Class 8 | Force and Pressure | Summary Notes | Assam SCERT Book 2025-26

 1. A push or a pull on an object is called a force.
কোনো এটা বস্তু ঠেলা বা টনা কাৰ্যকে বল বুলি কোৱা হয়।

2. Direction of Force Applied –
(a) In the same direction: If force is applied in the same direction as the object's motion, the forces add up, increasing the object's speed.
(b) In the opposite direction: If force is applied in the opposite direction of the object's motion, the forces subtract from each other, decreasing the object's speed.

বল প্ৰয়োগৰ দিশ –
(a) একে দিশত প্ৰয়োগ কৰা বল: যদি বল বস্তুৰ গতিৰ একেই দিশত প্ৰয়োগ কৰা হয়, তেন্তে বলসমূহ একেলগ হৈ গতি বৃদ্ধি কৰিব।
(b) বিপৰীত দিশত প্ৰয়োগ কৰা বল: যদি বল বস্তুৰ গতিৰ বিপৰীত দিশত প্ৰয়োগ কৰা হয়, তেন্তে বলৰ মান কম হ'ব আৰু বস্তুটোৰ গতি মন্থৰ বা কম হ'ব।

3. If force is applied to an object, its motion, direction, as well as its shape can be changed.
যদি বস্তু এটাৰ ওপৰত বল প্ৰয়োগ কৰা হয়, তেন্তে তাৰ গতি, দিশ আৰু আকৃতি সলনি হব পাৰে।

4. Force can be of two types – contact force and non-contact force.
বল দুই প্ৰকাৰৰ – স্পৰ্শ বল আৰু অস্পৰ্শ বল।

5. Contact Force is a type of force that requires physical contact between two objects. Example - Muscular force and Frictional force.
দুটা বস্তুৰ স্পৰ্শৰ ফলত সৃষ্টি হোৱা বলক, স্পৰ্শ বল বোলে। উদাহৰণ - পেশীয় বল আৰু ঘৰ্ষণ বল।

6. Muscular force is the contact force exerted by muscles to move an objects. Example – Pushing a cart.
কোনো এটা বস্তুৰ ওপৰত পেশীৰ সহায়ত প্ৰয়োগ কৰা স্পৰ্শ বলক পেশীয় বল বোলে। উদাহৰণ – গাড়ী এখন ঠেলা।

7. Frictional force is a type of force that opposes the motion of an object. It acts in the opposite direction to the motion.
ঘৰ্ষণ বল হৈছে এক ধৰণৰ বল যি বস্তু এটাৰ গতিৰ বিপৰীত দিশত কাৰ্য কৰে। ই বস্তুটোৰ গতিৰ বিপৰীত দিশত থাকে।

8. A non-contact force is a type of force that acts on an object without physical contact. Example - Electrostatic force and Gravity.
স্পৰ্শ নকৰাকৈ প্ৰয়োগ কৰা বলক অস্পৰ্শ বল বুলি কোৱা হয়। উদাহৰণ - স্থিতি বৈদ্যুতিক বল আৰু মাধ্যাকৰ্ষণ।

9. Electrostatic force is the force that acts between electrically charged objects. Depending on the type of charges, this force can either be attractive or repulsive.
বৈদ্যুতিক আধানযুক্ত বস্তুসমূহৰ মাজত কাৰ্য কৰা বলক স্থিতি বৈদ্যুতিক বল বুলি কোৱা হয়। আধানৰ প্ৰকাৰৰ ওপৰত ভিত্তি কৰি এই বল আকৰ্ষণ বা বিকৰ্ষণ হ'ব পাৰে।

  • একে আধানযুক্ত বস্তুৰ মাজত বিকৰ্ষণ আৰু বিপৰীত আধানযুক্ত বস্তুৰ মাজত আকৰ্ষণ হয়।

10. Gravity is the force by which the Earth or any other massive object pulls things towards its center.
মাধ্যাকৰ্ষণ হৈছে এনে এবিধ বল, যাৰ জৰিয়তে পৃথিৱী বা আন কোনো ডাঙৰ বস্তুৱে সৰু বস্তুবোৰক নিজৰ কেন্দ্ৰৰ ফালে টানি আনে।

11. In the universe, every objects whether small or large exerts a force on every other object. This force is known as the Gravitational force.
বিশ্ব-ব্ৰহ্মাণ্ডৰ প্ৰতিটো সৰু-ডাঙৰ বস্তুৱে এটাই আনটোৰ ওপৰত বল প্ৰয়োগ কৰি আছে। এনে বলক মহাকৰ্ষণ বল বোলে।

12. The force acting on a unit area of a surface is called pressure.
কোনো পৃষ্ঠৰ একক ক্ষেত্ৰফলত ক্ৰিয়া কৰা বলক চাপ বুলি কোৱা হয়।

13. Liquids and Gases exert pressure on the walls of the container and in all directions. This pressure increases with depth in liquids.
তৰল আৰু গেছীয় পদাৰ্থই পাত্ৰৰ বেৰত আৰু সকলো দিশত চাপ প্ৰয়োগ কৰে। এই চাপ গভীৰতাৰ সৈতে বৃদ্ধি পায়।

14. Atmospheric pressure is the pressure exerted by the weight of air present in the Earth's atmosphere. It acts in all directions and decreases with height.
বায়ুমণ্ডলীয় চাপ (Atmospheric pressure) হৈছে পৃথিৱীৰ বায়ুমণ্ডলত থকা বায়ুৰ ওজনৰ বাবে সৃষ্টি হোৱা চাপ। এই চাপ সকলো দিশত কাৰ্য কৰে আৰু উচ্চতাৰ সৈতে হ্ৰাস পায়।

Next Post Previous Post