Class 8 | Materials: Metals and Non-Metals | Summary Notes | Assam SCERT Book 2025-26
1. Metals are elements that are typically hard, shiny, sonorous, good conductors of heat and electricity, and can be shaped (malleable) and stretched into wires (ductile). Examples: Iron (Fe), Copper (Cu), Gold (Au), Aluminum (Al), Silver (Ag) etc.
ধাতু হৈছে এনে কিছুমান মৌল যিবোৰ কঠিন, উজ্জ্বল, সনাদযুক্ত, তাপ আৰু বিদ্যুতৰ ভাল পৰিবাহী, আৰু যাক হাতুৰিৰে কোবাই পাতল পাত বনাব পাৰি (নমনীয়), আৰু তাঁৰ বনাব পাৰি (ঘাতসহনীয়)। উদাহৰণ: লো (Fe), তাম (Cu), সোণ (Au), এলুমিনিয়াম (Al), ৰূপ (Ag) আদি।
2. Non-metals are elements that are brittle, dull, poor conductors of heat and electricity, and are neither malleable nor ductile. Examples: Oxygen (O), Carbon (C), Sulfur (S), Nitrogen (N), Chlorine (Cl) etc.
অধাতুবোৰ হৈছে এনে মৌল যিবোৰ কোমল, অনুউজ্জ্বল, তাপ আৰু বিদ্যুতৰ কুপৰিবাহী, আৰু সিহঁত ঘাতসহনীয় আৰু নমনীয় নহয়। উদাহৰণ: অক্সিজেন (O), কাৰ্বন (C), গন্ধক (S), নাইট্ৰ'জেন (N), ক্ল'ৰিন (Cl) আদি।
3. Metalloids are elements that have properties of both metals and non-metals. Examples: Silicon, Boron, Arsenic etc.
ধাতুকল্প হৈছে এনে কিছুমান মৌল যাৰ ধাতু আৰু অধাতু উভয়ৰ গুণ থাকে। উদাহৰণ: চিলিকন, বৰন, আৰ্চেনিক আদি।
4. A conductor is a material that allows heat or electricity to pass through it easily. Examples: copper and aluminum.
যিবোৰ বস্তুৰ মাজেৰে সহজে তাপ বা বিদ্যুৎ পাৰ হৈ যাব পাৰে, তেনে বোৰ বস্তুক পৰিবাহী বোলে। উদাহৰণ: তাম আৰু এলুমিনিয়াম।
5. An insulator is a material that does not allow heat or electricity to pass through it easily. Example: rubber and plastic.
যিবোৰ বস্তুৰ মাজেৰে তাপ বা বিদ্যুৎ পাৰ হৈ যাব নোৱাৰে, তেনে বোৰ বস্তুক কু-পৰিবাহী বোলে। উদাহৰণ: ৰবৰ আৰু প্লাষ্টিক।
6. Metals like sodium and potassium are soft and can be cut with a knife, whereas mercury is the only metal that is found in liquid form at room temperature.
ছ'ডিয়াম আৰু পটাছিয়ামৰ দৰে ধাতুবোৰ কোমল আৰু কটাৰীৰে কাটিব পাৰি, আনহাতে পাৰা হৈছে একমাত্ৰ ধাতু যি সাধাৰণ উষ্ণতাৰ জুলীয়া অৱস্থাত পোৱা যায়।
7. Chemical Properties of Metals ( ধাতুৰ ৰাসায়নিক ধৰ্ম ) –
(a) Reaction with Oxygen (অক্সিজেনৰ সৈতে বিক্ৰিয়া): Metals react with oxygen to form metal oxides.
ধাতুৱে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি ধাতৱ অক্সাইড প্ৰস্তুত কৰে।
ধাতৱ অক্সাইডবোৰ ক্ষাৰকীয় (Basic) প্ৰকৃতিৰ হয়।
(b) Reaction with Water (পানীৰ সৈতে বিক্ৰিয়া): When a metal reacts with water, it usually forms Metal hydroxide and Hydrogen gas.
যেতিয়া ধাতুৱে পানীৰ সৈতে প্ৰতিক্ৰিয়া কৰে, তেতিয়া ই ধাতৱ হাইড্ৰ'অক্সাইড আৰু হাইড্ৰ’জেন গেছ সৃষ্টি কৰে।
- ছ’ডিয়াম ধাতু বৰ সক্ৰিয় (Reactive)। ই অক্সিজেন আৰু পানীৰ সৈতে প্ৰবলভাৱে বিক্ৰিয়া কৰি প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন কৰে। সেয়েহে, ছ’ডিয়াম ধাতুক কেৰাচিন তেলত ডুবাই ৰখা হয়।
(c) Reaction with Acids (এছিডৰ সৈতে বিক্ৰিয়া): Metals react with acids to form salt and hydrogen gas.
ধাতুৱে এছিডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰ’জেন গেছ সৃষ্টি কৰে।
(d) Reaction with Bases (ক্ষাৰকৰ সৈতে বিক্ৰিয়া): Most metals do not react with bases. But some metals like aluminum and zinc react with strong bases (like sodium hydroxide) and produce hydrogen gas.
বেছিভাগ ধাতুৱে ক্ষাৰকৰ সৈতে বিক্ৰিয়া নকৰে। কিন্তু কিছুমান ধাতু যেনে এলুমিনিয়াম আৰু জিংকে ছ’ডিয়াম হাইড্ৰ’অক্সাইডৰ দৰে তীব্ৰ ক্ষাৰকৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰ’জেন গেছ উৎপন্ন কৰে।
8. When a copper vessel is kept in moist air for a long time, it gets covered with a dull green layer. This green layer is a mixture of copper carbonate and copper hydroxide.
যেতিয়া তামৰ পাত্ৰ এটা সেমেকা বতাহত দীঘলীয়া সময় ধৰি ৰখা হয়, তেতিয়া ইয়াৰ ওপৰত এক অনুজ্জ্বল সেউজীয়া তৰপ পৰে। এই সেউজীয়া তৰপটো কপাৰ কাৰ্বনেট ( CuCO3 ) আৰু কপাৰ হাইড্ৰ'অক্সাইড ( Cu(OH)2 ) ৰ মিশ্ৰণ।
9. Chemical Properties of Non-metals ( অধাতুৰ ৰাসায়নিক ধৰ্ম ) –
(a) Reaction with Oxygen (অক্সিজেনৰ সৈতে বিক্ৰিয়া): Non-metals react with oxygen to form Non-metal oxides.
অধাতুৱে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি অধাতৱ অক্সাইড প্ৰস্তুত কৰে।
অধাতৱ অক্সাইডবোৰ আম্লিক (Acidic) প্ৰকৃতিৰ হয়।
- ফছফৰাছ (Phosphorus) এবিধ বৰ সক্ৰিয় অধাতু। বায়ুৰ সংস্পৰ্শলৈ আহিলে ই জ্বলি উঠে। সেয়েহে, ফছফৰাছক পানীত ডুবাই ৰখা হয়।
(b) Reaction with Water (পানীৰ সৈতে বিক্ৰিয়া): Non-metals generally do not react with water.
অধাতু পানীৰ সৈতে বিক্ৰিয়া নকৰে।
(c) Reaction with Acids (এছিডৰ সৈতে বিক্ৰিয়া): Non-metals do not react with dilute acids. But Reacts with Strong Acids.
অধাতুৱে লঘু বা দুৰ্বল এছিডৰ সৈতে বিক্ৰিয়া নকৰে। কিন্তু, তীব্ৰ এছিডৰ সৈতে বিক্ৰিয়া কৰে।
(d) Reaction with Bases (ক্ষাৰকৰ সৈতে বিক্ৰিয়া): Some non-metals react with bases, but the reactions are not common.
কিছুমান অধাতুৱে ক্ষাৰকৰ সৈতে বিক্ৰিয়া কৰে, কিন্তু এই বিক্ৰিয়া সমূহ সাধাৰণতে নহয়।
10. A displacement reaction is a type of chemical reaction in which a more reactive element displaces a less reactive element from its compound.
অপসাৰণ বিক্ৰিয়া হৈছে এটি ৰাসায়নিক বিক্ৰিয়া, য'ত এটি অধিক সক্ৰিয় মৌলই এটা কম সক্ৰিয় মৌলক অপসাৰিত কৰে।
জিংক (Zn) মৌলটো তাম (Cu) তকৈ অধিক সক্ৰিয়। সেয়েহে, জিংকে কপাৰ ছালফেট (CuSO₄) ৰ পৰা কপাৰ (Cu) ক অপসাৰিত কৰি জিংক ছালফেট (ZnSO₄) প্ৰস্তুত কৰিছে।
11. Uses of Metals and Non-Metals (ধাতু আৰু অধাতুৰ ব্যৱহাৰ):
ধাতু (Metals):
- যন্ত্ৰপাতি আৰু বাহন নিৰ্মাণত ধাতু ব্যৱহাৰ কৰা হয়।
- বৈদ্যুতিক তাঁৰ বনাবলৈ ধাতু ব্যৱহাৰ কৰা হয়।
- গৃহনির্মাণত ধাতু ব্যৱহাৰ কৰা হয়।
- মুদ্ৰা আৰু গহনাৰ বাবে ধাতু ব্যৱহাৰ কৰা হয়।
- ৰন্ধন-সামগ্ৰী প্ৰস্তুত কৰিবলৈ ধাতু ব্যৱহাৰ কৰা হয়।
অধাতু (Non-Metals):
- অক্সিজেন উশাহ লোৱা প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা হয়।
- নাইট্ৰ’জেন সাৰ (Fertilizers) নিৰ্মাণত ব্যৱহাৰ কৰা হয়।
- ক্ল'ৰিন (Chlorine) পানী বিশুদ্ধিকৰণত ব্যৱহাৰ কৰা হয়।
- কাৰ্বন ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়।
- আয়ডিন ছালত হোৱা ৰোগত এণ্টিছেপ্টিক হিচাপে ব্যৱহাৰ কৰা হয়।





