Class 6 | Chapter-12 প্ৰাকৃতিক সম্পদ (Natural Resources) | Questions & Answers | Assam SCERT Book 2025-26
2. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা -
(i) যিবোৰ সম্পদ ব্যৱহাৰ কৰাৰ পিছত পুনৰ সৃষ্টি কৰিব নোৱাৰি তেনে সম্পদক _______ বোলে।
(a) মানৱ সম্পদ
(b) অনৱীকৰণযোগ্য সম্পদ
(c) নৱীকৰণযোগ্য সম্পদ
(d) অজৈৱিক সম্পদ
Answer: (b) অনৱীকৰণযোগ্য সম্পদ
(ii) পৃথিৱীক যি শুকান পৃষ্ঠভাগে আৱৰি থাকে তাকে _______ বোলে।
(a) শিল
(b) মাটি
(c) পানী
(d) বায়ু
Answer: (b) মাটি
(iii) বিশ্ব জল দিৱস কোন তাৰিখে পালন কৰা হয়?
(a) 22 এপ্রিল
(b) 22 মার্চ
(c) 5 জুন
(d) 21 মার্চ
Answer: (b) 22 মার্চ
(iv) ভূ-পৃষ্ঠৰ পৰা বহু কিল'মিটাৰ ওপৰলৈ বিস্তৃত হৈ থকা বায়ুৰ পাতল তৰপটোক _______ বোলে।
(a) জলমণ্ডল
(b) বায়ুমণ্ডল
(c) আকাশ মণ্ডল
(d) ওপৰৰ এটাও নহয়
Answer: (b) বায়ুমণ্ডল
3. এটা শব্দত উত্তৰ দিয়া —
(a) বায়ুমণ্ডলত অক্সিজেন কিমান শতাংশ থাকে?
Answer: 21 শতাংশ।
(b) এবিধ জলজ উদ্ভিদৰ নাম লিখা।
Answer: পদুম ফুল।
(c) এবিধ জলজ প্রাণীৰ নাম লিখা।
Answer: মাছ।
(d) শক্তিৰ প্ৰধান উৎস কি?
Answer: সূৰ্য।
4. শুদ্ধ আৰু অশুদ্ধ চিনাক্ত কৰা —
(a) অৰণ্য প্রাকৃতিক সম্পদ।
Answer: শুদ্ধ।
(b) শিল নৱীকৰণযোগ্য সম্পদ।
Answer: অশুদ্ধ।
(c) পুখুৰী অনৱীকৰণযোগ্য সম্পদ।
Answer: অশুদ্ধ।
(d) যান-বাহনত বেছিকৈ ব্যৱহাৰ কৰা ইন্ধন কেৰাচিন।
Answer: অশুদ্ধ।
(e) বায়ুমণ্ডলত অক্সিজেন গেছ আটাইতকৈ বেছি পৰিমাণে থাকে।
Answer: অশুদ্ধ।
5. চমু উত্তৰ দিয়া —
(a) প্রাকৃতিক সম্পদ কাক বোলে?
Answer: প্রকৃতিৰ বুকুত পোৱা যিবোৰ পদার্থ জীৱৰ বাবে আৱশ্যক সেইবোৰকে প্রাকৃতিক সম্পদ (Natural resources) বোলে। যেনে — বায়ু, মাটি, পানী, অৰণ্য, শিল, খনিজ লৱণ, জীৱাশ্ম ইন্ধন আদি।
(b) প্রাকৃতিক সম্পদক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি?
Answer: প্রাকৃতিক সম্পদক দুটা ভাগত ভাগ কৰা হৈছে। যেনে —
(i) নৱীকৰণযোগ্য সম্পদ (Renewable resources)
(ii) অনৱীকৰণযোগ্য সম্পদ (Non-renewable resources)
(c) নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য প্রাকৃতিক সম্পদ কাক বোলে? উদাহৰণ সহ লিখা।
Answer: যিবোৰ প্ৰাকৃতিক সম্পদৰ বহুল ব্যৱহাৰ কৰিলেও কেতিয়াও প্ৰকৃতিৰ পৰা শেষ হৈ নাযায় তেনে সম্পদক নৱীকৰণযোগ্য প্রাকৃতিক সম্পদ বোলা হয়। উদাহৰণ — সূর্যৰ পোহৰ, পানী, বায়ু আদি।
যিবোৰ প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰাৰ পিছত পুনৰ সৃষ্টি কৰিব নোৱাৰি, তেনে সম্পদক অনৱীকৰণযোগ্য সম্পদ বোলা হয়। উদাহৰণ — পেট্র'ল, ডিজেল, প্রাকৃতিক গেছ আদি।
(d) সূৰ্যক কিয় শক্তিৰ প্ৰধান উৎস বুলি কোৱা হয়?
Answer: সূৰ্যক শক্তিৰ প্ৰধান উৎস বুলি কোৱা হয়, কাৰণ —
(i) সূৰ্যই পৃথিৱীলৈ পোহৰ আৰু তাপ দিয়ে, যাৰ ফলত পৃথিৱীত জীৱন সম্ভৱ হৈ উঠিছে।
(ii) উদ্ভিদে সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি খাদ্য তৈয়াৰ কৰে।
(e) বৰষুণৰ পানী কিয় সংৰক্ষণ কৰিব লাগে?
Answer: পৃথিৱীৰ মুঠ মাটিকালিৰ ৭১% পানী থাকিলেও তাৰ বেছিভাগেই লৱণীয়া পানী আৰু ব্যৱহাৰযোগ্য পানীৰ পৰিমাণ বহুত কম। সেয়েহে, পানীৰ অভাৱ নোহোৱা কৰিবলৈ, ভূগৰ্ভস্থ পানীৰ স্তৰ বজাই ৰাখিবলৈ আৰু দৈনন্দিন প্ৰয়োজন পূৰণ কৰিবলৈ বৰষুণৰ পানী সংৰক্ষণ অতি প্ৰয়োজনীয়।
6. বিকল্প শক্তিৰ ব্যৱহাৰ কিয় কৰিব লাগে?
Answer: জীৱাশ্ম ইন্ধন (Fossil fuels) যেনে — পেট্র'ল, ডিজেল, কয়লা, প্রাকৃতিক গেছ আদিৰ পৰিমাণ সীমিত আৰু ইয়াৰ দহনে বায়ু প্ৰদূষিত কৰে। ভৱিষ্যৎ প্ৰজন্মৰ বাবে শক্তি সংৰক্ষণ আৰু পৃথিৱী সুৰক্ষিত ৰাখিবলৈ বিকল্প শক্তিৰ ব্যৱহাৰ অতি অত্যাৱশ্যক। সেইবাবে বিকল্প শক্তিৰ উৎস হিচাপে সৌৰ শক্তি, বতাহ শক্তি, জল শক্তি আদি নবীকৰণযোগ্য আৰু প্ৰদূষণমুক্ত শক্তি ব্যৱহাৰ কৰিব লাগে।
7. সূৰ্যৰ তাপ ব্যৱহাৰ কৰি পোৱা শক্তিক কি শক্তি বোলা হয়?
Answer: সূৰ্যৰ তাপ ব্যৱহাৰ কৰি পোৱা শক্তিক সৌৰশক্তি (Solar Energy) বোলা হয়।
8. বায়ুকল কি? বায়ুকলত কি শক্তি ব্যৱহাৰ কৰা হৈছে?
Answer: বায়ুকল (Windmill) হৈছে মাটিৰ পৰা কিছু উচ্চতাত সুদৃঢ় ভাৱে ৰখা চকৰি সদৃশ এটা যন্ত্ৰ, যাক বতাহৰ সহায়ত চলোৱা হয়।
বায়ুকলত বায়ুশক্তি ব্যৱহাৰ কৰি বিদ্যুৎ উৎপন্ন কৰা হয়।
9. বায়ু ব্যৱহাৰ হোৱা দুটা কাৰ্যৰ বিষয়ে লিখা?
Answer:
(i) বায়ুকল চলোৱা — বতাহৰ সহায়ত বায়ুকল ঘূৰে আৰু বিদ্যুৎ উৎপাদন কৰা হয়।
(ii) নাও চলোৱা — বতাহৰ সহায়ত পাল নাও আগবঢ়ে।
10. বতাহ যে শক্তি তাক বুজিবৰ বাবে তুমি দেখি থকা এটা উদাহৰণ দিয়া।
Answer: তীব্ৰ বেগত বতাহ বলিলে গছ-গছনি ভাঙি যায়। ইয়াৰ পৰা প্ৰমাণ পোৱা যায় যে বতাহে বল প্ৰয়োগ কৰিব পাৰে, সেয়ে বতাহ এক শক্তি।
11. ৰ'দ দিয়াৰ বতৰত পানী ভর্তি পাত্র এটা বাহিৰত থ'লে পানীখিনি গৰম হয় বুলি তোমালোকে জানা। সূৰ্যৰ পৰা পোৱা এই তাপ ব্যৱহাৰ কৰি আৰু কি কাম কৰিব পাৰি?
Answer: সূৰ্যৰ পৰা পোৱা তাপ ব্যৱহাৰ কৰি তলত উল্লেখ কৰা কাম সমূহ কৰিব পাৰি —
(i) সূৰ্যৰ তাপৰ সহায়ত কাপোৰ শুকাৱ পাৰি।
(ii) সাগৰৰ পানী সূৰ্যৰ তাপৰ সহায়ত শুকাই নিমখ তৈয়াৰ কৰিব পাৰি।
(iii) সৌৰ ফলক ব্যৱহাৰ কৰি বিদ্যুৎ উৎপাদন কৰিব পাৰি।
12. পেট্র'ল, ডিজেল আদিক কিয় অনৱীকৰণযোগ্য প্রাকৃতিক সম্পদ বোলা হয়?
Answer: পেট্ৰ'ল, ডিজেল আদি অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ বুলি কোৱা হয় কাৰণ এইবোৰ জীৱাশ্ম ইন্ধন সৃষ্টি হ'বলৈ কোটি কোটি বছৰ লাগে আৰু এইবোৰ পৃথিৱীত সীমিত পৰিমাণত আছে।
13. অনৱীকৰণযোগ্য সম্পদ তুমি নিজৰ ঘৰত সংৰক্ষণ কৰিবলৈ কি কৰিব পাৰা?
Answer: অনৱীকৰণযোগ্য সম্পদ নিজৰ ঘৰত সংৰক্ষণ কৰিবলৈ মই তলত দিয়া কামবোৰ কৰিব পাৰোঁ —
(i) ব্যক্তিগত গাড়ীৰ ব্যৱহাৰ কমকৈ কৰিম।
(ii) সৌৰ শক্তিৰ দৰে বিকল্প শক্তি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিম।
(iii) পৰিয়ালৰ সকলো সদস্যক অনৱীকৰণযোগ্য সম্পদ সংৰক্ষণৰ গুৰুত্ব বুজাবলৈ চেষ্টা কৰিম।
14. পৃথিৱীৰ বেছি অংশ পানীৰে আগুৰা যদিও উপযোগী পানীৰ মাত্রা অতি নগন্য। সেয়েহে পানী অবাবত যাতে নষ্ট নহয় তাৰবাবে তুমি লগৰ বন্ধু-বান্ধৱীক কেনেদৰে সচেতন কৰিবা?
Answer: পানী অপচয় ৰোধ কৰিবলৈ মই মোৰ লগৰ বন্ধু-বান্ধৱীক তলত দিয়া উপায়েৰে সচেতন কৰিব পাৰোঁ —
(i) দাঁত মাজোঁতে, হাত-মুখ ধোঁৱাতে টেপ অকাৰণে খোলা নৰাখিবলৈ কম।
(ii) বৰষুণৰ পানী সংৰক্ষণ কৰিবলৈ কম।
(iii) পানী পুনঃব্যৱহাৰ কৰিবলৈ কম।
(iv) নিজে পানী সাৱধানে ব্যৱহাৰ কৰি বন্ধু-বান্ধৱীৰ আগত ভাল উদাহৰণ স্থাপন কৰিম।
15. বৰ্তমান সময়ত চৰকাৰে প্ৰচুৰ পৰিমাণে গছ পুলি ৰোপণৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কৰ্মসূচী হাতত লৈছে। তোমালোকৰ বিদ্যালয়ত চৰকাৰী কাৰ্যসূচীৰ বাহিৰেও বেলেগ বেলেগ সময়ত গছ পুলি ৰোৱানে? ৰোৱা যদি কি উপলক্ষে ৰোপণ কৰা?
Answer: হয়, আমাৰ বিদ্যালয়ত চৰকাৰী কাৰ্যসূচীৰ বাহিৰেও বেলেগ বেলেগ সময়ত গছ পুলি ৰোপণ কৰা হয়। এই গছ পুলি সাধাৰণতে তলত দিয়া উপলক্ষে ৰোপণ কৰা হয় —
(i) বিশ্ব পৰিৱেশ দিৱস
(ii) বন মহোৎসৱ
ইয়াৰোপৰি বিশেষ অনুষ্ঠানৰ সময়তো গছ পুলি ৰোপণ কৰা হয়।
16. প্রাকৃতিক সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে লোৱা কাৰ্য অথবা এটা দিৱসৰ নাম লিখা।
Answer: প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে লোৱা এটা গুৰুত্বপূৰ্ণ দিৱস হ'ল বিশ্ব পৰিৱেশ দিৱস (5 জুন)।
17. বর্তমান সময়ত দিনক দিনে পৃথিৱীত উষ্ণতাৰ পৰিমাণ বৃদ্ধি হ'বলৈ ধৰিছে। এই উষ্ণতা বৃদ্ধি ৰোধ কৰিবৰ বাবে তুমি বন্ধু-বান্ধৱীৰ সৈতে লগ হৈ কি পদক্ষেপ হাতত ল'ব পাৰা এখন আঁচনি যুগুত কৰিবা।
Answer: পৃথিৱীৰ উষ্ণতা বৃদ্ধি (Global Warming) ৰোধ কৰিবলৈ মই আৰু মোৰ বন্ধু-বান্ধৱীৰ সৈতে তলত উল্লেখ কৰা পদক্ষেপবোৰ ল'ব পাৰোঁ —
(i) গছ-গছনি ৰোপণ অভিযান
(ii) পৰিবেশ সচেতনতা অভিযান
(iii) প্লাষ্টিকৰ ব্যৱহাৰ কমোৱা
(iv) সৌৰ শক্তি ব্যৱহাৰ কৰাৰ
18. তোমাৰ ঘৰত পানীৰ যাতে অপব্যৱহাৰ নহয় তাৰবাবে তুমি কি কি চিন্তা আগবঢ়াবা? এই ক্ষেত্ৰত তুমি ঘৰৰ সদস্যসকলক কেনেদৰে সজাগ কৰিবা?
Answer: পানীৰ অপচয় ৰোধ কৰিবলৈ ঘৰৰ সদস্যসকলক মই তলৰ পদক্ষেপবোৰ আগবঢ়াব পাৰোঁ —
(i) পানীৰ ব্যৱহাৰত মিতব্যয়ী হোৱা
(ii) পানী পুনঃব্যৱহাৰ কৰা