Class 6 | পাঠ - ১০ লক্ষ্মীনাথ বেজবৰুৱাৰ সৈতে সাক্ষাৎকাৰ | Assamese - Questions & Answers | Assam SCERT Book 2025-26
১/ তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা -
'জয়মতী' কথাছবিখনৰ প্রথম দর্শনীৰ উদ্বোধন কোন ঠাইত কৰা হৈছিল?
(ক) শদিয়াত
(খ) কলিকতাত
(গ) সম্বলপুৰত
(ঘ) জয়সাগৰত
উত্তৰঃ (খ) কলিকতাত
'জয়মতী' কথাছবিখনৰ ডালিমী চৰিত্ৰটিৰ ভাও বেজবৰুৱাৰ কিয় ভাল লাগিছিল?
(ক) ডালিমী এটি কালোপযোগী চৰিত্ৰ হোৱাৰ বাবে
(খ) ডালিমী এটি ঐতিহাসিক চৰিত্ৰ হোৱাৰ বাবে
(গ) ডালিমী চৰিত্রটি বেজবৰুৱাৰ মানস প্রতিমা হোৱাৰ বাবে
(ঘ) ডালিমী চৰিত্রটি সৰল, চঞ্চল প্ৰকৃতিৰ হোৱাৰ বাবে
উত্তৰঃ (গ) ডালিমী চৰিত্রটি বেজবৰুৱাৰ মানস প্রতিমা হোৱাৰ বাবে
২/ তুমি ওপৰৰ দ্বিতীয় প্রশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল’লা? তোমাৰ লগৰীয়াৰ লগত আলোচনা কৰি কোৱা।
উত্তৰঃ বেজবৰুৱাৰ বাবে ডালিমী আদৰ্শ নাৰীৰ চৰিত্ৰ আছিল। ডালিমীৰ চৰিত্ৰটি বেজবৰুৱাৰ মনত এগৰাকী সাহসী, নিৰ্ভীক, নিষ্ঠবান নাৰী হিচাপে প্ৰতিফলিত হৈছিল। সেয়েহে, বেজবৰুৱাই ডালিমী চৰিত্ৰটিক তেওঁৰ মনতে গঢ়া প্ৰতিমা বুলি আখ্যা দিছিল আৰু তেওঁৰ বাবে এই চৰিত্ৰটি আটাইতকৈ প্ৰিয় আছিল।
৩/ তলৰ প্ৰথম মেঘ টুকুৰাত থকা শব্দবোৰৰ অৰ্থ দ্বিতীয় মেঘ টুকুৰাত দিয়া আছে। শব্দবোৰৰ অৰ্থ বাছি উলিয়াই লিখা।
হেঁপাহ, সাৰ্থক, সাইলাখ, প্ৰতিমা, ত্ৰুটি, অনুপ্ৰাণিত, গৰুণ্ড
| গৰুড়পক্ষী, সফল, দোষ, মূৰ্তি, উৎসাহিত, হাবিয়াস, সদৃশ |
উত্তৰঃ
| শব্দ | অৰ্থ |
|---|---|
| হেঁপাহ | হাবিয়াস |
| সাৰ্থক | সফল |
| সাইলাখ | সদৃশ |
| প্ৰতিমা | মূৰ্তি |
| ত্ৰুটি | দোষ |
| অনুপ্ৰাণিত | উৎসাহিত |
| গৰুণ্ড | গৰুড়পক্ষী |
৪/ তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা।
(ক) প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি?
উত্তৰঃ প্ৰথম অসমীয়া কথাছবিখনৰ নাম হ'ল 'জয়মতী'।
(খ) 'জয়মতী' কথাছবিখন কিমান খ্ৰীষ্টাব্দত মুক্তি লাভ কৰিছিল?
উত্তৰঃ 'জয়মতী' কথাছবিখন ১৯৩৫ খ্ৰীষ্টাব্দত মুক্তি লাভ কৰিছিল।
(গ) 'জয়মতী' কথাছবিখন কোনে নিৰ্মাণ কৰিছিল?
উত্তৰঃ 'জয়মতী' কথাছবিখন জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল।
(ঘ) বেজবৰুৱাই 'জয়মতী' কথাছবিখন উদ্বোধন কৰিবলৈ কোন ঠাইৰ পৰা আহিছিল?
উত্তৰঃ বেজবৰুৱাই 'জয়মতী' কথাছবিখন উদ্বোধন কৰিবলৈ সম্বলপুৰৰ পৰা আহিছিল।
(ঙ) বেজবৰুৱাৰ কোনখন নাটকৰ আধাৰত 'জয়মতী' কথাছবিখন নিৰ্মাণ কৰা হৈছিল?
উত্তৰঃ বেজবৰুৱাৰ 'জয়মতী কুঁৱৰী' নাটকৰ আধাৰত 'জয়মতী' কথাছবিখন নিৰ্মাণ কৰা হৈছিল।
৫/ তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা।
(ক) 'জয়মতী' ফিল্মৰ ডালিমী চৰিত্ৰটিয়ে বেজবৰুৱাৰ সপোন কেনেদৰে দিঠক কৰিলে?
উত্তৰঃ বেজবৰুৱাৰ বাবে ডালিমীৰ চৰিত্ৰটি আটাইতকৈ প্ৰিয় আছিল। তেখেতৰ মনত ডালিমী এগৰাকী কাল্পনিক সৰল, আনন্দময়ী, প্ৰকৃতিৰ জীয়ৰী। বেজবৰুৱাই ভবাই নাছিল যে এই কাল্পনিক চৰিত্ৰটি তেখেতে বাস্তৱত 'জয়মতী' ফিল্ম খনৰ জৰিয়তে দেখা পাব। কিন্তু, 'জয়মতী' ফিল্ম খনে বেজবৰুৱাৰ মনত থকা সেই ডালিমীৰ চৰিত্ৰটি বাস্তৱ আকাৰে দেখুৱাই, তেখেতৰ সপোনটো দিঠক কৰি তুলিছিল।
(খ) অসমৰ ফিল্ম ইন্ডাষ্ট্ৰী সম্পৰ্কে বেজবৰুৱাৰ মত কেনেধৰণৰ আছিল?
উত্তৰঃ বেজবৰুৱাৰ মতে পৃথিৱীৰ আন আন দেশৰ দৰে অসমতো ফিল্ম ইন্ডাষ্ট্ৰীৰ প্ৰভাৱ কম-বেছি পৰিমানে হ'লেও দেখা পোৱা গৈছে। ৰে'ল, বিজুলী-ডাক, আকাশী বিমান আদি যেনেকৈ স্থায়ী ৰূপে থাকি গৈছে, ঠিক তেনেদৰে ফিল্মবোৰেই আমাৰ মাজত স্থায়ী হৈ থাকি যাব। ইয়াৰোপৰি, ফিল্মবোৰ সঠিকভাৱে ব্যৱহাৰ কৰিলেহে ইয়াৰ ফল উন্নয়নমূলক হ'ব, নহ'লে ভুল ভাবে ব্যৱহাৰ কৰিলে সমাজত বিপৰ্যয় আনিব পাৰে।
(গ) বেজবৰুৱাই কি কি কাৰণত 'জয়মতী' কথাছবিখন সফল হৈছে বুলি উল্লেখ কৰিছে?
উত্তৰঃ 'জয়মতী' কথাছবিখন সফল হোৱা মূল কাৰণসমূহ হৈছে —
(১) জ্যোতি প্ৰসাদ আগৰৱালাৰ অক্লান্ত চেষ্টা আৰু তেখেতৰ শিক্ষা আৰু গভীৰ জ্ঞান।
(২) অসমৰ অভিনেতা-অভিনেত্ৰীৰ প্ৰাণৱন্ত আৰু আন্তৰিক অভিনয়।
(৩) অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু মুকলি পৰিৱেশ, যি কথাছবিখনৰ দৃশ্যপটত বিশেষ ভূমিকা লৈছে।
৬/ কোনে, কাক কৈছিল লিখা।
(ক) "অসমত অসমীয়াৰ দ্বাৰাই আগেয়ে নোহোৱা-নোপজা এনে এটা কার্য চাবলৈ মোৰ বৰ হেঁপাহ হৈছিল।"
উত্তৰঃ উক্ত কথাষাৰ বেজবৰুৱাই নৰেন বৰদলৈক কৈছিল।
(খ) "ফিল্ম সম্বন্ধে নানা মুনিৰ নানা মত।"
উত্তৰঃ উক্ত কথাষাৰ নৰেন বৰদলৈয়ে বেজবৰুৱাক কৈছিল।
(গ) "এই বুঢ়াৰ এই আশা। পূৰ্ণ হ'ব নে নহয়, ঈশ্বৰে জানে।"
উত্তৰঃ উক্ত কথাষাৰ বেজবৰুৱাই নিজকে কৈছিল।
৭/ "গৰুণ্ডৰ উৰাও দেখি টিপচীয়ে যদি ভাবে যে, মই তেনেকৈ উৰিব নোৱাৰোঁ যেতিয়া টিপচী উৰাও মাৰি লোকৰ হাঁহিয়াতৰ পাত্ৰ নহওঁ, তেন্তে টিপচীয়ে ভুল কৰিব।" — শিক্ষকৰ সহায় লৈ কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা।
উত্তৰঃ গৰুণ্ড এটি ডাঙৰ আৰু শক্তিশালী চৰাই, সেয়ে ওপৰলৈ বহুদূৰ উৰিব পাৰে। আনহাতে টিপচী এটি সৰু চৰাই, ই গৰুণ্ডৰ দৰে উৰিব নোৱাৰে। কিন্তু, গৰুণ্ডৰ দৰে টিপচীয়েও উৰিব গ'লে আনৰ হাঁহিয়াতৰ পাত্ৰ হ'ব পৰে বুলি ভাবিলে, টিপচীয়ে ভুল কৰিব। অৰ্থাৎ আমাৰ সকলোৰে গুণ, দক্ষতা, ক্ষমতা একে নহয়। তথাপি আমি আনৰ সৈতে তুলনা নকৰি, নিজৰ গুণ, চেষ্টা আৰু আত্মবিশ্বাসেৰে আগুৱাই গ'লেহে যিকোনো কাৰ্যতে সফলতা লাভ কৰিব পাৰিম।
৮/ সাক্ষাৎকাৰটোৰ কোনখিনি কথা তোমাৰ ভাল লাগিছে আৰু কিয় ভাল লাগিছে দলত আলোচনা কৰা।
উত্তৰঃ তোমালোকে নিজে কৰিবা।
৯/ ওপৰৰ উদাহৰণৰ আধাৰত বিচাৰ কৰি তলত দিয়া শব্দবোৰৰ শুদ্ধ ৰূপটো লিখা।
ধৰন, মৰন, বিশেষন, ভীষন, মসৃন, মৃনাল
উত্তৰঃ
| ধৰন | ধৰণ |
| মৰন | মৰণ |
| বিশেষন | বিশেষণ |
| ভীষন | ভীষণ |
| মসৃন | মসৃণ |
| মৃনাল | মৃণাল |
১০/ তলত থকা শব্দবোৰ ণত্ব বিধি অনুসৰি বিশ্লেষণ কৰি সিপিঠিৰ তালিকাখনৰ উপযুক্ত ঠাইত বহুওৱা -
| সম্ভাষণ, কাৰণ, তোষণ, প্ৰাণ, মসৃণ, তৃণ, ঋণ, ভূষণ, তৰ্পণ, কৰ্ণ, ঘৃণা, তোৰণ, ঘ্ৰাণ, ধৰণী |
উত্তৰঃ
| 'ঋ' থকা বাবে | 'ৰ' থকা বাবে | 'ষ' থকা বাবে |
|---|---|---|
| মসৃণ, তৃণ, ঋণ, ঘৃণা | কাৰণ, প্ৰাণ, তৰ্পণ, কৰ্ণ, তোৰণ, ঘ্ৰাণ, ধৰণী | সম্ভাষণ, তোষণ, ভূষণ |
১১/ তলৰ বাক্যশাৰীত ভাব বহলাই লিখা।
(ক) সজ কাৰ্যৰ সজ ফল, অসজ কাৰ্যৰ অসজ ফল
(খ) ৰাইজে নখ জোকাৰিলে নৈ বয়
উত্তৰঃ
(ক) "সজ কাৰ্যৰ সজ ফল, অসজ কাৰ্যৰ অসজ ফল" — এই বাক্যশাৰীৰ অৰ্থ হ'ল যে মানুহে যদি যিকোনো কাম মনোযোগ, পৰিশ্ৰম আৰু সততাৰে কৰে, তেন্তে তাৰ ফল সদায় ভাল হয়। কিন্তু যদি কামটো অসৎভাৱে কৰে, তেন্তে তাৰ ফল বেয়া হয়। অৰ্থাৎ মানুহে যি ধৰণে কাম কৰে, ফলও সেই ধৰণৰেই পায়।
(খ) "ৰাইজে নখ জোকাৰিলে নৈ বয়" — এই বাক্যশাৰীয়ে বুজায় যে ঐক্য আৰু একতাই শক্তি। মানুহে যদি একেলগে এক উদ্দেশ্যেৰে কাম কৰে, তেন্তে কঠিন কামো সহজে সম্পন্ন হয়। অৰ্থাৎ সকলোৱে মিলি কাম কৰিলে অসম্ভৱ কামো সম্ভৱ হয়।