Class 8 | Friction | Summary Notes | Assam SCERT Book 2025-26
1. Friction is a force that happens when two surfaces rub against each other.
ঘৰ্ষণ হৈছে এক প্ৰকাৰৰ বল, যিয়ে দুখন পৃষ্ঠৰ ঘহঁনিৰ ফলত সৃষ্টি হয়।
2. Friction opposes the motion of an object.
ঘৰ্ষণে কোনো বস্তুৰ গতিৰ বিপৰীতে কাম কৰে।
3. Factors affecting friction –
(a) Nature of the surface: Rough surfaces produce more friction, while smooth surfaces produce less friction.
(b) Nature of the materials: Different materials (like rubber, metal, or wood) generate different amounts of friction depending on their properties.
ঘৰ্ষণক প্ৰভাৱিত কৰা কাৰক –
(a) পৃষ্ঠৰ প্ৰকৃতি – খহটা পৃষ্ঠত ঘৰ্ষণ বেছি হয়, আৰু মসৃণ পৃষ্ঠত ঘৰ্ষণ কম হয়।
(b) বস্তুৰ প্ৰকৃতি – ৰবৰ, ধাতু, কাঠ আদি বিভিন্ন বস্তুয়ে নিজৰ ধৰ্ম অনুসৰি বেলেগ বেলেগ পৰিমাণৰ ঘৰ্ষণ সৃষ্টি কৰে।
4. How to decrease friction:
(a) Make surfaces smoother: Smooth surfaces reduce friction and allow objects to slide more easily.
(b) Use lubricants: Substances like oil or grease act as lubricants (slippery materials) and reduce friction between surfaces.
(c) Use wheels or rollers: Wheels or rollers reduce direct contact between surfaces and help objects move more easily.
ঘৰ্ষণ কেনেকৈ হ্ৰাস কৰিব পাৰি –
(a) পৃষ্ঠ মসৃণ কৰা – মসৃণ পৃষ্ঠত ঘৰ্ষণ কম হয় আৰু বস্তু সহজে পিছলি যায়।
(b) পিচ্ছিলক ব্যৱহাৰ কৰা – তেল বা গ্ৰীজ আদি পদাৰ্থ পিচ্ছিলক হিচাপে কাম কৰে আৰু পৃষ্ঠৰ মাজত থকা ঘৰ্ষণ কমায়।
(c) চকা ব্যৱহাৰ কৰা – চকাৰ ব্যৱহাৰে পৃষ্ঠৰ সৈতে স্পৰ্শ কমাই দিয়ে আৰু বস্তু সহজে গতি কৰিব পাৰে।
5. Friction can be harmful –
(a) It causes wear and tear in machines.
(b) It leads to wastage of energy.
(c) It reduces the speed of moving objects.
ঘৰ্ষণ ক্ষতিকাৰক হ’ব পাৰে –
(a) ই যন্ত্ৰৰ ক্ষয় ঘটায়।
(b) ই শক্তিৰ অপচয় কৰে।
(c) ই গতি হ্ৰাস কৰে।
6. Main Types of Friction:
(a) Static Friction: The friction that acts on an object at rest and prevents it from moving.
(b) Sliding Friction: The friction that occurs when two surfaces slide over each other.
(c) Rolling Friction: The friction that occurs when an object rolls over a surface.
(d) Fluid Friction: The friction that occurs when an object moves through a fluid (like a liquid).
ঘৰ্ষণৰ মুখ্য প্ৰকাৰসমূহ -
(a) স্থিতি ঘৰ্ষণ (Static Friction) - এই ঘৰ্ষণে কোনো স্থিৰ বা ৰৈ থকা বস্তুৰ ওপৰত কাৰ্য কৰে আৰু তাক গতি কৰিবলৈ বাধা দিয়ে।
(b) পিছল ঘৰ্ষণ (Sliding Friction) - যেতিয়া দুটা পৃষ্ঠৰ এখনে আনখনৰ ওপৰেৰে পিছলি যায়।
(c) ঘূৰ্ণি ঘৰ্ষণ (Rolling Friction) - যেতিয়া কোনো বস্তু এখন পৃষ্ঠৰ ওপৰত ঘূৰ্ণন গতিৰে যায়।
(d) তৰল ঘৰ্ষণ (Fluid Friction) - যেতিয়া কোনো বস্তু এটা তৰলৰ মাজেৰে যায়, তেতিয়া তৰল ঘৰ্ষণে ক্ৰিয়া কৰে।
7. Sliding friction is smaller than the static friction.
পিছল ঘৰ্ষণ স্থিতি ঘৰ্ষণতকৈ কম।
8. Rolling friction is smaller than sliding friction.
ঘূৰ্ণি ঘৰ্ষণৰ মান পিছল ঘৰ্ষণতকৈ কম।