Class 6 | Chapter-9 দৈৰ্ঘ্যৰ জোখ আৰু গতি (Measurement of Length and Motion) | Questions & Answers | Assam SCERT Book 2025-26

1. স্তম্ভ 1 ৰ প্রতিটো বস্তু স্তম্ভ II ৰ আটাইতকৈ উপযুক্ত এককৰ সৈতে মিলোৱা।

স্তম্ভ I স্তম্ভ II
a) অট্টালিকাৰ উচ্চতা (i) cm
b) দুখন চহৰৰ মাজৰ দূৰত্ব (ii) m
c) পেঞ্চিলৰ দৈর্ঘ্য (iii) mm
d) বহীৰ বেধ (iv) km

Answer:

স্তম্ভ I স্তম্ভ II
a) অট্টালিকাৰ উচ্চতা (ii) m
b) দুখন চহৰৰ মাজৰ দূৰত্ব (iv) km
c) পেঞ্চিলৰ দৈর্ঘ্য (i) cm
d) বহীৰ বেধ (iii) mm


2. তলত দিয়াবোৰৰ দৈৰ্ঘ্যৰ মাপ কি উপযুক্ত সামগ্রী (স্কেল অথবা ফিটা) ব্যৱহাৰ কৰি নির্ধাৰণ কৰা হয়?

a. এটা অট্টালিকাৰ উচ্চতা

b. পেঞ্চিলৰ দৈর্ঘ্য

c. পেপাৰ ক্লিপৰ দৈর্ঘ্য

d. গছৰ গা-গছৰ ঘেৰ

e. এডাল ৰবৰৰ প্ৰস্থ

f. ফুটবল খেলপথাৰৰ দৈর্ঘ্য

Answer:

a. এটা অট্টালিকাৰ উচ্চতা → ফিটা

b. পেঞ্চিলৰ দৈর্ঘ্য → স্কেল

c. পেপাৰ ক্লিপৰ দৈর্ঘ্য → স্কেল

d. গছৰ গা-গছৰ ঘেৰ → ফিটা

e. এডাল ৰবৰৰ প্ৰস্থ → স্কেল

f. ফুটবল খেলপথাৰৰ দৈর্ঘ্য → ফিটা

 

3. সঁচা নে মিছা?

a. 1m = 100 cm

b. 5000 m = 5 cm

c. 2000 m = 2 cm

d. ঘড়ীৰ কাটাৰ গতি ৰৈখিক গতিৰ উদাহৰণ

e. সৰলৰেখাত কৰা গতিক দোলন গতি বুলি কোৱা হয়।

Answer:

a. 1m = 100 cm (সঁচা)

b. 5000 m = 5 cm (মিছা)

c. 2000 m = 2 cm (মিছা)

d. ঘড়ীৰ কাটাৰ গতি ৰৈখিক গতিৰ উদাহৰণ (মিছা)

e. সৰলৰেখাত কৰা গতিক দোলন গতি বুলি কোৱা হয়। (মিছা)

 

4. শুদ্ধ উত্তৰৰ গোলটো সম্পূর্ণকৈ পূৰ কৰা।

(i) তলৰ কোনটো পর্যাবৃত্ত গতিৰ উদাহৰণ।

(a) পথেৰে গতি কৰা এখন বাছ

(b) এটা ঘড়ীৰ দোলকৰ দোলন

(c) এটা সৰি পৰা বল

(d) এজন খোজকাঢ়ি যোৱা মানুহ

Answer: (b) এটা ঘড়ীৰ দোলকৰ দোলন



(ii) তলৰ কোনটো বৃত্তাকাৰ গতিৰ উদাহৰণ?

(a) গতিশীল অবস্থাত থকা দোলনা এখন

(b) এখন চলন্ত ৰেল

(c) চলি থকা চিলিং ফেনৰ ব্লেড

(d) গতিশীল চাইকেল এখন

Answer: (c) চলি থকা চিলিং ফেনৰ ব্লেড

 

5. তলত দিয়াবোৰ পৰিৱর্তন কৰা।

(a) 250 মিলিমিটাৰৰ পৰা মিটাৰলৈ

Answer: আমি জানো যে, 1 মিটাৰ = 1000 মিলিমিটাৰ

গতিকে, 250/1000 = 0.25 মিটাৰ

(b) 7.5 কিলোমিটাৰৰ পৰা মিটাৰলৈ

Answer: আমি জানো যে, 1 কিলোমিটাৰ = 1000 মিটাৰ

গতিকে, 7.5 x 1000 = 7500 মিটাৰ

(c) 3 মিটাৰৰ পৰা চেন্টিমিটাৰলৈ

Answer: আমি জানো যে, 1 মিটাৰ = 100 চেন্টিমিটাৰ

গতিকে, 3 x 100 = 300 চেন্টিমিটাৰ

(d) 1.25 মিটাৰৰ পৰা মিলিমিটাৰলৈ

Answer: আমি জানো যে, 1 মিটাৰ = 1000 মিলিমিটাৰ

গতিকে, 1.25 x 1000 = 1250 মিলিমিটাৰ

 

6. তোমাৰ ঘৰ আৰু স্কুলৰ মাজত দূৰত্ব 2000 মিটাৰ, ইয়াক কিল'মিটাৰলৈ ৰূপান্তৰ কৰা।

Answer:  1000 মিটাৰ = 1 কিলোমিটাৰ

গতিকে, 2000/1000 = 2 কিলোমিটাৰ

 

7. এডাল ৰছীৰ সহায়ত তোমাৰ চাৰিওফালে থকা বিভিন্ন বস্তু যেনে - পেঞ্চিল, কলম, জ্যামিতি বাকচ আদিৰ দৈৰ্ঘ্যৰ জোখ লোৱা। প্রতিটো দৈর্ঘ্য মিলিমিটাৰ আৰু চেন্টিমিটাৰত প্ৰকাশ কৰা আৰু তথ্যসমূহ এখন টেবুলত লিপিবদ্ধ কৰা।

Answer:  তোমালোকে নিজে কৰিবা।


8. তোমাৰ শ্ৰেণীকোঠাত থকা বিভিন্ন বস্তু পর্যৱেক্ষণ কৰা আৰু তলত দিয়া ধৰণে সেইবোৰৰ দৈর্ঘ্যৰ ওপৰত ভিত্তি কৰি শ্রেণীভুক্ত কৰা। 10 চেন্টিমিটাৰতকৈ কম, 10 চেন্টিমিটাৰৰ পৰা 1 মিটাৰৰ ভিতৰত আৰু 1 মিটাৰতকৈ অধিক। তোমাৰ পর্যৱেক্ষণবোৰ উপযুক্ত তালিকাত লিপিবদ্ধ কৰা।

Answer:  তোমালোকে নিজে কৰিবা।


9. তোমাৰ তিনিজন বন্ধুক এখন বেৰৰ ওপৰত থিয় হ'বলৈ কোৱা। বেৰত সিহঁতৰ উচ্চতা চিহ্নিত কৰা। এতিয়া তেওঁলোকৰ উচ্চতা জুখি প্ৰতিজনৰে উচ্চতাৰ জোখ মিটাৰ আৰু চেণ্টিমিটাৰত প্ৰকাশ কৰা।

Answer:  তোমালোকে নিজে কৰিবা।

 

10. তোমাৰ চাৰিওফালৰ বিভিন্ন ধৰণৰ গতি চিনাক্ত কৰা। ৰৈখিক, বৃত্তাকাৰ আৰু দোলন গতিৰ প্ৰত্যেকৰ বাবে দুটাকৈ উদাহৰণ লিখা।

Answer:

ৰৈখিক গতিৰ উদাহৰণ —

(i) গছৰ ওপৰৰ পৰা ফল সৰি পৰা

(ii) বন্দুকৰ পৰা গুলি ওলাই যোৱা

 

 বৃত্তাকাৰ গতিৰ উদাহৰণ —

(i) চলি থকা চিলিং ফেনৰ ব্লেড

(ii) সূৰ্য্যৰ চাৰিওফালে পৃথিৱীৰ গতি

 

 দোলন গতিৰ উদাহৰণ —

(i) গিটাৰৰ তাঁৰৰ কম্পন

(ii) এটা ঘড়ীৰ দোলকৰ দোলন

 

11. তলৰ ছবিখন চাই খালী ঠাই পূৰণ কৰা।

Answer:

(a)

প্ৰসংগ বিন্দু দূৰত্ব দূৰত্ব
প্ৰীতম বিকাশ = 3 m অনিমা = 3 m
অংকুৰ গাৰ্গী = 3 m প্ৰীতম = 6 m
অনিমা প্ৰীতম = 3 m বিকাশ = 6 m
গাৰ্গী বিকাশ = 6 m অংকুৰ = 3 m

 

(b)

প্ৰসংগ বিন্দু গুৱাহাটীলৈ দূৰত্ব
A 20 km
B 40 km
C 60 km
D 80 km

ৰহালৈ দূৰত্ব
A 80 km
B 60 km
C 40 km
D 20 km
গুৱাহাটীৰ পৰা 100 km

Next Post Previous Post