Class 6 | Chapter-7 বতৰ আৰু জলবায়ু (Weather and Climate) | Questions & Answers | Assam SCERT Book 2026-17

1. অতি চমুকৈ উত্তৰ দিয়া —

(a) বতৰ কাক বোলে?

Answer: কোনো এখন নিৰ্দিষ্ট ঠাইৰ কোনো এটা নিৰ্দিষ্ট সময়ত বায়ুমণ্ডলে সৃষ্টি কৰা অৱস্থাটোক বতৰ (Weather) বোলে।


(b) জলবায়ু কাক বোলে?

Answer: কোনো এখন ঠাইৰ প্ৰায় 25-30 বছৰৰ বতৰৰ গড় অৱস্থাক জলবায়ু (Climate) বোলে। 


(c) বতৰৰ তিনিটা কাৰকৰ নাম লিখা।

Answer: বতৰৰ তিনিটা কাৰক হ'ল — উষ্ণতা, আৰ্দ্ৰতা, আৰু বৰষুণৰ পৰিমাণ।


(d) জলবায়ুৰ ভিত্তিত অসমত বছৰটোক কেইটা ঋতুত ভাগ কৰিব পাৰি আৰু সেইকেইটা কি কি?

Answer: জলবায়ুৰ ভিত্তিত অসমত বছৰটোক চাৰিটা ঋতুত ভাগ কৰিব পাৰি। সেইকেইটা হ'ল — গ্ৰীষ্ম, বৰ্ষা, শৰৎ আৰু শীত।


2. বতৰ আৰু জলবায়ুৰ পাৰ্থক্য লিখা।

Answer:

বতৰ জলবায়ু
(i) কোনো এখন নিৰ্দিষ্ট ঠাইৰ কোনো এটা নিৰ্দিষ্ট সময়ত বায়ুমণ্ডলে সৃষ্টি কৰা অৱস্থাটোক বতৰ বোলে। (i) কোনো এখন ঠাইৰ প্ৰায় 25-30 বছৰৰ বতৰৰ গড় অৱস্থাক জলবায়ু বোলে।
(ii) বতৰ সঘনে সলনি হয়। দিনটোৰ ভিতৰতে ৰ'দ, বৰষুণ বা বতাহ হ'ব পাৰে। (ii) জলবায়ু সঘনে সলনি নহয়। জলবায়ু সলনি হ'বলৈ বহু বছৰ লাগে।
(iii) বতৰে এখন নিৰ্দিষ্ট ঠাই সামৰি লয়। যেনে — এখন চহৰ বা গাঁও। (iii) জলবায়ু এখন ডাঙৰ ভৌগোলিক অঞ্চল সামৰি লয়। যেনে — এখন ৰাজ্য বা গোটেই দেশখন।


3. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।

(i) পৃথিৱীৰ নাতিশীতোষ্ণ অঞ্চল ক'ত অৱস্থিত?

(a) উত্তৰ মেৰু

(b) দক্ষিণ মেৰু

(c) বিষুৱীয়

(d) বিষুৱীয় অঞ্চলৰ ক্ৰমে উত্তৰ আৰু দক্ষিণ

Answer: (d) বিষুৱীয় অঞ্চলৰ ক্ৰমে উত্তৰ আৰু দক্ষিণ

 

(ii) কোনবিধ খাৰিফ শস্য?

(a) ধান

(b) সৰিয়হ

(c) আলু

(d) ঘেঁহু

Answer: (a) ধান

 

4. খালী ঠাই পূৰ কৰাঃ

(a) কোনো এটা অঞ্চলৰ দীৰ্ঘসময়ৰ বতৰৰ গড় অৱস্থাক সেই অঞ্চলৰ ______ বোলে।

(b) ______ মৌচুমী বতাহৰ বাবে বৰ্ষাকালত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয়।

Answer:

(a) কোনো এটা অঞ্চলৰ দীৰ্ঘসময়ৰ বতৰৰ গড় অৱস্থাক সেই অঞ্চলৰ জলবায়ু বোলে।

(b) দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ বাবে বৰ্ষাকালত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয়। 

Next Post Previous Post