Class 8 | Pollution of Air and Water | | Summary Notes | Assam SCERT Book 2025-26

1. Air is a mixture of gases that surrounds the Earth. The main components of air are nitrogen (78%), oxygen (21%), carbon dioxide (0.03%), and other gases in small amounts.
বায়ু হৈছে বিভিন্ন গেছৰ এটি মিশ্ৰণ, যি পৃথিৱীটোৰ চাৰিওফালে থাকে। বায়ুৰ মুখ্য উপাদানসমূহ হৈছে নাইট্ৰ'জেন (78%), অক্সিজেন (21%), কাৰ্বন-ডাই-অক্সাইড (0.03%) আৰু অতি কম পৰিমাণৰ অন্যান্য গেছ।

2. Air pollution is the presence of harmful substances in the air that can be dangerous to humans, animals, and the environment. It is mainly caused by smoke, dust, gases from vehicles, factories, and burning of waste.
বায়ু প্ৰদুষণ মানে হৈছে বায়ুত ক্ষতিকাৰক পদাৰ্থৰ উপস্থিতি, যি মানুহ, জীৱ-জন্তুৰ লগতে পৰিবেশৰ বাবে ক্ষতিকাৰক। বায়ু প্ৰদুষণ প্ৰধানকৈ ধোঁৱা, ধূলি, গাড়ী আৰু কাৰখানাৰ পৰা ওলোৱা গেছ, আৰু আৱর্জনা জ্বলোৱাৰ ফলত হয়।

3. The substances which contaminate the air are called air pollutants. Example - Carbon monoxide (CO), Carbon Dioxide (CO₂), Sulphur dioxide (SO₂), Nitrogen oxides (NOₓ), Particulate matter (PM2.5, PM10) etc.
যিবিলাক পদাৰ্থই বায়ু দূষিত কৰে, সেইবোৰ পদাৰ্থকে বায়ু প্ৰদূষক বোলা হয়। উদাহৰণ - কাৰ্বন মন’ক্সাইড (CO), কাৰ্বন-ডাই-অক্সাইড (CO₂), ছালফাৰ-ডাই-অক্সাইড (SO₂), নাইট্ৰ’জেন অক্সাইড (NOₓ), ধূলি কণিকা (PM2.5, PM10) আদি।

4. Carbon monoxide is produced from incomplete burning of fuels such as petrol and diesel. It is a poisonous gas. It reduces the oxygen-carrying capacity of the blood.
পেট্ৰ’ল আৰু ডিজেলৰ দৰে ইন্ধনৰ অৰ্ধদহনে কাৰ্বন-মন’ক্সাইড উৎপন্ন কৰে। ই এবিধ বিষাক্ত গেছ। ইয়ে তেজৰ অক্সিজেন কঢ়িওৱা ক্ষমতা কমায়।

5. Smog is an air pollutant that is formed when smoke and fog mix together. The smog causes breathing difficulties such as asthma, cough and wheezing in children.
ধুঁৱলী (Smog) হৈছে এবিধ বায়ু প্ৰদূষক, যি ধোঁৱা আৰু কুঁৱলী একেলগে মিশ্ৰিত হ'লে সৃষ্টি হয়। ধুঁৱলীৱে শ্বাস-প্ৰশ্বাসৰ বিভিন্ন ৰোগ যেনে - হাঁপানী, কফ আৰু সৰু ল'ৰা-ছোৱালীৰ শ্বাস-প্ৰশ্বাসত কষ্টৰ সৃষ্টি কৰে।

6. Chlorofluorocarbons (CFCs) are air pollutants that are used in refrigerators, air conditioners and aerosol sprays. CFCs damage the ozone layer of the atmosphere. The ozone layer protects us from harmful ultraviolet (UV) rays of the sun.
Chlorofluorocarbons (CFCs) হৈছে এবিধ বায়ু প্ৰদূষক, যিটো শীত নিয়ন্ত্ৰক যন্ত্ৰ, বাতানুকুল যন্ত্ৰ আৰু সুগন্ধি স্প্ৰে’ আদিত ব্যৱহাৰ কৰা হয়। CFCs বায়ুমণ্ডলৰ অ’জ’ন স্তৰ ধ্বংস কৰে। অ’জন স্তৰে সূৰ্যৰ পৰা অহা অনিষ্টকাৰী অতি বেঙুনীয়া ৰশ্মিৰ পৰা আমাক ৰক্ষা কৰে।

7. The Taj Mahal, made of white marble, is slowly turning yellow and getting damaged because of acid rain, which is produced from air pollutants like sulphur dioxide (SO₂) and nitrogen dioxide (NO₂). This phenomenon is also called "Marble Cancer".
তাজমহল বগা মাৰ্বলৰে নিৰ্মিত, এই মাৰ্বলবোৰ বায়ুত থকা প্ৰদূষক যেনে ছালফাৰ-ডাই-অক্সাইড (SO₂) আৰু নাইট্ৰ’জেন ডাই-অক্সাইড (NO₂) বোৰে এছিড বৰষুণ সৃষ্টি কৰি লাহে লাহে হালধীয়া আৰু ক্ষয় কৰি পেলাইছে। এই ঘটনাটোক "মাৰ্বল কেন্সাৰ" বোলা হয়।

8. Greenhouse Effect is the process by which certain gases in the Earth’s atmosphere trap heat from the Sun. This keeps the Earth warm and is necessary for life. Example of greenhouse gases - Carbon dioxide (CO₂), Methane (CH₄), Nitrous oxide (N₂O).
পৃথিৱীৰ বায়ুমণ্ডলৰ কিছুমান বিশেষ গেছে সূৰ্যৰ তাপ ধৰি ৰাখে, এই প্ৰক্ৰিয়াটোকে সেউজ গৃহ প্ৰভাৱ বোলে। এই প্ৰভাৱেই পৃথিৱীক উষ্ণ কৰি ৰাখে আৰু জীৱন বৰ্তাই ৰখাত সহায় কৰে। সেউজ গৃহ গেছৰ কিছুমান উদাহৰণ হ'ল - কাৰ্বন-ডাই-অক্সাইড (CO₂), মিথেন (CH₄), নাইট্ৰাছ অক্সাইড (N₂O)

9. Harmful Consequences of the Greenhouse Effect:
(a) Global Warming – Increase in Earth’s average temperature.
(b) Melting of Ice Caps – Polar ice melts, causing sea levels to rise.
(c) Floods – Due to rising sea levels.
(d) Change in Climate Patterns – More droughts, heatwaves, and storms.
(e) Loss of Biodiversity – Many animals and plants lose their natural habitats.
(f) Effect on Agriculture – Crop failure due to extreme weather conditions.

সেউজ গৃহ প্ৰভাৱৰ ক্ষতিকাৰক পৰিণাম –
(a) গোলকীয় উষ্ণতা বৃদ্ধি – পৃথিৱীৰ গড় তাপমাত্রা বৃদ্ধি পায়।
(b) বৰফ গলি যোৱাৰ হাৰ বৃদ্ধি – মেৰু অঞ্চলৰ বৰফ গলি যায়, ফলত সাগৰৰ পানীৰ পৰিমাণ বাঢ়ে।
(c) বানপানী – সাগৰৰ পানী বাঢ়ি যোৱাৰ ফলত হয়।
(d) জলবায়ু পৰিৱর্তন – অধিক খৰাং, উষ্ণতা বৃদ্ধি আৰু ধুমুহা।
(e) জীৱ-বৈচিত্ৰ্যৰ হ্ৰাস – বহু প্ৰাণী আৰু উদ্ভিদে নিজৰ বাসস্থান হেৰুৱায়।
(f) কৃষিত কু-প্ৰভাৱ – অতি বেয়া বতৰৰ বাবে শস্যৰ ক্ষতি হয়।

10. How to Reduce Air Pollution:
(a) Use public transport to reduce the number of vehicles on the road.
(b) Plant more trees to absorb harmful gases and clean the air.
(c) Use clean and renewable energy sources like solar and wind power.
(d) Do not burn garbage or dry leaves as it releases toxic gases.
(e) Use eco-friendly fuels like CNG, LPG, or electric vehicles.
(f) Industries should follow pollution control rules and emission standards.

বায়ু প্ৰদূষণ কেনেকৈ হ্ৰাস কৰিব পাৰি –
(a) ৰাস্তাৰ বাহনৰ সংখ্যা হ্ৰাস কৰিবলৈ ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰিব লাগে।
(b) বায়ু পৰিষ্কাৰ কৰিবলৈ অধিক গছ ৰুব লাগে।
(c) সৌৰ বা বতাহ শক্তিৰ দৰে পৰিষ্কাৰ শক্তিৰ ব্যৱহাৰ কৰিব লাগে।
(d) আৱর্জনা বা শুকান পাত জ্বলাব নালাগে, কাৰণ ই বিষাক্ত গেছ নিৰ্গত কৰে।
(e) CNG, LPG বা বৈদ্যুতিক বাহনৰ ব্যৱহাৰ কৰিব লাগে।
(f) কল-কাৰখানা সমূহে প্ৰদূষণ নিয়ন্ত্ৰণৰ নিয়ম মানি চলিব লাগে।

11. The presence of harmful substances such as sewage, toxic chemicals, silt, etc., in water is called water pollution.
পানীত আৱৰ্জনা, বিষাক্ত ৰাসায়নিক পদাৰ্থ, পলস দৰে ক্ষতিকাৰক পদাৰ্থৰ উপস্থিতিকে পানী প্ৰদূষণ বোলা হয়।

12. How to Reduce Water Pollution:
(a) Do not throw garbage, plastic, or waste into rivers, ponds, or lakes.
(b) Avoid using chemical fertilizers and pesticides near water sources.
(c) Treat sewage water before releasing it into water bodies.
(d) Reduce, reuse, and recycle to minimize waste.

পানী প্ৰদূষণ কেনেকৈ হ্ৰাস কৰিব পাৰি -
(a) নদী, পুখুৰী বা হ্ৰদত আৱর্জনা, প্লাষ্টিক বা বেয়া বস্তু পেলাব নালাগে।
(b) পানী উৎসৰ কাষত ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰিব নালাগে।
(c) আৱৰ্জনা বোৰ উপযুক্ত ভাৱে শোধন কৰিহে পানী পেলাব লাগে।
(d) আৱর্জনা কমাবলৈ Reduce, Reuse আৰু Recycle পদ্ধতি ব্যৱহাৰ কৰিব লাগে।

13. Water which is suitable for drinking is called potable water.
খোৱাৰ বাবে উপযোগী পানীকে খোৱা পানী বোলে।

14. We can boil water, filter it, or add chlorine, bleching powder or ozone to make it drinkable.
পানী খোৱাৰ উপযোগী কৰিবলৈ আমি তাক উতলাই ল'ব পাৰোঁ, ফিল্টাৰ কৰি ল'ব পাৰোঁ, নাইবা ক্ল’ৰিন, ব্লেচিং পাউদাৰ বা অ'জন যোগ কৰিব পাৰোঁ।

Next Post Previous Post