Class 8 | Combustion and Flame | Summary Notes | Assam SCERT Book 2025-26

1. Combustion is a chemical process in which a substance reacts with oxygen, releasing energy in the form of heat and light.
দহন (Combustion) হৈছে এক ৰাসায়নিক প্ৰক্ৰিয়া, য'ত কোনো পদাৰ্থ অক্সিজনৰ সৈতে বিক্ৰিয়া কৰি তাপ আৰু পোহৰ উৎপন্ন কৰে।

2. The substances that can burn (combustible) and produce energy are called fuels. Fuels can be in three forms:

  • Solid (e.g., wood, coal)
  • Liquid (e.g., petrol, diesel)
  • Gas (e.g., natural gas, propane)


যিবোৰ পদাৰ্থৰ দহন হয়, তেনেবোৰক ইন্ধন বুলি কোৱা হয়। ইন্ধন তিনি প্ৰকাৰৰ -

  • গোটা (উদাহৰণ - কাঠ, কয়লা)
  • জুলীয়া (উদাহৰণ - পেট্ৰ'ল, ডিজেল)
  • গেছ (উদাহৰণ - প্ৰাকৃতিক গেছ, প্ৰ'পেন)


3. Sunlight is formed through nuclear fusion in the Sun's core, where hydrogen atoms combine to form helium and releasing energy as sunlight.
সূৰ্যৰ কেন্দ্ৰত পাৰমাণৱিক বিক্ৰিয়া হয়, য'ত হাইড্ৰ'জেন পৰমাণুসমূহ লগ হৈ হিলিয়াম পৰমাণু গঠন কৰে আৰু উৎপন্ন হোৱা শক্তি পোহৰ হিচাপে নিৰ্গত কৰে।

4. The lowest temperature at which a substance catches fire is called its ignition temperature. 
যি নিম্নতম উষ্ণতাত পদাৰ্থ এটাত জুই লাগে, তাকেই ইয়াৰ জ্বলন উষ্ণতা বোলে।

  • জ্বলন উষ্ণতা যিমানেই কম হ’ব, সিমান সোনোকালে পদাৰ্থটোত জুই লাগিব।

5. The substances which have very low ignition temperature and can easily catch fire with a flame are called inflammable substances. Example – Petrol, Alcohol, LPG etc.
যিবোৰ পদাৰ্থৰ জ্বলন উষ্ণতা বৰ কম আৰু সহজে জুই লাগে, সেইবোৰক প্ৰজ্বালক পদাৰ্থ বুলি কোৱা হয়। উদাহৰণ – পেট্ৰ’ল, এলক’হ’ল, এল. পি. জি. আদি।

6. Carbon dioxide is used to put out fires caused by electrical equipment and petrol. 
বৈদ্যুতিক সঁজুলী আৰু পেট্ৰ'লত লগা জুই নিৱাৰণ কৰিবলৈ কাৰ্বন-ডাই-অক্সাইড ব্যৱহাৰ কৰা হয়।

7. CO2 is heavier than O2. When released, carbon dioxide forms a layer over the fire, acting like a blanket. This layer cuts off the oxygen supply, preventing the fire from continuing to burn.
অক্সিজেনৰ তুলনাত কাৰ্বন-ডাই-অক্সাইড গধুৰ হয়। কাৰ্বন-ডাই-অক্সাইডে জুইকুৰা কম্বলৰ দৰে ঢাকি ধৰে। যাৰ ফলত দহন বাবে প্ৰয়োজনীয় অক্সিজেনৰ যোগান বন্ধ হয় আৰু জুইকুৰা নিয়ন্ত্ৰিত হয়।

8. When a substance burns quickly and produces heat and light immediately, it is called rapid combustion. Example: LPG.
যেতিয়া এটা পদাৰ্থ দ্ৰুতভাৱে জ্বলে আৰু তাপ আৰু পোহৰ উৎপন্ন কৰে, তাক দ্ৰুত দহন বুলি কোৱা হয়। উদাহৰণ - এল. পি. জি.।

9. When a substance catches fire on its own, without any external factors, it is called spontaneous combustion. Example: White phosphorus can catch fire on its own when exposed to air.
যেতিয়া কোনো পদাৰ্থ বাহ্যিক কাৰক অবিহনে নিজে-নিজে জ্বলি উঠে, তাক স্বতঃস্ফূর্ত দহন বুলি কোৱা হয়। উদাহৰণ: বগা ফছফৰাছ বতাহৰ সংস্পৰ্শত আহিলে নিজে-নিজে জ্বলি উঠে।

10. A flame is the visible part of a fire. The non-luminous zone of a flame (usually the outermost part) has the highest temperature. Goldsmiths use the outermost non-luminous zone of the flame to melt gold and silver.
জুইৰ দৃশ্যমান অংশটোক শিখা বুলি কোৱা হয়। শিখাৰ দীপ্তিহীন মণ্ডল (বহিঃমণ্ডল)ৰ উষ্ণতা আটাইতকৈ বেছি। সোণাৰীসকলে সোণ আৰু ৰূপ গলাবলৈ শিখাৰ বহিৰতম দীপ্তিহীন মণ্ডল ব্যৱহাৰ কৰে।

11.  The amount of heat energy produced on complete combustion of 1 kg of a fuel is called its calorific value. Its unit is kilojoule per kg (kJ/kg).
ইন্ধন এবিধৰ 1 কিল’গ্ৰাম পৰিমাণৰ সম্পূৰ্ণ দহনত উৎপন্ন হোৱা তাপ শক্তিৰ পৰিমাণক ইন্ধনটোৰ কেল’ৰি মান বোলে। ইয়াৰ একক হ’ল কিলোজুল প্ৰতি কেজি (kJ/kg)।


12. Global warming is the increase in Earth's average temperature due to the rise of greenhouse gases like carbon dioxide (CO₂), methane (CH₄), and others in the atmosphere.
গোলকীয় উষ্ণতা হৈছে পৃথিৱীৰ গড় তাপমাত্রাৰ বৃদ্ধি, যি মূলতঃ বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইড, মিথেন আদিৰ দৰে সেউজগৃহ গেছৰ বৃদ্ধিৰ ফলত হয়।

13. When we burn coal or petroleum, it produces sulfur dioxide (SO₂) and nitrogen oxides. These gases mix with water vapor in the air and form acids, which then fall to the Earth as acid rain.
যেতিয়া আমি কয়লা বা পেট্ৰ'লিয়াম দহন কৰো, তেতিয়া ছালফাৰ ডাই-অক্সাইড (SO₂) আৰু নাইট্ৰজেন অক্সাইড গেছ উৎপন্ন হয়। এই গেছবোৰ বায়ুৰ জলীয়বাষ্পৰ সৈতে মিলি অম্ল সৃষ্টি কৰে, যি পিছত অম্লবৃষ্টিৰ ৰূপত পৃথিৱীত পৰে।

Next Post Previous Post