Class 8 | Chemical Effects of Electric Current | Summary Notes | Assam SCERT Book 2025-26
1. A conductor is a material that allows electric current to pass through it easily. Examples: Copper, Aluminium, Silver, Iron.
যিবোৰ বস্তুৰ মাজেৰে সহজে বিদ্যুৎ পাৰ হৈ যাব পাৰে, তেনেবোৰক পৰিবাহী বোলে। উদাহৰণ - তাম, এলুমিনিয়াম, ৰূপ, লো।
2. An insulator is a material that does not allow electric current to pass through it. Examples: Plastic, Rubber, Wood, Glass, Pure Water.
যিবোৰ বস্তুৰ মাজেৰে সহজে বিদ্যুৎ পাৰ হৈ যাব নোৱাৰে, তেনেবোৰক অপৰিবাহী বা কু-পৰিবাহী বোলে। উদাহৰণ - প্লাষ্টিক, ৰবৰ, কাঠ, কাঁচ, বিশুদ্ধ পানী।
3. Electric current is the flow of electric charge (usually electrons) through a conductor, like a wire. It is measured in amperes (A) using an instrument called an ammeter.
এডাল পৰিবাহী (যেনে তাঁৰ)ৰ মাজেৰে পাৰ হৈ যোৱা ইলেক্ট্ৰনকে বৈদ্যুতিক প্ৰৱাহ বুলি কোৱা হয়। বৈদ্যুতিক প্ৰৱাহৰ মান এম্পিয়াৰ (A) ত জোখা হয় আৰু এমিটাৰ নামৰ এটা যন্ত্ৰেৰে জোখা হয়।
4. Generally, electric current flows from the negative terminal to the positive terminal, which is opposite to the conventional current direction (positive to negative).
সাধাৰণতে, বৈদ্যুতিক প্ৰবাহ (ইলেক্ট্ৰন) ঋণাত্মক প্ৰান্তৰ পৰা ধনাত্মক প্ৰান্তলৈ যায়, যি প্ৰচলিত বৈদ্যুতিক প্ৰবাহৰ দিশৰ বিপৰীত (ধনাত্মকৰ পৰা ঋণাত্মক)।
5. Electric current doesn’t flow through pure or distilled water. This is because pure water has no free ions to carry electric charge. However, if we add salt (like NaCl), acid, or base, it produces ions in water, and the water becomes a conductor.
বিশুদ্ধ বা পাতিত পানীৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত নহয়। কাৰণ, বিশুদ্ধ পানীত বিদ্যুৎ প্ৰৱাহিত কৰিবলৈ আয়ন (ion) নাথাকে। কিন্তু, যদি আমি পানীত নিমখ (NaCl), এছিড (acid) বা ক্ষাৰক (base) যোগ দিওঁ, তেতিয়া পানীত আয়ন উৎপন্ন হয় আৰু পানীৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হয়।
6. When electric current passes through a wire, it produces a magnetic field around the wire, which deflects the needle of a magnetic compass.
যেতিয়া এডাল তাঁৰ (wire) ৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত কৰা হয়, তেতিয়া তাঁৰডালৰ চাৰিওফালে এটা চুম্বকীয় ক্ষেত্ৰৰ সৃষ্টি হয়; যিয়ে চুম্বকীয় কম্পাছৰ শলাডালক বিক্ষেপিত কৰে।
7. When electric current passes through a liquid, it can cause chemical changes in that liquid. This is called the chemical effect of electric current.
যেতিয়া এটা দ্ৰৱ্য (liquid)ৰ মাজেৰে বিদ্যুৎ পাৰ হৈ যাবলৈ দিয়া হয়, তেতিয়া সেই দ্ৰৱ্যত ৰাসায়নিক পৰিৱর্তন ঘটে। এইটোকে বৈদ্যুতিক প্ৰৱাহৰ ৰাসায়নিক ক্ৰিয়া বুলি কোৱা হয়।
8. The process of depositing a layer of any desired metal on another material, by means of electricity is called electroplating. Example: Chromium is used for electroplating on metals like iron or steel to make them look shiny and prevent rusting.
বিদ্যুতৰ দ্বাৰা এটা বস্তুৰ ওপৰত আন এবিধ পছন্দৰ ধাতুৰ লেপন দিয়াকে বিদ্যুৎলেপন বোলে। উদাহৰণ - লো বা ষ্টীল যাতে চকচকীয়া দেখা যায় আৰু মামৰ নধৰে, তাৰ বাবে বিদ্যুৎলেপন দ্বাৰা ক্র'মিয়াম (Chromium) ৰ প্ৰলেপ দিয়া হয়।