Class 6 | Chapter-5 আমাৰ চৌপাশৰ বস্তুবোৰ (Objects Around Us) | Questions & Answers | Assam SCERT Book 2026-27
1. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণ পূৰ কৰা।
(i) দ্ৰব্যই যি পৰিমাণৰ ঠাই আগুৰি থাকে তাক কি বুলি কোৱা হয়?
(a) পদাৰ্থ
(b) ভৰ
(c) আয়তন
(d) কালি
Answer: (c) আয়তন
(ii) তলৰ কোনবিধ স্বচ্ছ?
(a) কাঠ
(b) কাচ
(c) লো
(d) কাগজ
Answer: (b) কাচ
(iii) তলৰ কোনবিধ অৰ্ধস্বচ্ছ?
(a) কাচৰ গিলাচ
(b) দাপোণ
(c) তেলসনা কাগজ
(d) ষ্টীলৰ গিলাচ
Answer: (c) তেলসনা কাগজ
(iv) তলৰ গোটটোৰ পৰা অমিলটো বাছি উলিওৱা।
(a) সোণ
(b) এলুমিনিয়াম
(c) তাম
(d) বাঁহ
Answer: (d) বাঁহ
2. তলৰ কোনবোৰ বস্তু পানীত দ্ৰৱণীয় আৰু কোনবোৰ পানীত অদ্ৰৱণীয় লিখা।
(a) চেনি
(b) নাৰিকলৰ তেল
(c) বালি
(d) মৌ
(e) চকৰ গুড়ি
(f) পিঠাগুড়ি
(g) নিমখ
Answer:
(a) চেনি: পানীত দ্ৰৱণীয়
(b) নাৰিকলৰ তেল: পানীত অদ্ৰৱণীয়
(c) বালি: পানীত অদ্ৰৱণীয়
(d) মৌ: পানীত দ্ৰৱণীয়
(e) চকৰ গুড়ি: পানীত অদ্ৰৱণীয়
(f) পিঠাগুড়ি: পানীত অদ্ৰৱণীয়
(g) নিমখ: পানীত দ্ৰৱণীয়
3. পদাৰ্থ কি? উদাহৰণসহ ব্যাখ্যা কৰা।
Answer: যিবোৰ বস্তুৰ ভৰ (mass) আছে আৰু যিয়ে কিছু ঠাই আগুৰি থাকে, তাকে পদাৰ্থ বুলি কোৱা হয়। আমাৰ চাৰিওফালে থকা প্ৰায় সকলোবোৰ বস্তুৱেই পদাৰ্থৰে গঠিত।
উদাহৰণস্বৰূপে — কাঠ এবিধ পদাৰ্থ কাৰণ ইয়াৰ ভৰ আছে আৰু ই ঠাই আগুৰি থাকে।
4. কি দুটা ধৰ্মৰ সহায়ত আমি ক'ব পাৰো যে শিল এবিধ পদাৰ্থ?
Answer: তলত উল্লেখ কৰা দুটা ধৰ্মৰ সহায়ত আমি ক'ব পাৰো যে শিল এবিধ পদাৰ্থ —
(i) ভৰ (Mass): শিলৰ এক নিৰ্দিষ্ট ভৰ আছে।
(ii) ঠাই আগুৰি থকা (Occupies space): শিলটো যতেই ৰখা হয়, ই নিজৰ আকাৰ অনুসৰি কিছু ঠাই আগুৰি লয়।
5. চাৰিবিধ দ্ৰব্যৰ নাম লিখা যাৰ সহায়ত গিলাচ তৈয়াৰ কৰিব পাৰি।
Answer: গিলাচ তৈয়াৰ কৰিব পৰা চাৰিবিধ দ্ৰব্য হ'ল — কাচ (Glass), প্লাষ্টিক (Plastic), ষ্টীল (Steel) আৰু মাটি (Clay)।
6. জ্যোতি কি?
Answer: জ্যোতি মানে হৈছে পোহৰ আৰু ই এবিধ শক্তি। যিয়ে আমাক আমাৰ চাৰিওফালৰ বস্তুবোৰ চোৱাত সহায় কৰে।
7. তলৰ বাক্যবোৰ শুদ্ধনে অশুদ্ধ লিখা।
(a) কাঠ স্বচ্ছ, কিন্তু কাচ অস্বচ্ছ।
Answer: অশুদ্ধ (কাঠ অস্বচ্ছ আৰু কাচ স্বচ্ছ)।
(b) কাঠৰ গুড়ি পানীত দ্ৰৱীভুত হয়।
Answer: অশুদ্ধ (কাঠৰ গুড়ি পানীত দ্ৰৱীভুত নহয়)।
(c) পানীত নিমখ দ্ৰৱীভুত হয়।
Answer: শুদ্ধ (নিমখ পানীত সম্পূৰ্ণকৈ দ্ৰৱীভুত হয়)।
(d) কাঠৰ টুকুৰা পানীত ওপঙে।
Answer: শুদ্ধ (কাঠ পানীৰ ওপৰত ওপঙি থাকে)।
(e) নাৰিকলৰ তেল পানীত দ্ৰৱীভুত হয়।
Answer: অশুদ্ধ (তেল পানীৰ ওপৰত ওপঙি থাকে, সেয়ে মিহলি হৈ নাযায়)।
(f) গ্লিছাৰিন পানীত দ্ৰৱীভুত হয়।
Answer: শুদ্ধ (গ্লিছাৰিন পানীত সম্পূৰ্ণৰূপে মিহলি হৈ যায়)।
(g) তাম আৰু লো জ্যোতিমান দ্ৰব্য।
Answer: শুদ্ধ (ধাতু হিচাপে তাম আৰু লোৰ এক নিজস্ব উজ্জ্বলতা বা জ্যোতি আছে)।
(h) বায়ু স্বচ্ছ।
Answer: শুদ্ধ (বায়ুৰ মাজেৰে আমি স্পষ্টকৈ দেখা পাওঁ)।
8. তলত দিয়া বস্তুবোৰৰ লগত দ্ৰব্যবোৰ মিলোৱা, যিবোৰৰ পৰা বস্তুটো তৈয়াৰ কৰা হয়।
| বস্তু | দ্ৰব্য |
|---|---|
| টোকা বহী | কপাহ |
| গজাল | কাঠ |
| চকী | কাচ |
| গিলাচ | কাগজ |
| সূতা | লো |
Answer:
| বস্তু | দ্ৰব্য |
|---|---|
| টোকা বহী | কাগজ |
| গজাল | লো |
| চকী | কাঠ |
| গিলাচ | কাচ |
| সূতা | কপাহ |
9. প্লাষ্টিকেৰে তৈয়াৰী পাঁচবিধ বস্তুৰ নাম লিখা।
Answer: প্লাষ্টিকেৰে তৈয়াৰী পাঁচবিধ বস্তু হ'ল — বটল (Bottle), বাল্টি (Bucket), চকী (Chair), খেলনা (Toy) আৰু ফণি (Comb)।
10. খালী ঠাই পূৰ কৰা —
(i) একেটা বস্তু বিভিন্ন ______ ৰে গঠিত হ'ব পাৰে।
(ii) বস্তুবোৰক ভাগ কৰা পদ্ধতিকটোক ______ বুলি কোৱা হয়।
(iii) বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণেই হ'ল বস্তুটোৰ ______।
(iv) বস্তু এটাই যিমান ঠাই আগুৰে সেয়ে বস্তুটোৰ ______।
Answer:
(i) একেটা বস্তু বিভিন্ন পদাৰ্থ ৰে গঠিত হ'ব পাৰে।
(ii) বস্তুবোৰক ভাগ কৰা পদ্ধতিকটোক শ্ৰেণীবিভাজন বুলি কোৱা হয়।
(iii) বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণেই হ'ল বস্তুটোৰ ভৰ।
(iv) বস্তু এটাই যিমান ঠাই আগুৰে সেয়ে বস্তুটোৰ আয়তন।
11. বস্তু বা দ্ৰব্যৰ ধৰ্মৰ ভিত্তি কৰি মিলোৱা। মনত ৰাখিবা কিছুমান বস্তু বা পদাৰ্থৰ একাধিক ধৰ্ম থাকিব পাৰে।
| বস্তু বা পদাৰ্থ | ধৰ্ম |
|---|---|
| তীখাৰে নিৰ্মিত কাঁহী | পানীত দ্ৰৱণীয় |
| কাচৰ বটল | অস্বচ্ছ |
| কাঠৰ টুকুৰা | স্বচ্ছ |
| নিমখ | জ্যোতিমান |
Answer:
| বস্তু বা পদাৰ্থ | ধৰ্ম |
|---|---|
| তীখাৰে নিৰ্মিত কাঁহী | অস্বচ্ছ, জ্যোতিমান |
| কাচৰ বটল | স্বচ্ছ |
| কাঠৰ টুকুৰা | অস্বচ্ছ |
| নিমখ | পানীত দ্ৰৱণীয় |
12. তোমাক যদি এখন মজবুত, পাতল আৰু দীৰ্ঘস্থায়ী বেঞ্চ তৈয়াৰ কৰিবলৈ কোৱা হয়, তেন্তে তুমি কোনবিধ দ্ৰব্য নিৰ্বাচন কৰিবা আৰু দ্ৰব্যৰ কোনবোৰ ধৰ্মক অগ্ৰাধিকাৰ দিবা?
Answer: মজবুত, পাতল আৰু দীৰ্ঘস্থায়ী বেঞ্চ তৈয়াৰ কৰিবলৈ মই এলুমিনিয়াম (Aluminum) অথবা প্লাষ্টিক নিৰ্বাচন কৰিম।
ওপৰোক্ত দ্ৰব্যবোৰ অগ্ৰাধিকাৰ দিয়াৰ মূল কাৰণ হ'ল —
(i) এইবোৰ যথেষ্ট মজবুত।
(ii) লঘু ওজন বা পাতল হোৱা বাবে সহজে এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিব পাৰি।
(iii) এইবোৰ দীৰ্ঘস্থায়ী আৰু সহজে নষ্ট নোহোৱা বা মামৰে নধৰা।
13. কিছুমান দ্ৰব্য গোটাই লোৱা যেনে, বালি, নিমখ, নেমু ৰস, ইত্যাদি। এতিয়া এটা গিলাচত পানীলৈ, এটা এটাকে মিহলাই চোৱা। কোনবোৰ বস্তু পানীত মিহলি হয় এখন তালিকা বনাই লিপিৱদ্ধ কৰা।
Answer:
| দ্ৰব্য | পানীত মিহলি হয়নে নহয়? |
|---|---|
| বালি | পানীত মিহলি নহয় আৰু গিলাচৰ তলিত জমা হয় |
| নিমখ | পানীত মিহলি হয় |
| নেমু ৰস | পানীত মিহলি হয় |