Class 8 | Micro-Organism: Friend and Foe | Summary Notes | Assam SCERT Book 2025-26
1. A micro-organism is a very small living organism that can’t be seen with the naked eye.
অণুজীৱ হৈছে এটি ক্ষুদ্ৰ জীৱ, যাক খালী চকুৰে দেখা পোৱা নাযায়।
2. Microscope is used to see microorganisms.
অণুজীৱবোৰ চাবলৈ অণুৱীক্ষণ যন্ত্ৰ ব্যৱহাৰ কৰা হয়।
3. Generally microorganisms are classified into five types. Which are – Bacteria, Fungi, Protozoa, Algae and Virus.
সাধাৰণতে অণুজীৱবোৰ পাঁচ প্ৰকাৰত ভাগ কৰা হয়। সেইবোৰ হ’ল – বেক্টেৰিয়া, ভেঁকুৰ, প্ৰট’জ’ৱা, শেলাই আৰু ভাইৰাছ।
4.
| অণুজীৱ | সৃষ্টি কৰা ৰোগৰ নাম |
|---|---|
| ভাইৰাছ | Cold ( চৰ্দি ), Coughs ( কাঁহ ), Polio ( পলিঅ’ ), Chicken pox ( বসন্ত ) |
| প্ৰট’জ’ৱা | Dysentery ( গ্ৰহণী ), Malaria (মেলেৰিয়া ) |
| বেক্টেৰিয়া | Typhoid ( সন্নিপাত ), Tuberculosis or TB ( যক্ষ্মা ) |
5.
| অণুজীৱ | উদাহৰণ |
|---|---|
| শেলাই | ক্লেমাইড’মনাছ (Chlamydomonas), স্পাইৰ’গাইৰা (Spirogyra) |
| প্ৰট’জ’ৱা | এমিবা (Amoeba), পেৰামেছিয়াম (Paramecium) |
| ভেঁকুৰ | পেনিছিলিয়াম (Penicillium), এছ্পাৰগিলাছ (Aspergillus) |
6. Uses of Microorganisms:
- Microorganisms are used to make curd, bread, and alcohol.
- They are used to make antibiotics and vaccines.
- Some microorganisms help plants grow by fixing nitrogen.
- They help decompose dead plants and animals.
- Microorganisms clean sewage and break down harmful wastes.
- They are used to make enzymes and vitamins.
অণুজীৱৰ ব্যৱহাৰ –
- দৈ, পাউৰুটী আৰু সুৰা প্ৰস্তুত কৰিবলৈ অণুজীৱ ব্যৱহাৰ কৰা হয়।
- এণ্টিবায়’টিক আৰু প্ৰতিষেধক ছিটা প্ৰস্তুত কৰিবলৈ অণুজীৱ ব্যৱহাৰ কৰা হয়।
- অণুজীৱে নাইট্ৰ’জেন যৌগীকৰণৰ দ্বাৰা উদ্ভিদৰ বৃদ্ধিত সহায় কৰে।
- অণুজীৱে মৃত উদ্ভিদ আৰু প্ৰাণী পচাবলৈ সহায় কৰে।
- অণুজীৱে নৰ্দমা আৰু বিষাক্ত অৱশিষ্ট পৰিষ্কাৰ কৰাত সহায় কৰে।
- উৎসেচক আৰু ভিটামিন প্ৰস্তুত কৰিবলৈ অণুজীৱ ব্যৱহাৰ কৰা হয়।
7. Lactobacillus bacteria convert milk into curd.
লেক্ট’বেছিলাছ বেক্টেৰিয়াই গাখীৰক দৈলৈ ৰূপান্তৰ কৰে।
8. Yeast is used to make bread. It produces carbon dioxide gas during respiration.
পাউৰুটী বনাবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়। ইষ্টৰ শ্বাস প্ৰশ্বাসত কাৰ্বন ডাইঅক্সাইড গেছ উৎপন্ন কৰে।
9. The process of conversion of sugar into alcohol is known as fermentation. It was discovered by Louis Pasteur in 1857.
চেনি সুৰালৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়াক কিণ্বন বোলে। এই কিণ্বন প্ৰক্ৰিয়াটো লুই পেষ্টিয়ৰে 1857 চনত আৱিস্কাৰ কৰিছিল।
10. Antibiotics are medicines that kill or stop the growth of harmful bacteria in our body.
এণ্টিবায়’টিক হৈছে এনে ধৰণৰ ঔষধ, যিয়ে ক্ষতিকাৰক বেক্টেৰিয়াক মাৰি পেলায় বা সিহঁতৰ বৃদ্ধি ৰোধ কৰে।
11. Alexander Fleming discovered antibiotics in 1929. The first antibiotic was penicillin, prepared from Penicillium fungi.
আলেকজেণ্ডাৰ ফ্লেমিংয়ে 1929 চনত এণ্টিবায়’টিক আৱিষ্কাৰ কৰিছিল। প্ৰথম এণ্টিবায়’টিক আছিল পেনিছিলিন, যি পেনিছিলিয়াম ভেঁকুৰৰ পৰা তৈয়াৰ কৰা হৈছিল।
12. A vaccine is a medicine that helps the body develop immunity against diseases. The vaccine was developed by Edward Jenner. He created a vaccine for smallpox in 1798.
প্ৰতিষেধক ছিটা হৈছে এবিধ ঔষধ, যিয়ে শৰীৰক ৰোগৰ পৰা ৰক্ষা কৰিবলৈ প্ৰতিৰোধ ক্ষমতা (ইমিউনিটি) গঢ়ি তোলাত সহায় কৰে। প্ৰথম ভেকচিন এডৱাৰ্ড জেনাৰে আৱিষ্কাৰ কৰিছিল। তেওঁ বসন্তৰ প্ৰতিষেধক ছিটা 1798 চনত প্ৰস্তুত কৰিছিল।
13. Rhizobium bacteria and blue-green algae can fix atmospheric nitrogen, enriching the soil with nitrogen and increasing soil fertility.
ৰাইজ’বিয়াম বেক্টেৰিয়া আৰু নীলা-সেউজীয়া শেলাইয়ে বায়ুমণ্ডলৰ নাইট্ৰ’জেন যৌগীকৰণ কৰি মাটিৰ নাইট্ৰ’জেন বৃদ্ধি কৰে আৰু মাটিৰ উৰ্বৰতা বঢ়ায়।
14. The microorganisms that cause diseases are called pathogens.
যিবোৰ অণুজীৱে ৰোগ সৃষ্টি কৰে, সেইবোৰক ৰোগকাৰক বোলে।
15. Communicable diseases are illnesses that can spread from one person to another through various means such as air, water, food, physical contact, or vectors (like mosquitoes). For example: Common cold, Tuberculosis (TB), COVID-19, Chickenpox etc.
যিবোৰ ৰোগ বায়ু, পানী, খাদ্য, সংস্পৰ্শ বা বাহকৰ দ্বাৰা এজনৰ পৰা আন এজনলৈ বিয়পে, তেনেবোৰ ৰোগক সংক্ৰামক ৰোগ বোলে। উদাহৰণস্বৰূপে - ঠাণ্ডা-জ্বৰ, যক্ষ্মা ,কোভিড-১৯, বসন্ত আদি।
16. A vector is an organism, usually an insect or animal, that transmits disease-causing pathogens from one host to another.
Example –
- The female Anopheles mosquito transmits the parasite that causes malaria.
- The female Aedes mosquito transmits the dengue virus.
বাহক হৈছে কিছুমান পতংগ বা প্ৰাণী, যিবোৰে ৰোগকাৰী অণুজীৱবোৰ এজনৰ পৰা আন এজনলৈ কঢ়িয়াই লৈ যায়।
উদাহৰণ:
- মেলেৰিয়া ৰোগৰ অণুজীৱ মাইকী এন’ফিলিছ মহে কঢ়িয়াই লৈ ফুৰে।
- ডেংগু ৰোগৰ ভাইৰাছ মাইকী এইডিছ মহে কঢ়িয়াই লৈ ফুৰে।
17. Anthrax is a dangerous human and cattle disease caused by Bacillus anthracis bacteria.
বেছিলাছ এনথ্ৰাছিছ বেক্টেৰিয়াৰ দ্বাৰা মানুহ আৰু গৰু উভয়ৰে এনথ্ৰাক্স নামৰ এবিধ ৰোগ হয়।
18. Preservatives are substances added to food, drinks, or other products to keep them fresh longer and prevent spoilage. For example – Salts, Edible oil, Sugar, Vinegar, Sodium benzoate, Sodium metabisulphate etc.
খাদ্য সংৰক্ষক হৈছে কিছুমান পদাৰ্থ যিবোৰে খাদ্য, পানীয় বা আন বস্তু দীঘলীয়া সময়লৈ ভালে আৰু নষ্ট নোহোৱাকৈ ৰাখে। উদাহৰণস্বৰূপে – নিমখ, খোৱা তেল, চেনি, ভিনেগাৰ, ছ’ডিয়াম বেনজ’য়েট, ছ’ডিয়াম মেটাবাইছালফেট আদি।
19. Pasteurisation was discovered by Louis Pasteur. It involves heating food or drink to a specific temperature for a set time to kill harmful bacteria, then cooling it quickly to keep the food fresh without changing its taste much.
পাষ্টয়ৰীকৰণ প্ৰক্ৰিয়াটো লুই পেষ্টিয়ৰে আবিষ্কাৰ কৰিছিল। এই প্ৰক্ৰিয়াত খাদ্য বা পানীয়ক নিৰ্দিষ্ট তাপমাত্ৰাত নিৰ্দিষ্ট সময় ধৰি গৰম কৰা হয় যাতে হানিকাৰক বেক্টেৰিয়াৰ মৃত্যু হয়, তাৰ পিছত হঠাতে ঠাণ্ডা কৰা হয় যাতে খাদ্যৰ সোৱাদ আৰু গুণ বজাই থাকে।
20. There are about 78% nitrogen, 21% oxygen, and 0.03% carbon dioxide in the atmosphere.
বায়ুমণ্ডলত প্ৰায় ৭৮% নাইট্ৰ’জেন, ২১% অক্সিজেন, আৰু ০.০৩% কাৰ্বন-ডাই-অক্সাইড গেছ আছে।