Class 8 | Chapter-11 Conservation of Plants and Animals | Summary Notes | Assam SCERT Book 2025-26

1. Deforestation is the process of clearing or cutting down trees and forests.
গছ-গছনি কাটি বন ধ্বংস কৰা প্ৰক্ৰিয়াকে বনাঞ্চল ধ্বংস (Deforestation) বোলে।

2. The main causes of Deforestation are -

  • Cutting down trees for agriculture
  • Construction of houses, roads, and industries
  • Logging for wood and timber
  • Forest fires
  • Severe drought


বনাঞ্চল ধ্বংসৰ মূল কাৰণ সমূহ হ'ল -

  • খেতি-বাতিৰ বাবে মাটি উলিয়াবলৈ
  • ঘৰ, ৰাস্তা আৰু কাৰখানা নিৰ্মাণৰ বাবে
  • কাঠ আৰু খৰিৰ বাবে
  • বনজুই
  • প্ৰচণ্ড খৰাং


3. Consequences of Deforestation –

  • Loss of habitat for wild animals
  • Increase in global warming
  • Soil erosion
  • Disturbance in the water cycle
  • Decrease in rainfall
  • Loss of biodiversity


বনাঞ্চল ধ্বংসৰ পৰিণতি –

  • বন্যপ্ৰাণীৰ আবাসস্থল হ্ৰাস হয়
  • গোলকীয় উষ্ণতা বৃদ্ধি পায়
  • মাটিৰ ক্ষয় ঘটে
  • জলচক্ৰ (Water Cycle) বিঘ্নিত হয
  • বৰষুণৰ পৰিমাণ হ্ৰাস পায়
  • জৈৱ বৈচিত্ৰ্য হ্ৰাস পায়

4. Desertification is the process by which fertile land becomes desert.
সাৰুৱা বা উৰ্বৰ মাটি মৰুভূমিলৈ পৰিবৰ্তিত হোৱা প্ৰক্ৰিয়াকে মৰুভৱন (Desertification) বোলে।

5. Reforestation is the process of replanting trees in areas where forests have been cut down or destroyed.
বনাঞ্চল ধ্বংস হোৱা স্থানত পুনৰ গছ-গছনি ৰোপণ কৰা প্ৰক্ৰিয়াক পুনৰ্বনানীকৰণ (Reforestation) বোলে।

6. A sanctuary is an area where animals are protected from any disturbance to them and their habitat. Assam has 18 wildlife sanctuaries.
অভয়াৰণ্য (Sanctuary) হৈছে এনে অঞ্চল য'ত প্ৰাণীসমূহক আৰু সিহঁতৰ আৱাসস্থলীৰ কোনো ধৰণৰ ক্ষতি সাধন নকৰাকৈ সুৰক্ষা প্ৰদান কৰা হয়। অসমত 18 খন অভয়াৰণ্য আছে।

7. National Park is the Areas reserved for wildlife where they can freely use their habitats and natural resources. Assam has 7 national parks.
ৰাষ্ট্ৰীয় উদ্যান (National Park) হৈছে বন্যপ্ৰাণীৰ এনে এডোখৰ সংৰক্ষিত অঞ্চল, য'ত প্ৰাণীসমূহে স্বাধীনভাৱে বাস কৰি অঞ্চলটোৰ প্ৰাকৃতিক সম্পদ বোৰ ব্যৱহাৰ কৰিব পাৰে। অসমত 7 খন ৰাষ্ট্ৰীয় উদ্যান আছে।

8. Biosphere Reserves are large areas of protected land for the conservation of wildlife, plant and animal resources, and the traditional life of the tribals living in the area.
জীৱমণ্ডল সংৰক্ষিত অঞ্চল (Biosphere Reserve) হৈছে বৃহৎ পৰিমাণৰ সংৰক্ষিত ভূমি, য'ত বন্যপ্ৰাণী, গছ-গছনি আৰু জীৱ-জন্তুসমূহ সংৰক্ষণ কৰা হয় আৰু সেই অঞ্চলত থকা জনজাতি লোকসকলৰ পৰম্পৰাগত জীৱন শৈলী সুৰক্ষিত কৰা হয়।

9. The plants found in a particular area are called flora and the animals are called fauna.
কোনো নিৰ্দিষ্ট অঞ্চলত পোৱা উদ্ভিদসমূহক উদ্ভিদকুল (Flora) আৰু প্ৰাণীসমূহক প্ৰাণীকুল (Fauna) বুলি কোৱা হয়।

10. Endemic species are those species of plants and animals which are found exclusively in a particular area. They are not naturally found anywhere else.
থলুৱা প্ৰজাতি (Endemic species) হৈছে সেইবোৰ উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি যিবোৰ এটা নিৰ্দিষ্ট অঞ্চলতহে আছুতীয়াকৈ পোৱা যায়। আন কোনো ঠাইতে এইবোৰ সাধাৰণতে পোৱা নাযায়।

11. Animals whose numbers are diminishing to a level that they might face extinction are known as the endangered animals.
যিবোৰ প্ৰাণীৰ সংখ্যা এটা নিৰ্দিষ্ট পৰ্যায়লৈ হ্ৰাস হৈ, বিলুপ্তিৰ পথলৈ গৈ আছে তাকে বিপন্ন প্ৰাণী (Endangered animals) বুলি কোৱা হয়।

12. Red Data Book is the source book which keeps a record of all the endangered animals and plants.
ৰেড ডেটা বুক হৈছে সকলো বিপন্নপ্ৰায় প্ৰাণী আৰু উদ্ভিদৰ তথ্য থকা এখন সমল পুথি।

13. Migratory birds are birds that travel from one region to another, usually due to climate changes, food availability, or breeding needs.
পৰিভ্ৰমী চৰাই (Migratory birds) বোৰ হৈছে এনে চৰাই যি সাধাৰণতে জলবায়ু পৰিৱৰ্তন, খাদ্যৰ উপলব্ধতা বা প্ৰজননৰ বাবে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যায়।

Next Post Previous Post