Class 8 | Coal and Petroleum | Summary Notes | Assam SCERT Book 2025-26

1. Natural resources are things we get from nature that are useful to us. Natural resources can be classified in two main ways:

(a) Inexhaustible Natural Resources –
These are the resources that will never run out. They are available in unlimited quantity in nature. Examples: Air, Water, Soil etc.

(b) Exhaustible Natural Resources –
These are the resources that can finish if we use them too much. They are available in limited quantity. Examples: Coal, Petroleum, Natural Gas etc.

যিবোৰ বস্তু প্ৰকৃতিৰ পৰা পোৱা যায় আৰু মানুহে ব্যৱহাৰ কৰে, তেনেবোৰক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। প্ৰাকৃতিক সম্পদ দুই প্ৰকাৰৰ –

(a) অনিঃশেষীয় প্ৰাকৃতিক সম্পদ – এই সম্পদবোৰ কেতিয়াও শেষ নহয় আৰু প্ৰকৃতিত অসীম পৰিমাণে পোৱা যায়। উদাহৰণ: বায়ু, পানী, মাটি আদি।

(b) নিঃশেষীয় প্ৰাকৃতিক সম্পদ – এই সম্পদবোৰ অতি বেছি ব্যৱহাৰ কৰিলে শেষ হৈ যাব পাৰে। ইবোৰ সীমিত পৰিমাণে পোৱা যায়। উদাহৰণ: কয়লা, পেট্ৰ'লিয়াম, প্ৰাকৃতিক গেছ আদি।

2. Coal is a black-coloured hard substance, which is used as a fuel. Coal is used to cook food, to generate electricity, and in factories.
কয়লা হৈছে এবিধ ক’লা বৰণীয়া কঠিন পদাৰ্থ, যিটো ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। কয়লা খাদ্য ৰান্ধিবলৈ, বিদ্যুৎ উৎপাদন কৰিবলৈ আৰু কাৰখানাত ব্যৱহাৰ কৰা হয়।

3. Under high pressure and temperature, the dead plants buried under the ground slowly changed into coal. This process is called carbonisation. Coal mainly contains carbon.
উচ্চ চাপ আৰু উচ্চ উষ্ণতাত, মাটিৰ তলত পোত যোৱা মৃত গছবোৰ লাহে লাগে কয়লালৈ পৰিৱর্তিত হয়। এই প্ৰক্ৰিয়াটোক অংগাৰীকৰণ (carbonisation) বুলি কোৱা হয়। কয়লাত প্ৰধানকৈ কাৰ্বন থাকে।

4. Fossil fuels are natural fuels formed from the dead plants and animals that were buried under the earth millions of years ago. Examples: Coal, Petroleum, Natural gas etc.
জীৱাশ্ম ইন্ধন হৈছে এনেবোৰ প্ৰাকৃতিক ইন্ধন, যিবোৰ লাখ লাখ বছৰ আগতে মাটিৰ তলত পোত যোৱা মৃত গছ-গছনি আৰু জন্তুৰ পৰা সৃষ্টি হৈছিল। উদাহৰণ: কয়লা, পেট্ৰ'লিয়াম , প্ৰাকৃতিক গেছ আদি।

5. Coke, coal tar, and coal gas are some products of coal.
ক'ক, আল্কতৰা আৰু কয়লা গেছ কয়লাৰ পৰা উৎপাদন কৰা হয়।

6. Coke is a tough, porous and black substance. It is an almost pure form of carbon. Coke is used in the manufacture of steel and in the extraction of many metals.
ক’ক এবিধ কঠিন, সছিদ্ৰ আৰু ক’লাবৰণীয়া পদাৰ্থ। ই কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ। তীখাৰ উৎপাদন আৰু বহুতো ধাতু নিষ্কাশনৰ ক্ষেত্ৰত ক'ক ব্যৱহাৰ কৰা হয়।

  • ষ্টীল বা তীখা হৈছে এবিধ কঠিন ধাতু, যি লো (iron)ৰ লগত কাৰ্বন মিশ্ৰণ কৰি তৈয়াৰ কৰা হয়।

6. Coal tar is a black-coloured thick liquid. It is a mixture of about 200 substances and has an unpleasant smell. Coal tar is used to make synthetic dyes, drugs, explosives, perfumes, plastics, paints, naphthalene balls, etc.
আল্কতৰা হৈছে এবিধ ক’লাবৰণীয়া গাঢ় তৰল পদাৰ্থ। ই প্ৰায় 200 প্ৰকাৰৰ পদাৰ্থৰ মিশ্ৰণ আৰু বেয়া গন্ধযুক্ত। আল্কতৰা সাংশ্লেষিক ৰঙ, ঔষধ, বিষ্ফোৰক, সুগন্ধি আতৰ, প্লাষ্টিক, ৰং, নেফ্থেলিন বল আদিৰ নিৰ্মাণত ব্যৱহাৰ কৰা হয়।

7. Petroleum was formed from organisms living in the sea. As these organisms died, their bodies settled at the bottom of the sea and got covered with layers of sand and clay. Over millions of years, absence of air, high temperature and high pressure transformed the dead organisms into petroleum and natural gas.
সাগৰত বাস কৰা জীৱসমূহৰ পৰা পেট্ৰ'লিয়ামৰ সৃষ্টি হৈছিল। এই জীৱসমূহৰ মৃত্যু হোৱাত সিহঁতৰ দেহাৱশেষবোৰ সাগৰৰ তলিত সঞ্চিত হৈছিল। এই দেহাৱশেষবোৰ বালি আৰু বোকাৰ তৰপেৰে ঢাক খাই পোত গৈছিল। কালক্ৰমত, বহু নিযুত বছৰ ধৰি অক্সিজেনহীন পৰিৱেশ, প্ৰচুৰ তাপ আৰু অত্যাধিক চাপৰ প্ৰভাৱে মৃত জীৱসমূহক পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছলৈ ৰূপান্তৰিত কৰে।

8. Petroleum is a dark oily liquid. It has an unpleasant odour.
পেট্ৰ'লিয়াম এবিধ গাঢ় বৰণৰ তৈলাক্ত পদাৰ্থ। ই বেয়া গন্ধযুক্ত।

9. The first oil in Assam was discovered in Makum in 1867.
1867 চনত অসমৰ মাকুমত প্ৰথম তেল আবিস্কাৰ কৰা হৈছিল।

10. Refining is the process of cleaning and separating various constituents from petroleum to get useful products.
শোধন (Refining) মানে হৈছে পেট্ৰ'লিয়ামৰ পৰা অশুদ্ধিসমূহ পৃথক কৰাৰ প্ৰক্ৰিয়া, যাতে আমি উপযোগী সামগ্ৰী লাভ কৰিব পাৰো।

11. The first oil refinery in India was built in Digboi, Assam in 1901.
ভাৰতৰ প্ৰথম তেল শোধানাগাৰ 1901 চনত অসমৰ ডিগবৈত নিৰ্মাণ কৰা হৈছিল।

12. Bitumen a petroleum product is used for metalling the roads.
ৰাস্তা পকী কৰোতে বিটুমেন নামৰ এবিধ পেট্ৰ'লিয়ামজাত পদাৰ্থ ব্যৱহাৰ কৰা হয়।

13. Petroleum is also known as “Black Gold”.
পেট্ৰ'লিয়ামক “ক’লা সোণ” বুলিও জনা যায়।

14. Petrochemicals are chemicals made from petroleum or natural gas. They are used to make many everyday products like plastics, fertilizers, Medicines etc.
পেট্ৰ’ৰাসায়নিক হৈছে পেট্ৰ’লিয়াম বা প্ৰাকৃতিক গেছৰ পৰা বনোৱা সামগ্ৰী। এইবোৰ সামগ্ৰী দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা হয়, যেনে - প্লাষ্টিক, সাৰ, ঔষধ আদি।

15. LPG (Liquefied Petroleum Gas) is a gas made from petroleum that is kept in liquid form under pressure.
LPG হৈছে এবিধ গেছ যি পেট্ৰ’লিয়ামৰ পৰা নিৰ্মিত আৰু উচ্চ চাপত তৰল কৰি ৰখা হয়।

16. CNG (Compressed Natural Gas) is a clean natural gas compressed under high pressure. It is easy to transport through pipes and is a cleaner fuel than petrol or diesel.
CNG (সংকুচিত প্ৰাকৃতিক গেছ) হৈছে এটা পৰিস্কাৰ প্ৰাকৃতিক গেছ যাক উচ্চ চাপত সংকুচিত কৰি ৰখা হয়। ইয়াল নলীৰে সহজে পৰিৱহণ কৰিব পাৰি আৰু পেট্ৰ’ল বা ডিজেলতকৈ অধিক পৰিস্কাৰ ইন্ধন।

Next Post Previous Post