Class 6 | Chapter-11 পানীৰ বিভিন্ন অৱস্থা (Different States of Water) | Questions & Answers | Assam SCERT Book 2025-26

1. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা —

I. মেঘ বা ডাৱৰ সৃষ্টিৰ মূল কাৰণটো হ'ল —

(a) বাষ্পীভৱন

(b) ঘনীভৱন

(c) অধঃক্ষেপণ

(d) বাষ্পীভৱন বা ঘনীভৱন

Answer: (b) ঘনীভৱন

 

II. ঘনীভৱনৰ ফলত কি হয়?

(a) পানীৰ পৰা জলীয় বাষ্পলৈ পৰিবর্তন

(b) জলীয় বাষ্পৰ পৰা পানীৰ কণিকা

(c) পানীৰ কণিকাৰ পৰা মেঘ গঠন

(d) মেঘৰ পৰা বৰষুণ

Answer:  (b) জলীয় বাষ্পৰ পৰা পানীৰ কণিকা


III. বাষ্পীভৱনৰ ফলত কি হয়।

(a) জলীয় বাষ্পৰ পৰা পানী

(b) পানীৰ পৰা জলীয় বাষ্পলৈ পৰিৱর্তন

(c) পানীৰ পৰা বৰফলৈ পৰিৱর্তন

(d) পানীৰ কণিকাৰ পৰা মেঘ গঠন

Answer: (b) পানীৰ পৰা জলীয় বাষ্পলৈ পৰিৱর্তন


2. খালী ঠাই পূৰ কৰা —

(I) ৰ'দত তিতা কাপোৰ শুকোৱা প্রক্রিয়াটো হ'ল ______।

(II) পানীৰ গোটা অৱস্থা হ'ল ______ আৰু গেছীয় অৱস্থা হ'ল ______।

(III) বায়ুমণ্ডল অতি ঠাণ্ডা হলে পানীৰ সৰু টোপালবোৰ ______ লৈ পৰিণত হয়।

(IV) আকৃতিৰ পৰিৱৰ্তন নোহোৱা পানীৰ অৱস্থাটোৰ নাম হ'ল  ______।

(V) ______ প্ৰক্ৰিয়াৰ ফলত নিয়ৰৰ সৃষ্টি হয়।

Answer:

(I) ৰ'দত তিতা কাপোৰ শুকোৱা প্রক্রিয়াটো হ'ল বাষ্পীভৱন

(II) পানীৰ গোটা অৱস্থা হ'ল বৰফ আৰু গেছীয় অৱস্থা হ'ল বাষ্প

(III) বায়ুমণ্ডল অতি ঠাণ্ডা হলে পানীৰ সৰু টোপালবোৰ বৰফ লৈ পৰিণত হয়।

(IV) আকৃতিৰ পৰিৱৰ্তন নোহোৱা পানীৰ অৱস্থাটোৰ নাম হ'ল  গোটা অৱস্থা

(V) ঘনীভৱন প্ৰক্ৰিয়াৰ ফলত নিয়ৰৰ সৃষ্টি হয়।

 

3.তলত দিয়া ঘটনাবোৰ কি প্রক্রিয়াৰ লগত জড়িত (বাষ্পীভৱন বা ঘনীভৱন)?

(I) উত্তপ্ত লোৰ দণ্ড এডালত পানী ছটিয়ালে পানীৰ ভাপ ওলায়।

(II) বৰফযুক্ত ঠাণ্ডা পানী থকা গিলাচৰ পৃষ্ঠত পানীৰ টোপাল জমা হয়।

(III) মাটিৰ পাত্ৰত বা মাটিৰ পাত্রৰ কুলাৰত পানী বা খাদ্য সামগ্রী ৰাখিলে বহুদিনলৈ ভালে থাকে।

(IV) মাটিৰ কলহৰ পানী, ধাতুৰ পাত্ৰত ৰখা পানীতকৈ শীতল।

Answer:

(I) বাষ্পীভৱন

(II) ঘনীভৱন

(III) বাষ্পীভৱন

(IV) বাষ্পীভৱন


4. তলৰ উক্তিবোৰৰ কাৰণ ব্যাখ্যা কৰা।

(I) বৰষুণ দি থকা অৱস্থাত বা শীতকালত খিৰিকীবোৰ বন্ধ কৰি গাড়ী চলাই থাকিলে সম্মুখৰ আৰু খিৰিকীৰ আইনাবোৰ ধোঁৱা ধোঁৱা দেখি।

(II) শীতকালত বৰষুণ কম হয় বা নহয়।

(III) তিতা কাপোৰ ইষ্ট্ৰি কৰোঁতে পানীৰ ভাপ ওলায়।

(IV) ৰুটী টাৱাত প্রস্তুত কৰিলে ফুলি উঠে।

(V) ফেনৰ তলত তিতা কাপোৰ ৰাখিলে শুকায়।

Answer:

(I) বৰষুণৰ দিনত বা শীতকালত যদি গাড়ীৰ খিৰিকীবোৰ বন্ধ কৰি গাড়ী চলোৱা হয়, তেন্তে গাড়ীৰ ভিতৰৰ উষ্ণ আৰু আর্দ্ৰ বায়ু ঠাণ্ডা কাঁচৰ সংস্পৰ্শত আহিলে সেই বাষ্প ঘনীভূত হৈ কাঁচৰ ওপৰত ধোঁৱা ধোঁৱা ৰূপত পৰিণত হয়।

(II) শীতকালত বায়ুমণ্ডল ঠাণ্ডা হৈ থাকে বাবে বাষ্পীভৱনৰ পৰিমাণ কম হয়। ফলস্বৰূপে বায়ুমণ্ডলত জলীয় বাষ্পৰ পৰিমাণো কমি যায় আৰু মেঘ গঠন বা ঘনীভৱন কম হয়। সেই কাৰণে শীতকালত বৰষুণ সাধাৰণতে কম হয় বা কেতিয়াবা একেবাৰে নহয়।

(III) তিতা কাপোৰ ইষ্ট্ৰি কৰিলে কাপোৰত থকা পানী উত্তপ্ত হৈ বাষ্পত পৰিণত হয়। ফলত সেই পানী বাষ্প হৈ উৰি যায় আৰু কাপোৰ শুকাই যায়।

(IV) ৰুটী টাৱাত প্রস্তুত কৰিলে ফুলি উঠে কাৰণ, ৰুটীৰ ভিতৰত থকা পানী উত্তপ্ত হোৱাৰ ফলত বাষ্পত পৰিণত হয় আৰু সেই বাষ্পই ভিতৰৰ পৰা চাপ দিয়ে, যাৰ ফলত ৰুটী ফুলি উঠে।

(V) ফেনৰ তলত তিতা কাপোৰ ৰাখিলে ফেনৰ বতাহে তিতা কাপোৰত থকা পানীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাবোৰ উৰুৱাই নিয়ে আৰু বাষ্পীভৱন প্ৰক্ৰিয়া তীব্ৰ কৰি তোলে, যাৰ ফলত তিতা কাপোৰ সোনকালে শুকায়।


5. কাৰণ ব্যাখ্যা কৰা —

(I) ৰিফ্রেজাৰত থকা পানীৰ বটল বাহিৰত ৰাখিলে বটলৰ বাহিৰত পানীৰ কণিকা জমা হয়।

(II) বাষ্পীভৱন আৰু ঘনীভৱন নহলে জলচক্র নহয়।

Answer:

(I) ৰিফ্রেজাৰত থকা পানীৰ বটল বাহিৰত ৰাখিলে, বটলটোৰ ঠাণ্ডা পৃষ্ঠ বাহিৰৰ গৰম বায়ুৰ সংস্পৰ্শত আহি ঘনীভৱন হয়। ফলত বটলটোৰ বাহিৰত পানীৰ কণিকা জমা হয়।

(II) বাষ্পীভৱন আৰু ঘনীভৱন নহলে জলচক্র নহয়, কাৰণ দিনৰ ভাগত সূৰ্যৰ পোহৰত পুখুৰী, নদ-নদী, সাগৰ-মহাসাগৰৰ পানী বাষ্পীভৱন হৈ জলীয় বাষ্পৰ ৰূপত বায়ুমণ্ডলৰ ওপৰলৈ যায়। এই জলীয় বাষ্প ঘনীভূত হৈ পানীৰ কণিকা সৃষ্টি কৰি মেঘ বা ডাৱৰ গঠন কৰে আৰু এই মেঘৰ পৰা বৰষুণ হৈ পুনৰ ভূ-পৃষ্ঠত পৰে। যদি এই দুটা প্ৰক্ৰিয়া নহয়, তেন্তে জলচক্র বন্ধ হৈ পৰিব।

 

6. শীতকালত গছৰ পাতত নিয়ৰ দেখা পাওঁ কিয়?

Answer: শীতকালত বায়ুমণ্ডল অধিক চেঁচা হয় আৰু বায়ুত থকা জলীয় বাষ্প ঘনীভূত হৈ পানীৰ সৰু সৰু টোপালৰ সৃষ্টি কৰে। এই পানীৰ টোপালবোৰ গছৰ পাতত লাগি থাকে আৰু সেইবোৰকে আমি নিয়ৰ হিচাপে দেখা পাওঁ।

 

7. সূৰ্যৰ পোহৰত ভূ-পৃষ্ঠৰ পানীভাগ শুকাই যায় কিয়?

Answer: সূৰ্যৰ পোহৰত ভূ-পৃষ্ঠৰ পানীভাগ উত্তপ্ত হৈ বাষ্প হয়, ফলত পানীভাগ শুকাই যায়।

 

8. পানীৰ দৰে তিনিটা অৱস্থাত পাব পৰা এবিধ পদার্থৰ নাম লিখা।

Answer: কাৰ্বন-ডাই অক্সাইড (CO₂) হৈছে কঠিন, তৰল আৰু গেছীয় অৱস্থাত পাব পৰা এবিধ পদার্থ।


9. বাষ্পীভৱনত কি কি কাৰকে প্রভাৱিত কৰে?

Answer: বাষ্পীভৱনত  আৰ্দ্ৰতা, উষ্ণতা, বতাহ, পৃষ্ঠকালি আদি কাৰকে প্রভাৱিত কৰে। 


10. হাতত ছেনিটাইজাৰ লগালে হাতখনত ঠাণ্ডা লাগে কিয়?

Answer: হাতত ছেনিটাইজাৰ লগালে আমাৰ হাতখনত ঠাণ্ডা লাগে, কাৰণ ছেনিটাইজাৰত এলক'হল থাকে আৰু এলক'হল অতি সোনকালে বাষ্পীভূত হয়। এলক'হল বাষ্পীভূত হোৱাৰ সময়ত হাতৰ পৰা তাপ শোষণ কৰি লয়। ফলত হাতৰ তাপমান কমি যায় আৰু হাতখনত ঠাণ্ডা লাগে। 

Next Post Previous Post