Class 6 | পাঠ ১ - আমাৰ দেশ | Assamese - Questions & Answers | Assam SCERT Book 2026-27
১/ তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা —
কবিতাটোত আমাৰ দেশৰ 'মূৰৰ মুকুট' বুলি কাক কোৱা হৈছে?
(ক) লুইতৰ
(খ) দেৱভূমিৰ
(গ) হিমালয়ৰ
(ঘ) পাটকাইৰ
উত্তৰঃ (গ) হিমালয়ৰ
কবিয়ে আমাৰ দেশক দেৱভূমিৰ লগত কিয় তুলনা কৰিছে?
(ক) হিমালয় পৰ্বত আমাৰ দেশৰ শিৰত মুকুট হিচাপে থকাৰ বাবে।
(খ) আমাৰ দেশখন ধনে-ধানে, ৰূপে-ৰসে-গীতে ভৰি থকাৰ বাবে।
(গ) পুৰাণ, মহাভাৰতত আমাৰ দেশখনক দেৱভূমিৰূপে বৰ্ণনা কৰাৰ বাবে।
(ঘ) আমাৰ দেশখন পাহাৰ-পৰ্বত, নদ-নদী আদিৰে ভৰি থকাৰ বাবে।
উত্তৰঃ (গ) পুৰাণ, মহাভাৰতত আমাৰ দেশখনক দেৱভূমিৰূপে বৰ্ণনা কৰাৰ বাবে।
২/ তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা।
উত্তৰঃ দ্বিতীয় প্ৰশ্নত (গ) উত্তৰটো শুদ্ধ বুলি বাছি লোৱাৰ কাৰণ হ’ল — আমাৰ দেশখন বহু প্ৰাচীন গ্ৰন্থ যেনে পুৰাণ আৰু মহাভাৰতত দেৱভূমিৰূপে বৰ্ণনা কৰা হৈছে। এই গ্ৰন্থসমূহত দেশখনৰ পবিত্ৰতা, ধৰ্মীয় গুৰুত্ব আৰু ঐতিহ্যৰ কথা উল্লেখ আছে। সেইবাবে কবিয়ে দেশখনক দেৱভূমিৰ লগত তুলনা কৰিছে।
৩/ তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা।
(ক) কবিয়ে কোন ঠাইত অৰুণ উদয় হোৱা বুলি উল্লেখ কৰিছে?
উত্তৰঃ কবিয়ে পাটকাই পৰ্বতত অৰুণ উদয় হোৱা বুলি উল্লেখ কৰিছে।
(খ) কবিয়ে অমৃতধাৰা ক’ত বৈছে বুলি কৈছে?
উত্তৰঃ কবিয়ে অসম মাতৃৰ বুকুত অমৃতধাৰা বৈছে বুলি কৈছে।
(গ) কিহে অসমী আইৰ গাৰ জেউতি চৰায়?
উত্তৰঃ শুকুলা পাটৰ ৰিহা-মেখেলাই অসমী আইৰ গাৰ জেউতি চৰায়।
(ঘ) দেৱভূমি বুলি কবিয়ে কোনখন ঠাইৰ কথা কৈছে?
উত্তৰঃ দেৱভূমি বুলি কবিয়ে আমাৰ ভাৰত দেশৰ কথা কৈছে।
(ঙ) কবিয়ে অসমী আইক কিহৰ সাতসৰী পিন্ধা বুলি কৈছে?
উত্তৰঃ কবিয়ে অসমী আইক জান-জুৰিয়ে সজোৱা সাতসৰী পিন্ধাৰ কথা কৈছে।