Class 8 | Chapter-10 Cell Structure and Functions | Summary Notes | Assam SCERT Book 2025-26
1. Robert Hooke was the first to discover cells.
ৰবাৰ্ট হুকেই পোন প্ৰথমে কোষ আৱিষ্কাৰ কৰিছিল।
2. The cell is the basic structural unit of life.
কোষ হৈছে জীৱদেহ গঠনৰ মৌলিক একক।
3. Types of cells on the basis of number –
(a) Unicellular – Organisms made up of a single cell. Example – Amoeba, Paramecium.
(b) Multicellular – Organisms made up of many cells. Example – Human.
সংখ্যাৰ আধাৰত কোষৰ প্ৰকাৰ –
(ক) এককোষী (Unicellular) – যিবোৰ জীৱ এটা মাত্ৰ কোষৰ দ্বাৰা গঠিত। উদাহৰণ – এমিবা, পেৰামেছিয়াম।
(খ) বহুকোষী (Multicellular) – যিবোৰ জীৱ বহু কোষৰ দ্বাৰা গঠিত। উদাহৰণ – মানুহ।
4. Amoeba uses its pseudopodia to move and to take in food.
এমিবাই চলাচল আৰু আহাৰ গ্ৰহণ কৰাৰ বাবে নিজৰ মিছা ভৰি (pseudopodia) ব্যৱহাৰ কৰে।
5. Amoeba is a unicellular organism, whereas WBC (White Blood Cell) is a single cell but not a unicellular organism.
এমিবা হৈছে এটা এককোষী জীৱ, আনহাতে শ্বেত ৰক্ত কোষ (WBC) কেৱল এটা কোষহে, কিন্তু এককোষী জীৱ নহয়।
6. Types of Cells on the Basis of Shape –
- Spherical Cells – Example: White blood cells
- Spindle-shaped Cells – Example: Muscle cells
- Long Branched Cells – Example: Nerve cells
আকৃতি অনুসৰি কোষৰ প্ৰকাৰসমূহ –
- গোলাকাৰ কোষ – উদাহৰণ: শ্বেত ৰক্ত কোষ
- মাকো আকাৰৰ কোষ – উদাহৰণ: মাংসপেশীৰ কোষ
- দীঘল শাখাযুক্ত কোষ – উদাহৰণ: স্নায়ুকোষ
7. The ostrich egg is the largest cell in the world.
উট চৰাইৰ কণীটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ কোষ।
8. Different parts of a Cell –
(i) Cell Membrane: The cell membrane is the outer layer of a cell. It is also called the plasma membrane. It has many small pores that help move substances into and out of the cell.
(ii) Cell Wall: The cell wall is a rigid outer layer found only in plant cells. It lies outside the cell membrane and provides shape, and protection to the cell. It is mainly made of a substance called cellulose.
(iii) Cytoplasm: Cytoplasm is a jelly-like substance found inside the cell. Cytoplasm contains various cell organelles, such as mitochondria, Golgi bodies, ribosomes etc.
(iv) Nucleus: The nucleus is the control center of the cell. It is a round or oval-shaped structure, usually located in the center of the cell. The outer covering of the nucleus is called the nuclear membrane. The nucleolus and chromosomes are both found in the nucleus.
- Nucleolus: The nucleolus is a small, dense, round structure inside the nucleus.
- Chromosomes: Chromosomes are long, thread-like structures that carry genes, which are made of DNA. These genes are the basic units of heredity. They pass on traits from one generation to the next.
(v) Plastids: Plastids are tiny, colorful parts inside plant cells. Green-colored plastids containing chlorophyll are called chloroplasts.
(vi) Vacuole: Vacuole is a large, bubble-like empty space inside a cell. Plant cell has a big central vacuole unlike a number of small vacuoles in animal cells.
কোষৰ বিভিন্ন অংশসমূহ –
(i) কোষাৱৰণ (Cell Membrane): কোষৰ বাহিৰত থকা আৱৰণ খনকে কোষাৱৰণ বোলে। এই আৱৰণ খনক প্লাজমাবেৰ বুলিও কোৱা হয়। কোষাৱৰণত সৰু-সৰু ছিদ্ৰ থাকে, যিয়ে পদাৰ্থসমূহ কোষৰ ভিতৰত সোমাব আৰু বাহিৰলৈ ওলাই যাবলৈ সহায় কৰে।
(ii) কোষবেৰ (Cell Wall): কোষবেৰ হৈছে এখন দৃঢ় আৱৰণ, যি কেৱল উদ্ভিদ কোষত পোৱা যায়। ই কোষাৱৰণৰ বাহিৰত থাকে আৰু কোষটোক আকাৰ, আৰু সুৰক্ষা দিয়ে। কোষবেৰ চেলুল’জ নামৰ পদাৰ্থৰে গঠিত।
(iii) কোষপ্ৰৰস (Cytoplasm): কোষপ্ৰৰস হৈছে কোষৰ ভিতৰত থকা জিলি সদৃশ পদাৰ্থ। কোষপ্ৰৰসত বিভিন্ন উপাদান বা কোষাংগ থাকে, যেনে মাইট্ৰ'কনড্ৰিয়া, গলগি বডি, ৰাইব’জ’ম আদি।
(iv) কোষকেন্দ্ৰ (Nucleus): কোষকেন্দ্ৰ হৈছে কোষৰ নিয়ন্ত্ৰণ কেন্দ্ৰ। ই সাধাৰণতে গোলাকাৰ বা ডিম্বাকাৰ আৰু কোষৰ মাজভাগত অৱস্থিত। কোষকেন্দ্ৰ বাহিৰৰ আৱৰণ খনক কোষকেন্দ্ৰীয় আৱৰণ বোলে। অতিকোষকেন্দ্ৰ (Nucleolus) আৰু ক্ৰম'জ'ম (Chromosomes) কোষকেন্দ্ৰ ভিতৰত পোৱা যায়।
- অতিকোষকেন্দ্ৰ (Nucleolus): কোষকেন্দ্ৰৰ ভিতৰত থকা সৰু, গাঢ়, আৰু গোলাকাৰ আকৃতিটোৰ অংশটোক অতিকোষকেন্দ্ৰ বোলে।
- ক্ৰম'জ'ম (Chromosomes): ক্ৰম’জ’ম হৈছে দীঘল, সূতাৰ দৰে গঠনযুক্ত এক অংশ; যিয়ে জিন কঢ়িয়াই। এই জিনবোৰ DNA ৰ দ্বাৰা নিৰ্মিত। জিনবোৰ হৈছে বংশগতিৰ একক। জিনবোৰে এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ গুণবোৰ স্থানান্তৰিত কৰে।
(v) প্লাষ্টিড (Plastids): প্লাষ্টিড হৈছে উদ্ভিদ কোষৰ ভিতৰত থকা সৰু ৰঙীন অংশ। ক্ল'ৰ'ফিল বা পত্ৰহৰিৎ থকা সেউজীয়া ৰঙৰ প্লাষ্টিডক হৰিৎকণা বুলি কোৱা হয়।
(vi) ৰসধানী (Vacuole): ৰসধানী হৈছে কোষৰ ভিতৰত থকা এটা ডাঙৰ, বেলুনৰ দৰে খালী ঠাই। উদ্ভিদৰ কোষত এটা ডাঙৰ ৰসধানী থাকে আনহাতে প্ৰাণীৰ কোষত এটাতকৈ বেছি সৰু সৰু ৰসধানী পোৱা যায়।
9. A prokaryotic cell is a cell that does not have a nuclear membrane in nucleus. Example - Bacteria and blue-green algae are examples of prokaryotes or prokaryotic organisms.
যিবোৰ কোষৰ কোষকেন্দ্ৰৰ কোষকেন্দ্ৰীয় আৱৰণ নাথাকে, তেনেবোৰক প্ৰকোষকেন্দ্ৰীয় কোষ বা প্ৰ'কেৰিঅ'টিক কোষ বোলে। উদাহৰণ - বেক্টেৰিয়া আৰু নীল-সেউজ শেলাই প্ৰ'কেৰিঅ'টছ জীৱৰ উদাহৰণ।
10. A eukaryotic cell is a cell that have a nuclear membrane in nucleus. Example – Animal cell.
যিবোৰ কোষৰ কোষকেন্দ্ৰৰ কোষকেন্দ্ৰীয় আৱৰণ থাকে, তেনেবোৰক সংকোষকেন্দ্ৰীয় কোষ বান ইউকেৰিঅ'টিক কোষ বোলে। উদাহৰণ – প্ৰাণীৰ কোষ।