Class 6 | Chapter-6 দ্ৰব্যৰ পৃথকীকৰণ (Separation of Substances) | Questions & Answers | Assam SCERT Book 2026-27

1. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।

(i) তলৰ কোনটো মিশ্ৰ হাতেৰে পৃথক কৰিব পাৰি?

(a) নিমখ আৰু বালি

(b) কাঠৰ গুড়ি আৰু লোৰ গুড়ি

(c) চাউল আৰু শিলগুটি

(d) কৰ্পূৰ আৰু বালি

Answer: (c) চাউল আৰু শিলগুটি


(ii) দাইল বা মাহ ধুওঁতে কোনটো পদ্ধতি আমি ব্যৱহাৰ কৰোঁ?

(a) মৰণা মৰা

(b) হাতেৰে বচা

(c) চালনীৰে চলা

(d) আস্ৰাৱণ

Answer: (d) আস্ৰাৱণ


(iii) লো আৰু কয়লাৰ গুড়ি পৃথকীকৰণৰ বাবে উপযুক্ত পদ্ধতি হ'ল —

(a) বাষ্পীভৱন

(b) মৰণা মৰা

(c) চুম্বকীয় পৃথকীকৰণ

(d) আস্ৰাৱণ

Answer: (c) চুম্বকীয় পৃথকীকৰণ


(iv) চাহৰ পৰা চাহপাত তলৰ কোনটো পদ্ধতিৰে পৃথক কৰা হয়?

(a) মৰণা মৰা

(b) হাতেৰে বচা

(c) চালনীৰে চলা

(d) পৰিস্ৰাৱণ

Answer: (d) পৰিস্ৰাৱণ


2. তলত দিয়াবোৰ মিলোৱা।

(a) পানীত থকা বোকা i. চুম্বকীয় পৃথকীকৰণ
(b) বোকাপানীত থকা ফিট্কিৰি ii. জৰা বা 'বাঁ' - দিয়া
(c) উচ্চ বেগত মিশ্ৰটো ঘূৰোৱা iii. পৰিস্ৰাৱণৰ পিছত বাষ্পীভৱন
(d) বাদামৰ তেল আৰু পানী iv. পৰিস্ৰাৱণ
(e) বালি আৰু লোৰ গুড়ি v. মঠন
(f) পানীত দ্ৰৱীভূত নিমখ vi. আস্ৰাৱণ
(g) চাউলত থকা তুঁহ vii. বাষ্পীভৱন

Answer:

(a) পানীত থকা বোকা iv. পৰিস্ৰাৱণ
(b) বোকাপানীত থকা ফিট্কিৰি vi. আস্ৰাৱণ
(c) উচ্চ বেগত মিশ্ৰটো ঘূৰোৱা v. মঠন
(d) বাদামৰ তেল আৰু পানী vi. আস্ৰাৱণ
(e) বালি আৰু লোৰ গুড়ি i. চুম্বকীয় পৃথকীকৰণ
(f) পানীত দ্ৰৱীভূত নিমখ vii. বাষ্পীভৱন
(g) চাউলত থকা তুঁহ ii. জৰা বা 'বাঁ' - দিয়া


3. খালী ঠাই পূৰ কৰাঃ

(a) জাবৰৰ দ'মৰ পৰা লোৰ টুকুৰা পৃথক কৰিবলৈ ______ পদ্ধতি ব্যৱহাৰ কৰা হয়।

(b) দুটা মিহলি নোহোৱা জুলীয়া দ্ৰৱ ______ পদ্ধতিৰ সহায়ত পৃথক কৰিব পাৰি।

(c) আটা আৰু তুঁহ ______ পদ্ধতিৰে পৃথক কৰিব পাৰি।

(d) ______ পদ্ধতিৰে খেৰৰ পৰা ঘেঁহু পৃথক কৰিব পাৰি।

(e) বালি-পানীৰ মিশ্ৰ এটাৰ পৃথকীকৰণ কৰোঁতে, পানীৰ কণিকাবোৰ ফিল্টাৰ কাগজৰ ছিদ্ৰবোৰৰ মাজেদি সৰকি যায় কাৰণ পানীৰ কণিকাবোৰ ______ আৰু ______ বালিৰ কণিকাবোৰ ______।

Answer:

(a) জাবৰৰ দ'মৰ পৰা লোৰ টুকুৰা পৃথক কৰিবলৈ চুম্বকীয় পৃথকীকৰণ পদ্ধতি ব্যৱহাৰ কৰা হয়।

(b) দুটা মিহলি নোহোৱা জুলীয়া দ্ৰৱ আস্ৰাৱণ পদ্ধতিৰ সহায়ত পৃথক কৰিব পাৰি।

(c) আটা আৰু তুঁহ জৰা বা 'বাঁ' দিয়া পদ্ধতিৰে পৃথক কৰিব পাৰি।

(d) মৰণা মৰা পদ্ধতিৰে খেৰৰ পৰা ঘেঁহু পৃথক কৰিব পাৰি।

(e) বালি-পানীৰ মিশ্ৰ এটাৰ পৃথকীকৰণ কৰোঁতে, পানীৰ কণিকাবোৰ ফিল্টাৰ কাগজৰ ছিদ্ৰবোৰৰ মাজেদি সৰকি যায় কাৰণ পানীৰ কণিকাবোৰ সৰু আৰু জুলীয়া বালিৰ কণিকাবোৰ ডাঙৰ।

 

4. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া।

(a) নিমখ আৰু বালিৰ মিশ্ৰ এটা কিদৰে পৃথক কৰিবা?

Answer: নিমখ আৰু বালিৰ মিশ্ৰ এটা পৰিস্ৰাৱণ (Filtration) আৰু বাষ্পীভৱন (Evaporation) পদ্ধতিৰে পৃথক কৰিব পাৰি।

প্ৰথমে, নিমখ আৰু বালি পানীৰ লগত মিহলাই ল'ব লাগিব। নিমখ পানীত মিহলি হ'ব কিন্তু বালি পানীত মিহলি নহ'ব। পিছত পৰিস্ৰাৱণ কৰিলে বালিখিনি ফিল্টাৰ পেপাৰত অৱক্ষেপ হিচাপে ৰৈ যাব। আনহাতে, নিমখ-পানীখিনি বাষ্পীভৱন কৰিলে পানী বাষ্প আকাৰে উৰি যাব আৰু নিমখখিনি ৰৈ যাব।

 

(b) নাৰিকল তেল আৰু পানীৰ মিশ্ৰ পৃথকীকৰণৰ বাবে এটা পদ্ধতি আগবঢ়োৱা।

Answer: নাৰিকল তেল আৰু পানীৰ মিশ্ৰ পৃথকীকৰণ কৰিবলৈ আস্ৰাৱণ (Decantation) পদ্ধতি ব্যৱহাৰ কৰিব লাগিব।

নাৰিকল তেল আৰু পানীৰ মিশ্ৰটো কিছু সময় স্থিৰকৈ ৰাখিলে তেলৰ তৰপটো পানীৰ ওপৰত ভাঁহি উঠিব। পিছত আস্ৰাৱণ পদ্ধতিৰে তেলখিনি আন এটা পাত্ৰত ঢালি দিলে, পানীখিনিৰ পৰা পৃথক হৈ পৰিব।

 

(c) নিমখ পানীৰপৰা নিমখ কেনেদৰে পৃথক কৰিবা?

Answer: নিমখ পানীৰপৰা নিমখ পৃথক কৰিবলৈ বাষ্পীভৱন (Evaporation) পদ্ধতি ব্যৱহাৰ কৰিব লাগিব।

নিমখ পানীখিনি উতলালে পানীভাগ গেছীয় বাষ্পলৈ ৰূপান্তৰিত হৈ উৰি যাব আৰু পাত্ৰটোৰ তলিত কেৱল নিমখখিনি ৰৈ যাব।

 

5. তলৰ মিশ্ৰবোৰত থকা উপাদানবোৰৰ কি কি ধৰ্মৰ বাবে সিহঁতক পৃথক কৰিব পৰা যাব?

(a) নিমখ আৰু চকৰ গুড়ি

Answer: দ্ৰৱণীয়তা 

নিমখ পানীত সম্পূৰ্ণ দ্ৰৱণীয় কিন্তু চকৰ গুড়ি অদ্ৰৱণীয়। সেয়েহে, পৰিস্ৰাৱণ (Filtration) আৰু বাষ্পীভৱন (Evaporation) পদ্ধতিৰে পৃথক কৰিব পাৰি।

 

(b) ধান আৰু খেৰ

Answer: আকাৰ আৰু ভৰ

ধানবোৰ গধুৰ আৰু সৰু, আনহাতে খেৰবোৰ পাতল কিন্তু ডাঙৰ। সেয়েহে, হাতেৰে বাছি (Handpicking) বা বাঁ দিয়া (Winnowing) পদ্ধতিৰে পৃথক কৰিব পাৰি।

 

(c) চক আৰু কয়লা

Answer: ৰং আৰু আকৃতি

চক আৰু কয়লাৰ ৰং আৰু আকৃতি বেলেগ বেলেগ, সেয়েহে হাতেৰে বাছি (Handpicking) পৃথক কৰিব পাৰি।

 

(d) লোৰ টুকুৰা আৰু কাঠৰ গুড়ি

Answer: চুম্বকীয় ধৰ্ম

লো চুম্বকৰ দ্বাৰা আকৰ্ষিত হয় কিন্তু কাঠৰ গুড়ি নহয়। সেয়েহে, চুম্বক ব্যৱহাৰ কৰি দুয়োকে পৃথক কৰিব পাৰি।


(e) বালি আৰু চাউল

Answer: আকাৰ

সাধাৰণতে বালিৰ কণিকাবোৰ অতি সৰু আৰু চাউলৰ দানাবোৰ ডাঙৰ, সেয়েহে চালনী ব্যৱহাৰ কৰি পৃথক কৰিব পাৰি।

 

6. সাগৰৰ পানীৰ পৰা নিমখ কেনেদৰে আহৰণ কৰা হয়?

Answer: সাগৰৰ পানীৰ পৰা নিমখ বাষ্পীভৱন পদ্ধতিৰে আহৰণ কৰা হয়।

মাটিত পুখুৰীৰ দৰে অগভীৰ গাঁত খান্দি তাত সাগৰৰ পানী জমা কৰি ৰাখিলে সূৰ্যৰ তাপত পানীবোৰ লাহে লাহে বাষ্প হৈ উৰি যায় আৰু তলিত নিমখখিনি ৰৈ যায়। পিছত এই নিমখখিনিক পৰিশোধন (বিশুদ্ধকৰণ) কৰি ব্যৱহাৰৰ উপযোগী খোৱা নিমখ আহৰণ কৰা হয়।

 

7. মিশ্ৰ এটাৰ পৰা উপাদানবোৰ পৃথক কৰিবৰ বাবে উপযুক্ত পদ্ধতি কিদৰে নিৰ্ধাৰণ কৰা হয়?

Answer: মিশ্ৰ এটাৰ উপাদানসমূহৰ ভৌতিক ধৰ্মৰ (যেনে: আকাৰ, ওজন, ৰং বা পানীত দ্ৰৱণীয়তা) পাৰ্থক্যৰ ওপৰত ভিত্তি কৰি উপযুক্ত পদ্ধতি নিৰ্ধাৰণ কৰা হয়। উদাহৰণস্বৰূপ — উপাদানবোৰৰ আকাৰ ডাঙৰ হ'লে হাতেৰে বাছি পৃথক কৰা হয় আৰু আকাৰ সৰু-ডাঙৰ হ'লে চালনী ব্যৱহাৰ কৰা হয়।

 

8. নদীৰ বোকা পানীৰ পৰা ফট্‌ফটীয়া পানী পাবৰ বাবে ব্যৱহাৰ কৰিব পৰা সকলোবোৰ পদ্ধতিৰ নাম লিখা।

Answer: নদীৰ বোকা পানীৰ পৰা ফট্‌ফটীয়া পানী পাবলৈ অধঃক্ষেপণ (Sedimentation), আস্ৰাৱণ (Decantation) আৰু পৰিস্ৰাৱণ (Filtration) পদ্ধতি ব্যৱহাৰ কৰা হয়।

 

9. উপযুক্ত চিত্ৰসহ পৰিস্ৰাৱণ পদ্ধতিটো ব্যাখ্যা কৰা।

Answer: ফিল্টাৰ কাগজৰ সহায়ত কোনো জুলীয়া পদাৰ্থৰ পৰা অদ্ৰৱণীয় কঠিন পদাৰ্থ পৃথক কৰা পদ্ধতিকে পৰিস্ৰাৱণ (Filtration) বোলে।

এই পদ্ধতিত প্ৰথমে এখন ঘূৰণীয়া ফিল্টাৰ কাগজ লৈ তাক শংকু (Cone) আকৃতি দি এটা চুপিৰ (Funnel) ভিতৰত বহুৱাই লোৱা হয়। মিশ্ৰ দ্ৰৱটো (বালি আৰু পানীৰ মিশ্ৰ) লাহে লাহে চুপিত থকা ফিল্টাৰ কাগজখনৰ ওপৰত ঢালি দিয়া হয়। পানীৰ কণিকাবোৰ সৰু হোৱা বাবে ফিল্টাৰ কাগজৰ সৰু ছিদ্ৰৰে সৰকি তলৰ বিকাৰটোত পৰিষ্কাৰ পানী হিচাপে জমা হয়, যাক পৰিশ্ৰুত (Filtrate) বুলি কোৱা হয়। আনহাতে, বালি বা বোকাৰ কণিকাবোৰ ডাঙৰ হোৱা বাবে ফিল্টাৰ কাগজখনৰ ছিদ্ৰৰে পাৰ হৈ আহিব নোৱাৰে আৰু কাগজখনৰ ওপৰতে ৰৈ যায়। যাক অৱক্ষেপ (Residue) বুলি কোৱা হয়। এনেদৰেই পৰিস্ৰাৱণ (Filtration) পদ্ধতিৰ দ্বাৰা জুলীয়া পদাৰ্থৰ পৰা অদ্ৰৱণীয় কঠিন পদাৰ্থ পৃথক কৰা হয়।

Next Post Previous Post