Class 6 | পাঠ - ৯ টকাত একোটা হাতী | Assamese - Questions & Answers | Assam SCERT Book 2025-26

 ১/ তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা -

কবিতাটিত কি বজাৰৰ কথা উল্লেখ আছে?

(ক) বিহুৰ বজাৰ

(খ) পূজাৰ বজাৰ

(গ) দেওবৰীয়া বজাৰ

(ঘ) বুধবৰীয়া বজাৰ

উত্তৰঃ (খ) পূজাৰ বজাৰ

 

"ভাবিছ কিজানি মই বৰ ভোদা;

বৰ বুধিয়ক তই?" - কথাষাৰ কোনে, কাক কৈছে?

(ক) বাবুলে ৰতনক

(খ) ৰতনে দোকানীক

(গ) ৰতনে বাবুলক

(ঘ) দোকানীয়ে বাবুলক

উত্তৰঃ (গ) ৰতনে বাবুলক


২/ তলত দিয়া শব্দবোৰৰ অৰ্থ আঁচ টানি মিলাওঁ আহা -

শব্দ অৰ্থ
ভোদা বিবুদ্ধি হোৱা
বিশ্বাস পণ, প্ৰতিজ্ঞা
ব'ম প্ৰত্যয়, পতিয়ন
বাজি বঢ়াই কোৱা, ফিতাহি মৰা
ভেবা লাগ্‌ ভোটা, চোক নথকা, নিৰ্বোধ

উত্তৰঃ

শব্দ অৰ্থ
ভোদা ভোটা, চোক নথকা, নিৰ্বোধ
বিশ্বাস প্ৰত্যয়, পতিয়ন
ব'ম বঢ়াই কোৱা, ফিতাহি মৰা
বাজি পণ, প্ৰতিজ্ঞা
ভেবা লাগ্‌ বিবুদ্ধি হোৱা

 

৩/ তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা।

(ক) কবিতাটোত কোনে কোনে কথা পাতিছে?

উত্তৰঃ কবিতাটোত বাবুল আৰু ৰতনে কথা পাতিছে।

(খ) বাবুলে অনা গৰম খবৰটো ৰতনে কিয় বিশ্বাস নকৰিলে?

উত্তৰঃ বাবুলে অনা গৰম খবৰটো ৰতনে বিশ্বাস নকৰিলে, কাৰণ টকাত একোটা হাতী পোৱাটো অসম্ভৱ কথা।

(গ) ৰতনে বাবুলক বজাৰলৈ কিয় লৈ গৈছিল?

উত্তৰঃ টকাত একোটা হাতী পোৱা কথাটো প্ৰমাণ কৰিবলৈ বাবুলে ৰতনক বজাৰলৈ লৈ গৈছিল।

(ঘ) ৰতন আৰু বাবুলে কি কথাত বাজি মাৰিছিল?

উত্তৰঃ হাতী কিনিব নোৱাৰিলে বাদাম ভাজি খুৱাব লাগিব বুলি দুয়োজনে বাজি মাৰিছিল।

(ঙ) বাজিত কোন হাৰিল?

উত্তৰঃ বাজিত ৰতন হাৰিল।

(চ) বাবুলে পুতলা হাতীটো কিনাৰ আগলৈকে ৰতনে কি ভাবি আছিল?

উত্তৰঃ বাবুলে পুতলা হাতীটো কিনাৰ আগলৈকে ৰতনে ভাবি আছিল যে বাবুলে টকাৰে সঁচাকৈয়ে হাতী কিনি আনিব।


৪/ কবিতাকেইফাকি পঢ়া আৰু উত্তৰ লিখা।

(ক) "বাবুলে আনিছে গৰম খবৰ;" - 'গৰম খবৰ' শব্দটোৱে সাধাৰণতে মানুহৰ মনত কৌতূহল ভাবৰ সৃষ্টি কৰে। কবিতাটিত থকা 'গৰম খবৰ'টো কি? 

উত্তৰঃ কবিতাটিত থকা 'গৰম খবৰ' হৈছে যে টকাত একোটা হাতী পোৱা যায়।

(খ) "ক'লে বাবুলক- নামাৰিবি ব'ম্
এনেবোৰ কথা কৈ;" - কবিতাটিত 'ব'ম্' শব্দটোৱে কি অৰ্থ প্ৰকাশ কৰিছে?

উত্তৰঃ কবিতাটিত 'ব'ম্' শব্দটোৱে বঢ়াই কোৱা বা ফিতাহি মৰা অৰ্থ প্ৰকাশ কৰিছে।


৫/ তলত দিয়া স্তৱক দুটি গদ্য ৰূপত কোৱা আৰু লিখা।

(ক) "ৰতনে ভাবিলে - কিনো কয় অ'ইনো!
টকাত একোটা হাতী
পোৱা হ'লেচোন সকলো মানুহে
ল'লে হৈ এটি এটি!"

উত্তৰঃ ৰতনে ভাবিলে যে বাবুলে এইটো কেনেকুৱা কথা ক'লে। যদি টকাত একোটাকৈ হাতী পোৱা যায়, তেন্তে সকলো মানুহে এটা এটাকৈ হাতী ল'ব পাৰিলেহেঁতেন।


(খ) "তাৰে এখনত কিনিলে বাবুলে
এটকাৰে এটা হাতী;
ৰতন বপুৰা ভেবা লাগি ৰ'ল
কথাৰ পাকত ঘাটি।"

উত্তৰঃ বাবুলে এটকা খৰচ কৰি দোকান এখনৰ পৰা পুতলা হাতী এটা কিনি আনিছিল। এই পুতলা হাতীটোৰ পিনে ৰতনে ৰ' লাগি চাই ভাবিছিলে যে তাক বাবুলে কিদৰে কথাৰ চক্ৰত পেলাই দিলে।


৬/ কবিতাটিত থকা নঞৰ্থক ৰূপবোৰ বাছি উলিয়াই লিখা।

উত্তৰঃ কবিতাটিত থকা নঞৰ্থক শব্দবোৰ হ'ল - নামাৰিবি, নকৰ, নাছিল।

 

৭/ "ৰতন বপুৰা ভেবা লাগি ৰ'ল
কথাৰ পাকত ঘাটি।"
'ঘাটি' শব্দটোৱে বাক্য ভেদে বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে। তলৰ বাক্যকেইটালৈ মন কৰা আৰু 'ঘাটি' শব্দটোৱে কোনটো বাক্যত কি অৰ্থ প্ৰকাশ কৰিছে লিখা।

(ক) বেপাৰত ৰমেনৰ পঞ্চাশ টকা ঘাটি হ'ল।

উত্তৰঃ এই বাক্য শাৰীত 'ঘাটি' শব্দটোৱে টকাৰ লোকচান হোৱাৰ অৰ্থ প্ৰকাশ কৰিছে।

(খ) শৰাইঘাটত আহোম সৈন্যই ঘাটি পাতিছিল।

উত্তৰঃ এই বাক্য শাৰীত 'ঘাটি' শব্দটোৱে সৈন্যই ছাউনী পতাৰ অৰ্থ প্ৰকাশ কৰিছে।

 

৮/ বোৰ্ডখনত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ মেঘৰ টুকুৰাটোৰ পৰা বিচাৰি লিখা।

চোকা, টেঙৰ, হিত, কৃপণ, বিশ্বাস, কিনা

অজলা, ভোদা, খৰচী, অহিত, বেচা, অবিশ্বাস

উত্তৰঃ

শব্দ বিপৰীত শব্দ
চোকা ভোদা
টেঙৰ অজলা
হিত অহিত
কৃপণ খৰচী
বিশ্বাস অবিশ্বাস
কিনা বেচা

Next Post Previous Post