |
বাদ্যযন্ত্ৰ আৰু এইবোৰৰ কম্পন হোৱা অংশসমূহ —
| বাদ্যযন্ত্ৰ | শব্দ সৃষ্টিকাৰী কম্পন হোৱা অংশসমূহ |
|---|---|
| বীণা | টানি ৰখা তাঁৰ |
| তবলা | টানি ৰখা চাম্ৰা |
| বাঁহী | বায়ু-স্তম্ভ |
4. Humans produce sound using their voice box, which is also called the larynx.
মানুহে স্বৰকক্ষ (Voice box) ৰ দ্বাৰা শব্দ উৎপন্ন কৰে, যাক স্বৰযন্ত্ৰ (Larynx) বুলিও কোৱা হয়।
5. When we speak or sing, air from the lungs passes through the larynx. Inside the larynx, there are two vocal cords. These vocal cords vibrate when air passes through them, and this vibration produces sound. The length of vocal cords differs in humans; therefore, the voices are also different.
যেতিয়া আমি কথা পাতোঁ বা গান গাওঁ, তেতিয়া হাঁওফাঁওৰ পৰা বায়ু স্বৰযন্ত্ৰৰ মাজেৰে ওলাই যায়। স্বৰযন্ত্ৰৰ ভিতৰত দুডাল স্বৰতন্ত্ৰী (Vocal cords) থাকে। বায়ু পাৰ হওঁতে এই স্বৰতন্ত্ৰীবোৰ কম্পিত হয়, আৰু এই কম্পনৰ ফলতেই শব্দ সৃষ্টি হয়। মানুহৰ স্বৰতন্ত্ৰীৰ দৈৰ্ঘ্য ভিন্ন হয়; সেইকাৰণে উৎপন্ন হোৱা মাত ভিন্ন হয়।
6. Sounds can't propagate in a vacuum because there are no particles to transmit the vibrations. Sound needs a medium to propagate like solid, liquid, or gas.
শব্দ বায়ুশূন্য স্থানত সঞ্চাৰিত হ'ব নোৱাৰে, কাৰণ তাত কোনো কণিকা নাথাকে। শব্দ সঞ্চাৰিত হ'বলৈ মাধ্যমৰ প্ৰয়োজন যেনে - কঠিন, তৰল বা গেছীয়।
7. When sound vibrations enter our ears, they make the eardrum vibrate. The eardrum sends these vibrations to the inner ear. From there, the signals go to the brain, which interprets them as sound. In this way, we hear sounds through our ears.
যেতিয়া শব্দৰ কম্পন আমাৰ কাণত সোমায়, তেতিয়া কাণমাদল (Eardrum) কম্পিত হয়। কাণমাদলে এই কম্পনবোৰক কাণৰ অন্তৰ্ভাগলৈ সঞ্চাৰিত কৰে। তাৰ পৰা সংকেতসমূহ মগজুলৈ যায়, আৰু মগজুৱে তাক শব্দ হিচাপে বুজি লয়। এইদৰে আমি কাণৰ জৰিয়তে শব্দ শুনোঁ।
8. The amplitude is the maximum displacement of the particles of the medium from their mean position when a sound passes through it.
শব্দ সঞ্চাৰিত হোৱাৰ সময়ত মাধ্যমৰ কণিকা সমূহে তাৰ সাম্য অৱস্থাৰ পৰা হোৱা সৰ্বাধিক স্থানচ্যুতিক বিস্তাৰ (Amplitude) বুলি কোৱা হয়।
9. The number of oscillations per second is called the frequency of oscillation. Frequency is expressed in hertz.
প্ৰতি ছেকেণ্ডত হোৱা দোলনৰ সংখ্যাকেই দোলনৰ কম্পনাংক (Frequency) বুলি কোৱা হয়। কম্পনাংক হাৰ্টজ (Hertz) ত প্ৰকাশ কৰা হয়।
10. The time required to complete one oscillation is called its time period. Its unit is second (s).
এটা দোলন সম্পূৰ্ণ হ'বলৈ প্ৰয়োজন হোৱা সময়ক তাৰ পৰ্যায়কাল (Time Period) বুলি কোৱা হয়। ইয়াৰ একক হৈছে ছেকেণ্ড (s)।
11. Loudness of sound tells us how loud or soft a sound is. It depends on the amplitude of vibration and is measured in decibels (dB). Loudness is proportional to the square of the amplitude. If the amplitude of a sound increases, then its loudness also increases.
শব্দৰ তীব্ৰতাই কোনো শব্দ জোৰে নে মৃদুভাৱে শুনা যায় তাক বুজাই। শব্দৰ তীব্ৰতা (Loudness) কম্পনৰ বিস্তাৰৰ ওপৰত নিৰ্ভৰ কৰে আৰু ইয়াক ডেছিবেল (dB) এককত জোখা হয়। শব্দৰ তীব্ৰতা কম্পনৰ বিস্তাৰৰ বৰ্গৰ সৈতে সমানুপাতিক। যদি কোনো শব্দৰ কম্পনৰ বিস্তাৰ বৃদ্ধি পায়, তেন্তে সেই শব্দৰ তীব্ৰতাও বৃদ্ধি পায়।
12. Pitch or Shrillness tells us how high or low a sound is. It depends on the frequency of vibration. If the frequency of a sound increases, then its pitch also increases.
তীক্ষ্ণতা বা টিংটিঙনিয়ে কোনো শব্দ উচ্চ নে নিম্ন তাক বুজায়। ই কম্পনাংক (Frequency) ৰ ওপৰত নিৰ্ভৰ কৰে। যদি কোনো শব্দৰ কম্পনাংক বৃদ্ধি পায়, তেন্তে সেই শব্দৰ তীক্ষ্ণতাও বৃদ্ধি পায়।
13. Sounds that can be heard by the human ear are called audible sounds. Their frequency range is from 20 Hz to 20,000 Hz (20 kHz). Example — Talking, music, clapping, bell ringing etc.
মানুহৰ কাণে শুনিব পৰা শব্দক শ্ৰাব্য বোলা হয়। ইয়াৰ কম্পনাংকৰ পৰিসৰ 20 Hz ৰ পৰা 20,000 Hz (20 kHz) পৰ্যন্ত। উদাহৰণ — কথা-বতৰা, সংগীত, হাত-চাপৰি, ঘণ্টাৰ শব্দ আদি।
14. Sounds that cannot be heard by the human ear are called inaudible sounds. Their frequency is below 20 Hz or above 20,000 Hz (20 kHz). Example — Ultrasonic waves.
মানুহৰ কাণে শুনিব নোৱাৰা শব্দক শ্ৰৱণাতীত বোলা হয়। ইয়াৰ কম্পনাংক 20 Hz ৰ তলত বা 20,000 Hz (20 kHz) ৰ ওপৰত হয়। উদাহৰণ — আলট্ৰাছাউণ্ড।
15. The unpleasant sounds are called noise. Example — Sounds from construction work, Shouting etc.
আমনিদায়ক শব্দক কোলাহল (Noise) বুলি কোৱা হয়। উদাহৰণ — নিৰ্মাণস্থলীৰ পৰা অহা শব্দ, চিঞৰ আদি।
16. The sound which is pleasing to the ear is called musical sound. Example — Flute, Harmonium etc.
শুনিবলৈ শুৱলা শব্দক সাংগীতিক শব্দ বুলি কোৱা হয়। উদাহৰণ — বাঁহীৰ শব্দ, হাৰম'নিয়ামৰ শব্দ আদি।
17. The presence of excessive or unwanted sounds in the environment is called noise pollution. Major causes of noise pollution are sounds of vehicles, explosions, loudspeakers etc.
Harmful Effects of Noise Pollution —
- Causes hearing loss or ear problems.
- Leads to stress, tension, and mental health issues.
- Can cause sleep disturbances.
- Affects concentration and learning.
- May lead to high blood pressure and heart problems.
Measures to limit Noise Pollution —
- Use earplugs or soundproofing in noisy areas.
- Limit loudspeakers and avoid unnecessary honking.
- Plant trees to absorb sound.
- Use quiet machinery in industries.
- Raise awareness about noise pollution.
পৰিৱেশত অত্যাধিক বা অবাঞ্ছনীয় শব্দৰ উপস্থিতিক শব্দ প্ৰদূষণ বুলি কোৱা হয়। শব্দ প্ৰদূষণৰ মুখ্য কাৰণসমূহ হ'ল যানবাহনৰ শব্দ, ফটকাৰ শব্দ, লাউডস্পিকাৰৰ শব্দ আদি।
শব্দ প্ৰদূষণৰ ক্ষতিকাৰক প্ৰভাৱ —
- শ্ৰৱণক্ষমতা হ্ৰাস বা কাণৰ সমস্যা সৃষ্টি কৰে।
- চিন্তা, মানসিক চাপ আৰু মানসিক স্বাস্থ্যৰ সমস্যা আনিব পাৰে।
- টোপনি নোহোৱা কৰে।
- একাগ্ৰতা আৰু অধ্যয়ন ক্ষমতা কমাই দিয়ে।
- উচ্চ ৰক্তচাপ আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।
শব্দ প্ৰদূষণৰ নিয়ন্ত্ৰণৰ উপায় —
- শব্দবহুল ঠাইত ইয়াৰপ্লাগ বা শব্দ ৰোধক ব্যৱহাৰ কৰা।
- লাউডস্পিকাৰ সীমিত কৰা আৰু অপ্রয়োজনীয় হর্ণৰ পৰা বিৰত থকা।
- শব্দ শোষণ কৰিবলৈ গছ-গছনি ৰোপণ কৰা।
- কাৰখানাবোৰত কম শব্দযুক্ত যন্ত্ৰপাতি ব্যৱহাৰ কৰা।
- শব্দ প্ৰদূষণ সম্পৰ্কে সচেতনতা বৃদ্ধি কৰা।