Class 6 | Chapter-10 উষ্ণতা আৰু ইয়াৰ জোখ (Temperature and Its Measurement) | Questions & Answers | Assam SCERT Book 2025-26

শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।

1. কাষৰ চিত্ৰৰ থাৰ্ম'মিটাৰে দেখুওৱা সঠিক পাঠটো কি?

(a) 15.0°C

(b) 36.0°C

(c) 25.0°C

(d) 32.0°C

Answer: (c) 25.0°C



2. ক্লিনিকেল থাৰ্ম'মিটাৰৰ পৰিসৰ কিমান?

(a) 35°C to 42°C

(b) 32°C to 45°C

(c) -10°C to 110°C

(d) -10°C to 100°C

Answer: (a) 35°C to 42°C



3. মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান?

(a) 98.6°C

(b) 34.0°C

(c) 37.0°C

(d) 37.0°F

Answer: (c) 37.0°C


4. খালী ঠাই পূৰ কৰা।

(a) কোনো বস্তুৰ উত্তাপ তাৰ ______ ৰ দ্বাৰা নির্ধাৰণ কৰা হয়।

Answer: কোনো বস্তুৰ উত্তাপ তাৰ উষ্ণতা ৰ দ্বাৰা নির্ধাৰণ কৰা হয়।

(b) উতলা পানীৰ উষ্ণতা ______ থাৰ্ম'মিটাৰেৰে জুখিব নোৱাৰি।

Answer: উতলা পানীৰ উষ্ণতা ক্লিনিকেল থাৰ্ম'মিটাৰেৰে জুখিব নোৱাৰি।

(c) উষ্ণতা জোখা হয় ডিগ্ৰী ______ ত।

Answer: উষ্ণতা জোখা হয় ডিগ্ৰী ছেলছিয়াছ ত।

5. 'ক' অংশৰ সৈতে 'খ' অংশ মিলোৱা —

'ক' অংশ 'খ' অংশ
(i) উষ্ণতাৰ এছ আই একক (a) 100°C
(ii) মানৱ শৰীৰৰ স্বাভাৱিক উষ্ণতা (b) -10°C to 110°C
(iii) পৰীক্ষাগাৰৰ থাৰ্ম'মিটাৰৰ পৰিসৰ (c) 37°C বা 98.6 °F
(iv) উতলা পানীৰ উষ্ণতা (d) কেলভিন

Answer:

'ক' অংশ 'খ' অংশ
(i) উষ্ণতাৰ এছ আই একক (d) কেলভিন
(ii) মানৱ শৰীৰৰ স্বাভাৱিক উষ্ণতা (c) 37°C বা 98.6 °F
(iii) পৰীক্ষাগাৰৰ থাৰ্ম'মিটাৰৰ পৰিসৰ (b) -10°C to 110°C
(iv) উতলা পানীৰ উষ্ণতা (a) 100°C

 

6. পৰীক্ষাগাৰৰ থাৰ্ম'মিটাৰ আৰু ক্লিনিকেল থাৰ্ম'মিটাৰৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্য উল্লেখ কৰা।

Answer:

সাদৃশ্য —

(a) দুয়োবিধ থাৰ্ম'মিটাৰৰ সহায়ত উষ্ণতা জোখা হয়।

(b) দুয়োবিধ থাৰ্ম'মিটাৰৰ এমূৰত এটা পাৰা (Mercury) ৰ বাল্ব থাকে।

(c) দুয়োবিধ থাৰ্ম'মিটাৰত ছেলছিয়াছ স্কেলত দাগ কটা থাকে।

 

বৈসাদৃশ্য —

(a) পৰীক্ষাগাৰৰ থাৰ্ম'মিটাৰৰ দ্বাৰা -10°C ৰ পৰা 110°C লৈ উষ্ণতা জুখিব পাৰি। আনহাতে ক্লিনিকেল থাৰ্ম'মিটাৰৰ দ্বাৰা 35°C ৰ পৰা 42°C লৈ উষ্ণতা জুখিব পাৰি।

(b) ক্লিনিকেল থাৰ্ম'মিটাৰৰ বাল্বৰ কাষত এটা ভাঁজ (Kink) থাকে যিটো পৰীক্ষাগাৰৰ থাৰ্ম'মিটাৰত নাথাকে।


7. আমি কিয় পৰীক্ষাগাৰৰ থাৰ্ম'মিটাৰ ব্যৱহাৰ কৰি আমাৰ শৰীৰৰ উষ্ণতা জুখিব নোৱাৰোঁ?

Answer: আমি পৰীক্ষাগাৰৰ থাৰ্ম'মিটাৰ ব্যৱহাৰ কৰি আমাৰ শৰীৰৰ উষ্ণতা জুখিব নোৱাৰোঁ, কাৰণ —

(a) পৰীক্ষাগাৰৰ থাৰ্ম'মিটাৰৰ উষ্ণতাৰ পৰিসৰ -10°C ৰ পৰা 110°C হোৱা বাবে ই সূক্ষ্ম জোখবোৰ দিব নোৱাৰে।

(b) পৰীক্ষাগাৰৰ থাৰ্ম'মিটাৰ দীঘল বাবে সহজে ভাঙিব পাৰে।

(c) পৰীক্ষাগাৰৰ থাৰ্ম'মিটাৰত কোনো  ভাঁজ (Kink) নাথাকে, সেয়েহে থাৰ্ম'মিটাৰটো তুলি লওঁতেই পাৰা নামি যায়, যাৰ ফলত সঠিক জোখ পাব নোৱাৰি।

 

8. তলত দিয়া উষ্ণতাৰ পাঠ অনুসৰি থাৰ্ম'মিটাৰৰ নিম্নোক্ত চিত্ৰত পাৰাৰ দাগ চিহ্নিত কৰা।

Answer: তোমালোকে নিজে কৰিবা। 

Next Post Previous Post