Class 6 | Chapter-8 জীৱ আৰু ইয়াৰ বৈশিষ্ট্যসমূহ (Organism and Its Characteristics) | Questions & Answers | Assam SCERT Book 2025-26
শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।
1. তলত দিয়া কোনবিধৰ বৃদ্ধি নহয়?
(a) গছ
(b) চাইকেল
(c) শিশু
(d) পখিলা
Answer: (b) চাইকেল
2. বীজৰ অংকুৰণত তলত দিয়া কোনবিধৰ প্ৰয়োজন?
(a) পোহৰ
(b) প্রয়োজনীয় উষ্ণতা
(c) সাৰ
(d) পানী
Answer: (d) পানী
3. মাছে কিহৰ সহায়ত পানীত সাঁতুৰি ফুৰে?
(a) ফান
(b) ডেউকা
(c) নেজ
(d) ঠেং
Answer: (a) ফান
4. তলৰ কোনবিধ প্রাণী মাটি আৰু পানী উভয়তে থাকিব পাবে?
(a) মাছ
(b) ভেকুলী
(c) শিয়াল
(d) তিমি মাছ
Answer: (b) ভেকুলী
5. তলত দিয়া কোনবিধ গছৰ পাত স্পর্শ কৰিলে জাপ খাই যায়?
(a) আমলখি
(b) সূৰ্যমুখী ফুল
(c) লাজুকী লতা
(d) কলচী উদ্ভিদ
Answer: (c) লাজুকী লতা
6. মহে ক'ত কণী পাৰে?
(a) বন্ধ পানীত
(b) পাতৰ তলত
(c) মাটিত
(d) নদীত
Answer: (a) বন্ধ পানীত
7. লালুকীৰ গাত তলৰ কোনটো দেখা যায়?
(a) ঠেং আৰু জলক্লোম
(b) নেজ আৰু জলক্লোম
(c) হাঁওফাঁও আৰু নেজ
(d) কেৱল জলক্লোম
Answer: (b) নেজ আৰু জলক্লোম
8. A স্তম্ভৰ লগত B স্তম্ভ মিলোৱা -
| স্তম্ভ-A | স্তম্ভ-B |
|---|---|
| (a) ফুল ফুলা | (i) দেহৰ ভিতৰলৈ আৰু বাহিৰলৈ বায়ুৰ আদান-প্রদান |
| (b) ৰেচন | (ii) ওপৰলৈ বাঢ়ে |
| (c) কাণ্ড | (iii) গাৰ পৰা ওলোৱা পানী আৰু বর্জনীয় দ্রব্য |
| (d) শ্বাস-প্রশ্বাস | (iv) উদ্ভিদৰ চলন |
Answer:
| স্তম্ভ-A | স্তম্ভ-B |
|---|---|
| (a) ফুল ফুলা | (iv) উদ্ভিদৰ চলন |
| (b) ৰেচন | (iii) গাৰ পৰা ওলোৱা পানী আৰু বর্জনীয় দ্রব্য |
| (c) কাণ্ড | (ii) ওপৰলৈ বাঢ়ে |
| (d) শ্বাস-প্রশ্বাস | (i) দেহৰ ভিতৰলৈ আৰু বাহিৰলৈ বায়ুৰ আদান-প্রদান |
9. উপযুক্ত শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা-
(a) বীজৰ ভিতৰত থকা সৰু ______ ৰ পৰা এজোপা পূর্ণাঙ্গ গছ হয়।
Answer: বীজৰ ভিতৰত থকা সৰু ভ্ৰুণ ৰ পৰা এজোপা পূর্ণাঙ্গ গছ হয়।
(b) সকলো জীৱই ______ প্রতি সঁহাৰি জনায়।
Answer: সকলো জীৱই উদ্দীপকৰ প্রতি সঁহাৰি জনায়।
(c) ______ পূর্ণাঙ্গ মহলৈ পৰিৱৰ্তন হয়।
Answer: পিউপা বা লেটা পূর্ণাঙ্গ মহলৈ পৰিৱৰ্তন হয়।
(d) চৰাই উৰিব পাৰে, ই হৈছে ______ ৰ এটা বৈশিষ্ট্য।
Answer: চৰাই উৰিব পাৰে, ই হৈছে চলন ৰ এটা বৈশিষ্ট্য।
(e) সময়ৰ লগে লগে জীৱৰ ______ হয়।
Answer: সময়ৰ লগে লগে জীৱৰ বৃদ্ধি হয়।
(f) মহে ______ আৰু ______ বেমাৰৰ বীজাণু কঢ়িযায়।
Answer: মহে মেলেৰিয়া আৰু ডেংগু বেমাৰৰ বীজাণু কঢ়িযায়।
(g) ভেকুলী এবিধ ______ প্রাণী।
Answer: ভেকুলী এবিধ উভচৰ প্রাণী।
10. ভেকুলীৰ জীৱন চক্রত পোৱা স্তৰসমূহ শুদ্ধ ক্রমত লিখা।
(a) কণী - লালুকী - পোৱালি ভেকুলী - ভেকুলী
(b) পোৱালি ভেকুলী - ভেকুলী - লালুকী - কণী
(c) কণী - পোৱালি ভেকুলী - লালুকী - ভেকুলী
(d) লালুকী - পোৱালি ভেকুলী - কণী - ভেকুলী
Answer: (a) কণী - লালুকী - পোৱালি ভেকুলী - ভেকুলী
11. পূর্ণাঙ্গ ভেকুলীয়ে কিহৰ সহায়ত উশাহ-নিশাহ লয়? হাঁওফাঁও নে জলক্লোম?
Answer: পূর্ণাঙ্গ ভেকুলীয়ে হাঁওফাঁও সহায়ত উশাহ-নিশাহ লয়।
12. জীৱসমূহৰ মূল তিনিটা বৈশিষ্ট্য কি কি?
Answer: জীৱসমূহৰ মূল তিনিটা বৈশিষ্ট্য হৈছে –
- বৃদ্ধি
- শ্বাস-প্ৰশ্বাস
- প্ৰজনন
13. বহু প্রাণীৰ দৰে গাড়ী এখনো চলনক্ষম হোৱাৰ সত্বেও ইয়াক জড় বুলি গণ্য কৰা হয় কিয়?
Answer: গাড়ী চলনক্ষম হয় যদিও –
- গাড়ীয়ে শ্বাস-প্ৰশ্বাস ল'ব নোৱাৰে।
- গাড়ীৰ বৃদ্ধি নহয়।
- গাড়ীয়ে প্ৰজনন কৰিব নোৱাৰে।
সেয়ে গাড়ীক জড় বস্তু বুলি গণ্য কৰা হয়।
14. জীৱৰ বাবে বংশ বৃদ্ধিৰ কিয় প্রয়োজন?
Answer: জীৱৰ বাবে বংশ বৃদ্ধি অতি প্ৰয়োজনীয়, কাৰণ ইয়াৰ দ্বাৰা জীৱই নিজৰ প্ৰজাতিক আগলৈ নিয়াৰ সুযোগ পায়। যদি বংশ বৃদ্ধি নহয়, তেন্তে সেই প্ৰজাতি শেষ হৈ যাব। সেয়ে বংশ বৃদ্ধি হৈছে জীৱৰ প্ৰজাতি ৰক্ষা কৰাৰ এক প্ৰাকৃতিক আৰু আৱশ্যকীয় প্ৰক্ৰিয়া।
15. ভেকুলীৰ জীৱনচক্ৰৰ বিভিন্ন দশাসমূহৰ নাম লিখা।
Answer: ভেকুলীৰ জীৱনচক্ৰৰ বিভিন্ন দশা হৈছে –
কণী → লালুকী → পোৱালি ভেকুলী → পূৰ্ণাঙ্গ ভেকুলী
16. মহৰ জীৱনচক্ৰৰ ছবি আঁকা।
Answer:
