Class 6 | Chapter-2 জীৱ আৰু জৈৱ বৈচিত্ৰ্য (Organism and Biodiversity) | Questions & Answers | Assam SCERT Book 2026-27

1. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা —

i. তলৰ কোনটো প্রক্রিয়াত পখিলাই উদ্ভিদক সহায় কৰে?

(a) অভিযোজন

(b) খাদ্য প্রস্তুতকৰণ

(c) প্রজনন

(d) শ্বাস-প্রশ্বাস

Answer: (c) প্রজনন

 

ii. ডালিম গছ এবিধ —

(a) বৃক্ষ

(b) গুল্ম

(c) তৃণ

(d) আৰোহী লতা

Answer: (b) গুল্ম

 

iii. তলৰ কোনবিধ জলজ উদ্ভিদ নহয়?

(a) পদুম

(b) খৰিকাজাঁই

(c) পুনি

(d) ভেঁট

Answer: (c) পুনি

 

iv. চৰাইৰ ডেউকা হ'ল —

(a) পাখিৰ ৰূপান্তৰ

(b) আগঠেঙৰ ৰূপান্তৰ

(c) পিছঠেঙৰ ৰূপান্তৰ

(d) (a) আৰু (b) দুয়োটাই

Answer: (b) আগঠেঙৰ ৰূপান্তৰ

 

v. ঠাণ্ডা ঠাইত থকা জন্তুবোৰৰ দেহত দীঘল নোমৰ কাৰ্য কি?

(a) ই দেহক তাপৰ পৰা সুৰক্ষা দিয়ে।

(b) ই দেহক বৰষুণৰ পৰা সুৰক্ষা দিয়ে।

(c) ই দেহক শীতৰ প্রকোপৰ পৰা সুৰক্ষা দিয়ে।

(d) ই দেহক আঘাতৰ পৰা সুৰক্ষা দিয়ে।

Answer: (c) ই দেহক শীতৰ প্রকোপৰ পৰা সুৰক্ষা দিয়ে।

 

2. খালী ঠাই পূৰ কৰা।

(i) বীজপত্র ______ ৰ ভিতৰত থাকে।

Answer: বীজপত্র বীজ ৰ ভিতৰত থাকে।

(ii) জালৰ দৰে সিৰাবিন্যাস ______ উদ্ভিদৰ চৰিত্ৰ।

Answer: জালৰ দৰে সিৰাবিন্যাস দ্বিবীজপত্ৰী উদ্ভিদৰ চৰিত্ৰ।

(iii) উটৰ কুঁজটোত ______ জমা হৈ থাকে।

Answer: উটৰ কুঁজটোত চর্বি জমা হৈ থাকে।

(iv) পৰ্বতীয়া অঞ্চলৰ গছৰ আকৃতি ______ ৰ দৰে।

Answer: পৰ্বতীয়া অঞ্চলৰ গছৰ আকৃতি শংকু ৰ দৰে।

(v) ফোপোলা হাড় ______ ৰ এক চৰিত্ৰ।

Answer: ফোপোলা হাড় চৰাই ৰ এক চৰিত্ৰ।

 

3. চমু উত্তৰ লিখা।

(i) আবাসস্থল কাক বোলে?

Answer: যি ঠাইত কোনো জীৱই স্বাভাৱিকতে বাস কৰে, সেই ঠাইকে জীৱবিধৰ আবাসস্থল (Habitat) বুলি কোৱা হয়।

(ii) জৈৱ বৈচিত্র্য মানে কি বুজা?

Answer: কোনো এখন ঠাইত থকা জীৱসমূহৰ ভিন্নতাক জৈৱ বৈচিত্ৰ্য (Biodiversity) বুলি কোৱা হয়।

(iii) কেক্‌টাছে মৰুভূমিত জীয়াই থাকিবলৈ কি দৰে অভিযোজন কৰে?

Answer: মৰুভূমিত পোৱা কেক্‌টাছৰ কাঁইটবোৰ পাতৰ ৰূপান্তৰ। এই কাঁইটবোৰে পানীৰ বাষ্পীভৱন কমায়। ইয়াৰ উপৰিও কেক্‌টাছৰ কাণ্ড মঙহাল হোৱা বাবে পানী জমা কৰি ৰাখিব পাৰে। ফলত কম পানী ব্যৱহাৰ কৰি কেক্‌টাছ মৰুভূমিত সহজে জীয়াই থাকিব পাৰে।

(iv) সমান্তৰাল সিৰাবিন্যাস থকা তিনিবিধ উদ্ভিদৰ উদাহৰণ দিয়া।

Answer: সমান্তৰাল সিৰাবিন্যাস (Parallel venation) থকা তিনিবিধ উদ্ভিদৰ উদাহৰণ হ'ল ধান, ঘেঁহু আৰু মাকৈ।

(v) জৈৱ বৈচিত্র্যৰ গুৰুত্ব লিখা।

Answer: জৈৱ বৈচিত্ৰ্য প্ৰকৃতিৰ বাবে অতি গুৰুত্বপূর্ণ। জৈৱ বৈচিত্ৰ্য থকাৰ বাবে বিভিন্ন প্ৰাণীৰ মাজত খাদ্য-শৃংখল গঢ়ি উঠিছে। ফলত প্ৰাণীবোৰো জীয়াই আছে আৰু সিহঁতৰ সংখ্যা নিয়ন্ত্ৰিত হৈ আছে। এইদৰে জৈৱ বৈচিত্ৰ্য থকা বাবে পৰিৱেশৰ ভাৰসাম্যতা সুৰক্ষিত থাকে।

(vi) 'চৰাই জৈৱ বৈচিত্র্যৰ এক প্রয়োজনীয় অংশ' - ব্যাখ্যা কৰা।

Answer: চৰাইবোৰে গছ-গছনি আৰু শস্যপথাৰত থকা অনিষ্টকাৰী পোক-পতংগ খাই সংখ্যা নিয়ন্ত্ৰণ কৰে। ইয়াৰ উপৰি, চৰাইয়ে খাদ্য-শৃংখল বজাই ৰখাত আৰু বীজ বিস্তাৰণতো সহায় কৰে। সেয়ে, চৰাই জৈৱ বৈচিত্ৰ্যৰ এক প্রয়োজনীয় অংশ।


4. শুদ্ধ নে অশুদ্ধ লিখা।

(i) সকলোবোৰ পতংগই আমাৰ বাবে অপকাৰী।

Answer: অশুদ্ধ।

(ii) চৰায়ে অৰণ্য বিস্তাৰণত সহায় কৰে।

Answer: শুদ্ধ।

(iii) পৰিৱেশৰ সকলো জীৱৰ মাজত কোনো ধৰণৰ পৰস্পৰ সম্পৰ্ক নাই।

Answer: অশুদ্ধ।

(iv) জৈৱ বৈচিত্র্যৰ অৱক্ষয়ে পৰিৱেশত প্রভাৱ পেলায়।

Answer: শুদ্ধ।

(v) অতিপাত ঠাণ্ডা ঠাইত কোনো জীৱই জীয়াই থাকিব নোৱাৰে।

Answer: অশুদ্ধ।

Next Post Previous Post