Class 8 | Chapter-13 Reaching The Age Of Adolescence | Summary Notes | Assam SCERT Book 2025-26
1. The period of life when the body undergoes changes leading to reproductive maturity is called adolescence. Adolescence begins around the age of 11 and lasts up to 18 or 19 years.
জীৱনৰ যি সময়ছোৱাত শাৰীৰিক পৰিৱৰ্তন হৈ পৈণত প্ৰজনন অৱস্থা প্ৰাপ্ত হয়, সেই সময়ছোৱাক কৈশোৰ কাল (Adolescence) বুলি কোৱা হয়। কৈশোৰ কালৰ আৰম্ভণি প্ৰায় 11 বছৰ বয়সৰ পৰা আৰম্ভ হৈ 18 বা 19 বছৰ বয়সলৈকে চলি থাকে।
2. Changes During Puberty —
(a) Increase in Height: During puberty, both boys and girls experience a rapid increase in height. In the early stage, girls grow faster than boys, but by the age of 18–19, the height of both boys and girls becomes stable.
(b) Voice Change: There is a noticeable change in voice during puberty. Girls develop a clearer and slightly sharper voice, while boys experience cracking of voice and it becomes deeper. This happens due to the growth of the voice box (larynx).
(c) Increased Activity of Sweat and Sebaceous Glands: The sweat glands and oil (sebaceous) glands become more active during puberty. This leads to more sweating, oily skin, and sometimes the appearance of pimples or acne.
(d) Development of Sex Organs: The reproductive organs become fully developed during puberty.
- In boys – the penis and testes grow, and the testes start producing sperms.
- In girls – the ovaries enlarge and begin to release mature eggs.
(e) Secondary Sexual Characteristics: Various secondary sexual characteristics appear during puberty.
- In boys – moustache and beard appear.
- In girls – breasts develop and hips become wider.
কৈশোৰকালত হোৱা পৰিবর্তনসমূহ —
(a) উচ্চতাৰ বৃদ্ধি: কৈশোৰকালত ল'ৰা-ছোৱালী উভয়ৰে উচ্চতা দ্ৰুত বৃদ্ধি পায়। আৰম্ভণিতে ছোৱালীৰ উচ্চতা ল'ৰাৰ তুলনাত বেছি হয়, কিন্তু প্ৰায় ১৮-১৯ বছৰৰ ভিতৰত দুয়োৰে উচ্চতা প্ৰায় সমান হয়।
(b) মাতৰ পৰিৱর্তন: কৈশোৰকালৰ সময়ত মাতৰ পৰিৱর্তন হয়। ছোৱালীৰ মাত স্পষ্ট আৰু অলপ তীক্ষ্ণ হয়, আৰু ল'ৰাৰ মাত ভাঙি গম্ভীৰ হয়। এই পৰিৱর্তন স্বৰযন্ত্ৰৰ বৃদ্ধিৰ বাবে ঘটে।
(c) ঘৰ্ম আৰু তৈল গ্ৰন্থিৰ বৰ্ধিত ক্ৰিয়া: ঘৰ্ম আৰু তৈল গ্ৰন্থি কৈশোৰকালত অধিক সক্ৰিয় হয়। ইয়াৰ ফলত অধিক ঘাম ওলায়, ছাল তেলীয়া হয়, আৰু কেতিয়াবা মুখমণ্ডলত পিম্পল বা শালমইনা দেখা যায়।
(d) যৌনাংগৰ বিকাশ: কৈশোৰকালত যৌনাংগসমূহ সম্পূৰ্ণ বিকশিত হয়।
- ল'ৰাৰ ক্ষেত্ৰত – লিংগ আৰু অণ্ডাশয় বৃদ্ধি পায় আৰু শুক্ৰাণু উৎপন্ন কৰিবলৈ আৰম্ভ কৰে।
- ছোৱালীৰ ক্ষেত্ৰত – ডিম্বাশয় ডাঙৰ হয় আৰু পৈণত ডিম্বাণু উৎপন্ন কৰিবলৈ আৰম্ভ কৰে।
(e) গৌণ লিংগ বৈশিষ্ট্য: কৈশোৰকালত গৌণ লিংগ বৈশিষ্ট্যসমূহ দেখা দিয়ে।
- ল'ৰাৰ ক্ষেত্ৰত– মুখত দাড়ি-গোঁফ গজে।
- ছোৱালীত ক্ষেত্ৰত – স্তনৰ বিকাশ হয় আৰু কঁকাল বহল হয়।
3. Hormones are chemical substances released by endocrine glands in the body that control and regulate the activities of certain cells or organs. Endocrine glands release hormones into the bloodstream to reach a particular body part called target site.
হৰম'ন হৈছে দেহৰ অন্তঃস্ৰাৱী (endocrine) গ্ৰন্থিসমূহে নিঃসৰণ কৰা ৰাসায়নিক পদাৰ্থ, যিয়ে দেহৰ নিৰ্দিষ্ট কোষ বা অংগৰ কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰে। অন্তঃস্ৰাৱী গ্ৰন্থিসমূহে দেহৰ তেজ প্ৰৱাহত হৰম'ন এৰি দিয়ে আৰু এই হৰম'নবোৰে তেজৰ সোঁতৰ দ্বাৰা নিজ নিজ লক্ষ্যস্থান পায়গৈ। কিছুমান হৰম'নৰ উদাহৰণ —
| অন্তঃস্ৰাৱী গ্ৰন্থি (Endocrine glands) | নিঃসৰণ কৰা হৰম'ন (Hormone) |
|---|---|
| পিটুইটাৰী গ্ৰন্থি (Pituitary glands) | বৃদ্ধি হৰম'ন (Growth Hormone) |
| থাইৰইড গ্ৰন্থি (Thyroid glands) | থাইৰ'ক্সিন (Thyroxine) |
| এড্ৰিনেল গ্ৰন্থি (Adrenal glands) | এড্ৰিনেলিন (Adrenaline) |
| অগ্নাশয় (Pancreas) | ইনছুলিন (Insulin) |
| ডিম্বাশয় (Ovaries) | ইষ্ট্ৰ'জেন (Estrogen) |
| অণ্ডাশয় (Testes) | টেষ্ট'ষ্টেৰন (Testosterone) |
4. A woman’s reproductive capability begins between the ages of 10 and 12 years and continues until around 45 to 50 years. Once reproductive maturity is reached, the eggs (ova) start to mature. Every 28 to 30 days, one mature egg is released from the ovary. If this egg is not fertilized, it, along with the thick lining of the uterus and blood vessels, is expelled from the body. This results in bleeding, which is called the menstrual cycle (menstruation)
মহিলাৰ প্ৰজনন ক্ষমতা 10 ৰ পৰা 12 বছৰ বয়সত আৰম্ভ হয় আৰু এই ক্ষমতা 45 ৰ পৰা 50 বছৰলৈ চলি থাকে। প্ৰজনন ক্ষমতা প্ৰাপ্তি অৱস্থা পোৱাৰ লগে লগে ডিম্বাণু পৈণত হ'বলৈ ধৰে। প্ৰতি 28 ৰ পৰা 30 দিনৰ ভিতৰত একোটা পূৰঠ ডিম্বাণু নিঃসৰণ (Release of Ovaries) হয়। যদি এই ডিম্বাণু নিষেচিত নহয় তেতিয়া ডিম্বাশয়ৰ পৰা ওলোৱা ডিম্বাণু, জৰায়ুৰ ডাঠ আৱৰণ আৰু ৰক্তনলিকাৰ সৈতে শৰীৰৰ বাহিৰলৈ ওলাই আহে। ইয়াৰ ফলত ৰক্তক্ষৰণ হয় আৰু ইয়াকে মাহেকীয়া ঋতুচক্ৰ (Menstruation) বোলে।
5. The first menstruation in a female is called menarche, and the last menstruation is called menopause.
ছোৱালীৰ প্ৰথম মাহেকীয়া ঋতুচক্ৰক পুষ্পিতা (Menarche) আৰু শেষ মাহেকীয়া ঋতুচক্ৰক ৰজোনিবৃত্তি (Menopause) বুলি কোৱা হয়।
6. Each cell in the human body has 23 pairs of chromosomes in its nucleus. One pair of these chromosomes is called the sex chromosomes (X and Y chromosomes). In females, there are two X chromosomes (XX), while in males, there is one X and one Y chromosome (XY). When a sperm carrying an X chromosome fertilizes an egg, the resulting zygote will have two X chromosomes (XX) and will develop into a female child. On the other hand, if a sperm carrying a Y chromosome fertilizes an egg, the resulting zygote will have one X and one Y chromosome (XY) and will develop into a male child.
মানুহৰ দেহৰ প্ৰত্যেক কোষৰ কোষকেন্দ্ৰত 23 যোৰ ক্ৰম'জ'ম (Chromosomes) থাকে। ইয়াৰ এযোৰ ক্ৰম'জ'মক X আৰু Y বা যৌন ক্ৰম'জ'ম (X and Y Chromosomes or Sex Chromosomes) বুলি কোৱা হয়। মহিলাৰ ক্ষেত্ৰত দুডাল X ক্ৰম'জ'ম আৰু পুৰুষৰ ক্ষেত্ৰত এডাল X আৰু এডাল Y ক্ৰম'জ'ম থাকে। যেতিয়া X ক্ৰম'জ'ম যুক্ত এটা শুক্ৰাণুয়ে ডিম্বাণুক নিষিক্ত কৰে তেতিয়া তাৰ পৰা সৃষ্টি হোৱা যোজন কোষ (Zygote) টোত দুডাল X ক্ৰম'জ'ম থাকিব ইয়ে এটি কন্যা সন্তানলৈ বিকশিত হ'ব। আনহাতে, যদি Y ক্ৰম'জ'ম যুক্ত এটা শুক্ৰাণুয়ে ডিম্বাণুক নিষিক্ত কৰে তেতিয়া তাৰ পৰা সৃষ্টি হোৱা যোজন কোষটোত দুডাল ক্ৰম'জ'ম ক্ৰমে Y আৰু X থাকিব আৰু ই এটি ল'ৰা সন্তানলৈ বিকশিত হ'ব।
7. When the thyroid gland is unable to produce enough thyroxine hormone, it can lead to hypothyroidism. This can lead to goiter, which is swelling in the neck.
যেতিয়া থাইৰয়ড গ্ৰন্থিয়ে যথেষ্ট পৰিমাণে থাইৰ'ক্সিন হৰম'ন উৎপাদন কৰিব নোৱাৰে, তেতিয়া হাইপ’থাইৰয়ডিজম (Hypothyroidism) অৱস্থা সৃষ্টি হয়। ইয়াৰ ফলত গৰল (ডিঙি ফুলি উঠে) ৰোগ হয়।
8. When the pancreas cannot produce enough insulin, it causes diabetes, a condition in which the blood sugar level becomes too high.
যেতিয়া অগ্নাশয়ে যথেষ্ট পৰিমাণে ইনছুলিন উৎপাদন কৰিব নোৱাৰে, তেতিয়া মধুমেহ (Diabetes) ৰোগ হয়। ইয়াৰ ফলত তেজত শৰ্কৰা (blood sugar) ৰ পৰিমাণ বৃদ্ধি পায়।
9. The adrenaline hormone helps the body cope with stress. It is released when a person feels angry, embarrassed, or worried, preparing the body for adjustment.
এড্ৰিনেলিন হৰম'নে দেহক চাপ (stress) ৰ সৈতে মোকাবিলা কৰিবলৈ সহায় কৰে। যেতিয়া কোনো ব্যক্তি খঙাল, উত্তেজিত বা চিন্তিত হয়, তেতিয়া এই হৰম'ন নিঃসৰিত হয় আৰু দেহত সমতা স্থাপন কৰে।
10. The pituitary gland is called the “master gland” because it controls other endocrine glands and regulates many body functions.
পিটুইটাৰী গ্ৰন্থিক "মাষ্টাৰ গ্ৰন্থি" বুলি কোৱা হয়, কাৰণ ই অন্যান্য অন্তঃস্ৰাৱী গ্ৰন্থি আৰু দেহৰ বহু কাৰ্য নিয়ন্ত্ৰণ কৰে।
11. Thyroxine hormone is needed for frog development. Without enough iodine in water, tadpoles cannot become adults.
থাইৰ'ক্সিন হৰম'ন ভেকুলীৰ বিকাশৰ বাবে প্ৰয়োজনীয়। পানীত যথেষ্ট পৰিমাণে আয়'ডিন নাথাকিলে, লালুকী বোৰ প্ৰাপ্তবয়স্ক ভেকুলীলৈ ৰূপান্তৰ হ'ব নোৱাৰে।
12. A balanced diet is a diet that contains all the essential nutrients (carbohydrates, proteins, fats, vitamins, minerals, and water) in the right proportions to maintain good health and proper growth. It is important to eat balanced diet and maintain personal hygiene during adolescence.
সুষম আহাৰ (Balanced Diet) হৈছে এনে আহাৰ য'ত দেহৰ সু-স্বাস্থ্য আৰু সঠিক বৃদ্ধিৰ বাবে প্ৰয়োজনীয় সকলো পুষ্টিকাৰক উপাদান (কাৰ্ব'হাইড্ৰেট, প্ৰ'টিন, চর্বি, ভিটামিন, খনিজ পদাৰ্থ আৰু পানী) ঠিক পৰিমাণত থাকে। কৈশোৰকালত সুষম খাদ্য গ্ৰহণ আৰু ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছনতা ৰক্ষা কৰাটো অতি প্ৰয়োজনীয়।
13. AIDS (Acquired Immunodeficiency Syndrome) is a disease caused by HIV (Human Immunodeficiency Virus) in which the body’s immune system becomes very weak, making it unable to fight infections. It spreads through blood, sexual contact, or from mother to child.
AIDS (Acquired Immunodeficiency Syndrome) হৈছে HIV (Human Immunodeficiency Virus) ভাইৰাছৰ ফলত হোৱা ৰোগ, যাৰ ফলত দেহৰ প্ৰতিৰোধ ক্ষমতা শেষ হৈ যায় আৰু সংক্রমণৰ বিৰুদ্ধে যুদ্ধ কৰাত অক্ষম হয়। এই ৰোগ তেজৰ দ্বাৰা, যৌন সম্ভোগ, বা মাতৃৰ পৰা শিশুলৈ সংক্রমিত হ'ব পাৰে।