Class 6 | Chapter-1 বিজ্ঞানৰ বিচিত্ৰ জগতখন (The Wonderful World of Science) | Questions & Answers | Assam SCERT Book 2026-27
1. খালী ঠাই পূৰ কৰা —
(a) বিজ্ঞান হ'ল ______ আৰু ______ ৰ জৰিয়তে লাভ কৰা জ্ঞান।
Answer: বিজ্ঞান হ'ল পৰ্যৱেক্ষণ আৰু পৰীক্ষা ৰ জৰিয়তে লাভ কৰা জ্ঞান।
(b) পৰ্যবেক্ষণ, ______ আৰু পৰীক্ষা এই পৰ্যায়কেইটাৰ সমষ্টিয়েই হ'ব বিজ্ঞানসন্মত পদ্ধতি।
Answer: পৰ্যবেক্ষণ, আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা এই পৰ্যায়কেইটাৰ সমষ্টিয়েই হ'ব বিজ্ঞানসন্মত পদ্ধতি।
(c) ______ ৰ বাবে আমি খাদ্য খাওঁ।
Answer: বৃদ্ধি ৰ বাবে আমি খাদ্য খাওঁ।
(d) পঞ্জাবত মানুহে প্ৰধানকৈ ______ খায়।
Answer: পঞ্জাবত মানুহে প্ৰধানকৈ ৰুটী খায়।
(e) কম্পাছত _________ থাকে।
Answer: কম্পাছত চুম্বক থাকে।
2. শুদ্ধ উক্তিটোত(✔) চিন দিয়া —
(a) আমি সদায় স্বাস্থ্য ভালে ৰখা খাদ্যহে খাব লাগে।
(b) পানীৰ অবিহনে আমি জীয়াই থাকিব পাৰো।
(c) বৰষুণ হিচাপে পানী আকাশৰ পৰা মাটিত পৰে।
(d) ওলোমাই ৰখা চুম্বক এডাল সদায় পূৱা-পশ্চিমা হৈ থাকে।
(e) হিমালয়ৰ ওপৰ অংশ আৰু মেৰু অঞ্চল বৰফেৰে ঢাক খাই থাকে।
Answer:
(a) আমি সদায় স্বাস্থ্য ভালে ৰখা খাদ্যহে খাব লাগে। ✔
(b) পানীৰ অবিহনে আমি জীয়াই থাকিব পাৰো। ✘
(c) বৰষুণ হিচাপে পানী আকাশৰ পৰা মাটিত পৰে। ✔
(d) ওলোমাই ৰখা চুম্বক এডাল সদায় পূৱা-পশ্চিমা হৈ থাকে। ✘
(e) হিমালয়ৰ ওপৰ অংশ আৰু মেৰু অঞ্চল বৰফেৰে ঢাক খাই থাকে। ✔
3. চমু উত্তৰ দিয়া —
(a) মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক কিহৰ নিচিনা দেখে?
Answer: মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক এটা নীলা মাৰ্বলৰ নিচিনা দেখে।
(b) কম্পাছৰ মূলবস্তু কি?
Answer: কম্পাছৰ মূলবস্তু হ'ল চুম্বক।
(c) ওলোমাই ৰখা চুম্বক এডাল কোন দিশত মুখ কৰি থাকে?
Answer: ওলোমাই ৰখা চুম্বক এডাল সদায় উত্তৰ-দক্ষিণ দিশত মুখ কৰি থাকে।
(d) নাৱিকসকলে সাগৰত কিদৰে জাহাজৰ দিশ নির্ণয় কৰে?
Answer: নাৱিকসকলে সাগৰত কম্পাছৰ সহায়ত জাহাজৰ দিশ নিৰ্ণয় কৰে।
(e) বিজ্ঞানসন্মত পদ্ধতিৰ পর্যায়কেইটা কি কি?
Answer: বিজ্ঞানসন্মত পদ্ধতিৰ পর্যায়কেইটা হ'ল পর্যৱেক্ষণ, আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা।
4. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা —
(i) উইলবাৰ ৰাইট আৰু অৰভিলি ৰাইটে তলৰ কোনবিধ আৱিষ্কাৰ কৰিছিল?
(a) উৰাজাহাজ
(b) ছাবমেৰিন
(c) ৰেল'গাড়ী
(d) মটৰগাড়ী
Answer: (a) উৰাজাহাজ
(ii) তলৰ কোনটো কামত কম্পাছ যন্ত্র ব্যৱহাৰ কৰা হয়?
(a) দিশ নির্ণয়ৰ কামত
(b) গধুৰ বস্তু দাঙোতে
(c) বস্তুৰ ওজন জুখিবৰ বাবে
(d) বতাহৰ গতি জুখিবৰ বাবে
Answer: (a) দিশ নির্ণয়ৰ কামত