Class 6 | Chapter-3 সুস্বাস্থ্যৰ বাবে খাদ্য (Food for Healthy Life) | Questions & Answers | Assam SCERT Book 2026-27
1. তলত দিয়া সমূহৰ পৰা অমিল বস্তুবিধ উলিওৱা আৰু ইয়াৰ কাৰণ দর্শোৱা।
(a) জোৱাৰ, বজ্ৰা, কণীধান আৰু বুট
Answer: অমিল বস্তুবিধ হৈছে বুট। কাৰণ বুট হৈছে এবিধ মাহজাতীয় শস্য, আনহাতে জোৱাৰ, বজ্ৰা আৰু কণীধান হৈছে তৃণজাতীয় শস্য।
(b) ৰাজমাহ, বুট, ছয়াবিন আৰু চাউল
Answer: অমিল বস্তুবিধ হৈছে চাউল। কাৰণ চাউল হৈছে কাৰ্ব'হাইড্ৰেট বা শ্বেতসাৰযুক্ত ধানজাতীয় শস্য, আনহাতে ৰাজমাহ, বুট আৰু ছয়াবিন হৈছে প্ৰ'টিনযুক্ত মাহজাতীয় শস্য।
2. ভাৰতবৰ্ষৰ পুৰণি আৰু আধুনিক ৰন্ধন প্রণালীৰ তুলনা কৰা।
Answer: ভাৰতবৰ্ষৰ পুৰণি আৰু আধুনিক ৰন্ধন প্ৰণালীৰ মাজত এক ডাঙৰ পৰিৱৰ্তন দেখিবলৈ পোৱা যায়। পুৰণি কালত মানুহে সাধাৰণতে মাটিৰ চৌকাত মাটি বা পিতলৰ পাত্ৰ ব্যৱহাৰ কৰি খাদ্য ৰান্ধিছিল। কাঠ বা খৰিৰ জুইত লাহে লাহে খাদ্য ৰান্ধিছিল বাবে সময় বেছি লাগিছিল, যদিও খাদ্যৰ সোৱাদ আৰু পুষ্টিগুণ অটুট আছিল। তদুপৰি, সেই সময়ত খোৱাবস্তু বটিবলৈ শিল-পটা আৰু খুন্দিবৰ বাবে উড়াল তথা ঢেঁকীৰ দৰে পৰম্পৰাগত সঁজুলি ব্যৱহাৰ কৰিছিল। আনহাতে, আধুনিক যুগত সময় বচাবলৈ প্ৰেচাৰ কুকাৰ, এয়াৰ ফ্ৰায়াৰ আৰু বৈদ্যুতিক গ্ৰাইণ্ডাৰ দৰে বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰা হয়। গতিকে দেখা যায় যে, সময়ৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ ৰন্ধন প্ৰণালীও বহুত সহজ আৰু খৰতকীয়া হৈ পৰিছে।
3. সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় আৰু সকলো পুষ্টিকৰ খাদ্যই সোৱাদ যুক্ত নহয়। আলোচনা কৰা।
Answer: উক্ত কথাষাৰ একেবাৰে সঁচা যে সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় আৰু সকলো পুষ্টিকৰ খাদ্যই সোৱাদযুক্ত নহয়। বৰ্তমান সময়ত আমি ভাল পোৱা বহুতো সোৱাদযুক্ত খাদ্য, যেনে - ফাষ্ট ফুড, চিপছ, শীতল পানীয় বা মিঠাই আদিত মচলা, তেল আৰু চেনিৰ পৰিমাণ বহুত বেছি থাকে। এইবোৰ খাদ্য খাবলৈ অতি সোৱাদ লগা হ'লেও আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় ভিটামিন, প্ৰ'টিন বা খনিজ পদাৰ্থ ইয়াত নাথাকে, বৰঞ্চ এইবোৰে স্বাস্থ্যৰ ক্ষতিহে কৰে। আনহাতে, বহুতো পুষ্টিকৰ খাদ্য, যেনে - সেউজীয়া শাক-পাচলি, ফল-মূল, সিজোৱা আহাৰ বা বিভিন্ন ঔষধি গুণযুক্ত থলুৱা খাদ্যবোৰ খাবলৈ বৰ সোৱাদ লগা নহ'বও পাৰে। কিন্তু এইবোৰ খাদ্য আমাৰ শৰীৰ সুস্থ আৰু সবল কৰি ৰাখিবলৈ অতি প্ৰয়োজনীয়। সেয়েহে, আমি পুষ্টিকৰ খাদ্যৰ ওপৰতহে সদায় গুৰুত্ব দিয়া উচিত।
4. তলত উল্লেখ কৰা তিনিবিধ খাদ্য সামগ্রীৰ তুমি কোনবিধ খাবা আৰু কিয় খাব ইচ্ছা কৰিবা?
(a) বটলত থকা ফলৰ ৰস
(b) সতেজ ফলৰ ৰস
(c) সতেজ ফল
Answer: মই উল্লেখ কৰা তিনিবিধ খাদ্য সামগ্ৰীৰ ভিতৰত (c) সতেজ ফল (Fresh Fruit) খাবলৈ আটাইতকৈ বেছি ইচ্ছা কৰিম। ইয়াৰ কাৰণ হ'ল, সতেজ ফল এটাত আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় ভিটামিন, খনিজ পদাৰ্থ আৰু উপকাৰী আঁহ (Fiber) সম্পূৰ্ণভাৱে অক্ষুণ্ণ থাকে। কিন্তু ফলৰ ৰস উলিয়ালে ইয়াৰ আঁহখিনি নষ্ট হৈ যায়। তদুপৰি, বটলত থকা ফলৰ ৰস দীৰ্ঘদিন ভালে ৰাখিবলৈ কৃত্ৰিম চেনি, ৰং আৰু সংৰক্ষক দ্ৰব্য (Preservatives) মিহলাই দিয়া হয়, যিবোৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। আনহাতে, সতেজ ফল সম্পূৰ্ণ প্ৰাকৃতিক আৰু ই আমাৰ শৰীৰটো সুস্থ কৰি ৰাখে।
5. চেনি এবিধ শৰ্কৰাযুক্ত খাদ্য। চেনিত আয়'ডিন মিলালে নীলা-ক'লা বৰণৰ নহয়। ইয়াৰ সমর্থনত কাৰণ দর্শোৱা।
Answer: চেনি এবিধ শৰ্কৰাযুক্ত খাদ্য হ'লেও ই আচলতে ছুক্ৰ'জ (Sucrose) নামৰ এবিধ সৰল কাৰ্ব'হাইড্ৰেটহে। আনহাতে, আয়'ডিন পৰীক্ষাৰ (Iodine Test) জৰিয়তে কেৱল জটিল কাৰ্ব'হাইড্ৰেট অৰ্থাৎ শ্বেতসাৰ বা ষ্টাৰ্চৰ (Starch) উপস্থিতিহে ধৰা পেলাব পাৰি। আয়'ডিনে কেৱল শ্বেতসাৰ বা ষ্টাৰ্চৰ সৈতে বিক্ৰিয়া কৰি নীলা-ক'লা ৰং দেখুৱায়। যিহেতু চেনিত কোনো শ্বেতসাৰ বা ষ্টাৰ্চ নাথাকে, সেয়েহে চেনিত আয়'ডিন মিলালে ইয়াৰ ৰং নীলা-ক'লা নহয়।
6. মিলেটবোৰক পুষ্টিকৰ খাদ্য হিচাবে গণ্য কৰা হৈছে। আমি কেৱল মিলেট খালেই শৰীৰত লাগতিয়াল পুষ্টিসমূহ পামনে? আলোচনা কৰা।
Answer: মিলেটত প্ৰ'টিন, খাদ্য-আঁহ, কেলছিয়াম, লো, পটাছিয়াম আৰু মেগনেছিয়াম আদি বহুতো পুষ্টিকৰ উপাদান থকাৰ বাবে ইয়াক 'নিউট্ৰি খাদ্যশস্য' বা 'চুপাৰফুড' বুলি কোৱা হয়। কিন্তু আমি কেৱল মিলেট খালেই শৰীৰৰ বাবে লাগতিয়াল সকলো পুষ্টি উপাদান নাপাম। কাৰণ, আমাৰ শৰীৰ সম্পূৰ্ণ সুস্থ আৰু সবল হৈ থাকিবলৈ সুষম আহাৰ (Balanced diet) ৰ প্ৰয়োজন, য'ত কাৰ্ব'হাইড্ৰেট, প্ৰ'টিন, ভিটামিন, খনিজ পদাৰ্থ, চৰ্বি বা স্নেহ পদাৰ্থ আদি সকলোবোৰ সঠিক জোখত থাকে। যিহেতু মিলেটত শৰীৰৰ বাবে আৱশ্যকীয় সকলোবোৰ উপাদান অকলশৰে পৰ্যাপ্ত পৰিমাণে নাথাকে। সেয়েহে আমি কেৱল মিলেট খালেই নহ'ব, ইয়াৰ লগতে অন্যান্য সেউজীয়া শাক-পাচলি, গাখীৰ আৰু ফল-মূল আদি খাব লাগিব।
7. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা —
(i) তলত দিয়া কোনটো ভিটামিন D ৰ অভাৱত হয়?
(a) দৃষ্টিশক্তি কমি যোৱা
(b) বেৰি বেৰি
(c) স্কার্ভি
(d) ৰিকেট
Answer: (d) ৰিকেট
(ii) তলত দিয়া কোনটো ৰোগ ভিটামিন C ৰ অভাৱত হয়?
(a) দৃষ্টিশক্তি কমি যোৱা
(b) স্কার্ভি
(c) ৰিকেট
(d) ৰক্তহীনতা
Answer: (b) স্কার্ভি
(iii) তলত দিয়া কোনটো ভিটামিন A ৰ অভাৱত হয়?
(a) দৃষ্টিশক্তি কমি যোৱা
(b) হাড় আৰু দাঁত ক্ষয় যোৱা
(c) বেৰি বেৰি
(d) স্কার্ভি
Answer: (a) দৃষ্টিশক্তি কমি যোৱা
(iv) তলত দিয়া কোনটো ৰোগ লোৰ অভাৱত হয়?
(a) ৰক্তহীনতা
(b) দৃষ্টিশক্তি কমি যোৱা
(c) বেৰি বেৰি
(d) স্কার্ভি
Answer: (a) ৰক্তহীনতা
8. তলত দিয়া উপাদান সমৃদ্ধ খাদ্যবোৰৰ প্ৰতিটোৰে দুটাকৈ নাম উল্লেখ কৰা।
(a) স্নেহপদার্থ
Answer: বাদাম আৰু কাজু।
(b) শ্বেতসাৰ
Answer: চাউল আৰু আলু।
(c) আঁহজাতীয় খাদ্য
Answer: কল আৰু সেউজীয়া শাক-পাচলি।
(d) প্র'টিন
Answer: বুট আৰু ছয়াবিন।