Class 6 | Chapter-4 চুম্বকৰ সৈতে খেলোঁ আহা (Lets Play with Magnets) | Questions & Answers | Assam SCERT Book 2026-27
1. খালী ঠাই পূৰণ কৰা।
(a) চুম্বকে আকৰ্ষণ কৰা পদাৰ্থবোৰক ______ পদাৰ্থ বোলে।
(b) বিভিন্ন কামৰ বাবে কৃত্ৰিম ভাবে তৈয়াৰ কৰা চুম্বকক ______ চুম্বক বুলি কোৱা হয়।
(c) ৰবৰ ______ পদাৰ্থ নহয়।
(d) এডাল দণ্ড চুম্বকক দুটুকুৰা কৰিলে আমি একেধৰণৰ ______ দণ্ড চুম্বক পাম।
(e) দুডাল চুম্বকৰ একে মেৰুৱে ______ কৰে।
(f) চুম্বকৰ সদায় ______ টা মেৰু থাকে।
Answer:
(a) চুম্বকে আকৰ্ষণ কৰা পদাৰ্থবোৰক চুম্বকীয় পদাৰ্থ বোলে।
(b) বিভিন্ন কামৰ বাবে কৃত্ৰিম ভাবে তৈয়াৰ কৰা চুম্বকক কৃত্ৰিম চুম্বক বুলি কোৱা হয়।
(c) ৰবৰ চুম্বকীয় পদাৰ্থ নহয়।
(d) এডাল দণ্ড চুম্বকক দুটুকুৰা কৰিলে আমি একেধৰণৰ দুডাল দণ্ড চুম্বক পাম।
(e) দুডাল চুম্বকৰ একে মেৰুৱে বিকৰ্ষণ কৰে।
(f) চুম্বকৰ সদায় দুটা মেৰু থাকে।
2. সত্য উক্তিবোৰত (✔) চিন দিয়া।
(a) চুম্বকে সকলো ধৰণৰ পদাৰ্থক আকৰ্ষণ কৰে।
(b) চুম্বকৰ বিপৰীত মূৰ দুটাৰ মাজত আকৰ্ষণ হয়।
(c) ক'বাল্ট এবিধ চুম্বকীয় পদাৰ্থ।
(d) দণ্ড চুম্বকে সদায় উত্তৰ-দক্ষিণ দিশত মুখ কৰি থাকে।
(e) গৰম কৰিলে চুম্বকৰ চুম্বকত্ব গুণ হেৰায়।
Answer:
(a) চুম্বকে সকলো ধৰণৰ পদাৰ্থক আকৰ্ষণ কৰে।✘
(b) চুম্বকৰ বিপৰীত মূৰ দুটাৰ মাজত আকৰ্ষণ হয়।✔
(c) ক'বাল্ট এবিধ চুম্বকীয় পদাৰ্থ।✔
(d) দণ্ড চুম্বকে সদায় উত্তৰ-দক্ষিণ দিশত মুখ কৰি থাকে।✔
(e) গৰম কৰিলে চুম্বকৰ চুম্বকত্ব গুণ হেৰায়।✔
3. 'ক' স্তম্ভৰ লগত 'খ' স্তম্ভ মিলোৱা।
| 'ক' স্তম্ভ | 'খ' স্তম্ভ |
|---|---|
| 1. কম্পাছ যন্ত্ৰৰ শলা | (a) প্ৰথমে আৱিষ্কাৰ হোৱা চুম্বক। |
| 2. লোৰ গজাল | (b) চুম্বকত্ব গুণ দীৰ্ঘসময়ৰ বাবে থাকে। |
| 3. মেগ্নেটাইট | (c) চুম্বকৰ দ্বাৰা আকৰ্ষিত হয়। |
| 4. স্থায়ী চুম্বক | (d) স্থিৰ অৱস্থাত উত্তৰ-দক্ষিণ দিশত অৱস্থান কৰে। |
Answer:
| 'ক' স্তম্ভ | 'খ' স্তম্ভ |
|---|---|
| 1. কম্পাছ যন্ত্ৰৰ শলা | (d) স্থিৰ অৱস্থাত উত্তৰ-দক্ষিণ দিশত অৱস্থান কৰে। |
| 2. লোৰ গজাল | (c) চুম্বকৰ দ্বাৰা আকৰ্ষিত হয়। |
| 3. মেগ্নেটাইট | (a) প্ৰথমে আৱিষ্কাৰ হোৱা চুম্বক। |
| 4. স্থায়ী চুম্বক | (b) চুম্বকত্ব গুণ দীৰ্ঘসময়ৰ বাবে থাকে। |
4. স্তম্ভ-1 ত চুম্বকৰ এটা মূৰৰ অৱস্থিতি দেখুওৱা হৈছে। স্তম্ভ-2 ত প্ৰত্যেক ক্ষেত্ৰত কেনে ধৰণৰ ক্ৰিয়া হয় দেখুওৱা হৈছে। এতিয়া খালী ঠাইবোৰ পূৰণ কৰা।
| স্তম্ভ-1 | স্তম্ভ-2 |
|---|---|
| উত্তৰ-উত্তৰ | ______ |
| উত্তৰ-______ | আকৰ্ষণ |
| দক্ষিণ-উত্তৰ | ______ |
| ______-দক্ষিণ | বিকৰ্ষণ |
Answer:
| স্তম্ভ-1 | স্তম্ভ-2 |
|---|---|
| উত্তৰ-উত্তৰ | বিকৰ্ষণ |
| উত্তৰ-দক্ষিণ | আকৰ্ষণ |
| দক্ষিণ-উত্তৰ | আকৰ্ষণ |
| দক্ষিণ-দক্ষিণ | বিকৰ্ষণ |
5. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।
i) তলৰ কোনবিধ চুম্বকীয় পদাৰ্থ?
(a) আলপিন
(b) ৰবৰ
(c) প্লাষ্টিকৰ খাৰু
(d) কাঠৰ স্কেল
Answer: (a) আলপিন
ii) তলৰ কোনবিধ অচুম্বকীয় পদাৰ্থ?
(a) লোৰ গজাল
(b) ৰাবাৰ বেণ্ড
(c) ছেফ্টিপিন
(d) আলপিন
Answer: (b) ৰাবাৰ বেণ্ড
iii) চুম্বকৰ কেইটা মেৰু থাকে?
(a) দুটা
(b) এটা
(c) তিনিটা
(d) চাৰিটা
Answer: (a) দুটা
6. দণ্ড চুম্বক এডাল লোৰ গুড়িৰ ওচৰলৈ নিলে চুম্বকডালৰ কোনটো অংশত লোৰগুড়ি আটাইতকৈ কমকৈ লাগি ধৰিব?
Answer: দণ্ড চুম্বক এডাল লোৰ গুড়িৰ ওচৰলৈ নিলে চুম্বকডালৰ মাজৰ অংশত (মধ্যভাগত) লোৰগুড়ি আটাইতকৈ কমকৈ লাগি ধৰিব।
7. এডাল দণ্ড চুম্বকৰ মেৰু দুটা চিহ্নিত কৰা হোৱা নাই। ইয়াৰ উত্তৰ মেৰু কোনটো কিদৰে উলিয়াবা?
Answer: দণ্ড চুম্বকডালৰ সোঁমাজত এডাল সূতা বান্ধি তাক মুক্তভাৱে ওলোমাই দিব লাগিব। চুম্বকডাল স্থিৰ হোৱাৰ পিছত ইয়াৰ যিটো মূৰ ভৌগোলিক উত্তৰ দিশলৈ মুখ কৰি থাকিব, সেই মূৰটোৱেই হ'ব চুম্বকডালৰ উত্তৰ মেৰু।
8. একক মেৰুযুক্ত চুম্বক পাব পাৰোঁনে?
Answer: একক মেৰুযুক্ত চুম্বক পাব নোৱাৰোঁ। এডাল চুম্বকত সদায় দুটা মেৰু (উত্তৰ আৰু দক্ষিণ মেৰু) একেলগে থাকে।
9. চুম্বকৰ যিকোনো দুটা ধৰ্ম লিখা।
Answer: চুম্বকৰ দুটা প্ৰধান ধৰ্ম হ'ল —
(a) চুম্বক এডালত সদায় দুটা মেৰু থাকে।
(b) চুম্বকৰ একে মেৰুৰ মাজত বিকৰ্ষণ আৰু বিপৰীত মেৰুৰ মাজত আকৰ্ষণ হয়।
10. লোৰ গজাল এটা কিদৰে চুম্বকলৈ পৰিণত কৰিবা?
Answer: এডাল চুম্বকৰ যিকোনো এটা মেৰুৰে লোৰ গজালটোৰ এমূৰৰ পৰা আনটো মূৰলৈ কেৱল এটা দিশত কিছু সময় ঘঁহি থাকিলে, লোৰ গজালটো এটা অস্থায়ী চুম্বকলৈ পৰিণত হ'ব।
11. মুক্তভাৱে ওলোমাই থলে দণ্ড চুম্বক এডালে কিয় উত্তৰ-দক্ষিণাকৈ থাকে?
Answer: পৃথিৱীখনে নিজেই এটা ডাঙৰ দণ্ড চুম্বকৰ দৰে কাম কৰে। পৃথিৱীৰ এই চুম্বকীয় ক্ষেত্ৰখনৰ আকৰ্ষণৰ বাবেই মুক্তভাৱে ওলোমাই থোৱা দণ্ড চুম্বক এডাল সদায় উত্তৰ-দক্ষিণাকৈ স্থিৰ হয়।
12. কম্পাছ যন্ত্ৰৰ সহায়ত কিদৰে দিশ নিৰ্ণয় কৰা হয়?
Answer: কম্পাছ যন্ত্ৰৰ ভিতৰত এটা সহজতে ঘূৰিব পৰা সৰু শলা আকৃতিৰ চুম্বক থাকে। যন্ত্ৰটো সমতল ঠাইত ৰাখিলে ইয়াৰ শলাডাল সদায় উত্তৰ-দক্ষিণাহৈ থাকে। শলাডালৰ উত্তৰ মেৰুটো সাধাৰণতে ৰঙা ৰঙেৰে চিহ্নিত কৰা থাকে। কম্পাছটো অলপ ঘূৰাই শলাডালৰ ৰঙা মূৰটো কম্পাছটোত অঁকা উত্তৰ বা 'N' চিহ্নটোৰ লগত মিলাই দিশ নিৰ্ণয় কৰা হয়।
13. অশ্বখুৰাকৃতিৰ চুম্বকৰ মেৰু দুটা কিদৰে চিনাক্ত কৰিবা?
Answer: অশ্বখুৰাকৃতিৰ চুম্বকৰ মেৰু চিনাক্ত কৰিবলৈ আমি এডাল মেৰু চিহ্নিত থকা দণ্ড চুম্বক ব্যৱহাৰ কৰিব পাৰোঁ। দণ্ড চুম্বকডালৰ উত্তৰ মেৰুটো অশ্বখুৰাকৃতিৰ চুম্বকটোৰ ওচৰলৈ নিলে ই যিটো মেৰুক আকৰ্ষণ কৰিব, সেইটো হ'ব দক্ষিণ মেৰু। আনহাতে, দণ্ড চুম্বকৰ উত্তৰ মেৰুটোৱে অশ্বখুৰাকৃতিৰ চুম্বকৰ যিটো মেৰুক বিকৰ্ষণ কৰিব (দূৰলৈ ঠেলিব), সেইটোৱেই হ'ব তাৰ উত্তৰ মেৰু।
14. তোমাক এডাল দণ্ড চুম্বক, সৰু এডাল প্লাষ্টিকৰ সৰু স্কেল, এটা কাঠৰ টুকুৰা আৰু লোৰ গজাল এটা দিয়া হ'ল। ইয়াৰে কোনবিধক তুমি চুম্বকত পৰিণত কৰিব পাৰিবা আৰু কেনেকৈ? চুম্বকত পৰিণত হোৱাটো কেনেদৰে গম পাবা?
Answer: লোৰ গজালটোক চুম্বকত পৰিণত কৰিব পাৰি, কাৰণ ই চুম্বকীয় পদাৰ্থ।
এডাল দণ্ড চুম্বকৰ যিকোনো এটা মেৰুৰে লোৰ গজালটোৰ এমূৰৰ পৰা আনটো মূৰলৈ কেৱল এটা দিশত কিছু সময় ঘঁহি থাকিলে গজালটো অস্থায়ী চুম্বকলৈ পৰিণত হ'ব। পিছত, গজালটোৱে সৰু সৰু আলপিন বা লোৰ গুড়ি আকৰ্ষণ কৰিব পাৰিলে গম পোৱা যাব যে গজালটো চুম্বকলৈ পৰিণত হৈছে।
15. তোমাক এডাল দণ্ড চুম্বক আৰু কিছুমান আলপিন দিয়া হ'ল। দণ্ড চুম্বকডালৰ মেৰু দুটা কেনেকৈ উলিয়াবা?
Answer: দণ্ড চুম্বক এডাল আলপিনবোৰৰ ওপৰেৰে লৈ গ'লে, চুম্বকডালৰ যি দুটা অংশত আলপিন আটাইতকৈ বেছিকৈ লাগি ধৰিব, সেই অংশ দুটাই হ'ব দণ্ড চুম্বকডালৰ মেৰু।
16. তোমাক এডাল দণ্ড চুম্বক আৰু এটা কম্পাছ যন্ত্র দিয়া হ'ল। চুম্বকডালত মেৰু চিহ্নিত কৰা হোৱা নাই। কম্পাছ যন্ত্ৰটোৰ সহায়ত কিদৰে চুম্বকডালৰ মেৰু দুটা চিহ্নিত কৰিবা?
Answer: কম্পাছ যন্ত্ৰটোৰ চুম্বকশলাডালৰ উত্তৰ মেৰুৱে দণ্ড চুম্বকৰ যিটো মেৰুক আকৰ্ষণ কৰিব, সেই মেৰুটোৱে দণ্ড চুম্বকডালৰ দক্ষিণ মেৰু হ'ব। আনহাতে, চুম্বকশলাডালৰ উত্তৰ মেৰুৱে দণ্ড চুম্বকৰ যিটো মেৰুক বিকৰ্ষণ কৰিব, সেই মেৰুটোৱে দণ্ড চুম্বকডালৰ উত্তৰ মেৰু হ'ব।
17. ষ্টীলৰ বেজি এটা মজিয়াত পৰি গ'ল, তুমি হাতেৰে উঠাব পৰা নাই। বেজিটো কি উপায়েৰে উঠাব পাৰিবা?
Answer: ষ্টীল এবিধ চুম্বকীয় পদাৰ্থ। গতিকে মজিয়াত পৰি থকা ষ্টীলৰ বেজিটোৰ ওচৰলৈ এডাল চুম্বক লৈ গ'লে, বেজিটো চুম্বকডালত লাগি ধৰিব আৰু তাক সহজে ওপৰলৈ উঠাব পৰা যাব।
18. ধৰা হ'ল, তুমি এখন নতুন ঠাইলৈ ফুৰিব গ'লা। তোমাৰ লগত এটা কম্পাছযন্ত্র আছে। তুমি কিদৰে ঠাইখনৰ দিশবোৰ নিৰ্ণয় কৰিবা?
Answer: প্ৰথমে কম্পাছ যন্ত্ৰটো এটা সমতল স্থানত ৰাখিব লাগিব। যন্ত্ৰটোৰ চুম্বকশলাডাল যেতিয়া উত্তৰ-দক্ষিণ দিশকৈ স্থিৰ হ'ব, তেতিয়া কম্পাছটো অলপ ঘূৰাই শলাডালৰ ৰঙা মূৰটো যন্ত্ৰটোত অঁকা 'N' (উত্তৰ) চিহ্নটোৰ লগত মিলাই ল'ব লাগিব। ইয়াৰ দ্বাৰাই ঠাইখনৰ উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিম — এই আটাইকেইটা দিশ সহজে নিৰ্ণয় কৰিব পৰা যাব।