Class 6 | পাঠ - ১১ মাইনুৰ টন্‌ছিলাইটিছ | Assamese - Questions & Answers | Assam SCERT Book 2025-26

১/ তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা -

সদায় দাঁত-মুখ কিয় পৰিষ্কাৰকৈ ধুব লাগে?

(ক) খোৱা বস্তু ডিঙিত লাগি ধৰাৰ সম্ভাৱনা থকাৰ বাবে

(খ) বীজাণুৱে বাহ লোৱাৰ সম্ভাৱনা থকাৰ বাবে

(গ) শুকান কাহ হোৱাৰ সম্ভাৱনা থকাৰ বাবে

(ঘ) ডিঙিত বগা চামনি পৰাৰ সম্ভাৱনা থকাৰ বাবে

উত্তৰঃ (খ) বীজাণুৱে বাহ লোৱাৰ সম্ভাৱনা থকাৰ বাবে


মুনটি আৰু জোনটিৰ মনটো কিয় বেয়া লাগি আছিল?

(ক) মাইনুৰ জ্বৰ আৰু ডিঙিৰ বিষ হোৱাৰ বাবে

(খ) নয়ন খুৰাই আইচক্ৰীম খুৱাব বাবে

(গ) মাইনু স্কুললৈ নোযোৱাৰ বাবে

(ঘ) পেহীয়েকে সিহঁতক ধম্‌কি দিয়াৰ বাবে

উত্তৰঃ (ক) মাইনুৰ জ্বৰ আৰু ডিঙিৰ বিষ হোৱাৰ বাবে

 

২/ তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ল'লা? তোমাৰ সহপাঠীৰ লগত আলোচনা কৰি কোৱা।

উত্তৰঃ মই প্ৰথম প্ৰশ্নটোৰ (খ) উত্তৰটো শুদ্ধ বুলি বাছি ল'লো, কাৰণ সদায় দাঁত-মুখ পৰিষ্কাৰ নকৰিলে মুখত বীজাণুৱে বাহ লোৱাৰ সম্ভাৱনা থাকে। যাৰ ফলত নানা ৰোগৰ সৃষ্টি হ'ব পাৰে। সেয়েহে, আমি সদায় দাঁত-মুখ পৰিষ্কাৰ কৰি ৰাখিব লাগে।

আনহাতে, দ্বিতীয় প্ৰশ্নটোৰ ক্ষেত্ৰত (ক) উত্তৰটো শুদ্ধ বুলি বাছি ল'লো, কাৰণ পাঠটি স্পষ্টকৈ উল্লেখ কৰিছে যে মাইনুৰ জ্বৰ আৰু ডিঙিৰ বিষ হৈছে আৰু এই কথাটো গম পাই মুনটি আৰু জোনটিৰ মনটো বেয়া লাগিছিল।

 

৩/ তলত দিয়া শব্দবোৰ অৰ্থৰ সৈতে মিলোৱা —

শব্দ অৰ্থ
সাৰ্থক শৰীৰৰ জোৰা উখহা এবিধ ৰোগ
খুক্‌খুকাই বস্তুৰ ওপৰত পৰা তৰপ
গ্ৰন্থি বৰকৈ মুখ নেমেলাকৈ মৰা হাঁহি
আক্ৰান্ত অতি কম সময়ৰ ভিতৰত, লৰালৰিকৈ
চামনি জীৱৰ কোষৰ পৰা হৰম'ন ওলোৱা অংশ
পটক্‌কৈ উদ্দেশ্য সিদ্ধি হোৱা, সফল
বাতবিষ পীড়িত

উত্তৰঃ

শব্দ অৰ্থ
সাৰ্থক উদ্দেশ্য সিদ্ধি হোৱা, সফল
খুক্‌খুকাই বৰকৈ মুখ নেমেলাকৈ মৰা হাঁহি
গ্ৰন্থি জীৱৰ কোষৰ পৰা হৰম'ন ওলোৱা অংশ
আক্ৰান্ত পীড়িত
চামনি বস্তুৰ ওপৰত পৰা তৰপ
পটক্‌কৈ অতি কম সময়ৰ ভিতৰত, লৰালৰিকৈ
বাতবিষ শৰীৰৰ জোৰা উখহা এবিধ ৰোগ


৪/ তলত দিয়া প্রশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা।

(ক) মাইনু স্কুললৈ কিয় যোৱা নাছিল?

উত্তৰঃ মাইনুৰ জ্বৰ আৰু ডিঙিৰ বিষ হোৱা বাবে স্কুললৈ যোৱা নাছিল।

(খ) মাইনুক ঠাণ্ডাপানী খাবলৈ কিয় মানা কৰা হৈছিল?

উত্তৰঃ ডাক্তৰ পেহীয়ে তাইক ঠাণ্ডাপানী খাবলৈ মানা কৰিছিল কাৰণ ঠাণ্ডাপানী খালে মাইনুৰ ডিঙিৰ বিষ আৰু জ্বৰ বাঢ়ি তাইৰ অৱস্থা সাংঘাতিক হ'ব পাৰে।

(গ) মাইনুক কোনে জোকাইছিল?

উত্তৰঃ মাইনুক মুনটি আৰু জোনটিয়ে জোকাইছিল।

(ঘ) টন্‌ছিল কি?

উত্তৰঃ টন্‌ছিল হ'ল আমাৰ মুখৰ ভিতৰত থকা দুটা গুটি সদৃশ গ্ৰন্থি। ইহঁতে আমাৰ দেহটোক ৰোগৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে। কিন্তু, কেতিয়াবা ইহঁতো নিজে বীজাণুৰ দ্বাৰা আক্ৰান্ত হয়। তেতিয়া ইহঁত উখহি উঠে, ৰঙা পৰে আৰু বিষায়। টন্‌ছিলৰ অসুখ হ'লে জ্বৰ উঠে আৰু ডিঙিৰ বিষ হয়। ইয়াকে 'টন্‌ছিলাইটিছ' বুলি কোৱা হয়।

(ঙ) টন্‌ছিলাইটিছ হোৱাৰ মূল কাৰণ কি?

উত্তৰঃ টন্‌ছিলাইটিছ হোৱাৰ মূল কাৰণ হ'ল - 

  • উশাহৰ ফলত বীজাণু মুখৰ ভিতৰলৈ সোমাই গৈ সংক্ৰমিত কৰিলে।
  • সদায় দাঁত-মুখ ভালদৰে পৰিষ্কাৰ নকৰিলে।
  • হাতখন পৰিষ্কাৰ কৰি নাৰাখিলে।


(চ) টন্‌ছিলাইটিছৰ বীজাণু শৰীৰত কেনেদৰে প্ৰৱেশ কৰে?

উত্তৰঃ টন্‌ছিলাইটিছৰ বীজাণু কেতিয়াবা উশাহৰ দ্বাৰা শৰীৰত প্ৰৱেশ কৰিব পাৰে। ইয়াৰোপৰি হাত, দাঁত-মুখ ভালদৰে পৰিষ্কাৰ নকৰিলে আমাৰ শৰীৰটো সংক্ৰমিত হ'ব পাৰে।

 

৫/ তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা।

(ক) টন্‌ছিলাইটিছ হ'লে আমাৰ শৰীৰত কি কি লক্ষণে দেখা দিয়ে?

উত্তৰঃ টন্‌ছিলাইটিছ হ'লে টন্‌ছিল গ্ৰন্থি দুটা উখহি উঠে, ৰঙা পৰে আৰু বিষায়। ইয়াৰ ফলত আমাৰ জ্বৰ উঠে আৰু ডিঙিৰ বিষ হয়।

(খ) টন্‌ছিলাইটিছৰ পৰা হাত সাৰি থাকিবলৈ আমি কেনেধৰণৰ সাৱধানতা ল'ব লাগে?

উত্তৰঃ টন্‌ছিলাইটিছৰ পৰা হাত সাৰি থাকিবলৈ আমি হাত, দাঁত-মুখ ভালদৰে পৰিষ্কাৰ কৰি ৰাখিব লাগিব। 

 

৬/ কোনে, কাক আৰু কিয় কৈছিল লিখা।

(ক) "তোমালোকে মাইনুক কিয় জোকাইছা?"

উত্তৰঃ উক্ত বাক্যশাৰী ডাক্তৰ পেহীয়ে মুনটি আৰু জোনটিক কৈছিল, কাৰণ সিহঁতে অসুস্থ মাইনুক বৰ অশান্তি দি আছিল।

(খ) "মাইনুৰ টন্‌ছিল দুটা কেতিয়া কাটিবা?"

উত্তৰঃ উক্ত বাক্যশাৰী জোনটিয়ে ডাক্তৰ পেহীয়েকক কৈছিল, কাৰণ জোনটিয়ে অসুস্থ মাইনুক ভয় খুৱাবলৈ চেষ্টা কৰিছিল।

(গ) "টন্‌ছিলাইটিছ হ'লে পনীয়া আহাৰ খাব লাগে।"

উত্তৰঃ উক্ত বাক্যশাৰী ডাক্তৰ পেহীয়ে মুনটিক কৈছিল, কাৰণ ডাক্তৰ পেহীয়ে মুনটিৰ লগতে জোনটি আৰু মাইনুক টন্‌ছিলাইটিছ হ'লে কেনেদৰে সাৱধানতা অৱলম্বন কৰিব লাগে তাৰ বিষয়ে উপদেশ দিছিল।

 

৭/ পাঠটোৰ পৰা যুক্তাক্ষৰযুক্ত শব্দবোৰ বিচাৰি উলিয়াই তলত দিয়া তালিকাখন পূৰ কৰা। লগতে যুক্তাক্ষৰবোৰত কি কি বৰ্ণ যোগ হৈ আছে ভাঙি দেখুওৱা —

শব্দ যুক্তাক্ষৰ কি কি বৰ্ণ যোগ হৈ আছে
স্কুল স্ক স্‌ + ক
আক্ৰান্ত ক্ৰ, ন্ত ক্‌ + ৰ, ন্‌ + ত

উত্তৰঃ

শব্দ যুক্তাক্ষৰ কি কি বৰ্ণ যোগ হৈ আছে
স্কুল স্ক স্‌ + ক
আক্ৰান্ত ক্ৰ, ন্ত ক্‌ + ৰ, ন্‌ + ত
জ্বৰ জ্ব জ্‌ + ব
ডাক্তৰ ক্ত ক্‌ + ত
ঠাণ্ডা ণ্ড ণ্‌ + ড
বস্তু স্তু স্‌ + ত + উ
বন্ধ ন্ধ ন্‌ + ধ
কিন্তু ন্তু ন্‌ + ত + উ
কান্দি ন্দ ন্‌ + দ
অৱস্থা স্থ স্‌ + থ
দুষ্ট ষ্ট ষ্‌ + ট
অসম্ভৱ ম্ভ ম্ + ভ
গ্ৰন্থি ন্থ ন্‌ + থ
পৰিষ্কাৰ ষ্ক ষ্‌ + ক
এন্টিবায়টিক ন্ট ন্‌ + ট


৮/ তলত দিয়া দফা দুটাৰ উপযুক্ত স্থানত যতি চিহ্ন বহুওৱা আৰু পঢ়া -

(ক) বীজাণুবোৰ আমাৰ উশাহত ভিতৰলৈ সোমায় কেতিয়াবা মুখৰ ভিতৰখন পৰিষ্কাৰ কৰি নথ'লেও বীজাণুৱে বাহ ল'ব পাৰে গতিকে পুৱা গধূলি সদায় দাঁত মুখ পৰিষ্কাৰকৈ ধুব লাগে টন্‌ছিলাইটিছ হ'লে ডিঙিৰ ভিতৰখন বিষায় যিকোনো বস্তু খালে ডিঙিত লাগি ধৰা যেন লাগে জ্বৰ থাকেই শুকান কাহো হয় জিভাখনত বগা চামনিও পৰিব পাৰে মুখ গোন্ধায়

(খ) মুখ গোন্ধায় বুলি কোৱাৰ লগে লগে মুনটিয়ে মাইনুক চিঞৰি ক'লে মাইনু মই কওঁ নহয় সদায় দাঁত ব্ৰাছ কৰি মুখ পৰিষ্কাৰকৈ ধুবলৈ এতিয়া মজা পাইছা ডাক্তৰ পেহী তাৰ পাছত কোৱা

উত্তৰঃ

(ক) "বীজাণুবোৰ আমাৰ উশাহত ভিতৰলৈ সোমায়। কেতিয়াবা মুখৰ ভিতৰখন পৰিষ্কাৰ কৰি নথ'লেও বীজাণুৱে বাহ ল'ব পাৰে। গতিকে পুৱা-গধূলি সদায় দাঁত-মুখ পৰিষ্কাৰকৈ ধুব লাগে। টন্‌ছিলাইটিছ হ'লে ডিঙিৰ ভিতৰখন বিষায়। যিকোনো বস্তু খালে ডিঙিত লাগি ধৰা যেন লাগে। জ্বৰ থাকেই। শুকান কাহো হয়। জিভাখনত বগা চামনিও পৰিব পাৰে। মুখ গোন্ধায়।"

(খ) মুখ গোন্ধায়।" বুলি কোৱাৰ লগে লগে মুনটিয়ে মাইনুক চিঞৰি ক'লে - "মাইনু মই কওঁ নহয় সদায় দাঁত ব্ৰাছ কৰি মুখ পৰিষ্কাৰকৈ ধুবলৈ। এতিয়া মজা পাইছা! ডাক্তৰ পেহী তাৰ পাছত কোৱা।"


৯/ তলত দিয়া শব্দকেইটা প্ৰয়োগ কৰি বাক্য ৰচনা কৰা —

বীজাণু, সাৰ্থক, পৰিষ্কাৰ, আক্ৰান্ত, অসুখ, ঠাণ্ডা

উত্তৰঃ

বীজাণু — বতাহত বহুতো বীজাণু উপঙি থাকে। 

সাৰ্থক — কঠোৰ পৰিশ্ৰমে জীৱনক সাৰ্থক কৰি তোলে।

পৰিষ্কাৰ — আমি সদায় পৰিষ্কাৰকৈ থাকিব লাগে।

আক্ৰান্ত — দুদিন ধৰি প্ৰানজিৎ জ্বৰত আক্ৰান্ত হৈ আছে।

অসুখ — অসুখ হ'লে আমি ডাক্তৰৰ ওচৰলৈ যাব লাগে।

ঠাণ্ডা — আজি ৰাতিপুৱা বহুত ঠাণ্ডা পৰিছে। 

Next Post Previous Post