Class 8 | Crop Production and Management | Summary Notes | Assam SCERT Book 2025-26

1. একে জাতৰ উদ্ভিদ সৰহকৈ একে ঠাইতে খেতি কৰিলে, তাক শস্য বুলি কোৱা হয়।
When plants of the same kind are cultivated at one place on a large scale, it is called a crop.

2. শস্যবোৰক দুটা প্ৰকাৰত ভাগ কৰা হয় –
(ক) খাৰিফ শস্য : বাৰিষাকালত (সাধাৰণতে জুনৰ পৰা ছেপ্টেম্বৰলৈ) উৎপাদন কৰা হয়। উদাহৰণ স্বৰূপে – ধান, মাকৈ, চয়াবিন, কুঁহিয়াৰ, বাদাম, কপাহ ইত্যাদি।
(খ) ৰবি শস্য : শীতকালত (সাধাৰণতে অক্টোবৰৰ পৰা মাৰ্চলৈ) উৎপাদন কৰা হয়। উদাহৰণ স্বৰূপে – ঘেঁহু, বুট, মটৰ, সৰিয়হ, তিচি ইত্যাদি।
Crops are classified into two types –
(a) Kharif Crops: Grown during the rainy season, typically from June to September. For example – Paddy, Maize, Soyabean, Sugarcane, Groundnut, Cotton etc.
(b) Rabi Crops: Grown during the winter season, typically from October to March. For example – Wheat, Gram, Pea, Mustard, Linseed etc.

3. কৃষি পদ্ধতিৰ কাৰ্যকলাপ –
(i) মাটি চহোৱা
(ii) বীজ সিঁচা
(iii) জৈৱিক আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰা
(iv) জলসিঞ্চন
(v) অপতৃণ আৰু ঘাঁহ-বনৰ পৰা ৰক্ষা কৰা
(vi) খেতি চপোৱা
(vii) মজুত কৰা

Activities of agricultural practices –
(i) Preparation of soil.
(ii) Sowing
(iii) Adding manure and fertilizers
(iv) Irrigation
(v) Protecting from weeds
(vi) Harvesting
(vii) Storage

4. মাটি চহোৱা মানে হৈছে মাটি ঢিলা কৰা। ঢিলা মাটিয়ে উদ্ভিদৰ শিপাবোৰ মাটিৰ গভীৰতালৈ যাব দিয়ে। ই কেঁচু আৰু অণুজীৱ বৃদ্ধিতো সহায় কৰে। এই কেঁচু আৰু অণুজীৱবোৰে মৃত উদ্ভিদ আৰু প্ৰাণীবোৰ পচন ঘটায়, যাৰ ফলত মাটি অধিক উৰ্বৰ হৈ পৰে।
Preparation of soil means loosening the soil. Loose soil allows the roots to go deep into the ground. It also helps in the growth of earthworms and microbes. These earthworms and microbes decompose dead plants and animals, making the soil more fertile.

5. মাটি ঢিলা কৰাৰ প্ৰক্ৰিয়াটোক মাটি চহোৱা বা হাল বোৱা বুলি কোৱা হয়। হাল বোৱা পথাৰখনত মাটিৰ ডাঙৰ টুকুৰা থাকে যাক দলি চপৰা বুলি কোৱা হয়, যিবোৰ দলিমাৰি ব্যৱহাৰ কৰি ভঙা দিয়া হয়। তাৰ পিছত, মৈৰ সহায়ত মাটিখিনি সমান কৰা হয়।
The process of loosening soil is called tilling or ploughing. The ploughed field may have large pieces of soil called crumbs, which are broken using a plank. After that, the soil is leveled with the help of a leveller.

6. মাটি ঢিলা কৰাৰ পিছত, সিঁচিবলৈ ভাল মানদণ্ডৰ বীজ বাছনি কৰাটো আৱশ্যক।
After loosening the soil, it is essential to select good quality seeds for sowing.

7. জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰ দুয়োবিধ মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিবলৈ আৰু উদ্ভিদৰ বিকাশ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা হয়।
Manure and fertilizer are both substances used to improve soil fertility and promote plant growth.

Manure (জৈৱিক সাৰ ) Fertilizer (ৰাসায়নিক সাৰ )
Manure is a natural substance obtained from the decomposition of animal waste and plant residues.
জৈৱিক সাৰ হৈছে জন্তুৰ বৰ্জিত দ্ৰব্য আৰু উদ্ভিদৰ অৱশিষ্টৰ পচন ঘটি সৃষ্টি হোৱা এক প্ৰাকৃতিক দ্ৰব্য।
A fertilizer is an inorganic salt and produced in factories.
ৰাসায়নিক সাৰ হৈছে এক অজৈৱিক লৱণ আৰু কাৰখানাত প্ৰস্তুত কৰা হয়।
Manure provides a significant amount of humus to the soil.
জৈৱিক সাৰে মাটিত যথেষ্ট পৰিমাণৰ হিউমাছ যোগান ধৰিব পাৰে।
Fertilizer can't provides humus to the soil.
ৰাসায়নিক সাৰে মাটিত হিউমাছ যোগান ধৰিব নোৱাৰে।
Manure improves soil texture and promotes microbial activity.
জৈৱিক সাৰে মাটিৰ গুণ উন্নত আৰু অণুজীৱৰ কাৰ্যকলাপ বৃদ্ধি কৰে।
Fertilizer does not improve soil texture in the long term.
ৰাসায়নিক সাৰে দীৰ্ঘ সময়ৰ বাবে মাটিৰ গুণাগুণ বৃদ্ধি নকৰে।
Manure is environmentally friendly and biodegradable.
জৈৱিক সাৰ পৰিৱেশ অনুকূল আৰু জৈৱ-পচনশীল।
Fertilizer can cause soil pollution as well as water pollution if overused.
ৰাসায়নিক সাৰৰ অত্যাধিক ব্যৱহাৰ ফলত মাটি প্ৰদূষণৰ লগতে পানী প্ৰদূষণো হ'ব পাৰে।
Example: Cow dung, Compost.
উদাহৰণ: গৰুৰ গোবৰ, পচন সাৰ।
Example: Urea, Ammonium Sulphate, Super phosphate, Potash, NPK (Nitrogen, Phosphorus, Potassium).
উদাহৰণ: ইউৰিয়া, এম'নিয়াম ছালফেট, চুপাৰ ফছফেট, পটাছ, এন.পি.কে. (নাইট্ৰজেন, ফছফৰাছ, পটাছিয়াম)।

8. The supply of water to crops at different intervals is called irrigation. The sources of irrigations are – wells, tube wells, ponds, lakes, rivers, dams and canals.
সময়ত বিভিন্ন ব্যৱধানত শস্যত পানী যোগান ধৰাকে জলসিঞ্চন বুলি কোৱা হয়। জলসিঞ্চনৰ উৎস সমূহ হ’ল – কুঁৱা, দমকল, পুখুৰী, হ্ৰদ, নদী, বান্ধ আৰু নলা।

9. Sprinkler and drip systems are modern methods of irrigation that help use water economically.
পানী ছটিওৱা আৰু পানী নিগৰোৱা ব্যৱস্থা হৈছে জলসিঞ্চনৰ আধুনিক পদ্ধতি যি মিতব্যয়ীভাৱে পানী ব্যৱহাৰ কৰাত সহায় কৰে।

10. The undesirable plants that grow naturally along with crops are called weeds.
শস্যৰ সৈতে গজা অপ্ৰয়োজনীয় উদ্ভিদসমূহক অপতৃণ বুলি কোৱা হয়।

11. The removal of weeds is called weeding. Weeding is necessary because weeds compete with the crop plants for water, nutrients, space and light. Thus, they affects the growth of the crop.
অপতৃণ আঁতৰোৱাকে বনবাত নিৰোৱা বোলে। বনবাত নিৰোৱাটো প্ৰয়োজনীয় কাৰণ অপতৃণক শস্যৰ সমানে পানী, পুষ্টি, ঠাই আৰু পোহৰৰ আৱশ্যক হয়। নহ’লে, অপতৃণে শস্যৰ বৃদ্ধিত প্ৰভাৱ পেলায়।

12. Weeds are controlled by uprooting and cutting them close to the ground using a khurpi, from time to time.  We can also use chemicals called weedicides, such as 2,4-D ( 2,4-dichlorophenoxyacetic acid )
সময়ে সময়ে অপতৃণবোৰ উঘালি বা খন্তি ব্যৱহাৰ কৰি গুৰিতে কাটি অপতৃণবোৰ নিয়ন্ত্ৰণ কৰা হয়। ইয়াৰ সলনি আমি, বননাশক ৰাসায়নিক দ্ৰব্য, যেনে 2,4-ডি প্ৰয়োগ কৰিব পাৰো।

13. The cutting of crop after it is mature is called harvesting. In the harvested crop, the grain seeds need to be separated from the chaff. This process is called threshing. Threshing is done by cows, buffaloes and tractors. But nowadays, combine machines are used to harvest and thresh crops efficiently.
পৈণত শস্য কাটি, উঘালি অনাকে শস্য চপোৱা বোলে। চপোৱা শস্যৰ বীজবোৰ শীহ্ আৰু গা-গছৰ পৰা পৃথক কৰা প্ৰক্ৰিয়াক মৰণা মৰা বোলে। গৰু, ম’হ, ট্ৰেক্টৰৰ দ্বাৰা মৰণা মৰা হয়। কিন্তু আজিকালি, শস্য চপোৱা আৰু মৰণা মৰা দুয়োটা কাম কম্বাইন মেচিন ব্যৱহাৰ কৰি কৰা হয়।

14. Special festivals associated with the harvest season include Pongal, Baisakhi, Holi, Diwali, Nabanya, and Bihu.
শস্য চপোৱাৰ প্ৰধান উৎসৱসমূহ হ’ল – পোংগল, বৈশাখী, হোলী, দ্বীপান্বিতা আৰু বিহু।

Festivals Regions
Pongal Tamil Nadu
Baisakhi Punjab and Haryana, the states in northern India
Holi All over India
Diwali All over India
Nabanya West Bengal
Bihu Assam

15. Winnowing is the process of separating chaff from grains after threshing.
মৰণা মৰাৰ পিছত শস্যৰ বীজৰ পৰা পতান, শীহ্ পৃথক কৰা প্ৰক্ৰিয়াক বা-দিয়া বোলে।

16. Storage of crops refers to the process of safely keeping harvested crops to prevent damage or spoilage. To store crops properly, the freshly harvested crop needs to be dried. This prevents attacks by insect pests, bacteria, and fungi. Silos and granaries are used to store crops.
শস্যৰ মজুতকৰণ মানে হৈছে শস্যবোৰ ক্ষতি বা নষ্ট নোহোৱাকৈ সুৰক্ষিতভাৱে ৰখা প্ৰক্ৰিয়া। শস্য সঠিকভাৱে সংৰক্ষণ কৰিবলৈ, সতেজকৈ চপোৱা শস্য শুকোৱাৰ প্ৰয়োজন। ই কীট-পতংগ, বেক্টেৰিয়া আৰু ভেঁকুৰৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে। শস্য মজুত কৰি ৰাখিবলৈ বায়ুৰূদ্ধ শস্যৰ ভঁৰাল বা ভঁৰাল ব্যৱহাৰ কৰা হয়।

Next Post Previous Post