Class 8 | Chapter-12 Reproduction in Animals | Summary Notes | Assam SCERT Book 2025-26

1. The process by which a living organism produces a new living organism is called reproduction. It is two types -

  • Sexual reproduction
  • Asexual reproduction

কোনো জীৱৰ পৰা নতুন জীৱ সৃষ্টি কৰা প্ৰক্ৰিয়াকে প্ৰজনন (Reproduction) বোলে। প্ৰজনন দুই প্ৰকাৰৰ -

  • যৌন প্ৰজনন (Sexual reproduction)
  • অযৌন প্ৰজনন (Asexual reproduction)

2. The process by which a new organism is produced from a single parent is called asexual reproduction. Example - reproduction of Amoeba.
একক পিতৃ বা মাতৃৰ পৰা নতুন জীৱৰ সৃষ্টি হোৱাকে অযৌন প্ৰজনন বোলে। উদাহৰণ - এমিবাৰ প্ৰজনন।

3. The fusion of male and female gametes is called sexual reproduction.
পুং আৰু স্ত্ৰী জনন কোষৰ মিলন হোৱাকে যৌন প্ৰজনন বোলে।

4. The male reproductive organs are a pair of testes, two sperm ducts, and a penis. The two testes produce sperms, which are male gametes and are single-celled.
পুৰুষ প্ৰজনন অংগবোৰ হৈছে — এযোৰ অণ্ডকোষ বা শুক্ৰাশয়, দুডাল শুক্ৰবাহী নলী আৰু এটি লিংগ। এই দুটা অণ্ডকোষে শুক্ৰাণু উৎপাদন কৰে, যি পুং জনন কোষ আৰু ই এককোষীয়।

5. The female reproductive organs are a pair of ovaries, two fallopian tubes, and a uterus. The two ovaries produce eggs, which are female gametes and are single-celled.
মহিলা প্ৰজনন অংগবোৰ হৈছে — এযোৰ  ডিম্বাশয়, দুডাল ডিম্ববাহী নলী আৰু এটা গৰ্ভাশয় বা জৰায়ু। এই দুটা ডিম্বাশয়ে ডিম্বাণু উৎপাদন কৰে, যি স্ত্ৰী জনন কোষ আৰু ই এককোষীয়।

6. When a sperm comes in contact with an egg, one of the sperms may fuse with it. This fusion of the egg and the sperm is called fertilisation. During fertilisation, the nuclei of the sperm and the egg fuse to form a single nucleus. This results in the formation of a fertilised egg or zygote. The zygote, when placed in the uterus, later develops into a baby.
যেতিয়া শুক্ৰাণুবোৰ ডিম্বাণুটোৰ সংস্পৰ্শলৈ আহে, তেতিয়া এটা শুক্ৰাণু ডিম্বাণুৰ সৈতে মিলিত হ'ব পাৰে। এনেধৰণৰ ডিম্বাণু আৰু শুক্ৰাণুৰ মিলনক নিষেচন (Fertilisation) বোলে। নিষেচনৰ সময়ত শুক্ৰাণুৰ কোষকেন্দ্ৰ আৰু ডিম্বাণুৰ কোষকেন্দ্ৰ মিলিত হৈ এটা নতুন কোষকেন্দ্ৰ গঠন হয়। ইয়াৰ ফলত এটা নিষিক্ত কণী বা যোজন কোষৰ (Zygote) সৃষ্টি হয়। যেতিয়া এই যোজন কোষটো জৰায়ুত স্থাপিত হয়, পিছলৈ এটি শিশুলৈ বিকশিত হয়।

7. Two types of fertilisation —
(a) Internal fertilisation: Fertilisation which takes place inside the female body is called internal fertilisation. Example — Human.
(b) External fertilisation: Fertilisation which takes place outside the female body is called external fertilisation. Example — fish.

নিষেচন দুই প্ৰকাৰৰ —
(a) অন্তঃনিষেচন — মাতৃৰ দেহৰ ভিতৰত হোৱা নিষেচনক অন্তঃনিষেচন (Internal fertilisation) বোলে। উদাহৰণ - মানুহ।
(b) বহিঃনিষেচন — মাতৃৰ দেহৰ বাহিৰত হোৱা নিষেচনক বহিঃনিষেচন (External fertilisation) বোলে। উদাহৰণ - মাছ।

8. IVF (In Vitro Fertilisation) is a process in which an egg is fertilised by a sperm outside the woman’s body, in a laboratory. The fertilised egg (zygote) is then placed in the uterus, where it can develop into a baby.
পৰীক্ষাগাৰত IVF (In Vitro Fertilisation) প্ৰক্ৰিয়াৰ দ্বাৰা ডিম্বাণুক মহিলাৰ শৰীৰৰ বাহিৰত,  শুক্ৰাণুৰ সৈতে নিষিক্ত কৰা হয়। নিষিক্ত যোজন কোষ (Zygote) টো পিছত গৰ্ভাশয়ত সংস্থাপন কৰা হয়, যিটো সন্তানলৈ বিকশিত হয়।

9. When a zygote is formed and placed into the uterus, it continuously develops and transforms into an embryo. The stage of the embryo in which all the body parts can be identified is called a foetus.
যেতিয়া যোজন কোষ (Zygote) গঠিত হৈ গৰ্ভাশয় বা জৰায়ুত স্থাপিত হয়, তেতিয়া ই নিয়মিতভাবে বিকশিত হৈ ভ্ৰূণ (Embryo) লৈ ৰূপান্তৰিত হয়। ভ্ৰূণৰ যি স্তৰত দেহৰ সকলো অংশ চিনাক্ত কৰিব পাৰি, তাকে গৰ্ভভ্ৰূণ (Foetus) বুলি কোৱা হয়।

10. The animals which give birth to young ones are called viviparous animals. Example - Human  beings, Cows, Dogs etc.
যিবোৰ প্ৰাণীয়ে পোৱালি জগায়, তাক জৰায়ুজ (Viviparous) প্ৰাণী বোলে। উদাহৰণ - মানুহ, গৰু, কুকুৰ আদি।

11. The animals which lay eggs are called oviparous animals. Example - Hen, Frog, Butter-fly etc.
যিবোৰ প্ৰাণীয়ে কণী পাৰে, তাক ডিম্বজ (Oviparous) প্ৰাণী বোলে। উদাহৰণ - কুকুৰা, ভেকুলী, পখিলা আদি।

12. The transformation of the larva into adult through drastic changes is called metamorphosis.
সম্পূৰ্ণ পৰিৱৰ্তনৰ মাজেৰে পলুৰ পৰা প্ৰাপ্তবয়স্কলৈ সলনি হোৱাকে ৰূপান্তৰ (Metamorphosis) বুলি কোৱা হয়। উদাহৰণ -
(i) পাটপলুৰ ক্ষেত্ৰত: কণী  পলু  লেটা  প্ৰাপ্তবয়স্ক
(ii) ভেকুলীৰ ক্ষেত্ৰত: কণী  লালুকী  প্ৰাপ্তবয়স্ক

13. In hydra, new individuals develop from buds. This method of asexual reproduction is called budding.
হাইড্ৰাত মুকুলৰ পৰা নতুন জীৱৰ সৃষ্টি হয়। এই ধৰণৰ অযৌন প্ৰজননক মুকুলন (Budding) বোলে।

14. Amoeba reproduces by dividing itself into two. This types of asexual reproduction is called binary fission.
এমিবাই নিজে নিজে দুটালৈ বিভক্ত হৈ প্ৰজনন ঘটায়। এই ধৰণৰ অযৌন প্ৰজননক দ্বৈত বিভাজন (Binary Fission) বোলে।
Next Post Previous Post